header ads

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব দ্বিতীয় অধ্যায় part 2

ফুলশয্যাৰ  নিশাৰ প্ৰতিবিম্ব দ্বিতীয় অধ্যায়

( দুই )
 -( হেমন্ত দাস )
নৈৰ পাৰে পাৰে খোজকাঢ়ি আহি কিষণ সিং ঘৰ পায় মানে নিশাটো ভাগৰত ক্নান্ত হৈ পৰিছিল ৷ তান্ত্ৰিক কিষণ সিঙে ঘৰত সোমাৱাৰ আগতে এবাৰ কান্ধৰ বেগখন পৰীক্ষা কৰিলে ৷ আহিবৰ সময়ত সি স্মশানত বিচাৰি - বিচাৰি মৃতকৰ আত্মীয়ই আগবঢ়োৱা প্ৰসাদ, পায়স , ফলমুল আৰু খুচুৰা পইচা কেইটামান গোটাই আনিছে ৷ সি এনেই এবাৰ মোনাখন জোকাৰি চালে ৷ কিমান কষ্ট কৰি চিতা জুইৰ পোহৰত পইচাবোৰ বিচাৰে সেই কথা কিষণ সিঙে হে জানে ৷ সি যিখিনি বস্তু বুটলি আনে সেইখিনি সম্পুৰ্ণ পৰিত্যক্ত বস্তু ৷ মৃতকৰ আত্মীয়ই দান-দক্ষিণাৰ নামত যিখিনি মোটা অংকৰ ধন আৰু সামগ্ৰী দিয়ে তাৰ তুলনাত এই খুচুৰা পইচাবোৰ তেনেই নগন্য ৷ মুল্যহীন ৷ মৃতকৰ সকামৰ নামত এচামে মোটা অংকৰ ধন সংগ্ৰহৰ উলাহত খুচুৰা পইচাবোৰ এৰি থৈ যায় ৷ সকামৰ স্হানৰ লগতে নুমাই যোৱা চিতাজুঁইৰ ছাই খুচুৰি খুচুৰি কিষণে খুচুৰা পইচাবোৰ সংগ্ৰহ কৰে ৷ এইবাৰ সি অলপ জোৰকৈ মোনাখন জোকাৰি দিলে ৷ ঝুনুককৈ শব্দ এটা শুনি কিষণ সিংৰ চকুদুটা উজলি উঠিল ৷ আছে, সকলো ঠিকেই আছে ৷ কাৰ্ডবোৰ্ডৰ দুৱাৰখন ঠেলি সি ঘৰটোত সোমোৱাৰ লগে লগে পোৰা মাংসৰ উংকট গন্ধ এটা তাৰ নাকট লাগিল ৷ সি ঘৰটোত সোমায় দেখিলে এটা চুকত তেতিয়াও তাৰ একমাত্ৰ জীয়েকৰ নিথৰ দেহটো পৰি আছে ৷ সি ঘৰটোৰ সোমাজতে থকা বাঁহৰ খুটাটোত কান্ধৰ বেগখন ওলোমাই থৈ জীয়েকৰ আধা জ্বলা মৃত দেহটোৰ কাষতে লেপেটা খায় বহিল ৷ তাৰ পিছত তাইৰ মোৰটো কোচত লৈ আলফুলে মুৰত হাত ফুৰাব ধৰিলে ৷

