header ads

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব (দ্বিতীয় অধ্যায় ) fulhosya assamese novel chapter 2 part 1

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব  (দ্বিতীয় অধ্যায় ) fulhosya  assamese novel chapter 2

- হেমন্ত দাস 
(এক )

ছাই বৰণীয়া আকাশৰ পৰা ধাৰাষাৰে বৰষুণ নামে। এচপৰা দুচপৰাকৈ বুকুৰ শিলবোৰ খহি কলিজাৰ গড়খাৱৈ পুৰাৱলৈ অহোপুৰুষাৰ্থ কৰে । আজিকালি সাগৰখন বুকুত সোমায় ঢৌবোৰে কলিজাত খুণ্ডিয়ালেই তাই কোঠাৰ লাইটটো নুমোৱাই খিৰিকিখন খুলি লয় । খিৰীকিৰ সিপাৰত নীৰৱে আনে নেদেখাকৈ তাইলৈ ৰৈ থাকে ৷ বতাহৰ পাখিত ধৰি তাইৰ লগত বহু কথা পাতে সি । তাইৰ সেন্দুৰীয়া গালত পৰি থকা অবিনষ্ট চুলিখিনিৰ সৈতে আলফুলে খেলা কৰে ৷ একো নোকোৱাকৈয়ে তাইও হাজাৰ হাজাৰ অভিযোগ কৰে নীৰৱৰ আগত । খং কৰে , মুখ ওন্দোলাই দুখ কৰি অভিমানত সুধে ..… কিয় এৰি থৈ গ'লা এনেদৰে নিঠৰুৱা কৰি ৷ এতিয়া যে তাইক কোনেও নুবুজে ৷ নেদেখে তাইৰ ক্ষতবিক্ষত কলিজাৰ পৰা নিক্ষৰিত ৰঙা তেজৰ দোঙা ৷ আজিকালি ঘৰৰ সকলোৰে মাথো এষাৰি কথা, এটাই দাবী যে তাই বিয়া হ'ব লাগে ৷ তাইৰ মন মগজু - আবেগ অনুভুতিক ভৰিৰে মোহাৰি সকলোৱে মাথো বিচাৰে তাইক বিয়া দি ঘৰৰ পৰা উলিয়াই দিয়াটো ৷ হিমাশ্ৰীয়ে বুজি নাপায় এয়া তেওঁলোকৰ তাইৰ প্ৰতি দৰদ নে তাইক বিয়া দি তাইৰ প্ৰতি থকা ঘৰ খনৰ দায়িত্ব সামৰিব বিচাৰে তেওঁলোকে! ছোৱালী হ'ল বুলিয়েই তাইৰ মত অমতত গুৰুত্ব নিদি বিয়া দি উলিয়াই দিবই লাগিব নে ? ' গাভৰু বয়সতে ঘৰ নাপাতিলে পিছত বয়স পৰিলে গ্ৰাহকে নোসোধা হ'ব , ঘৰতে বূঢ়ী হবি ৷ আমিটো সদায় জীয়াই নাথাকো ৷ কি কৰিবি, ক'ত যাবি, কেনেকৈ চলিবি? ' - মাকে প্ৰায়ে প্ৰশ্ন কৰে তাইক ৷

