header ads

Daini part 12 ডাইনী assamese novel


Daini part 12  ডাইনী assamese novel 

click here to read part 11
মোৰ দেহতো তেতিয়াও দুলি আছে আৰু গলটো বেঁকা হৈ আছে৷ঠিক সপোনত দেখা এলিচৰ লাচটোৰ দৰে…মুৰটো বহুত পাতল যেন লাগিছে৷ নিজৰ দেহৰ পিনে চালো ৷নিজৰ দেহৰ পিনে চালো ৷ দেহতো নিথৰ হৈ গৈছে৷অলপ আগেয়ে গাৰ পৰা কাপোৰ খনো খহি পৰিছে  ৷অজস্ৰ মানুহৰ মাজত মোৰ দেহতো নগ্ন হৈ দুলি আছে ৷ছি: ছি:৷কি লাজ৷তলত জমা হোৱা মানুহৰ কিছুমানে মোৰ পিনে চাই হাহিছে৷কিছুমানে বুকুত ক্ৰছ আকিছে৷তাৰ পিছত মানুহবোৰে এটা দুটাকে গুছি যাবলৈ ধৰিছে৷অলপ সময় পিছত চাবুকৱালাটোৱে মোৰ দেহতো টানি টানি চাদলৈ তুলি আনিলে৷তাৰ পিছত দেহটো এখন কলা কাপোৰেৰে ঢাকি দিলে৷মই সকলো দেখিছিলো৷বুজি পাইছো মই জীৱন্ত জগতৰ পৰা বহুত দুৰলৈ গুছি গৈছো ৷ ময়ো এলিচৰ দৰে এটা অশৰিৰী৷

সিহতে মোৰ দেহটো কাপোৰেৰে বান্ধি তললৈ লৈ গল৷ ময়ো গলো তেওঁলোকৰ পিছে পিছে৷খোজকাঢ়ি নহয়৷বতাহত ভাহি ভাহি ৷কটিগটোৰ লাইব্ৰেৰীত টেবুলত মোক শুৱাই দিলে৷তাৰপিছত মোৰ দেহটো সকলোৱে বেঢ়ি ধৰি মন্ত্ৰ পঢ়িবলৈ ধৰিলে৷বহুত আচৰিত সিহতৰ অনুস্থান ৷ যেতিয়া সিহত ব্য়স্ত আছিল মই লাইব্ৰেৰীটো ঘুৰি ঘুৰি চাবলৈ মন গল৷ লাইব্ৰেৰীটো একেদৰে আছে৷কিন্তু ওপৰৰ ফালে কিতাপৰ সংখ্্যা কম ৷ সিহতে মোৰ কিতাপ ধংস কৰিছে নেকি?অলপ সময় পিছত কাম শেষ হল৷

মোৰ দেহতো লাইব্ৰেৰীটোৰ পৰা নি বেডৰুমত প্ৰৱেশ কৰিলে৷সিহতে বেডৰুমটোও ৰাতিৰ ভিতৰতে সলনি কৰি দিছে৷যোৱাবাৰ শীতত কিনা লাইটোৰ সলনি কৰি মম জ্বলাইছে৷ৰুমৰ সিটোমুৰৰ পৰা প্ৰিষ্টে সোমাই আহি মোৰ গাত holly water ছটিয়াই দিছে৷চয়তানজনে আজি বহুত অদ্ভুত পিন্ধি আছে্৷মুৰত কলা অলংকাৰ খোদিত বেল্ট ৷গাত নোমাল ৰঙা কাপোৰ৷কিচুসময় পিছত সি মোক নি বিছনাত শুৱাই দিলে্৷যিসকলে মোক লৈ আহিছিল এজন এজন কৈ গুছি গল৷বেডৰুমত থাকিলো মাত্ৰ প্ৰিষ্ট আৰু মই৷ বুজি পালো এলিচৰ ডায়েৰীটোৰ কথাবোৰ সঁচা হবলৈ ধৰিছে৷সি মোৰ দেহটোৰ ওপৰত উঠিল৷উঠক৷মই আৰু সেইটো দেহত নাই৷মই জাগতিক দেহৰ পৰা মুক্ত৷


