header ads

ghost rider assamese story ঘষ্ট ৰাইডাৰ

ghost rider assamese story ঘষ্ট ৰাইডাৰ 

- হেমন্ত দাস

ধীৰেনে বাৰাণ্ডাৰ পৰা মটৰচাইকেলখন নমোৱাৰ লগে লগে তাৰ দেউতাকে সৰু টিনৰ বাল্টিং এটাত দৌৰা দৌৰিকৈ পানী এবাল্টি লৈ আহি মটৰ চাইকেলখনত চটিয়াই দিলে ৷ লগতে হাতত দুচোল পানী লৈ আগৰ আৰু পিছৰ দুয়োটা চকাতে হাতেৰে মচি দিলে ৷ এয়া শুদ্ধিকৰণ বা পবিত্ৰকৰণ ৷ নতুন গাড়ী ৷ চলোৱাৰ আগতে শুদ্ধিকৰণ কৰি পুজা অৰ্চনা কৰি বিশ্বকৰ্মা বাবাক সন্তুষ্ট কৰি ল'ব লাগে বুলি টংকেশ্বৰহঁতৰ দৃঢ় বিশ্বাস ৷ ধীৰেণৰ দেউতাক টংকেশ্বৰৰ জীৱন পুৰণি চাইকেল খনৰ ওপৰতেই পাৰ হ'ল ৷ দিন হাজিৰা কৰা মানুহ সি ৷ ঘৰখনৰ লেথা মৰাৰ লগতে একমাত্ৰ ল'ৰাটোক পঢ়াই শুনাই মানুহ কৰাৰ স্বাৰ্থত মটৰ চাইকেল, গাড়ী আদিবোৰৰ সপোন দেখাৰ সময়কে নেপালে জীৱনত ৷ কিন্তু ধীৰেণ নতুন যুগৰ ল'ৰা ৷ চাইকেল চলাই অহা যোৱা কৰিবলৈ টান পায় ৷ টান নহয়, আচলতে লাজ পায় ৷ লগৰবোৰে ভো ভোৱাই মটৰ চাইকেল চলায় যাব আৰু সি কেৰ কেৰাই পুৰণি চাইকেল খন চলাব? নচলায় ৷ লাজ লাগে তাৰ ৷ দিনটো দিনহাজিৰা কৰি টংকেশ্বৰ সন্ধিয়া যেতিয়া গাত লেতেৰা চোলাটো পিন্ধি কান্ধত গামোচাখন লৈ কেৰ、কেৰাই চাইকেল খন চলায় তিনিআলিৰ মাজেৰে পাৰ হৈ আহে তেতিয়াও লাজ লাগে তাৰ ৷ ভীষণ লাজ লাগে ৷ কি যে সন্মান নুবুজা মানুহ তাৰ দেউতাক ! জীৱনত লিখা পঢ়াটো নকৰিলেই মান সন্মানো নিশিকিলে অলপো ৷ এইহেন তিনিআলিটোৰ মাজেৰে এনেকৈ আহিব লাগেনে! লগৰবোৰে দেখিলে কি ভাবিব বাৰু তাৰ বিষয়ে ? তাৰোপৰি কেনেবাকৈ যদি মালবিকাই দেখিব লাগে তাৰ পিনে আধ্যা পৰিব ৷ ৰাতি দেউতাক নথকাৰ সুযোগত সি মাকক গেৰ、গেৰাই উঠে এই কথাষাৰৰ বাবে " পিতাই তিনিআলিৰে আহোতে পুৰণি লেতেৰা কাপোৰ যে পিন্ধি আহে নতুন এযোৰ পিন্ধি নাহে কিয় ? পিতাইৰ বাবেই লগৰ বিলাকৰ আগত কিমান লাজ পাব লগা হয় মইহে জানো ৷ সেইবাৱে মানুহে পঢ়া শুনা কৰিব লাগে ৷ স্কুলৰ বাৰাণ্ডা নেদেখা মানুহে মান সন্মান ক'ত বুজিব! " টংকেশ্বৰ অশিক্ষিত হ'লেও সমাজত এটা মান আছে ৷ আজিও দহে বিপদে আপদে তেওঁৰ পৰামৰ্শ লয় ৷ ৰাজহুৱা সকাম নিকামত তেওঁক আগত স্হান দিয়ে ৷ মাকনে বুজি পায়, জীৱনটোত জীয়াই থাকিবলৈ কেৱল মাথো স্কুলীয়া শিক্ষা নহয়, বাস্তৱ অভিজ্ঞতাৰে পুষ্ট সুস্হিৰ মগজুৰ হে প্ৰয়োজন ৷ মাক মাকণে তাৰ লগত এইবোৰ কথা লৈ তৰ্ক নকৰে ৷ কৰে নো কোন সতে ৷ লাভেই বা কি হ'ব ! আজি আৰু সেই পুৰণি দিন নাই খোৱা পাটত মুৰ পিহি মাকে সন্তানক বুজনি দিয়া ৷ বৰ্তমান ধীৰেণহঁতৰ বয়সৰ ল'ৰা ছোৱালীখিনিক একো বুজাব নোৱাৰি ৷ বুজিব নিবিচাৰে সিহঁতে ৷ কিবা ক'ব গলেই ফেপেৰি পাতি ধৰিব ৷ ডাঙৰ সৰুৰ বাচ বিচাৰ নকৰা ল'ৰা ছোৱালী সিহঁত ৷ মাকনে তাক বুজায় , "পিতাৰহঁত পুৰণি দিনৰ মানুহ ৷ কথাবোৰ তহঁতৰ দৰে বুজি নাপায় নহয় ৷ মই কম বাৰু পিতাৰক কথাটো ৷" তাৰ পিছত নিজৰ ভাগৰ মাছ দুখোৰো তাৰ কাঁহিত দি লাহেকৈ কয়, " হু খা ৷ ডেকা ল'ৰাই ভালকৈ খোৱা বোৱা কৰিব লাগে ৷ তেহে গাত বল পাবি ৷ দেখনিয়াৰ হবি ৷ " ধীৰেণে খৰখেদাকৈ ভাত খায় উঠি যায় ৷ চলচলীয়া চকুযুৰিৰে মাক মাকণ কিছুসময় একে ঠাইতে জোবোকা লাগি ৰয় ৷ তাৰ পিছত চাঁদৰৰ আচলৰে চকুপানী মচি মচি সি খোৱা কাঁহিখন লৈ উঠি যায় ৷ সিদিনা আৰু মাকনৰ ভাত খোৱা নহয় ৷ ৷ পৃথিৱীৰ কোন নাৰীৰ কলিজাই নিজ পেটৰ পোৱালিটোৱে তাইৰ শিৰৰ সেন্দুৰক কৰা অপমান সহ্য কৰিব পাৰিব!