যৌৱনৰ তাড়নাত সুচৰিত্ৰৰ শৰীৰ এটা বিচৰা মানুহবোৰ আহে তাইৰ ঘৰলৈ ৷ চাহ -মিঠাই খায় কথাৰ মহলা মাৰে ৷ আধুনিকতাৰ বৰ বৰ কথা কোৱা ল'ৰাবোৰে একান্ত মুহুৰ্তত সন্তপৰ্ণে তাইৰ দেহ মনৰ যাচুছী কৰে ৷ কৌশলী প্ৰশ্নেৰে সিহঁতে জানিব খোজে একেবোৰ কথা ৷ যিবোৰ কথা পৃথিৱীৰ কোনো নাৰীয়েই শুনিব আৰু ক'ব নিবিচাৰে ৷ পৃথিৱীৰ প্ৰতিগৰাকী গাভৰুৱে মাথো বিচাৰে মনৰ তাড়নাত সুগঠিত এটি মন ৷ ঠিক নীৰৱৰ মনটোৰ দৰেই এটি পৰিচ্ছন্ন মন সকলো নাৰীৰ কাম্য ৷ যৌৱনৰ তৃষ্ঞা পুৰাবলৈ আধুনিক মহানগৰীৰ অলিয়ে গলিয়ে দেহৰ মেলা বহে ৷ মনৰ তৃষা পুৰাবলৈকো যদি এখন হাট বহিলেহেতেন তেন্তে মহানগৰীৰ সকলো গাভৰুৱে হয়তো লিৰিকি বিদাৰি জীৱনৰ বাবে কিনি ল'লেহেতেন নীৰৱহঁতৰ দৰে মনবোৰক ৷ …… দুৰ ক'ৰবাত বজ্ৰপাত পৰা শব্দত হিমাশ্ৰীৰ মনৰ ধুমুহাজাক স্তব্ধ হৈ পৰে ৷ শীতল বতাহ এচাতি আহি মনৰ বৰষুণজাকৰ শেষ কণাটি শুকুৱাই নিয়ে। দুচকু মোহাৰি তাই আকৌ আগৰ দৰে হ’বলৈ যত্ন কৰে। একমাত্ৰ নীৰৱৰ আত্মাৰ শান্তিৰ বাবে …. ৷

: দিদি খৰা চুলি, ফটা চিঙা কাপোৰ আছিল নেকি? - তাইক খিৰিকীৰ মুখত দেখি গেটৰ বাহিৰৰ পৰাই মানুহজনে সুধিলে ৷ ক'লা ক্ষীণকায় মানুহজনৰ দুয়োকান্ধত দুটা মোনা ৷ দুয়োখন মোনা বিভিন্ন সামগ্ৰীৰে ভৰা ৷ হিমাশ্ৰীয়ে তাক ভিতৰলৈ আহিবলৈ ইংগিত দিয়াত গেটখন খুলি সি ভিতৰলৈ সোমায় আহিল ৷ তাক বাহিৰতে ৰ'বলৈ কৈ হিমাশ্ৰী ভিতৰলৈ সোমায় গ'ল ৷ সেই সময়তে মানুহজনে কান্ধৰ মোনা দুটা মাটিত থৈ হিমাশ্ৰী অহালৈ আগ্ৰহেৰে বাট চাই থাকিল ৷ ক্ষন্তেক সময়ৰ পিছতে পলিথিন এটাৰ ভিতৰত সোমায় থোৱা চুলি এটোপোলা আৰু দুটামান উৱলি যোৱা লং পেণ্ট লৈ তাই ওলায় আহিল ৷ মানুহজনে প্ৰথমে চুলিখিনি হাত পাতি লৈ লিৰিকি বিদাৰি চালে ৷ তাৰ পিছত পেণ্ট কেইটা ওজন কৰিবলৈ লৈ ক'লে, " পুৰণা চাৰ্ট নেহি হ্যে ক্যা দিদি ? " হিমাশ্ৰীয়ে নাই বুলি কলে ৷ " আচ্ছে চে দেখিয়েনা দিদি, চায়দ হ্যো ৷ " এইবাৰ মানুহজনে প্ৰায় জোৰ দিয়ে ক'লে ৷ মন নাছিল যদিও হিমাশ্ৰী পুনৰ ভিতৰলৈ সোমায় গ'ল আৰু নীৰৱৰ পুৰণি চাৰ্ট এটা আনি মানুহজনৰ হাতত তুলি দিলে ৷ মানুহজনৰ দুচকু উজ্বলি উঠিল ৷ তাক যথেষ্ট আনন্দিত দেখা গ'ল ৷ "দুচৰে আদমী লৌগো চে হ্যাম আপকো বহুত অচ্ছা চামান দেগা দিদি " বুলি সি মাটিত থোৱা মোনা এখনৰ পৰা বাছি বাছি সুন্দৰ কাচৰ ডাঙৰ ডাঙৰ বাটি দুটা হিমাশ্ৰীৰ হাতত তুলি দি নিজেও মাটিত থোৱা মোনা দুটা পুনৰ কান্ধত তুলি লৈ বাহিৰলৈ ওলায় গ'ল ৷ হিমাশ্ৰীয়ে একে ঠাইতে ৰৈ মানুহজন যোৱালৈ চাই থাকিল ৷ অচিন দেশৰ এই মানুহবোৰে ঘৰ বাৰী এৰি ৰ'দে বৰষুণে এইদৰে ঘুৰি ফুৰিছেহি কেৱল মাথো পেটৰ তাড়নাত ৷ কিমান টকা পায় বাৰু এই ফটা কাপোৰ আৰু খৰা চুলি বিক্ৰী কৰি? কি কামত লাগে এইবোৰ? নাই, তাই অনুমান কৰিবও নোৱাৰে ৷ কিছুপৰ মানুহজন যোৱালৈ চাই থাকি তাই ভিতৰলৈ সোমায় যায় ৷