কিষণৰ জুপুৰীটোলৈ সাধাৰণতে কোনো মানুহ নাহে ৷ ৰেল আলিৰ দাঁতিত জন সমাগমৰ পৰা কিছু আঁতৰত হোৱা বাৱেই নে অইন কোনো কাৰণত সেই কথা কিষণে নাজানে ৷ অৱশ্যে যোৱা কিছুদিনৰ পৰা কিষণ নিজেও আঁতৰি থাকে জনসমাগমৰ পৰা ৷ দিনটো ঘৰৰ ভিতৰত জোপোকা মাৰি বহি থাকি আন্ধাৰ হ'লেই খাদ্যৰ সন্ধানত স্মশানলৈ ওলায় যায় কিষণ সিং ৷ কিছুদিনৰ পৰা এইটো তাৰ নিত্যনৈমত্তিক কাৰ্য ৷ গভীৰ নিশালৈকে সি তন্ত্ৰ সাধনা কৰে আৰু আহিবৰ সময়ত স্মশানৰ ভোগ আৰু খুচুৰা পইচা জীৱিকাৰ বাৱে গোটাই আনে ৷ এয়াই তাৰ জীৱন - জীৱিকা ৷ কিন্তু কিষণ সিং চিৰদিন এনেকুৱা নাছিল ৷ এটা সময়ত ওচৰৰে গাওঁ এখনত তাৰ ঘৰ আছিল ৷ সুন্দৰী নহ'লেও যিকোনো নাৰীকে ঈৰ্ষাম্বিত কৰিব পৰা দেহ বল্লবৰ এগৰাকী পত্নী আছিল তাৰ ৷ আছিল এজনী বাৰ বছৰীয়া জীয়ৰী ৷ খেতিৰ বতৰত সি পথাৰত হাড় ভগা কষ্ট কৰিছিল ৷ খেতি চপোৱা হ'লেই সি ঘৰৰ পৰা বহুদুৰলৈ ঢাপলি মেলিছিল জীৱিকাৰ বাবে ৷ ইচ্ছা কৰিলে গাঁৱৰ অন্য খেতিয়ৰ নিচিনাকৈ কিষণেও সি উৎপাদন কৰা শস্য বিক্ৰী কৰি তিনিআলি- চাৰিআলিত আদ্দা মাৰি পিছৰ খেতিটোলৈ অপেক্ষা কৰিব পাৰিলেহেঁতেন ৷ কিন্তু কিষণৰ বুকুত আছিল ঘৰখনলৈ অপাৰ মায়া ৷ অযুত আশা ৷ ঘৈণীয়েকক স্বাচ্যণ্ড পুৰ্ণ জীৱন এটা আৰু জীয়েকক পঢ়াই শুনাই মানুহ কৰি গঢ়ি তোলাৰ দুৰ্বাৰ হেপাহ বুকুত বান্ধি সি স্হানীয় বণিক হৰিপ্ৰসাদ বাচফ'ৰ শেঠৰ উপদেশত তেওঁৰ ব্যৱসায়ৰ বাৱে ঘৰে ঘৰে গৈ ফটা কাপোৰ আৰু খৰা চুলি সংগ্ৰহ কৰিছিল দেশে বিদেশে ঘুৰি ৷ সি যি ৰাজ্যলৈ যায় তাতেই ঘৰ ভাড়া লৈ দুই তিনি মাহৰ বাবে ৰৈ যায় ৷ এই সময়খিনিত ৰ'দ বৰষুণ একাকাৰ কৰি ফটা কাপোৰ আৰু খৰা চুলি সংগ্ৰহ কৰে যিমান পাৰে ৷ চিজনৰ অন্তত দেশলৈ যাত্ৰা কৰে সকলোবোৰ গোটাই লৈ ৷

