header ads

পানীৰ তলৰ আকাশ assamese-story-collection

পানীৰ তলৰ আকাশ assamese-story-collection

- হেমন্ত দাস

: প্ৰত্যেকৰে এটা অতীত থাকে আৰু প্ৰতিটো অতীতৰ এটা কাহিনী আছে ৷ মোৰ আছে , তোমাৰো থাকিব ৷ কিন্তু বিশ্বাস কৰা , তোমাৰ অতীতৰ বিষয়ে জানিবলৈ মই তিলমাত্ৰও আগ্ৰহী নহয় ৷ অতীতক অতীত হিচাপে থাকিব দিয়া ৷ বৰ্তমানৰ আঙুলিত ধৰি ভবিষ্যতৰ সপোন গোথা ৷

: কিন্তু বৰ্তমান বুলি জানো কিবা আছে ! অতীত চিৰ স্বাস্ব্যত আৰু বৰ্তমান এক ভ্ৰম, এক মহাশুন্য নহয় জানো ? তেন্তে মহাশুণ্যৰ আঙুলিত ধৰি ভবিষ্যত নিৰাপত্তাৰ কল্পনা কৰিম কিদৰে ?

: কল্পনাই আমাৰ মনটোক বাস্তৱিক জীৱনৰ সৈতে থকা নিৰাপত্তাহীনতাৰ পৰা আঁতৰাই সপোনটোক ভঙ্গ কৰিব পৰা কোনো বস্তুক অব্যাহতি কৰি এখন মনোৰম নিৰাপত্তা অৱস্থাত প্ৰবেশ কৰায় ৷ সেই বাবেই তুমি কল্পনা কৰিব লাগিব ৷ তুমি যি মহাশুন্যৰ কথা কৈছা সেই মহাশুন্যই বিশ্ব ব্ৰহ্মাণ্ডৰ চিৰন্তন সত্য ৷ এই সত্যক তুমি স্বীকাৰ কৰিবই লাগিব ৷ তোমাৰ নিৰাপত্তা কল্পনাৰ ওপৰত আধাৰিত হোৱাৰ উপৰিও সাধ্য হ’বলৈ আশা কৰাৰ ওপৰত আধাৰিত কৰিব লাগিব ৷

: এনেধৰণৰ ভ্ৰমক সপোনৰ ৰাজ্যত বাস কৰা বুলি কোৱা হয়।

: যদি এয়া সপোন তেন্তে তুমি সেই সপোনৰ হাতত খামুচি ধৰা ৷ বজ্ৰ কঠিন হাতেৰে তাক বাধ্য কৰা তোমাৰ কামনাৰ পথেৰে যাবলৈ ৷ আন্ধাৰৰ কথা নক'বা ৷ যদি কিবা ক'বই বিচাৰিছা পোহৰৰ কথা কোৱা ৷ নীলাভ আকাশৰ কথা কোৱা ৷ চঞ্চল পাহাৰী জুৰিৰ কথা কোৱা, প্ৰাণচঞ্চল সৰশ্ৰোতা নৈৰ কথা কোৱা ৷ আমাৰ কথা কোৱা ৷

: আমাৰ ক'থা ! কি ক'মনো আমাৰ কথা?