এইবাৰ ধীৰেনে মেট্ৰিক পৰীক্ষাত বহিব ৷ বাকীবোৰ বিষয়ত ধীৰেন ভাল যদিও গণিত বিষয়ত বৰ কেঁচা ৷ সেইবাবে টংকেশ্বৰে কিছুদূৰৰ অশ্বিনী মাষ্টৰৰ ওচৰত তাক গণিত শিকিবলৈ যোৱাৰ ব্যৱস্হা কৰি দিলে ৷ কিন্তু দুদিনমান গৈয়ে সি নোযোৱা হ'ল ৷ ৷ খোজ কাঢ়ি বা দেউতাকৰ চাইকেলখন চলাই যাবলৈ হেনো লাজ লাগে তাৰ ৷ লগৰবোৰে মটৰচাইকেল লৈ আহে ৷ সি কোন সতে নো দেউতাকৰ কেৰ、কেৰাই থকা পুৰণা চাইকেলখন লৈ যায় ৷ মাক-দেউতাকে তাক কিমান বুজালে ৷ নাই সি নাচোৰবন্ধা ৷ মটৰচাইকেল লাগিছে বুলিছে লাগিবই ৷ উপায়হীন টংকেশ্বৰে ঘৈণীয়েক মাকনৰ সহায়ত বন্ধন গোটৰ পৰা ঋণ লৈ , মটৰচাইকেল ডিলাৰৰ ওচৰত মাহেকৰ কিস্তি মাহেকত আদায়ৰ প্ৰতিশ্ৰুতিৰে পঞ্চাচখনমান কাগজত চহী কৰি অৱশেষত তাক 'পালচাৰ ' মটৰচাইকেল এখন কিনি দিছে ৷ অন্যথা সি স্কুল যোৱাৰ বাহিৰে অন্য সময়ত কোনো কামতেই ঘৰৰ পৰা বাহিৰ নোলায় ৷