গংগা নদীৰ পাৰৰ এখন স্মশান ৷ নৈৰ পানী জুঁৱলীৰ পৰা দুই তিনিশ মিটাৰ দুৰত্বলৈকে বিভিন্ন জনৰ চিঁতা জ্বলিছে ৷ কোনোবাখন চিতা যদি এতিয়াও দাউ দাউকৈ জ্বলি আছে কোনোবাখন জ্বলি জ্বলি নুমাই গৈছে আকৌ জ্বলিছে ভমককৈ পুনৰ নুমাইছে ৷ কোনোবাখন জ্বলি শেষ হৈ মাটিৰ লগত মিলিব লৈছে ৷ আধা পুৰা কাঠৰ টুকুৰা অ'ত ত'ত সিচঁৰিত হৈ আছে ৷ দুৰ ক'ৰবাৰ পৰা ৰৈ ৰৈ নিশাচৰ চৰাই দুটামানৰ কৰ্কশ মাত ভাহি আহিছে ৷ ফিৰফিৰিয়া বতাহজাকত পোৰা মাংসৰ গোন্ধ এটা ঘুৰি ফুৰিছে ৷ চাৰিওফালে অমবস্যাৰ কাল অন্ধকাৰে আৱৰি ৰাখিছে ৷ ৰাখিবৰে কথা ৷ আজি বছৰৰ সবাতোকৈ অন্ধকাৰ নিশা ৷ কাল অমানিশা ৷ আজি দিপান্বীতা ৷ বহুদুৰত থকা কলকতা চহৰৰ পৰা মাজে মাজে দিপাম্বীতাৰ হিলৈৰ শব্দ ভাহি আহিছে ৷ গংগাৰ বাকৰিৰ সৰু সৰু ঝাৰণি বোৰৰ পৰা ঝিলিবোৰে তীব্ৰভাৱে চিঞৰিছে ৷ জোপোহাৰ আৰৰ অন্ধকাৰত কোনো মাংসভোজীয়ে কঠিন হাড় চোবাইছে ৷ শিয়াল দুটামানে খাদ্যৰ সন্ধানত নুমায় যাব ধৰা চিতাঁবোৰত শুঙি ফুৰিছে ৷ হঠাৎতে ছাঁ মুৰ্তি এটা জোপোহাবোৰৰ মাজৰ পৰা ওলায় আহিল ৷ সি অন্ধকাৰৰ আৰঁত হাতত সাৰে ভৰিত সাৰে ঢিমিক ঢামাককৈ জ্বলি থকা নবতম চিতাখনৰ কাষ পালে ৷ তাৰ পিছত কান্ধত ওলোমাই লোৱা বেগটোৰ ভিতৰৰ সামগ্ৰীবোৰ মাটিত ঢালি দিলে ৷ কেইপদমান পুজাৰ সামগ্ৰী, এটা পলিথিন বেগ আৰু কেইখনমান পুৰণি কাপোৰ বেগটোৰ পৰা ওলায় পৰিল ৷ এইবাৰ ছাঁ মুৰ্তিটোৱে চিতাৰ সন্মুখত বজ্ৰাসনত বহি কিবা কিবি মন্ত্ৰ মাতিব ধৰিলে ৷ কিছুসময় মন্ত্ৰোচ্ছাৰণৰ পিছত সি মন্ত্ৰৰ তালে তালে তাৰ কাষতে মাটিত পৰি থকা পুজাৰ সামগ্ৰীবোৰ এপদ এপদকৈ চিতাজুইত দিব ধৰিলে ৷ এসোপা ক'লা ধোঁৱাই ক্ৰমাৎ ঠাইখন আৱৰি পেলালে ৷ ছাঁ মুৰ্তিটোৰ মন্ত্ৰোচ্চাৰণ চলি থাকিল ৷

