Daini part 11 ডাইনী assamese novel

Daini part 11 ডাইনী assamese novel 

. . click here to read part 10
ভয়ত চিঞৰি চিঞৰি এনে লাগিল যেন গলটো ফাটি তেজ ওলাব। । না ।এনেদৰে মুৰ গৰম কৰিলে ইয়াৰ পৰা ওলাব পৰা নাযাব। এলিচৰ দৰেই গোটেই জীৱনৰ বাবে ইয়াত বন্দী হৈ থাকিব লাগিব। মাৰ উপদেশবোৰ মনত পৰিল। । বিপদৰ সময়ত মুৰটো ঠাণ্ডা কৰি নাৰাখিলে কেতিয়াও সমাধান নাহে। ক্লান্ত হৈ মাটিত বহি দীঘল দীঘল উশাহ লবলৈ ললো। এটা সময়ত উত্তেজনা আৰু ভয় প্ৰশমিত হল। স্থিৰ হৈ ভাবিবলৈ ধৰিলো। কিমান যে গুৰুতৰ ভূলৰ বাবে মই ইয়াত বন্দী হৈ পৰিছো। ১ম ভূল হল এলিচক বিশ্বাস কৰা। তাইক বন্ধু বুলি ভবা। এটা অশান্ত আত্মাই কেতিয়াও কাৰো বন্ধু হব নোৱাৰে। মই কেতিয়াও এলিচৰ মাতক কাণসাৰ কৰিব নালাগিছিল। তাইৰ ডায়েৰী মতে একাকীত্বই তাইক ক্ষুধা , পিয়াহ , চাবুকৰ কোবতকৈও বেছি কষ্ট দিয়ে। সেইবাবে কি তাই মোক মাৰি তাইৰ দৰে অশৰীৰী কৰি ৰাখিবলৈ খোজে। একমাত্ৰ তাইৰ সংগী ৰুপত। মনত পৰি এবাৰ টিভিত এটা হৰৰ শ্বো ত এজন পেৰানৰ্মেল ইনভেষ্টিগেটৰে কৈছিল যে ভয় হল আত্মাৰ প্ৰধান অস্ত্র। সিহতৰ কোনো আকাৰ আকৃতি, স্থিতি-জড়তা নাই । সেয়ে সিহতে কাকো ডাঙি চেপি হত্যা কৰিব নোৱাৰে। কিন্তু চিকাৰক ভয় দেখুৱাই থাকে যেতিয়ালৈ ভিক্টিমে অতিৰিক্ত ভয়ত হার্ট এটেক্ট হয় বা নিজৰ মানসিক ভাৰসাম্য হেৰাই পেলায় । ভয় নকৰিলে সিহঁতৰ হাতত মৃত্যুৰ আশংকা ৯৯ ভাগ কমি যায়। । মই টিভিত দেখুওৱা এইবোৰ বিশ্বাস নকৰো। কিন্তু পৰিস্থিতি এনেকুৱা হৈছে যে বিশ্বাস নকৰিলে মোৰ উপাই নাই। মনেমনে প্রতিজ্ঞা কৰিলো আজি যদি ইয়াতে মৰিবলৈ লাগে তেতিয়া হলে ভয়হীন ভাবে নিজৰ আত্মসম্মান লৈ মৰিম । এলিচৰ ভয়ত হার্ট ফেইল কৰি মৰিম। চিঞৰি কলো , "এলিচ । তুমি হয়তো মোক মাৰি পেলাব পাৰিবা কিন্তু ভয় দেখুৱাব নোৱাৰিবা।" বন্ধ কোঠাত মোৰ চিঞৰে প্ৰতিধ্বনি সৃষ্টি কৰিলে।

