Two assamese story that change your life দুটি গল্প যিয়ে সলনি কৰি দিব আপোনাক

Two assamese story that change your life দুটি গল্প যিয়ে সলনি কৰি দিব আপোনাক

গল্প ১ 

টাইটানিক জাহাজখনৰ কথা আমি সকলোৱে শুনিছো। নহয়নে বাৰু? এই টাইটানিক জাহাজখন ডুবিবলৈ ধৰা সময়ত তাৰ আশেপাশে আৰু তিনিখন জাহাজ আছিল। তাৰে এখন জাহাজৰ নাম আছিল চিম্পচন। সেইখন আছিল টাইটানিক জাহাজখনৰ পৰা সাত মাইল দূৰত । সেই জাহাজৰ যাত্রীসকলে টাইটানিকৰ পৰা নিক্ষিপ্ত বগা স্ফুলিংগ দেখা পাইছিল। টাইটানিক জাহাজৰ পৰা বিপদ সংকেত অহাৰ পিছতো চিম্পচন জাহাজখন আগুৱাই নাহিল কাৰণ সেই জাহাজখনে সেই সময়ত সাগৰত অবৈধভাবে চীল চিকাৰ কৰি আছিল । বিপদত আগুৱাই আহি ওলোটাই নিজে ধৰা পৰাৰ ভয়ত চিম্পচন জাহাজখনে বিপৰীত পথেৰে যাত্ৰা কৰিবলৈ ধৰিলে । আৰু এখন জাহাজৰ নাম আছিল কেলিফ'র্নিয়া। এইখন জাহাজখন টাইটানিকৰ পৰা চৈধ্য মাইল দূৰত আছিল। সেইখনেও বিপদ সংকেত বগা স্ফুলিংগ দেখিছিল কিন্তু জাহাজখন বৰফখণ্ডৰে বেঢ়ি আছিল। জাহাজৰ কেপ্টেইনে বাহিৰৰ প্রতিকূল আৰু অন্ধকাৰ পৰিবেশ দেখি বাকীবোৰক একো সমস্যা হোৱা নাই বুলি শুই থাকিবলৈ বুজনি দিলে। তেৱো একো নকৰি বিছনালৈ গল । সর্বশেষৰ জাহাজখনৰ নাম আছিল কাৰপাঠিয়া। এই জাহাজখন আছিল টাইটানিক জাহাজৰ দক্ষিণ দিশত প্ৰায় ৫৮ মাইল দূৰত। জাহাজৰ কেপ্টেইনে যেতিয়া ৰেডিঅ'ত অসহায় মানুহৰ কান্দোন শুনিবলৈ পালে তেতিয়া তেওঁ দ্রুত গতিত বৰফৰ আস্তৰণ ভাঙি আগুৱাই আহিল। অবশেষত এই জাহাজখনে ৭০৫ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ওপৰৰ ঘটনাটোৰ পৰা আমি আমাৰ সমাজৰ তিনি শ্রেণীৰ মানুহক দেখা পাওঁ । কোনোবা বিপদত পৰিলে এক শ্রেণীৰ মানুহ আছে যিয়ে নিজৰ কুকর্ম লৈ চিন্তা কৰে । ধৰা পৰাৰ ভয়ত আগুৱাই নাহি তাৰপৰা ফালৰি কাটি যায়। দ্বিতীয় শ্ৰেণীৰ মানুহ হৈছে দর্শক। সিহতে একমাত্ৰ চাই থাকে কিন্তু আগুৱাই নাহে।। সকলোৰে শেষৰ প্ৰকাৰৰ মানুহ হৈছে সাহসী মানুহ যিয়ে সৃষ্টিকর্তাৰ নাম লৈ আগবাঢ়ি আহে আৰু বিপদৰ পৰা উদ্ধাৰৰ চেষ্টা কৰে । 

গল্প ২ 
মূর্খ যেতিয়া ধনী হয় 

এটা এন্দুৰে খোৱা খাদ্য বিচাৰি ৰজাৰ ঘৰত প্ৰবেশ কৰিলে। তাতো একো খাবলৈ নাপাই সি এটা হীৰাৰ টুকুৰা গিলি পেলালে। হীৰা চুৰি হোৱা বুলি ৰাজপ্ৰসাদত হাহাকাৰ লাগিল। ৰজাই জৌতিষীক মাতি পঠিয়ালে। জৌতিষীয়ে কলে হীৰাৰ টুকুৰাটো এন্দুৰে খাইছে। ৰজাই সেনাপতিক হীৰা টুকুৰা যিয়ে উদ্ধাৰ কৰিব পাৰে তেওঁক পুৰস্কাৰ দিম বুলি কৈছে ঘোষণা কৰিবলৈ দিলে। সেইমৰ্মে ৰাজ্যৰ সুদক্ষ চিকাৰীজনক সেনাপতি লৈ আনিলে। চিকাৰীজনে যেতিয়া এন্দুৰমাৰিবলৈ এন্দুৰথকা ঠাইখিনিলৈ গল তেও দেখিলে ইমানবোৰ এন্দুৰৰ মাজত এটা এন্দুৰে নিজকে বাকীবোৰৰ পৰা দুৰত ৰাখি আৰামত শুই আছে। চিকাৰীজনে তেতিয়া সেই এন্দুৰটোক ধৰি আনি তাৰ পেটটো কাটি হেৰুওৱা হীৰাটুকুৰাটো উলিয়াই ৰজাক দিলে ,
ৰাজপ্ৰসাদত উপস্থিত সকলোৱে চিকাৰীৰ গুণ গাবলৈ ধৰিলে। ৰজাই চিকাৰীক পুৰস্কাৰ দি সুধিলে " হাজাৰটা এন্দুৰৰ মাজৰ পৰা তুমি কেনেকৈ গম পালা যে এই এন্দুৰটোৱে হীৰা চুৰি কৰিছে।

চিকাৰীজনে উত্তৰ দিলে ,
--খুবেই সহজ ! মূর্খ যেতিয়া হঠাৎ বিত্তবান হৈ যায়, তেতিয়া নিজকে বেলগতকৈ অলপ বেলগ যেন ভাবে , নিজৰ জাতিৰ সংগ লোৱাটোও বন্ধ কৰি দিয়ে ।
মূর্খ এন্দুৰটোৱে ঠিক সেয়াই কৰিছিল, হীৰা চুৰ কৰি সি নিজকে সকলোতকৈ ধনী আৰু এন্দুৰৰ ৰজা ঘোষণা কৰিছিল ।
বর্তমান সমাজত কিছু কিছু মানুহৰ মাজতো এনে আচৰণ দেখা যায় আৰু তাৰ পৰাই সিহতৰ বংশ পৰিচয় পোৱা যায়।

গল্পটোকেইটা তলত হোৱাটচএপ ফেচবুক বুটামত ক্লিক কৰি শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক ।
বন্যাৰ্তসকললৈ সহায়ৰ হাত আগবঢ়াও আহ

Post a Comment

0 Comments