: এই ধৰা , এই সময়ত মোৰ সুন্দৰ গীত এটি শুনিবলৈ মন গৈছে ৷ তুমি কি গীত ভাল পোৱা ? - কথাখিনি কৈয়ে সমীৰে গাড়ীখন হাইৱেৰ পৰা সোঁ- পিনে উপপথ এটাৰে নমাই দিলে ৷ এই পথটো প্ৰজ্ঞাৰ অতিকৈ চিনাকী ৷ বহুবাৰ আহিছে তাই এই পথটোৰে ৷ এই পথৰ গন্তব্য স্হান আৰু তাৰ উদ্দেশ্য ভাল দৰেই বুজি পায় প্ৰজ্ঞাই ৷ এই পথৰ অশ্লীল বতাহ আৰু প্ৰতিটো নিৰ্লজ্জ ধুলিকণাৰ লগত সন্নিহিত হৈ আছে তাইৰ জীৱনৰ এটা কৰুণ অধ্যায় ৷ বহুদিনৰ পিছত সেই চিনাকী বতাহ জাকৰ সংস্পৰ্শত অস্হিৰ হৈ উঠিল তাই ৷ কিয় আনিলে সমীৰে এই পথটোত ! তাৰ নিচিনা সুব্যক্তিত্ব সম্পন্ন যুৱকৰ কি কাম এই পথত ? তাই সমীৰক সুধিব খোজিও সুধিব নোৱাৰিলে ক'লৈ আগবাঢ়িছে সিহঁত ৷ মাথো বুকুত এক মৃদু কঁপনি লৈ তাই নিৰবে বহি ৰ'ল ৷ গড়চুক চাৰিআলিৰ পৰা সোঁ পিনে ঘুৰি পথাৰৰ মাজে মাজে সৰলৰেখা আকৃতিৰ পথটোৰে কিছুদুৰ গৈ গাড়ীখন ৰ'ল ৷ সমীৰে গাড়ীৰ পৰা নামি গাড়ীৰ দুৱাৰখন খুলি তাইকো নামিবলৈ সহায় কৰি দিলে ৷ তাৰ পিছত ঘাই পথটোৰ বাওঁপিনে থকা এটা সৰু উপপথেৰে সি খোজ ল'লে ৷ প্ৰজ্ঞাই নিৰৱে তাক অনুসৰণ কৰিলে ৷ পাঁচমিনিট মান যোৱাৰ পিছতে এক মনোমোহা প্ৰাকৃতিক পৰিবেশৰ মাজত এটা মন্দিৰ দেখি তাই আচৰিত হ'ল ৷ পাম'হি মন্দিৰ ৷ সম্পুৰ্ণ প্ৰকৃতিৰ মাজৰ মন্দিৰটোৰ গাত মধ্যযুগীয়া কাৰুকাৰ্যই যেন সোণত সোৱগা চৰাইছিল ৷ এই ঠাইত ইমান অনুপম মন্দিৰ দেখি তাই হতবাক হ'ল ৷ প্ৰতীকৰ লগত মটৰচাইকেলেৰে বহুবাৰ তাই এই পথেৰে আহিছে ৷ কিন্তু এবাৰলৈকো তাইৰ বা প্ৰতীকৰ চকু এই প্ৰাকৃতিক শোভাৰে পুষ্ট মন্দিৰটোত নপৰিল কিয় ? প্ৰতিবাৰেই এই মন্দিৰটোক আওঁকাণ কৰি দুয়ো হয়তো মটৰচাইকেল চলাই সোঁ সোৱাই সমুখেৰে পৰা হয় গ'ল ৷ ভগবানে হয়তো তাৰে বাবেই এই শাস্তি দিলে তাইক ৷

: হেই … কি ভাবিছা ইমানকৈ ? - সমীৰৰ মিঠা মাতত তাইৰ তন্ময়তা ভাগিল ৷ সি তাইৰ হাতত ধৰি আলফুলে তাইক মুল বিগ্ৰহৰ ওচৰলৈ লৈ গ'ল ৷ " এতিয়া ভগবানক প্ৰাৰ্থনা কৰা যাতে মোৰ প্ৰজ্ঞাক অতীতৰ পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বৰ্তমানলৈ ঘুৰাই আনে " - সি নিজেই তাইৰ চাঁদৰৰ আচলটোৰে প্ৰঞ্জাৰ মুৰটো ঢাকি দি ক'লে ৷ তাইৰ লাজ লাগিল ৷ লাজত ৰঙা চিঙা পৰা গাল খনেৰে তাই সমীৰৰ কাষত বহি সেৱা ল'লে ৷ ভগবানক প্ৰাৰ্থনা জনালে সমীৰ যেন সদায় কুশলে থাকে ৷ কুশলে থাকে সিহঁতৰ প্ৰেম ৷ সেই সময়ত তাইৰ মনটো অজান আৱেগেৰে ভৰি পৰিল ৷ কি হ'ব তাইৰ ? যিদিনা সমীৰে তাইৰ কলংকিত অতীতৰ কথা জানিব সিদিনাও সি আজিৰ সমানেই ভাল পাব পাৰিব নে তাইক ? নে প্ৰচণ্ড ঘৃণাত তিৰস্কাৰ কৰিব সি ! দুধাৰি চকুলো তাইৰ দচকুৰে নিগৰি আহিল ৷ সমীৰে তাইক সাহসী - যুঁজাৰু হ'বলৈ শিকাইছে ৷ তাক লগ পোৱাৰ পিছৰে পৰা তাই পাহৰি পেলাব পাৰিছে যে অসীমত তাইৰো এটা বিধ্বস্ত সংগীহীন জীৱন আছিল । সমীৰে তাইৰ চকুপানী বেয়া পায় ৷ তাই বৈ অহা চকুপানী খিনি সমীৰে নেদেখাকৈ মচি লৈ মন্দিৰৰ বাহিৰলৈ ওলায় আহিল ৷