ভয় আতৰ কৰাৰ বাবে মাটিত বহিয়েই গুনগুনাই গান গাবলৈ ধৰিলো। কেতিয়া যে টোপনি আহিল গমেই নাপালো। যেতিয়া চকু মেলিলো দেখিলো চিৰিত ৰদৰ পোহৰ পৰিছে। মোৰ ভয়লগা সেই ৰাতিটো পাৰ হৈ গৈছে। ৱাও। মই বাচি আছো। কিন্তু ৰাতি কিহে মোৰ চেলৰ দৰ্জাখন বন্ধ কৰিছিল। ! ভাবিয়েই উঠি গৈ চেলৰ দৰ্জাখন পৰীক্ষা কৰিলো। আচৰিত। দৰ্জাৰ বাহিৰত লগোৱা আছে এটা প্ৰকাণ্ড তলা। তাৰমানে গোটেই ৰাতি মই থকা এই চেলত কোনোৱা আহি মোক তলা মাৰি গৈছে। কিন্তু কোন। এলিচ নেকি। কিন্তু তেনে নালাগিল। লাইব্ৰেৰীত বহুদিন এলিচে মোক দৰ্জা বন্ধ কৰি বন্দী কৰি ৰাখিছে। কিন্তু তেতিয়াতো তাইক তলাৰ প্ৰয়োজন হোৱা নাই। !কিন্তু এতিয়া তলাৰ প্ৰযোজন কিয়। কথাটো পৰিষ্কাৰ হৈ পৰিছে। এয়া মানুহৰ কাম। ওচৰে পাজৰে মানুহ থাকিব পাৰে বুলি মই কাপোৰবোৰ থিক থাক কৰিব ললো। মনত পৰিল আগদিনা ৰাতি গা ধুই মই টাৱেল এখন পিন্ধি ইয়ালৈ আহিছিলো। কিন্তু সেয়া এতিয়া মই ৰাতিৰ পৰা বিচাৰি পোৱা নাই। তাৰ সলনি চেলৰ এটা কোনত আছে বাদামী ৰঙৰ এক প্ৰস্থ কাপোৰ.। ! অগত্যা সেয়া পিন্ধি ললো গাত। তেতিয়াই মই ভৰিৰ শব্দ শুনিবলৈ পালো। চিৰিৰে নামি মোৰ পিনে আহি আছে। নিজকে প্ৰশ্ন কৰিলো কোন হব পাৰে। কি বিচাৰে মোৰ পৰা। কিন্তু উত্তৰটো মই নাজানো।
কাৰাগাৰ ৰদৰ সিপাৰে বিচিত্র বেশভূষাৰ বহুজন বিশালদেহৰ পুৰুষ আহি উপস্থিত হল। আশ্চর্য কথাটো হল সিহঁতৰ সকলোৰে দেহ বর্মাবৃত, আৰু হাতত দীঘল তৰোৱাল। তাৰ মাজত এজনৰ হাতত তৰোৱালৰ সলনি আছে এডাল চামৰাৰ চাবুক। এই বন্দুকৰ যুগত সিহতৰ এনে অস্ত্র শস্ত্ৰ দেখি মোৰ নিজৰে হাহি ওলাই আহিল। মনে মনত ভাবিলো ইচ, মোৰ ডিজাৰ্ট ঈগলটো (মোৰ লাইচেন্চ থকা পিষ্টল ) এতিয়া যদি মোৰ হাতত থাকিলহেঁতেন আটাইকে এতিয়াই জীৱনৰ শিক্ষা দিলোহেঁতেন। মোক গোটেই ৰাতি ইয়াত বন্দী কৰি ৰখাৰ শিক্ষা এয়াই। কিন্তু ভাগ্যৰ কি নির্মম পৰিহাস । পিস্তলটো মই বেডৰুমত , ড্রেচিং টেবুলৰ ড্রয়াৰত থৈ আহিছো। । সিহত তিনিজনৰ দুজন বাহিৰত থাকিল। চাবুকৱালাটোৱে দৰ্জা খুলি চেলৰ ভিতৰত সোমাই আহিল। সি সোমাই মোক সাৎ... সাৎ.... দুটা কোব দিলে। মোৰ শৰীৰত যেন জুই জ্বলি উঠিছে। কিয় মাৰিছে নাজানো। কিন্তু গোটেই শৰীৰটো জ্বলিছে। মই কষ্টত উঠি পলাবলৈ খুজিলো। মানুহজনে মোক চুলিত ধৰি টানি টানি চেলৰ পৰা বাহিৰ ওপৰলৈ নিবলৈ ধৰিলে। তাৰ তেনে ব্যবহাৰত মই চকুৰে সৰিয়হ ফুল দেখিছো । মানুহৰ প্ৰতি মর্যাদাবোধ বা সৌজন্য সিহঁতৰ মাজত নাই। । চিৰি বগাই যেতিয়া ওপৰলৈ উঠিলো তাতে এদল মানুহৰ কোলাহল শুনিবলৈ পালো। সিহতে মোক চিৰিৰে কটিগৰ চাদলৈ লৈ গল। চাদত গৈ দেখিলো তলত এদল মানুহ জমা হৈছে। মোৰ কটিগটোত ইমান মানুহে কি কৰি আছে। মই যেতিয়া সিহতক চাই থাকিলে চাবুকৱালাটোৱে আহি মোৰ হাত দুখন পিছলৈ বান্ধি দিলে। কি হৈছে এইবোৰ। বিষ্ময় আৰু ভয়ত মোৰ অন্ঠ কন্ঠ শুকাই গল। তৰোৱালধাৰী দুজনে মোৰ কাষলৈ আহি দুয়ো মোৰ কান্ধত জোৰকৈ ধৰি ৰাখিলে যাতে মই লৰচৰ কৰিব নোৱাৰো। ইমান শক্তি সিহতৰ যেন মোৰ হাড ভাঙি গুৰি হৈ যাব।সেই চাবুকৱালাটোৱে এডাল ফাচ লগোৱা গাঠিৰ মোটা ৰচী মোৰ গলত লগাই দিলে। হে ভগবান। মোক কি এতিয়া ফাচী দিব খুজিছে।