বিশ্বাস এক সাংঘাটিক বস্তু ৷ ইয়েই মানুহৰ য'ত যন্ত্ৰণাৰ মুল ৷ পৃথিৱীৰ য'ত দুখ যাতনা , যুদ্ধ বিগ্ৰহ বা আতংকবাদ সকলোৰে ভেটি এই বিশ্বাস ৷ এই সংঘাতবোৰ যদিওবা প্ৰথম দৃষ্টিত ভাল আৰু বেয়াৰ মাজৰ বা দুটা ধৰ্মৰ মাজৰ সংঘাত যেন লাগে কিন্তু সুক্ষ্ম ভাৱে চালে বুজিব পাৰিব এই সংঘাত ভাল আৰু বেয়া বা এখন দেশৰ লগত অইন এখন দেশৰ সংঘাত নহয়, বৰঞ্চ এই সংঘাত এটা বিশ্বাসৰ লগত অইন এটা বিশ্বাসৰহে ৷ এই বিশ্বাসেই কিষণ সিংৰ হৃদয়ৰ পৰা চিৰকালৰ বাবে নোহোৱা হ'ল যেতিয়া তিনিমাহৰ অন্তত ঘৰলৈ উভতি আহি সি দেখিলে যে তাৰ ঘৈণীয়েক অংকিতা আৰু মৰমৰ জীয়াৰীজনী ঘৰত নাই ৷ খবৰ লৈ গম পালে যে সি কামলৈ যোৱাৰ কিছুদিন পিছৰে পৰা তাই পিতৃ বয়সৰ হৰিপ্ৰসাদৰ লগত তাৰ ঘৰতে একেলগে থাকিব লৈছে ৷ তাৰ অনুপস্হিতিত বুঢ়া হৰিপ্ৰসাদে টকাৰ লোভ দেখুৱাই তাৰ ঘৈণীয়েকক তাৰ পৰা কাঢ়ি নিলে ৷ গতিশীলতাৰ নামেই জীৱন ৷ তাৰ অনুপস্হিতিত তাৰ ঘৈণীয়েক অংকিতাৰ স্হবিৰ হৈ পৰা জীৱনটোক গতিশীলতাৰ ৰঙীন সপোনত উদ্ভাষিত কৰিবলৈ সক্ষম হৈছিল বৃদ্ধ হৰিপ্ৰসাদ ৷ সি নানান প্ৰলোভনেৰে অংকিতাৰ মন জয়ৰ চেষ্টা চলাইছিল অহৰহ ৷ অৱশেষত অংকিতায়ো স্হবিৰতাৰ পথ এৰি গতিশীলতাৰ হাতত খামোচি বৃদ্ধৰ লগত সংসাৰ পাতিছিল ৰঙীন ভবিষ্যতৰ আশাত ৷ উচ্চকাংক্ষী অংকিতাৰ যিবোৰ সপোন কিষণে কাহানিও পুৰাব নোৱাৰিব সেই সপোন হৰিপ্ৰসাদে নিমিষতে পুৰাব ৷ এয়েই তাইৰ আশা ৷ তাইৰ কলিজাৰ উপবৃত্তত পৰিসীমা সাজি সুখৰ আকাশীগংগাত সাঁতোৰিব খোজা কিষণৰ বুকুত গছকি তাই গুছি গৈছিল হৰিপ্ৰসাদৰ প্ৰসাদলৈ ৷ তাইৰ সপোনবোৰ দুখৰ পপীয়াতৰা হৈ চিটিকি কেতিয়াবা মাটিতো পৰিব পাৰে বুলি তেতিয়া তাই ভাবিবই পৰা নাছিল ৷ উচ্চ জাতিৰ কিষণৰ ঘৈণীয়েক নিম্ন জাতিৰ হৰিপ্ৰসাদৰ লগত পলায় গৈ কিষণৰ নাক-কাণ কটালে ৷ সমাজত ওলাব নোৱাৰা হ'ল কিষণ সিং ৷ যেনি যায় তেনিয়ে ঠাত্তা মক্সৰা ৷ লেই লেই চেই চেই ৷ একমাত্ৰ জীয়েক জনীক তাৰ ওচৰলৈ ঘূৰাই আনিবলৈ সি হৰিপ্ৰসাদৰ ঘৰলৈ গৈছিল কিন্তু ধনবল বাহুবলেৰে বলীয়ান হৰিপ্ৰসাদে মানুহ লগায় কিষণক বৰ বেয়াকৈ মাৰ ধৰ কৰালে ৷ মনৰ ক্ষুভ আৰু লাজে অপমানে এদিন সি ঘৰ এৰি গুছি আহিল ৷ কিষণ সিং অঘৰী হ'ল ৷ পেলনীয়া বাঁহ আৰু কাৰ্ড বোৰ্ডৰ সহায়ত ৰেল আলিৰ দাঁতিতে সৰুকৈ জুপুৰী এটা সাজি সম্পুৰ্ণ অকলশৰে থাকিবলৈ ল'লে সি ৷ কিন্তু তাতো যেন তাৰ বুকুৰ অদ্ৰাহ্য সপোনবোৰে তাক শান্তিত জীয়াই থাকিবলৈ নিদিলে ৷ প্ৰেমৰ অপাৰ ব্ৰহ্মাণ্ডত ঘুৰিও নিজৰ মানুহজনিকে ধৰি ৰাখিব নোৱাৰিলে সি ৷ এক অজান দুখে তাৰ কলিজা কুৰুকি কুৰুকি নিগাজিকৈ বহি ল'লে হৃদয়ৰ কোনোবা এটা চুকত ৷ উজাগৰি নিশাবোৰে লাহে লাহে তাক ভাৰাক্ৰান্ত কৰি তোলিলে ৷ হেঁপাহৰ সংসাৰ খনৰ ধ্বংসস্তুপৰ ভৰত পিষ্ট হ'ল তাৰ সৰ্বস্ব ৷ জ্বলি জ্বলি গলি গলি শেষ হৈ গ'ল সি ৷ মানুহৰ ওপৰত বিশ্বাস হেৰাই পেলালে সি ৷ মানুহ দেখিলেই দৌৰি দুৰলৈ পলোৱা হ'ল কিষণ ৷ মানুহ মানেই যেন বিশ্বাসঘাটক ৷ দিনৰ দিনটো জুপুৰীটোত জোপোকা মাৰি বহি থাকি নিশা হ'লে খাদ্যৰ সন্ধানত স্মশানলৈ ওলায় আহে কিষণ ৷ বিশাল হৃদয়, শিলৰ দেহৰ কিষণ সিং এতিয়া নিশকটীয়া ৷ সমাজৰ দৃষ্টিত ' কিষণ পগলা' ৷