: ভগবানক কি খোজিলা ? - সমীৰে পিছপিনৰ পৰা মাত লগালে ৷

: কি খুজিম ! একো খোজা নাই ৷ - প্ৰজ্ঞাই ক'লে ৷

: " ইচ ইচ! আজি ভাল চাঞ্চ এটা মিছ কৰি দিলা তুমি ৷ " - সমীৰে ক'লে ৷

প্ৰজ্ঞাই আচৰিত হৈ তালৈ চালে ৷ " এই মন্দিৰটোৰ বাহিৰৰ এইখিনি ঠাইত থিয় হৈ সৌ বাটটোলৈ চালে অসংখ্য মানুহ সোঁ সোৱাই পাৰ হৈ গৈ থকা দেখিবা ৷ ইয়ালৈ কাচিৎতহে তাৰ মাজৰ কোনোবা এজন আহে ৷ গতিকে ভীৰ একেবাৰেই নহয় ৷ গতিকে যিজনেই ইয়ালৈ আহি ভক্তিভাৱে প্ৰাৰ্থনা কৰে ভগবানে তেওঁৰ প্ৰাৰ্থনা শুনিবলৈ যথেষ্ট সময় পায় ৷ সেয়েহে ইয়ালৈ অহা সকলো মানুহৰে মনোকামনা পুৰ্ণ হয় ৷ যি বিচাৰে তাকেই পায় ৷ যিটো সুযোগ তুমি কেইমুহুৰ্তমান আগতে হেৰুৱাই পেলালা ৷ " গোটেই কথাখিনি সমীৰে এনেদৰে নাটকীয় ভাৱে উপস্হাপণ কৰিলে যে প্ৰজ্ঞাই নাহাঁহি নোৱাৰিলে ৷ তাই হাঁহি হাঁহিয়েই তাক প্ৰশ্ন কৰিলে , " তুমিনো কি পালা? " তাইৰ কথা শুনি সমীৰ হঠাৎ গহীন হৈ পৰিল ৷ সি তাইৰ দুয়ো বাহুত ধৰি তাইৰ সমুখত থিয় হ'ল ৷ তাৰ পিছত তাইৰ চকুত চকু থৈ গম্ভীৰ ভাৱে ক'লে , " তোমাক পালো ৷ " প্ৰজ্ঞাই লাজত তলমুৰ কৰিলে ৷

