daini part 15

লিচৰ ডায়েৰীৰ ১ম পৃষ্ঠাত নিজৰ পৰিচয় দিছে। তাৰপিছতে স্বাভাবিক দিনপঞ্জিকা। তাৰ পিছতে মাৰ্টিনীৰ আগমন। শেষত মাৰ্টিনীৰ বিদায়। সকলোৰে শেষত মৃত্যুদণ্ড ঘোষণা কৰি কপালত আঙুঠিৰ দাগ। । ডায়েৰীৰ পৰা এটা কথা নিশ্চিত যে এলিচ আৰু মাৰ্টিনীৰ মৃত্যু মাত্ৰ কেইটামান দিনৰ ব্যবধানত হে হৈছে। যদি এলিচ ভূত হৈছে তেন্তে হয়তো মাৰ্টিনীৰো একে পৰিণতি হৈছে। আৰু কপালত দিয়া সেই আঙুঠিৰ দাগটো যন্ত্ৰণা দিবলৈ দিয়া হোৱা নাই। তাইৰ ডায়েৰীত সেই দাগক ডাইনীৰ চিন্হিতকাৰী প্ৰতীক হিচাপে উল্লেখ আছে। তাৰমানে ডাইনীবোৰৰ কপালতে এনেদৰে দাগ দিয়া হয়। অন্য অপৰাধীক নহয়.।

প্রাচীন পুৰাতত্ত্ব (Anthropology) ৰ এখন  কিতাপত পঢ়িছিলো প্রাচীন ফাৰাও সম্রাটে সিহতৰ  মৃত্যুৰ পিছত সমাধিস্থ কৰাৰ বাবে   জীৱিত কালতে পিৰামিড বনাইছিল । মৃত্যুৰ পিছত সমাহিত কৰাৰ সময়ত  ধন ৰত্নৰ সৈতে বহুতো  দাস দাসীকো  জীৱন্তে কবৰ দিয়া হৈছিল । কবৰ দিয়াৰ আগতে সিহতৰ বুকু পিঠত বা শৰীৰৰ অন্য অংশত দাসত্বৰ বন্ধন হিচাপে  খাঁজকটা উত্তপ্ত ধাতব পিণ্ডৰে দাগ দিয়া হৈছিল । সেই ধাতব পিণ্ডটো সম্রাটৰ মুকুটত দি  মৃতদেহক গোপন কক্ষত  সমাহিত কৰা হৈছিল । ফাৰাওৰাই  বিশ্বাস কৰিছিল এনেদৰে পুৰা দাগ দাসদাসীসকলৰ আত্মা পৰলোক গমন কৰিব নোৱাৰে.। আৰু সেই ধাতব পিণ্ডটো মুৰত থকাৰ বাবে মৃত সম্রাটে সেই  দাসদাসীসকলৰ  আত্মাক নিয়ন্ত্রণ কৰিবলৈ সক্ষম হব।