প্ৰজনন অংগ শৰীৰৰ এটা অংশ মাত্ৰ ৷ যেতিয়ালৈ তাৰ প্ৰয়োজন শৰীৰত সীমাবদ্ধ থাকে তেতিয়ালৈ ই সমাজৰ কোনো অপকাৰ নকৰে ৷ আমি সকলোবোৰ কিদৰে জন্ম হৈছো সকলোৱে জানো ৷ ই নিতান্তই স্বাভাৱিক আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া ৷ কিন্তু সমাজে ইয়াক এনেদৰে নিষিদ্ধ বিষয় কৰিলে যে প্ৰজনন বিষয়টো শৰীৰৰ পৰা গৈ মগজুৰ বিষয় হৈ পৰিল ৷ পৰিবই ৷ ইয়ো নিত্যান্তই স্বাভাৱিক ৷ কাৰণ যিটো বস্তু নিষিদ্ধ ঘোষিত হয় তাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ হোৱাতো মানুহৰ চৰিত্ৰ ৷ প্ৰাচীন ভাৰতত প্ৰজননক এক স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে ধৰা হৈছিল ৷ ই এক সম্পুৰ্ণ প্ৰাকৃতিক পৰিঘটনা ৷ গতিকে ইয়াৰ বিষয়ে আলোচনাও কৰিব পৰা হৈছিল ৷ পৌৰাণিক মন্দিৰ দেৱালয়ত প্ৰজননৰ বিভিন্ন ভংগিমা অংকনো কৰা হৈছিল ৷ যিহেতু ই খোৱা - শুৱাৰ নিচিনাকৈ এক প্ৰাকৃতিক পৰিঘটনা আছিল গতিকে ইয়াৰ কোনো বিকৃত প্ৰভাৱ মগজুত পৰা নাছিল ৷ পশ্চিমীয়া সভ্যতাৰ প্ৰভাৱত যেতিয়া ইয়াক নিষিদ্ধ বিষয় হিচাপে তুলি ধৰা হ'ল তেতিয়াৰ পৰাই ই অস্বাভাৱিক হৈ পৰিল ৷ প্ৰতিটো অস্বাভাৱিক বস্তুৰ প্ৰভাৱ অস্বাভাৱিক হোৱাৰ সম্ভৱনাই প্ৰবল ৷ ইয়াৰ সুদুপ্ৰসাৰী প্ৰভাৱ আজিৰ সমাজে ভোগ কৰিছে ৷ কাৰণ কাম বাসনা এতিয়া শৰীৰৰ ঠাইত মগজুত জাগ্ৰত হ'ব লৈছে ৷ শৰীৰৰ কাম বাসনা এক স্বাভাৱিক প্ৰক্ৰিয়া , কিন্তু মগজুৰ কাম বাসনা এক মহামাৰী ৷ আজি ৰ সমাজ এই মহামাৰীত আক্ৰান্ত ৷