মন্দিৰৰ চৌহদত কিছুপৰ তহল দি দুয়ো পুনৰ গাড়ীত উঠিল ৷ কিছুপৰ আগবঢ়াৰ পিছত সমীৰে পুনৰ গাড়ীখন ঘাইপথৰ উত্তৰ দিশৰ উপপথ এটাৰে সোমায় দিলে ৷ এই পথেৰে কিছুদুৰ গৈ কেঁকুৰি এটা ঘুৰিলেই পামহি পাহাৰৰ দিশে যোৱা পথটো পোৱা যায় ৷সমীৰে গাড়ীখন সেই পথটোৰে সোমোৱাই দি পাহাৰৰ টিলা এটাৰ কাষত গাড়ীখন ৰখালে ৷ এই টিলাটোৰ উত্তৰ - পশ্চিম দিশত আছে পাম'হি ধাবা ৷ ধাবাৰ মুল ঘৰটো টিলাৰ তলৰ অংশৰ সমতল ভুমিত যদিও টিলাটোৰ অ'ত ত'ত হাবিৰ মাজে মাজে কিছুমান সৰু সৰু কুটিৰ সজা আছে ৷ কুটিৰ বোৰৰ পৰা কিছু আগলৈ টিলাটোৰ দক্ষিণ- পশ্চিম দিশত হুৰহুৰাই এটি জুৰি বৈ গৈছে ৷ কুটিৰবোৰৰ পৰা জুৰিটোৰ কলকলনি অবিৰাম শুনিবলৈ পোৱা যায় ৷ এই কুটীৰবোৰলৈকে গুৱাহাটী মহানগৰীৰ পৰা প্ৰেমিক যুগল আহে ৷ প্ৰেম ভালপোৱাৰ নামত অশ্লীলতাৰ খেল খেলে ৷ কোনোৱে যৌৱনৰ মধু পান কৰে, কোনোৱে টিলাটোৰ সোৱৰণী স্বৰুপ অবৈধ মাতৃত্বৰ বোজা কঢ়িয়াই গোটেই জীৱন চকুপানী টোকে ৷ প্ৰঞ্জায়ো বুকুৰ কুহৰৰ কোনো অংশত কঢ়িয়াই লৈ ফুৰিছে এই ধাবাৰ এক সোৱৰণী, বিষাদৰ তীব্ৰ খোছ ৷ কি আছিল তাই! কি হৈ গ'ল ৷ জীৱনে কি যে খেল খেলিলে তাইৰ লগত! কিমান বয়স আছিল বাৰু তেতিয়া তাইৰ! ষোল্ল নে সোঁতৰ ? যৌৱনৰ উদ্দীপ্ত বহ্নিমান শিখাক ভালকৈ বুজি উঠাৰ আগতেই ফাগুণৰ পছোৱা হৈ তাইৰ ষোড়ষী বুকুলৈ বসন্ত নমাইছিল প্ৰতীক নামৰ সেই ল'ৰাজনে ৷ শান্ত সৌম্য স্বভাৱ আৰু সুন্দৰ দেহ বল্লবৰ তজবজীয়া যুৱক প্ৰতীকৰ প্ৰতি তাই অনুভৱ কৰিছিল তীব্ৰ আকৰ্ষণ ৷ সেই আকৰ্ষণৰ বাবেই পোনছাতেই তাৰ প্ৰেমৰ প্ৰস্তাৱ মানি লৈছিল তাই ৷ সদ্য যৌৱন স্নাতা দুখন হৃদয়ে দেহ মনৰ তীব্ৰ তাড়নাত উটি ভাহি ফুৰিছিল ৷ সুযোগ পালেই প্ৰতীকে তাইৰ শৰীৰত বগোৱা বাইছিল ৷ তাৰ কঠিন হাতৰ তীব্ৰ স্পৰ্শত তাইৰ কোমল নাৰীসুলভ অংগত বহুৱাৰ ৰঙা চিন পৰি ৰৈছিল ৷ গা ধোওতে যেতিয়া পানীৰ স্পৰ্শত সেই স্হানবোৰত চেকচেকনি উঠিছিল তেতিয়া তাইৰ ভীষণ খং উঠিছিল প্ৰতীকলৈ ৷ এই ল'ৰাটোৱে তাইৰ কোমল অংগবোৰক সন্মান দিব নাজানে ৷ তাই সংকল্প লৈছিল ভবিষ্যতে প্ৰতীকৰ হাতত নিজকে সপি নিদিয়ে ৷ সেই ভবিষ্যত কেতিয়াও অহা নাছিল… ৷ বসন্তৰ শেষত কাল ধুমুহাৰ সৈতে গ্ৰীষ্ম ঋতু অহাৰ নিচিনাকৈ তাইৰ জীৱনলৈকো নামি আহিছিল কাল অমানিশা… ৷ টিলাটোৰ কাষেৰে পাৰ হৈ যাওঁতে ভিতৰৰ পৰা মৃদু হাঁহিভৰা কণ্ঠ আৰু মজিয়াত কঠিন বস্তুৰ কৰ্কশ ঘৰ্ষণৰ শব্দত প্ৰজ্ঞাৰ চিন্তাত যটি পৰিল ৷ ৷ তাই বহুবাৰ আহিছে এই কুটিৰবোৰলৈ ৷ তাই ভালদৰেই বুজি পায় এই শব্দৰ উৎস ৷ বুজি পায় এই কুটীৰৰ চাৰিবেৰত আবদ্ধ হাঁহিবোৰৰ আঁৰৰ কুটিলতা ৷ কোনোবাই হয়তো ঠিকেই লিখিছিল জীৱন এক ৰংগমঞ্চ ৷ এই কুটীৰবোৰতেই অভিনয়ৰ আখৰা চলে ৷ প্ৰতীকহঁতৰ দৰে ল'ৰাবোৰে ভাল পোৱাৰ নিখুত অভিনয় কৰে এই কুটীৰবোৰত ৷ আৰু প্ৰজ্ঞাৰ নিচিনা ছোৱালেবোৰে সেই অভিনয়ত মোহাচ্ছন্ন হৈ জীৱনৰ চন্দ হেৰুৱাই কৰ্ফাল খায় বাগৰি পৰে ৷ প্ৰজ্ঞাই এতিয়া কথাবোৰ বুজি পায় ৷ বুজি পায় প্ৰেম আৰু কামনাৰ পাৰ্থক্য ৷ বুজি পায় এই অবোধ প্ৰেমৰ মায়াত কিদৰে ধৰ্ষিত হয় হৃদয়, উলংগ হয় আধুনিকতা ৷ তাইৰ বেদনাশিক্ত কলিজাৰ বিষাদ গহ্বৰৰ পৰা নিগৰি নিগৰি দুধাৰী নিদাৰুন লোটক ওলায় আহিল , যাক প্রতিহত কৰাৰ ক্ষমতা তাইৰ নাছিল । প্ৰতীক নামৰ এক যুৱকে তাইৰ সেই ক্ষমতা কাঢ়ি নি কেতিয়াবাই পংগু কৰি পেলাইছে তাইৰ বুকুৰ গহ্বৰ ৷ খুলি খুলি খায় শেষ কৰিছে তাইৰ দেহ, মন, যৌৱন ৷ বিনিময়ত কি পালে তাই? প্ৰতাৰণা ৷ কি ভুল কৰিছিল তাই? হিয়া উজাৰি ভালপোৱা আপোনজনক সমস্ত সপি দিয়াতো? নে ঘৰৰ অমতত গৈ তাৰ নামৰ সিন্দুৰ সেওতাত আঁকি ঘৰ এৰি গুছি অহাতো ! হঠাতেই কিয় দুখবোৰে আহি নিলাজী বনৰ দৰে শিপালে বুকুত ! জয় পেলাই গ’ল তাইৰ সমস্ত আশা ভৰষাবোৰ । দুই নয়নেৰে বাগৰি অহা লোটক বোৰে জীৱনৰ আধালিখা দস্তাবেজৰ ওপৰত গোট মাৰিলে বৰফ আকাৰে …… ।