প্রিষ্টে বিছনাত উঠি  নিজৰ গাৰ  কাপোৰ  খুলিবলৈ লাগিল। মই আৰু এইবোৰ সহ্য কৰিবলৈ নোৱাৰা হলো। তাক  মোৰ  মৃতদেহটোক  ভোগ কৰাৰ মুক্ত স্বাধীনতা দি  মই  বেডৰুমৰ পৰা লাইব্ৰেৰীলৈ গুচি আহিলো । মই মাত্ৰ চাবলৈ বিছাৰিছিলো  লাইব্ৰেৰীত এলিচৰ ডায়েৰীটো আছেনে নাই। সিহতে সম্ভব সেইটো লৈ গৈছে। । যি  ভাবিছিলো সেয়াই হল। । নাই ।  কাষৰ  বেডৰুমৰ পৰা   প্রিষ্টৰ যৌন সুখৰ  গেঙনি  শুনা গৈছে । কি বিকৃত মস্তিষ্কৰ এই মানুহটো ! এনে লাগিল সি  স্ৰষ্টাৰ সৃষ্টি জগতৰ  বাহিৰৰ , এটা  চয়তানৰ সৃষ্টি। কিম্বা নিজেই এটা ছদ্মবেশী চয়তান। লাইব্ৰেৰীত আৰু  কাম নাই । এনেদৰে ঘৰত নাথাকি বাহিৰটো চাবলৈ মন গল। বাহিৰত ঘোপমৰা আন্ধাৰ। তাতকৈও আন্ধাৰ মোৰ কটিগৰ পোহৰাব খোজা ভিতৰচোৱা। । এক প্রাগঐতিহাসিক অন্ধকাৰ যাক হাজাৰটা চাকি জ্বলাইও দুৰ কৰিব নোৱাৰি। বতাহত ভাহি ভাহি কটিগৰ পৰা দুৰলৈ আহিলো । কটিগৰ পৰা মই বহু দুৰলৈ যাবলৈ যাম। নৰকৰ পৰা  মুক্ত পৃথিৱীলৈ । কিন্তু  দেখিলো কিছু লোকে এঠাইত কাঠ জমা কৰি এটা উচ্চ দম তৈয়াৰ কৰিছে। মই ৰৈ ৰৈ সিহতক চাবলৈ ধৰিলো। এবাৰ পিছলৈ চাই দেখিলো চাৰিজন মানুহে মোৰ দেহটো এখন সাঙীত কটিগৰ পৰা বাহিৰলৈ দাঙি  আনি আছে। যি কি নহওক। মোৰ সেই দেহটোও সে অভিশপ্ত কটিগৰ পৰা বাহিৰ হৈছে। ৰাতিৰ মৃদু বতাহত মোৰ দেহটোৰ চুলি বোৰ উৰিবলৈ লৈছিল। হঠাৎতে নিজক সুন্দৰ যেন লাগিল। ভগবানক  ধন্যবাদ। তেঁও মোক  এনে এটা ৰোগমুক্ত সুন্দৰ দেহ কিছুদিন বাচি থাকিবলৈ দিছিল। খুব ইচ্ছা হৈছিল এবাৰ আকৌ সেই  দেহেলৈ  উভতি যাবলৈ । কিন্তু আমি জানো  সেয়া  আৰু সম্ভব নহয় । মই সেয়া এৰি ওলাই আহিলো চিৰকালৰ বাবে। সিহতে সাঙীখন সহ মোৰ দেহটো কাঠৰ ওপৰত তুলি দিলে। বুজিলো এতিয়া মোৰ দেহটোক পুৰি পেলাব। সিহতৰ মাজৰ এজন নেতা যেন মানুহে  বুকুত ক্ৰছ আকি এডাল জুই জ্বলি থকা কাঠ, খৰিৰ দমটোৰ ওপৰত পেলাই দিলে। তাকে দেখি বাকীবোৰেও এদাল এডালকৈ জ্বলাবলৈ ধৰিলে। দাউদাউকৈ জ্বলি উঠিল। নিজৰ দেহটো চকুৰ আগত এনেকৈ জ্বলাত মই হাহাকাৰ কৰি উঠিলো  দাউদাউ জুইৰ   শিখাই  ৰাতিৰ আন্ধাৰ আতৰাই এক উজ্জ্বল পোহৰ হৈ বাঢ়ি আহিল। মোৰ চকু চাট মাৰি ধৰিলে। পোহৰখিনি কিছু অনুজ্বল হৈ কমি আহিল। মই নিজক সেই বেচমেন্টৰ বন্দিশালাত  আবিষ্কাৰ কৰিলো । অশৰীৰী নহয়। একদম জীৱন্ত মই । দিনৰ পোহৰে চিৰিৰ দৰ্জাৰে সোমাই  অন্ধকাৰক আঁতৰ কৰি দিছে। । হে ঈশ্বৰ ! ইমান সময় তেন্তে মই দুঃস্বপ্ন এটাহে দেখি আছিলো। এই স্বপ্নত  পোহৰেই তাৰ  শেষ পৰিণতি মোৰ চকুত স্পষ্ট হৈ পৰিছে।  ছোৱালীজনীৰ প্রতি সচাকৈ মায়া জাগিল । মই থিয় দিলো। । চেলৰ দৰ্জাখন খুলাই আছে। মোৰ টাৱেলখন মোৰ কাষতে পৰি আছে। সেইখন বুটলি লৈ মোৰ দেহত মেৰিয়াই ললো। ভয় ভয় খোজে মই ওলাই আহিলো সেই ভয়ংকৰ বন্দীশালৰ পৰা....
(আগলৈ)

চানজিদা চুলতানা
স্বপ্ননীল আকাশ
(ভাবানুবাদ)

CLICK HERE TO READ PART 13

Post a Comment

0 Comments