Daini part 17 assamese novel ডাইনী পাৰ্ট১৭

Daini part 17 assamese novel ডাইনী পাৰ্ট১৭ 

Click here to read daini part 16
(গল্পটোত মাজে মাজে  ১৮+ কন্টেন্ট আছে। সৰুবোৰে গল্পটো নপঢ়াকৈ থকাটোৱে ভাল ।)

গীর্জাত  কাকো নেদেখি মই  ভাবিছিলো হয়তো ইয়াত ওপৰতো কোনো নাই । সেয়ে  দ্বিতীয় তলা  নোচোৱাকৈ চিৰি বগাই  মই চাদৰ ওপৰলৈ ৰাওনা হৈছিলো। হঠাৎ পিছৰ পৰা কোনোৱে কৈ উঠিল "আহা মোৰ ছোৱালীজনী । মই তোমাৰ বাবেই অপেক্ষা কৰি আছো" । একদম চক খাই উঠিলো । চাৰেণ্ডাৰ  ভঙ্গিত দুহাত মুৰৰ ওপৰত দাঙি দিছিলো। গলটো ঘুৰাই দেখিলো বুঢ়া পাদ্ৰীজনে লাঠিত ভৰ দি ঠিয় হৈ আছে।  এটা দীর্ঘশ্বাস এৰি  হাতদুখন তললৈ আনিলো। অলপ সময়ৰ বাবে মই  ভাবিছিলো মই  হয়তো ধৰা পৰি গলো  । এতিয়া আৰু  ভয়ৰ  একো কাৰণ  নাই । এই হাড়চালে লগা  বুঢ়াটোৱে মোক একো কৰিব নোৱাৰে । এটা ধাক্কা দিলেই পৰি যাব । সেয়ে  ময়ো  সৌজন্যতা দেখুৱাই তেওৰ ওচৰত হাতযোৰ কৰি কবলৈ ধৰিলো ," ফাদাৰ , মই জীৱনত বহুত ভুল কৰিছো । মই  এইবোৰৰ পৰা মুক্তি বিচাৰো । আপুনি মোৰ বাবে যীশুৰ ওচৰত ক্ষমা খোজক । নহলে  মই  আজীৱন নৰকত থাকিব লাগিব ।"
মোৰ  কথাবার্তাই  ফাদাৰক  বহুত  সন্তুষ্ট কৰিলে যেন লাগিল । হয়তো মানুহজনে এইবোৰ দেখি দেখি  অভ্যাস হৈ গৈছে । খৃষ্টানসকলে   কোনো অপৰাধ কৰিলে গীর্জালৈ  আহি পাদ্রীৰ ওচৰত সকলো খুলি কয় । তাৰপিছত পাদ্রীয়ে  তেওৰ পক্ষত  ঈশ্বৰৰ ওচৰত ক্ষমা প্রার্থনা খোজে । এই ৰীতিক সিহতে কনফেশ্বন কয় । ক্ষমা হৈ গলে সিহতে নিজৰ ইচ্ছা মতে গীৰ্জাত ডনেচন দিয়ে। এই ডনেচনৰ টকাৰেই বৰ্তমানত গীৰ্জাবোৰ চলি থাকে। কিন্তু গীর্জাৰ অতীত ইমান কৰুণাময় নাছিল। এটা সময় আছিল যেতিয়া গীর্জাবোৰে  মানুহৰ দয়া দক্ষিণাৰ ওপৰত  নির্ভৰ নকৰি  মানুহৰ প্রয়োজনীয় সম্পদবোৰ হস্তক্ষেপ কৰাত লাগিছিল। । এলিচৰ ডায়েৰীত   গীর্জাটোৱে তাইৰ  পাৰিবাৰিক চৰাইখানা দখলেই  তাৰ প্রমাণ। কিন্তু কালৰ গহ্বৰত সেই গীর্জা এতিয়া  পাহাৰী সিংহ ৰ পৰা  ঘৰচীয়া মেকুৰীত  পৰিণত হৈছে । আগতে  জোৰ কৰি হস্তক্ষেপ কৰিছিল , আৰু এতিয়া  দিলে খায়- নিদিলে উপবাসে থাকে ।
"তুমি ভুল সময়ত আহিছা বাছা।" 
পাদ্রীৰ  কথা শুনে আমি ভাবনাৰ জগতৰ পৰা   বাস্তবলৈ আহিলো । 
মই  বিনীত কন্ঠেৰে কলো, "মই দুঃখিত ফাদাৰ, আপুনি কি কৈছে শুনা নাই ।"
বুঢ়াজনে আকৌ এবাৰ কলে, "তুমি ভুল সময়ত আহিছা । আজি বুধবাৰ । ইয়াত কনফেশ্বন হয় শনিবাৰ আৰু  ৰবিবাৰে ৰাতিপুৱা ৯টাত ।"
মই দুখ প্ৰকাশ কৰি কলো , "মই  দুঃখিত ফাদাৰ। উইকেণ্ডত মোৰ কাম থাকে । আপনি যদি কালি সন্ধ্যা মোক এটা সুযোগ দিয়ে তেন্তে মোৰ বহুত উপকাৰ হব।"
বুঢ়া ৰাজি হল  । 
মই কলো , "কাল ৰাতিপুৱা ১০টাত  মই আকৌ আহিম  ফাদাৰ। এতিয়া মই এটা কামত যাবলৈ লাগিব। তাৰে আগতে এই গীর্জাটো এবাৰ ঘুৰি পাকি চাও। আপোনাৰ আপত্তি নাইতো? "
বুঢ়াজনে মুৰটো দুপিয়াই নিজৰ ৰুমলৈ সোমাই গল। সি গুচি যোৱাৰ লগে লগে মই একে দৌৰে গীর্জাৰ ছাদলৈ উঠি গলো। বাহ। চাদখন যেন মোৰ বাবেই বনোৱা হৈছে। ছাদৰ তিনিফালে ৰেলিং থকিলেও চিমেট্ৰিৰ দিশত ৰেলিং নাই , একদম খোলা। শীতত ছাদত  বৰফ জমা হলে এই ফালে ঠেলি তলত পেলোৱা হয়। এইফালেৰে সহজে উঠা নমা কৰিব পৰা যাব । 