"ছাৰ জ্যুচ … ৷" - বেহেৰা জনৰ মাতত তাইৰ তন্দ্ৰা ভাঙিল ৷ সোৱৰণীৰ মেৰপেচবোৰৰ মাজতে সমীৰক অনুসৰণ কৰি আহি তাই কেতিয়া জুৰিটিৰ পাৰত বহিল গমকে নাপালে ৷ বেহেৰা জনৰ হাতৰ পৰা জ্যুচৰ গিলাচ দুটা লৈ সমীৰে এটা প্ৰজ্ঞালৈ আগবঢ়ায় দিলে ৷ " এপ'ল জ্যুচ ৷ এ গ্লাছ অফ চীডলেচ এপল জ্যুচ এভ্ৰিডে কিপছ ডি ডক্তৰ এৱে, এণ্ড এ গ্লাছ অফ এপল জ্যুচ উইথ চিডচছ、 কিপছ ডি টেনচন এৱে ৷ " - তাইক সচৰাচৰ কোৱাৰ নিচিনাকৈ কথাখিনি কৈ সমীৰে গোটগোটাই জ্যুচ খিনি পি খালে ৷ এপল জ্যুচৰ উপকাৰ প্ৰজ্ঞাইও ভালকৈ বুজা হৈছে ৷ সেয়েহে আজিকালি প্ৰতিদিনে তাই প্ৰতীকক ৰাতিপুৱাই এগিলাছকৈ এপল জ্যুচ দিয়ে ৷ সি খাব নিবিচাৰে যদিও তাই মৰমেৰে খুৱাই দিয়ে ৷ জীৱনৰ ৰং হেৰুৱা ছোৱালীজনীৰ জীৱনৰ একমাত্ৰ ভৰসা এই এপ'ল জ্যুচ ৷ তাই আহোতে প্ৰতীক বিচনাৰ পৰা উঠাই নাছিল ৷ বহু জোৰ কৰিও যেতিয়া তাক উঠাব নোৱাৰিলে জ্যুচৰ গিলাচটো বিছনাৰ ওচৰতে মেজত থৈ আহিছে তাই ৷ সি বা খাইছে নে নাই ! ভাবৰ বুৰবুৰণিৰ মাজতে প্ৰজ্ঞাৱেও গিলাছটো খালী কৰিলত বেহেৰাজন আঁতৰি গ'ল ৷