মাকনে সৰু কাঁহি এখনত ধুপ দুডাল, সৰু ফুলাম গামোচা এখন আৰু মিঠাতেলৰ লগত ডাঠকৈ সেন্দুৰ অকণমান মিহলাই লৈ ধীৰেণহঁতৰ ওচৰ পালেহি ৷ টংকেশ্বৰে ধুপ দুডাল জ্বলাই মটৰচাইকেল খনৰ হেণ্ডেলৰ ওচৰত গুজি দি সেন্দুৰৰ ফুট লগাব খোজোতেই ধীৰেনে চিঞৰি উঠিল, "ইচ ইচ কি কৰা ৷ ডাগ লাগি যাব গাড়ীখনত ৷ " একো নহয় দে অ' বোপাই, ঈশ্বৰৰ বস্তু এইখন ৷" কথাখিনি কৈ টংকেশ্বৰে বাইকৰ অইল টেংকি , হেণ্ডেল আৰু সমুখৰ মাডগাৰৰ আগভাগত চিনো নিচিনোকৈ তিনিটা সেন্দুৰৰ ফোট লগায় দিলে ৷ মাকণে হাতৰ নতুন ফুলাম গামোচাখন ধীৰেণৰ হাতত দি বাইকত বান্ধি লবলৈ ক'লে ৷ গামোচাখন বান্ধি ধীৰেণে মটৰচাইখনত উঠি ষ্টাৰ্ট দি কেইবাৰমান জোৰকৈ এক্সিলাৰেটৰ ডাল পকায় দিলে ৷ বিকট শব্দেৰে গাড়ীখনে গৰজি উঠিল ৷ সেই গৰ্জনিত মাকনৰ কলিজা কঁপি গ'ল 
তাই ধীৰেণহঁতৰ ওচৰৰ পৰা দুখোজমান পিছুৱাই আহিল ৷ কিছুসময় পিছতেই ভোঁ ভোঁৱাই ওলায় গ'ল ধীৰেন ৷ " ঐ চাই চিটি লাহে লাহে চলাবি… " মাকনে পিছ পিনৰ পৰা চিঞৰিলে যদিও ধীৰেনে শুনিলে নে নাই অনুমান কৰিব নোৱাৰিলে ৷

" ঐ মৰিবি… ৷" - চাহাবুদ্দিনৰ পানদোকানৰ সমুখত আদ্দা মাৰি থকা কোনেবা এজনে তীব্ৰ বেগ আৰু বিকট শব্দেৰে পাৰ হৈ মটৰ চাইকেল খনৰ পিছ পিনৰ পৰা চিঞৰিলে ৷ কথাষাৰ ধীৰেণৰ কাণত ঠিকেই পৰিল ৷ সি ভাবিলে কোনোবা জ্বলিছে ৷বেচ জ্বলিছে বেটা ৷ জ্বল আৰু জ্বল ৷ জ্বলি জ্বলি ছাই হ তহঁত ৷ এই ধীৰেণকো কম জ্বলোৱা নাই তহঁতে ৷ এতিয়া জ্বলা পাল তহঁতৰ ৷ তহঁতে দুৰৰ পৰা দেখিয়ে এই ধীৰেণক চিনিব লাগিব, চিনিলৈ জ্বলিব লাগিব ৷ তাৰ বাবেই এই ধীৰেণে হেলমেটেই পিন্ধা নাই ৷ তাৰ পালচাৰখন দেখি কোনোবা জ্বলিছে বুলি জানিব পাৰি মনটো বহুত ভাল লাগি গ'ল তাৰ ৷ সোহাঁতখনৰ মুঠিটো আৰু অলপ পকাই দিলে সি ৷