আজ ইয়াতে কাম শেষ। এতিয়া ঘৰলৈ যাব লাগে । কালি সকলো বয় বস্তু লৈ আকৌ আহিব লাগিব। কালি মাজৰাতিৰ ভিতৰত কামটো কৰিব লাগিব । যেনেকৈ নহওক। । গীর্জাৰ প্রাঙ্গণ এৰি  আকৌ সেই চিমেট্ৰিলৈ আহিলো। আগৰ দৰে এইবাৰ ইফালে সিফালে নুঘুৰি এইবাৰ প্ৰিষ্টৰ কবৰটো বিচাৰি উলিয়ালো।  সপোনত যেনে দেখেছিলো তেনেকৈয়ে আছে । কবৰৰ ফলকত সেই আঙঠিৰ চিহ্ন। মোৰ তেনেতে প্ৰস্বাবৰ বেগ আহিল।  কষ্ট কৰি  প্রস্রাৱৰ  বেগটো ধৰি ৰাখিলো  । মনে মনে কলো, এতিয়া নহয় । সূর্যটো পশ্চিম আকাশত হালি পৰিছে । ছাঁ দীঘলৰ পৰা দীর্ঘতম হৈ গৈ আছে । অলপ সময় পিছতে  সূর্যাস্ত হব । এই   ভৌতিক পৰিবেশত মনৰ ভিতৰতে  এটা উদ্ভট প্রশ্ন জাগিল । আচ্ছা, এই কবৰস্থলত শুই থকা সকলো  মৃত নে ? নে দুই এজন কবৰৰ মাজত সোমাই , আন্ধাৰ নমাৰ  প্রতিক্ষাত ৰৈ আছে । ভাবিয়েই গাটো শিয়ৰি উঠিল । কালি ৰাতি মই ইয়ালৈ আহিব লাগিব । অকলশৰে ,,,,, নহব । এইবোৰ লৈ আৰু ভাবিব নোৱাৰো যিমান ভাবিম সিমানেই ভয় হব। তাতকৈ দিনৰ পোহৰ থাকোতেই ইয়াৰ পৰা যাব লাগিব।  ঘৰলৈ উভতিব লওতেই হঠাৎ প্ৰিষ্টৰ  কবৰৰ কাষত পৰি গলো। খপজপকৈ উঠিবলৈ লৈ মন কৰিলো ভৰিখন কোনোবাই যেন টানি ধৰিছে।  হৃদপিণ্ডটো ধপধপাই উঠিল। সচাকৈ কটিগটোত দেখা কবৰৰ সপোনটো এতিয়া সঁচা হবলৈ গৈ আছে

(আগলৈ)
চানজিদা চুলতানা
স্বপ্ননীল আকাশ
ভাবানুবাদ

Click here to read daini part 18

Post a Comment

0 Comments