মোৰ ধাৰণা এলিচৰ কপালত সেই আঙুঠিৰ দাগটো একে বিশ্বাস লৈ দিয়া হৈছিল। । চয়তান প্রিষ্টে জানিছিল সি  চিৰকাল বাচি  নাথাকে । এটা সময়ত সি  মৃত্যুবৰণ কৰিবলৈ লাগিব । কিন্তু তাৰ  যদি মৃত্যুৰ পিছত  মহাযাত্রাত চামিল হয় তেতিয়া সি  জীৱনকালত কৃত অপৰাধৰ বাবে   নির্ঘাত নৰকত  চৰম  শাস্তি পাবলৈ লাগিব  । সেয়ে সি জীৱনকালতেই  তন্ত্র মন্ত্ৰৰে মৃত্যুৰ পিছত তাৰ মহাযাত্ৰাক  বন্ধ কৰাৰ আয়োজন কৰিছে । মৃত্যু পৰবর্তী জীবনক সুখকৰ আৰু  যৌনসম্ভোগময় কৰাৰ  বাবে  সি  ফাৰাওে বনোৱা  ধাতব পিণ্ডৰ দৰে   এটা জাদুকৰী আঙুঠি বনাই লৈছে। সেই আঙঠিৰ বৈশিষ্ট্য আছিল ইয়াৰ দ্বাৰা যাৰ কপালত দাগ দিয়া হব  তাৰ  আত্মাই মৃত্যুৰ পিছত এই আঙঠিৰ মালিকৰ দাসত  পৰিণত হব। একমাত্ৰ এলিচ  আৰু মার্টিনী নহয়। জীৱনকালত  শ শ  ছোৱালীক সি ডাইনী অপবাদ দি   মৃত্যু দন্ডৰে দণ্ডিত কৰিছে । মৃত্যুৰ পুর্বে সিহত সকলোৰে কপালত সি আঙুঠিৰ দাগ দিছে যাতে মৃত্যুৰ পিছত সিহত সকলোৱে তাৰ  যৌনদাসী (Sex slave) ত  পৰিণত  হয়। অবশেষত প্রিষ্টৰ  মৃত্যুৰ পিছত তাৰ অনুৰাগীয়ে তাক আঙুঠিসহ কবৰ দিছে।তাৰ লগে লগে শ শ হতভগা ডাইনীৰ আত্মা বন্দী হৈ পৰিছে। ইমান বছৰ ধৰি সি এই আত্মাবোৰক ভোগ কৰি আহিছে। তাৰ মাজৰ পৰা এজনী দাসত্বৰ শিকলি ছিগি ওলাই আহিব পাৰিছে। সেয়া বেলেগ কোনো নহয়। এলিচ। তাৰ কাৰণ এলিচে বেচমেণ্টত বন্দী হৈ থাকোতে অসাধাৰণ কাম কৰিছিল যিটো বাকী ছোৱালীবোৰে কৰা নাছিল। তাইৰ প্ৰত্যেকদিনৰ স্মৃতিবোৰ বাইবেলত লিপিবদ্ধ কৰাটো। আৰু এই স্মৃতিৰ টানত তাই প্ৰিষ্টৰ বন্দীত্বৰ পৰা ৰক্ষা পাইছিল।  সেয়েতো তাই প্ৰিষ্টৰ সৈতে কবৰৰ ভিতৰত থকাৰ পৰিবৰ্তে এই কটিগটোতে ৰৈ গৈছে। কিন্তু তাইৰ সম্পূৰ্ণ মুক্তিৰ বাবে মোক সেই আঙঠিটোৰ প্ৰয়োজন। সেয়া ধংস কৰিব পাৰিলে এলিচ সহ বাকী আত্মাবোৰৰো মুক্তি হব।

মইয়েই সেই আঙঠিটো আনিব লাগিব। অন্তত এলিচে এয়াই বিছাৰে। সেয়েইতো সেইদিনা যেতিয়া মই টাবত উজুটি খাই পৰি জ্ঞান হেৰুৱাইছিলো তেতিয়া কৌশলেৰে এলিচে সপোনত আহি মোক প্ৰিষ্টৰ কবৰটো দেখুৱাই দিছিল। তাৰ পিচত বাথৰুমত আইনাত লিখি আৰু দুঃস্বপ্নৰ মাধ্যমেৰে  তাই মোক সেইটো  উদ্ধাৰ কৰাৰ ইঙ্গিত দিছিল । কিন্তু মই সেই সকলো ইংগিত উপেক্ষা কৰাৰ বাবে তাই খঙত  মোক এৰাতি বেচমেণ্টত বন্দী কৰি ৰাখিলে। সেইৰাতি মই বেচমেণ্টত শুই পৰাৰ পিছত সপোনৰ মাধ্যমত মোক তাইৰ জীৱনৰ  শেষ পৰিণতিটো দেখুৱাই দিলে।

এইদৰেই তাই মোক এটাৰ পিছত এটা বার্তা দি আছিল আৰু মই এইবোৰ উপেক্ষা কৰি ভাবিছিলো যে মোক ভয় দেখুৱাবলৈ খুজিছে। সেয়ে আজি এলিচক খেদিবলৈ যেতিয়া মই আদিনক কটিগলৈ লৈ আহিলো তেতিয়া তাই মৰ্মাহত হল। কুৱাৰ কাষত আদিনৰ এক্সিডেন্ট, এলিচৰ প্ৰভাৱিত কোঠাত আদিনৰ কিতাপ জ্বলা ইত্যাদি ৰ মাজেৰে এলিচে তাইৰ ক্ষোভ প্ৰকাশ কৰিলে।

ইমানদিন পিছত মই এলিচক বুজিবলৈ ধৰিলো। অশৰীৰী এলিচৰ হৃদয়ৰ ভাষা সচাকৈয়ে চমৎকাৰী। মই সিদ্ধান্ত ললো যিকোনো কৰি হলেও মই এলিচক ইয়াৰ পৰা মুক্তি দিম। মই যাম খ্ৰীষ্টান কবৰস্থানত। প্ৰিষ্টৰ কবৰটো খান্দিম আৰু আঙুঠিটো লৈ আনিম...

(আগলৈ)

চানজিদা চুলতানা
স্বপ্ননীল আকাশ
ভাবানুবাদ

Post a Comment

3 Comments