এটা সময়ত মটৰচাইকেলখন গৈ ৰাষ্ট্ৰীয় ঘাইপথত উঠিল ৷ প্ৰায় খালী পথ ৷ মাজে মাজে তীব্ৰ বেগী দুই এখন গাড়ী আহিছে, গৈছে ৷ এতিয়া আৰু ধীৰেণক পায় কোনে ৷ ক্ষন্তেকতে তাৰ মটৰচাইকেলখনে চেঁকুৰ দিলে ৷ ষাঠি… আশী… নব্বৈ… এশ… ক্ৰে ক্ৰে ক্ৰে… ক্ৰেচেচেচেচককককককক…… ধাম ৷ ঘাইপথৰ মাজতে বহি থকা গঁড় সদৃশ গাইজনীৰ গাত খুণ্ডা মাৰি সি বাগৰি পৰিল ৷ সি কিছুদূৰৰ পৰাই গাইজনী দেখিছিল যদিও তাৰ মটৰচাইকেল খনৰ তীব্ৰ গতিৰ বাৱে ব্ৰেক মাৰিও মটৰচাইকেল খন ৰখাব নোৱাৰিলে ৷ প্ৰচণ্ডভাৱে গাই জনীক খুণ্ডা মাৰি ঘাইপথৰ ওপৰত ওফৰি পৰিল ধীৰেন ৷ কিছুসময় একো তৰকিবই নোৱাৰিলে সি ৷ কেইমুহুৰ্তমানৰ বাবে যেন সি সংঞ্জাহীন হৈ পৰিল ৷ কিছুসময় তেনেদৰেই পৰি থাকি এটা সময়ত সি উঠি থিয় হ'ল ৷ তাৰ মৰমৰ 'পালচাৰ ' খনৰ ওচৰলৈ প্ৰায় দৌৰি যোৱাদি গৈ দেখে গাইজনীৰ ওপৰতে মটৰচাইকেলখন লুটি খায় পৰি আছে ৷ সেইখনৰ কোনো ক্ষয় ক্ষতি হোৱা নাই ৷ পালচাৰৰ তীব্ৰ খুণ্ডাত বেচেৰী গাইজনীয়েহে থিতাতে ইহ সংসাৰৰ মায়া ত্যাগ কৰিলে ৷ ধীৰেণে নিজৰ গাটো খেপিয়াই চালে ৷ নাই ক'তো বিশেষ আঘাট পোৱা নাই সি ৷ মাথো মুৰৰ পৰা সামান্য তেজ ওলাইছে ৷ ইমান ডাঙৰ দুৰ্ঘটনা স্বতেও যে কোনো ক্ষয় ক্ষতি নহ'ল গ্ৰহ গতি ভাল আছিল তাৰ ৷ দিন ভাল চলিছে ৷ মনটো ফৰকাল লাগি গ'ল ধীৰেনৰ ৷ সি তৎক্ষণাত পালচাৰ খন উঠায় আকৌ দৌৰাই দিলে ৷ এশ… এশ পঞ্চাশ… দুশ… দুশ চল্লিশ… দুশ ষাঠি… তিনিশ… তীব্ৰ বেগত মটৰচাইকেল চলি থাকিল ৷ বাছ, ট্ৰাক, মটৰ গাড়ী সকলোবোৰ পিছত ৷ ধীৰেন আগত ৷ বিজুলী বেগ তাৰ ৷ কোনেও তৰকিবই পৰা নাই তাক ৷ কোনেও ফেৰমাৰিব পৰা নাই তাৰ গতিক ৷ কিছুদুৰ গৈ সি লক্ষ্য কৰিলে যে তাৰ গতিক বতাহে সামান্যতমো বাধা দিব পৰা নাই ৷ সি 'ফ্ৰী ৰাইড' কৰিছে ৷ সি পালচাৰ খনৰ স্পীড মিটাৰটোলৈ চালে ৷ স্পীড মিটাৰৰ কাঁটাডালে তিনিশ ত্ৰিছৰ ঘাই চুইছে ৷ পালচাৰ তিনিশতকৈ বেছি বেগত চলালে বতাহে বাধা দিব নোৱাৰে বুলি তপনহঁতক ক'ব লাগিব ৷ সিহঁতে চাগে কথাষাৰ গমেই নাপায় ৷ প্ৰথম দিনাই কি এক সাংঘাটিক তথ্য আৱিস্কাৰ কৰিলে সি ৷ কি সাংঘাট্ক কথা ৷ যিটো আৱিস্কাৰ লগৰবোৰে বছৰ বছৰ ধৰি কৰিব পৰা নাই সি একেদিনাই কৰি দিলে বুলি জানিব পাৰিলে জোকৰ মুখত চূণ পৰিব ৷