অংকিতাক পলুৱাই নিয়াৰ চাৰিমাহ পিছতেই হৰিপ্ৰসাদ নেহোৱা হ'ল ৷ মানুহে কয় হৰিপ্ৰসাদক গংগা মাায়ে লোকৰ ঘৈণীয়েকক পলুৱায় নিয়া অপৰাধৰ শাস্তি দিলে ৷ সি নৈৰ পানীত পৰি মৰিল ৷ সেই সুযোগতে হৰিপ্ৰসাদৰ আগৰ ঘৈণীয়েক আৰু ল'ৰাহঁতে মিলি কিষণৰ ঘৈণীয়েকক হৰিপ্ৰসাদ শেঠৰ ঘৰৰ বাহিৰ কৰিলে ৷ সৰ্বহাৰা অংকিতা পথৰ ভিকহু হৈ পৰিল ৷ দিনৰ ভাগত তাই মানুহৰ ঘৰে ঘৰে বন কৰি ফুৰে আৰু নিশা স্হানীয় মছজিদ এটাৰ বাৰাণ্ডাত মাক জীয়েক দুয়ো পৰি থাকে ৷ তাই ন গাভৰু জীয়েকক লগত লৈ কোনোমতে টুক টাককৈ চলিব লওঁতেই হঠাৎ এক অঘটনত তাইৰ ভৰি এখন ভাগি থাকিল ৷ তাই কাম কৰিবলৈ যাব নোৱাৰা হ'ল ৷ ফলত মাক জীয়েকৰ পানীত হাঁহ নচৰা অৱস্হা হ'ল ৷ বহুদিন খাবলৈ নাপায় দুয়ো লেবেজান হৈ পৰিল ৷ জীৱনৰ দুৱাৰত মৃত্যুৱে খুণ্ডিয়াব ধৰিলে সিহঁতৰ ৷ মছজিদৰ বৃদ্ধ মৌলানাই এই দুৰাৱস্হাৰ সম্পুৰ্ণ সুযোগ উঠালে ৷ তাইৰ ইজ্জতৰ বিনিময়ত সি মাক - জীয়েকৰ খাদ্য যোগান ধৰাৰ প্ৰস্তাৱ দিলে ৷ অংকিতাই জানিছিল এয়া পাপ ৷ মানৱতাৰ দৃষ্টিত ভয়ংকৰ অপৰাধ ৷ তথাপিও পানীত পৰা মানুহে খেৰ কুটা ধৰা দি অংকিতাও তৎক্ষণাত মৌলানাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ৷ পেটৰ ক্ষুধাতকৈ ভয়ংকৰ , মৃত্যুতকৈ বীভৎস আৰু কি হ'ব পাৰে !! টকাৰ বাবে তাই মৌলানাৰ প্ৰস্তাৱ স্বীকাৰ কৰি ল'লে ৷ কিন্তু চয়তান মৌলানাৰ চকু আছিল অইন ক'ৰবাত ৷ সুযোগ বুজি এদিন সি কিষণৰ ঘৈণীয়েকক সেই ভয়ংকৰ প্ৰস্তাৱটো দিলে ৷ তাইৰ বাৰ বছৰীয়া জীয়েক জনীক আৰবৰ শেঠ এজনলৈ মোতাহা নিকাহ কৰিব লাগে ৷ তাৰ বিনিময়ত তাইক বহুত ধন টকা পইচাৰ লোভ দেখুৱালে সি ৷ যি ধনেৰে তাই আৰু মৌলানাই বাকীটো জীৱন কোনো অভাৱ নোহোৱাকৈ চলিব পাৰিব ৷ তাইৰ জীয়েকেও লাহ বিলাহত চাকৰ বাকৰৰ ওপৰত ৰাজৰাণী হৈ কটাব পাৰিব ৷ মোতাহা নিকাহ মানে কি অংকিতাই নুবুজে ৷ মাথো বুজে মুছলমানৰ বিয়া মানে নিকাহ ৷ তাই ইয়াকো মুছলমান সকলৰ এক প্ৰকাৰৰ বিয়া বুলিয়ে ধৰি ল'লে ৷ নিজ ভৱিষ্যতৰ নিৰাপত্তা আৰু জীয়েকৰ সুখ চাচ্ছ্যণ্ডৰ বাৱে তাই আগপিছ নুগুণি মৌলানৰ প্ৰস্তাৱত মান্তি হ'ল ৷ চাৰিত্ৰিকভাৱে লুভীয়া কিষণৰ ঘৈণীয়েকে বুজিব পৰা নাছিল যে তাইৰ ক্ষন্তেকীয়া লোভে তাইৰ আৰু জীয়েকৰ জীৱনলৈ এদিন কাল অমানিশা নমাই আনিব ৷ 

(আগলৈ… )

Post a Comment

0 Comments