দশম শ্ৰেণীত পঢ়ি থাকোতেই প্ৰতীকৰ দ্বাৰা চুড়ান্তভাৱে প্ৰতাৰিত হৈছিল তাই । সিহঁতৰ প্ৰেমত প্ৰচণ্ড বাধা হৈ ঠিয় দিছিল প্ৰজ্ঞাৰ ঘৰখন ৷ কিন্তু সেই বাধাই তাইক তলাব পৰা নাছিল ৷ তাই ভাবিছিল প্ৰেমত যদি বাধাই নাথাকে তেন্তে সেই প্ৰেম কাহিনী হ'ব কিদৰে ৷ আৰু এদিন তাই ঘৰৰ অমতত প্ৰতীকৰ সৈতে গুছি আহিছিল ৷ চহৰত সৰু ৰুম এটা ভাড়া কৰি দুয়ো একেলগে থাকিবলৈ লৈছিল ৷ ফলত তাইৰ দেহত থিতাপি লৈছিল এটা নিষ্পাপ ভ্ৰণ ৷ প্ৰজ্ঞা এদিন মা হবলৈ ওলাইছিল। বহুবাৰ কব খোজিও কথাবোৰ প্ৰতীকক কব পৰা নাছিল তাই ৷ কি বুলিনো কব ৷তাৰ ওপৰত ইতিমধ্যে সম্পুৰ্ণৰুপে বিশ্বাস হেৰাই পেলাইছিল তাই ৷বিশ্বাস এক সাংঘাটিক বস্তু ৷ ইয়েই মানুহৰ য'ত যন্ত্ৰণাৰ মুল ৷ পৃথিৱীৰ য'ত দুখ যাতনা , যুদ্ধ বিগ্ৰহ বা আতংকবাদ সকলোৰে ভেটি এই বিশ্বাস ৷ এই সংঘাতবোৰ যদিওবা প্ৰথম দৃষ্টিত ভাল আৰু বেয়াৰ মাজৰ সংঘাত যেন লাগে কিন্তু সুক্ষ্ম ভাৱে চালে বুজিব পাৰি এই সংঘাত ভাল আৰু বেয়া বা এখন দেশৰ লগত অইন এখন দেশৰ সংঘাত নহয়, বৰঞ্চ এটা বিশ্বাসৰ লগত অইন এটা বিশ্বাসৰহে এই সংঘাত ৷ এই বিশ্বাসৰেই সংঘাত ঘটিছিল প্ৰজ্ঞা আৰু প্ৰতীকৰ মাজত ৷ যিদিনা তাই গম পাইছিল প্ৰতীক নামৰ সেই ল'ৰাজন, যাৰ প্ৰেমৰ তাড়নাত তাই সৰ্বস্ব ত্যাগ কৰিছিল সেই প্ৰতীক ইতিমধ্যে বিবাহিত ৷ তাৰ ঘৰত আছে এজনী সুন্দৰী পত্নী আৰু এটি কণমানি কন্যাসন্তান ৷ সি ধৰা পৰাৰ পিছৰে পৰা নিৰ্লজ্জ ভাৱে ৰুপ সলাইছিল ৷ নিশা মদ খায় প্ৰায়ে তাইক মাৰপিট কৰিছিল ৷ আনকি তাইৰ চৰিত্ৰত ধৰি গালি গালাজ কৰিবলৈকো সি কুণ্ঠাবোধ কৰা নাছিল ৷ যেতিয়াই তাই সি তাইক কৰা প্ৰবঞ্চনাৰ কথা কয় সি মনে সজা কথাৰে তাইৰ চৰিত্ৰ হননৰ চেষ্টা চলায় ৷ মুঠৰ ওপৰত ভীষণ অশান্তিময় হৈ পৰিছিল সিহঁতৰ সংসাৰ ৷ পেটত তিনিমহীয়া ভ্ৰণ লৈ অসহায় হৈ পৰিছিল প্ৰজ্ঞা ৷ কাক ক'ব, ক'লৈ যাব ৷ ঘৰলৈ উভতি গ'লে তাইক জানো খুদাই এৰিব! সমাজেওতো তাইকে লেই লেই চেই চেই কৰিব ৷ ভয়ত, লাজত নিস্তব্ধ হৈ পৰিছিল তাই ৷ মুখৰ মাত যেন হেৰাই গৈছিল ৷ এই কথা যিদিনা প্ৰতীকে গম পালে, নদৰ নিচাত মাতাল হৈ প্ৰজ্ঞাক নানান দু-ব্যৱহাৰ কৰিলে। আনকি তাইৰ চৰিত্ৰক লৈও কটু কথা শুনালে ৷ সি তাইক স্পষ্টভাৱে কৈ দিলে যে এই সন্তানৰ পিতৃ সি নহয় ৷ কি প্ৰমাণ আছে যে তাইৰ পেটৰ সন্তানটি প্ৰতীকৰে ৷ কি ঠিক, তাই কিজানি গুপনে অন্য কোনো প্ৰেমিকৰ লগত সম্বন্ধ ৰাখিছিল ৷ ছোৱালীবোৰক বিশ্বাস কৰিব নোৱাৰি নহয়। এবৰচন কৰাৰ সিদ্ধান্ত হৈছিল ৷ ইতিমধ্যে তাইৰ বহু পলম হৈ গৈছিল। অসহায় অৱস্থাৰে সেইদিনা ৰাতিলৈ প্ৰজ্ঞাই ভাৰাঘৰৰ কোঠাতে আত্মহত্যাৰ অপচেষ্টা চলালে। হাতৰপৰা প্ৰচুৰ ৰক্তক্ষৰণ হৈ অচেতন অৱস্থাত পৰি থকাৰপৰা প্ৰতীকে উদ্ধাৰ কৰি শেষৰাতি তাইক হাস্পতালত ভৰ্তি কৰাইছিল। মুহৰ্ত্তৰ ভিতৰতে তাইক তেজৰ প্ৰয়োজন হ’ল। হাতত সময়ৰ নাটনী। ইপিনে তাইৰ তেজৰ গ্ৰুপটো