কিছুদুৰ তেনেদৰে গৈ সি ইউ টাৰ্ণ ল'লে ৷ তীব্ৰ গতিত চলি থকাৰ পিছতো সি ইউ টাৰ্ণ লওঁতে অকণো অসুবিধা নাপালে ৷ একেই গতিত সি উভতিব ধৰিলে ৷ কিছুদুৰ অাগ বঢ়াৰ পিছতে সি পথত এটা ভীষণ যানজঁট পালে ৷ বাছ, ট্ৰাক, টেক্সী, মটৰচাইকেল সকলো ৰৈ আছে ৷ হৰ্ণ বজায় এক অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি কৰিছে সকলোৱে মিলি ৷ বাইকখন কোনোমতে ৰখাই সি যানজঁটটোৰ দুৰত্ব অনুমানৰ চেষ্টা কৰিলে ৷ বহুত দীঘল যানজঁট ৷ ৰৈ থাকিলে বহুত সময় লাগিব ৷ সি পুনৰ সোঁহাতৰ মুঠিটো জোৰেৰে পকায় দিলে ৷ পালচাৰ খনে গৰজি উঠিল ৷ এইবাৰ সি গাড়ীবোৰৰ মাজে মাজে তীব্ৰ বেগেৰে আগবাঢ়ি অনায়াসে যাঁনজটটো পৰা হৈ আহি দেখিলে অথনি তাৰ সৈতে দুৰ্ঘটনাত মৃত্যু হোৱা গাইজনী এতিয়াও ৰাস্তাৰ সোমাজতে পৰি আছে ৷ কিন্তু মানুহবোৰে তাইলৈ গুৰুত্ব নিদি ৰাস্তাৰ দাঁতিত ঘেৰি ধৰি জুমা জুমি কৰিছে ৷ কি চাইছে মানুহবোৰে? অথনি সি পাৰ হৈ যাওঁতে একোৱেইটো নাছিল তাত ৷ আকৌ কাৰোবাৰ দুৰ্ঘটনা হ'ল নেকি বুলি সি পথৰ দাঁতিত পালচাৰখন ৰখাই নামি গৈ ভীৰৰ মাজেৰে জুমি চালে ৷ সি দেখিলে, ৰাস্তাৰ দাঁতিত দুৰ্ঘটনাগ্ৰস্ত হৈ কোনোবা এজন তলমুৰকৈ পৰি আছে ৷ সি ভালদৰে জুমি চালে মানুহজনক ৷ উস প্ৰভু ! কি ভয়ংকৰ ৷ কি বীভৎস মৃত্যু ৷ নাক মুখ একো চিনিবই নোৱাৰি ৷ মুৰটো একেবাৰে থেতেলা হৈ গৈছে ৷ এনেকৈনো নিয়ন্ত্ৰণহীন হৈ গাড়ী চলায়নে মানুহে, সি ভাবিলে ৷ এনেতে কোনোবা এজনে কোৱা কথা এষাৰ তাৰ কাণত পৰিল , " বাইকখন সৌ গাই জনীৰ ওচৰতে পৰি আছে ৷" তাৰমানে এইজনেও গাইজনীকে খুণ্ডিয়ালে ৷ লগে লগে সি গাই জনীলৈ চালে ৷ সস্তীয়া মটৰচাইকেল কিনিলে এই গতিয়ে হ'ব ৷ সেই বাবেই সি নতুন মডেলৰ পালচাৰ কিনিছে ৷ টপ মডেল ৷ সেয়েহে হয়তো সি ইমান ডাঙৰ দুৰ্ঘটনাৰ পি… ছ … তো… ৷ মটৰ চাইকেল খনত চকু পৰাৰ লগে লগে সি স্তব্ধ হৈ পৰিল ৷ এইখনচোন তাৰেই… ৷ তেন্তে নাটিদুৰত মানুহে ঘেৰি থকা মুৰ থেতেলা খোৱা ল'ৰাজন… ৷ 
(সমাপ্ত)

Post a Comment

0 Comments