নিশা গভীৰ হৈ আহিল ৷ দুৰৰ হিলৈৰ শব্দবোৰ দুই এটাকৈ কমি আহি অৱশেষত সকলো নিস্তব্ধ হৈ পৰিল ৷ নিশাচৰ চৰাইবোৰে নিতাল মাৰিলে ৷ ঝিলিবোৰেও যেন চিঞৰিবলৈ ভয় কৰিছে ৷ কালৰাত্ৰিৰ কাল সময় এয়া ৷ এই প্ৰহৰ অপ্ৰাকৃতিক প্ৰহৰ ৷ সকলোপিনে এক অপ্ৰাকৃতিক পৰিবেশ সৃষ্টি হৈছে ৷ সোঁ সোঁৱাই বৈ থকা বতাহ জাকেও ধীৰ হৈ পৰি যেন তাৰেই ইংগিত বহন কৰিছে ৷ গংগাৰ পাৰৰ নুমাই যোৱা চিতাবোৰ পুনৰ দাউ দাউকৈ জ্বলি উঠিছে ৷ কিন্তু আন্ধাৰৰ গভীৰ আলিংগনত পিষ্ট চিতাবোৰে যেন নিজস্ব গুণ হেৰুৱাই অন্ধকাৰতে বিলীন হৈছে ৷ এই মুহুৰ্তত গংগা নদীৰ পাৰৰ পৰিবেশ আচৰিত ধৰণে গহীন হৈ পৰিছে ৷