ৰেয়াৰ ৷ চিকিৎসক বন্ধু এজনৰ অনুৰোধত সমীৰে আগবাঢ়ি আহি তাইক ৰক্তদান কৰিলেহি ৷ তাই জীয়াই থাকিব বুলি কোনেও আশা কৰা নাছিল । কিন্তু শেষ মুহুৰ্তত তাই জীৱনৰ হাত খামুচি ধৰিছিল ৷ ভাগ্য ভাল আছিল বাবেই হয়তো তাই বাচি গৈছিল। সম্পূৰ্ণ তিনি সপ্তাহৰ চিকিৎসাৰ অন্তত সুস্হ হৈ এদিন প্ৰজ্ঞাই সুধিছিল সমীৰক 'আপুনি মোক কিয় বচালে? ?' কণমানি ছোৱালিজনীৰ জীৱনৰ প্ৰতি নিস্পৃহা দেখি সিদিনা সমীৰে তাইৰ চকুলৈ অবাক হৈ চাইছিল ৷ সেয়াই চিনাকী ৷ পানীয়ে যেনেকৈ এজোপা মৰহি যোৱা গছক সজীৱ কৰি তুলিব পাৰে, তেনেকৈ শান্ত বা মধুৰ ব্যক্তিত্বৰ সানিধ্যই কাৰোবাক জীয়াই থাকিবল প্ৰেৰণা যোগাব পাৰে। সেয়াই ঘটিছিল প্ৰজ্ঞাৰ লগত ৷ সমীৰৰ শান্ত সমাহিত চৰিত্ৰত বিলীন হৈ এদিন তাই আৱিস্কাৰ কৰিছিল যে জীৱনটো তাই ভবাতকৈ বহু বেছি সুন্দৰ ৷ পুনৰ জীৱনৰ প্ৰেমত পৰিছিল প্ৰজ্ঞা ৷ কিন্তু ঠিক সেই মুহুৰ্ততে প্ৰতীক পুনৰ উভতি আহিছিল তাইৰ জীৱনলৈ ৷ পুৰণি ভুলৰ বাৱে ক্ষমা বিচাৰি কাবৌ কৰিছিল তাইক ৷ পুনৰ এটা সুযোগ বিচাৰিছিল তাইৰ পৰা ৷ প্ৰথম প্ৰেমৰ দুৰ্বাৰ জোৱাৰক দমাব নোৱাৰি প্ৰজ্ঞাই পুনৰ তাক আঁকোৱালি লৈছিল সকলো পাহৰি ৷ কিন্তু কিছুদিন পিছতেই সি পুনৰ ৰং সলাইছিল ৷ নিশা মদ খায় অশ্ৰাব্য গালি গালাজৰ লগতে পুনৰ তাইক মাৰপিট আৰম্ভ কৰিছিল ৷ আকৌ এবাৰ প্ৰতাৰিত হৈছিল প্ৰজ্ঞা ৷ এৰিব খোজিও এৰিব পৰা নাছিল প্ৰতীক নামৰ সেই মানুহজনক ৷ কাৰণ সিহঁতৰ একান্ত ব্যক্তিগত মুহুৰ্তৰ গোপন ৰেকৰ্ডিং আছিল তাৰ হাতত ৷ তাক এৰিলেই চচিয়েল মিডিয়াৰ জৰিয়তে তাইক বদনাম কৰি পেলোৱাৰ ভয় দেখুৱাইছিল সি ৷ প্ৰজ্ঞা যেন প্ৰতীক নামৰ পিশাচটোৰ হাঁতোৰাত বন্দী হৈ পৰিছিল ৷ যিকোনো মুল্যত তাই মুক্তি পাব বিচাৰিছিল সেই হাতোৰাৰ কৰাল গ্ৰাসৰ পৰা ৷ তাৰ বাবেই তাই কাষ চাপিছিল সমীৰৰ … ৷ চেলফ'নটোৰ তীব্ৰ জোকাৰণিত তাইৰ চিন্তাত যটি পৰিল ৷ ফোন ক'লটো ৰিচিভ কৰাৰ লগে লগে এটা চিনাকী কণ্ঠই উত্তেজিত ভাৱে তাইক কিবা কিবি ক'লে ৷ লগে লগে তাইৰ চকুৱে মুখে এক আনন্দৰ আভা প্ৰস্ফোটিত হ'ল ৷ সমীৰে তাইলৈ কৌতুহ'লেৰে চালে ৷ সি কিবা সোধাৰ আগতেই তাই ঠিয় হৈ ক'লে, "আমি হস্পিতাল যাব লাগিব এতিয়াই ৷ কোনো অজ্ঞাত কাৰণত প্ৰতীকৰ চিভিয়াৰ পেৰালাইছিছ এট্যাক হৈছে ৷ হাত মুখ বেকা হৈ পৰিছে হেনো ৷ মুখৰ মাতো সম্পুৰ্ণ বন্ধ হৈ পৰিছে ৷ তাৰ পিছত দুয়ো খৰখেদাকৈ আহি গাড়ীত বহিল ৷ গাড়ী ষ্টাৰ্ট দি প্ৰতীকে মনত পেলালে যে প্ৰতিটো আপেলৰ বীজতে শুন্য দশমিক ছয় গ্ৰাম চায়নায়েড থাকে ৷ শৰীৰত মাথো এক বা দুই গ্ৰাম চায়নায়াডৰ মাত্ৰা সোমাৱাই দিব পাৰিলে ই মানুহক অতি সহজে পেৰালাছিছ কৰিব পাৰে বুলি সিয়েটো বাৰে বাৰে আওপটীয়াকৈ প্ৰজ্ঞাক বুজায় আহিছে ৷ সি এক্সেলেটৰত লাহেকৈ হেঁচা মাৰি প্ৰজ্ঞালৈ চালে ৷ তাই তেনেই সাম্য সমাহিত ভাৱে বহি আছে ৷ তাৰ ওঠৰ মাজেৰে ম়ৃদু হাঁহি এটা নিগৰি আহিল ৷