তৰোৱালধাৰী দুজনে মোক ঠেলি ঠেলি চাদৰ এটা কোনলৈ লৈ গল। উপস্থিত মানুহবোৰে প্রবল হৰ্ষধ্বনি দি মোৰ আসন্ন মৃত্যুক স্বাগতম জনাইছে ।মই মা ক শেষবাৰ চাবলৈ হৃদয়ত এক প্রবল আকুতিৰ অনুভব কৰিলো। জীবনত কিমান যে দুখ দিছো মাক । মায়ে মোক যি কামত বাধা দিয়ে মই সেয়াই প্ৰথমে কৰো। মাৰ অবাধ্য হোৱাটোৱেই মোৰ এটা থ্রিল আছিল। কিন্তু তাৰ পিছতো মায়ে মোক খং কৰিলেও পিছত আকৌ মোক বিছাৰি সমানেই মৰম কৰি গৈছিল। । মাৰ মৰমলগা চেহেৰাটো মোৰ চকুৰ আগত ভাহি উঠিল। । হঠাৎ অনুভব কৰিলো কোনো এজনে মোক চাদৰ পৰা তলত পেলাই দিছে। কিন্তু একদম মাটিত আচোৰ খাই পৰাৰ সলনি মোৰ গলত থকা ৰচীডালে মোক মাটি চুবলৈ নিদিলে। মই আধাতে দুলি থাকিলো। হে ভগবান ! সিহতে মোক ফাচি দিছে। ! মই মৰিছো !উশাহৰ অভাবত হাওঁফাওঁটো যেন ফাটি যাব। হৃদপিণ্ডটো লাহে লাহে শান্ত হবলৈ ধৰিছে। অনুভব কৰিলো গোটেই শৰীৰটো জিন পৰিবলৈ আৰম্ভ কৰিছে। কষ্টবোৰ লাহে লাহে কম হবলৈ আৰম্ভ কৰিছে। । নিঃসীম কলা আন্ধাৰে মোৰ চকু দুটা চানি ধৰিলে।

(আগলৈ )

চানজিদা চুলতানা
স্বপ্ননীল আকাশ
(ভাবানুবাদ)


Post a Comment

1 Comments

  1. I really love it ....So much mysterious ....And it gave us a good social message about blind believes ....👌👌👌👌💖💖💖💖

    ReplyDelete