মন্ত্ৰোচ্চাৰণৰ মাজতে ছাঁ মুৰ্তিটো নদীৰ মাজলৈ নামি গৈ খেপিয়াই খেপিয়াই কিবা বিচাৰিব ধৰিলে ৷ মন্ত্ৰোচ্চাৰণৰ মাজতে সি পানীত ডুব মাৰি কিবা এটা বিচাৰে আকৌ ওপৰলৈ আহি মন্ত্ৰোচ্চাৰণ কৰে ৷ প্ৰায় দহমিনিটমান বিচৰাৰ পিছত সি পানীৰ তলত কিবা এটা বিচাৰি পালে ৷ এইবাৰ তাক যথেষ্ট উৎসাহিত দেখা গ'ল ৷ উৎসাহত তাৰ কণ্ঠ ডাঙৰ হৈ পৰিল ৷ সুউচ্চ কণ্ঠে অদ্ভুত ধৰণৰ মন্ত্ৰোচ্চাৰণেৰে সি পানীৰ মাজতে কিবা এটা ধৰি বামলৈ টানি আনিব ধৰিলে ৷ বস্তুটো পাৰত উঠোৱাৰ লগে লগে উৎকট বেয়া গোন্ধ এটাই ঠাইখন আগুৰি পেলালে ৷ সি মানুহৰ উৱলি যোৱা শ এটা টানি টানি নিস্প্ৰভ ভাৱে জ্বলি থকা চিতাখনৰ ওচৰলৈ লৈ গ'ল ৷ বহুদিন পানীত পচি থকাৰ ফলত সমস্ত শৰীৰটো উফণ্ডি ভীষণ ভাৰি হৈ পৰিছিল বাবে টানি নিওতে সি যথেষ্ট শক্তি সৰচ কৰিব লগীয়া হ'ল ৷ ফোপাই জোপায় গৈ সি পুনৰ চিতাখন ওচৰত বহিল ৷ এইবাৰ সি মন্ত্ৰোচ্্চাণৰ মাজতে চিঞৰিলে, " ল্যে খুন অউৰ জিন্দা হ্যো জা " কথাৰ লগে লগে সি তাৰ বাওঁ হাতৰ তলুৱাত চুৰী এখনেৰে ৰেপি দিলে ৷ নিগৰি অহা তেজৰ কিছু অঁংশ চিতাখনত চতিয়াই দি বাকীখিনি কাষতে পৰি থকা উৱলি যোৱা শৰীৰটোত চটিয়াই দিলে ৷ তাৰ পিছত শ টোৰ উফণ্ডি থকা উদৰৰ পৰা সামান্য মাংস কাটি চিতাৰ জুইত খেকি খেকি চিঞৰিলে, " মা কা প্ৰসাদ ক্যৌন ক্যৌন খায়েগা? " লগে লগে নৈৰ পাৰৰ চাৰিওদিশৰ পৰা কিছুমান ছাঁ মুৰ্তি দৌৰি আহি তাৰ ওচৰ পালেহি ৷ সি প্ৰথমে চিতাত এডোখৰ মাংস অৰ্পন কৰিলে আৰু এডোখৰ পৃথককৈ কাটি ৰাখি বাকীখিনি উপস্হিত ছাঁ মুৰ্তিবোৰৰ মাজত সমানে ভগায় দিলে ৷ তাৰ পিছত বাকী থকা মাংস ডোখৰ শ টোলৈ আগবঢ়ায় ক'লে, " লে পেট ভৰ লে " ৷ লগে লগে বতাহত এক শব্দ শুনা গ'ল ৷ কোনোবাই যেন গো গ্ৰাসে কিবা খাইছে ৷ ছাঁ মুৰ্তিটোৱে আকৌ মন্ত্ৰোচ্ছাৰণত লাগিল ৷ এইবাৰ বাকীবোৰ ছাঁ মুৰ্তিৱেও তাৰ সৈতে সমস্বৰে মন্ত্ৰোচ্চাৰণত অংশ ল'লে ৷ মন্ত্ৰৰ মাজে মাজে ছাঁ মুৰ্তিটোৱে চিতাৰ জুইত আহুতি দি থাকিল ৷ এটা সময়ত সি মাটিত পৰি থকা পুৰণি চাৰ্ট - পেণ্ট এযোৰ হাতত ল'লে ৷ কিছুপৰ কাপোৰযোৰ শটোৰ ওপৰত থৈ মন্ত্ৰোচ্চাৰণ কৰি " লে তেৰে কাপৰে তুহি পেহেন লে " বুলি কাপোৰ যোৰ চিতাঁৰ জুইত জাপি দিলে ৷ কিছুপৰৰ নিস্তব্ধতা ৷ হঠাৎ যেন জ্বলি থকা চিতাঁ জুইকুৰা চঞ্চল হৈ চাৰিওপিনে নাচিব ধৰিলে ৷ তাকে দেখি ছাঁ মুৰ্তিবোৰে হু হুৱাই হাঁহিব ধৰিলে ৷ ইটোৱে সিটোক সম্ভাষণ জনাব ধৰিলে ৷ সফলতাৰ সম্ভাষণ ৷ নৰকক মত্যৰ লগত সংযোগ কৰি আদিম তৃপ্তি লভাৰ সম্ভাষণ ৷ অন্য তান্ত্ৰিকত বিলাকতকৈ নিজকে উচ্চ খাপত প্ৰতিস্হা কৰিবলৈ সক্ষম হোৱাৰ সম্ভাষণ ৷

সম্ভাষণ পৰ্বৰ সমাপ্তিত পুনৰ মন্ত্ৰোচ্ছাৰণ পৰ্ব আৰম্ভ হ'ল ৷ ক্ৰমে অস্হিৰ হৈ পৰা জুইকুৰাক স্হিৰ কৰিবৰ বাবে ছাঁটোৱে এমুঠি বালি হাতত লৈ মন্ত্ৰপুত কৰি জুইৰ মাজলৈ মাৰি পঠালে ৷ কিন্তু তাক আচৰিত কৰি জুইকুৰা ভমক、কৈ জ্বলি উঠিল ৷ তান্ত্ৰিক ছাঁ মুৰ্তিৰ তন্ত্ৰই কাম নিদিলে ৷ সি পুনৰ তন্ত্ৰপুত বালি চিতাঁত চতিয়ালে ৷ এইবাৰো হিতেই বিপৰীত হ'ল ৷ চিতাঁজুইকুৰা পুনৰ ভমককৈ জ্বলি বহুকেইটা ছাঁ মুৰ্তিক আৱৰি পেলালে ৷ মুহুৰ্ততে সিহঁত জ্বলি চাই হৈ গ'ল ৷ বাকীবোৰ দৌৰি পলাল ৷ কথা বিষম দেখি তান্ত্ৰিকে মাটিত পৰি থকা পলিথিনটোৰ পৰা একোচা চুলি উলিয়াই হাতত লৈ মন্ত্ৰোচ্ছাৰণত লাগিল ৷ মন্ত্ৰোচ্চাৰণ মাজতে অকণমান চুলি শটোৰ বুকুত থ'লে ৷ তাৰ পিছত চিতাঁৰ ছাই অকণমান আনি তন্ত্ৰপুত বালিৰ সৈতে মিহলালে তাৰ পিছত বাকীথকা চুলিখিনিৰ সৈতে ৰঙা কাপোৰ এখনেৰে তিনিটা গাঠি মাৰি এটা সৰু টোপোলা বান্ধিলে ৷ এইবাৰ সি মন্ত্ৰোচ্চাৰণৰ মাজতে শটোৰ বুকুত থোৱা চুলিখিনি আনি টোপোলাটোৰ ওপৰত ভালকৈ মেৰিয়ালে ৷ তাৰ পিছত টোপোলাটো চিতাঁ খনৰ কিছু ওপৰত ধৰি পুনৰ তন্ত্ৰোচ্চাৰণ কৰিব ধৰিলে ৷ কিছুসময়ৰ পিছত সি গাৰ সমস্ত শক্তিৰে টোপোলাটো নৈৰ পাৰৰ জোপোহা বোৰৰ পিনে মাৰি পঠিয়ালে ৷ লগে লগে ঠাইখিনিৰ পৰা কিবা এটা উৰি গুছি গ'ল ৷ ঠাইখিনিলৈ চাই থকা তান্ত্ৰিকৰ মুখৰ পৰা স্বত:স্ফুৰ্তভাৱে ওলায় আহিল, " যা অপনে মেহবুবা চে ফিৰচে মিল ল্যে ৷ " 

( আগলৈ… )

Post a Comment

1 Comments

  1. Val lagise, moi pratham pohisu jadi paare pratham odhyar link tu dibasun

    ReplyDelete