তীব্ৰ বেগত উভতি যোৱা গাড়ীখনৰ খিৰিকীৰ গ্লাছখন নমায় প্ৰজ্ঞাই মুৰটো বাহিৰলৈ ওলিয়াই দিলে ৷ চেঁচা বতাহ এজাকে তাইৰ গালে মুখে মেৰুৱাই ধৰিলে ৷ তাই নিজকে বতাহ জাকৰ আলিংগণত মেলি দি মুক্ত বিহংগ যেন অনুভৱ কৰিলে ৷ কেইমুহুৰ্ত মানৰ পিছত তাই পুনৰ গ্লাছ খন জপাই দি সমীৰলৈ চালে ৷ যি একান্ত ভাৱে সমুখৰ পথটোলৈ চায় গৈছে ৷ এই ল'ৰাজন নহ'লে তাই কোনোদিনেই প্ৰতীক নামৰ পিশাচটোৰ হাঁতোৰাৰ পৰা মুক্ত হ'ব নোৱাৰিলে হেঁতেন ৷ আপেলৰ নিচিনা সাধাৰণ ফলৰ বীজ জ্যুচত মিহলি কৰি কাৰোবাৰ ওপৰত প্ৰতিশোধ ল'ব পাৰি বুলি কেনেকৈ জানিলেহেতেন তাই ! সমীৰে তাইক কি ডাঙৰ উপকাৰ কৰিলে সি নিজেই কাহানিও গমকেই নাপাব ৷

: সমীৰ ৷ - প্ৰজ্ঞাই লাহেকৈ মাতিলে ৷

: হুম ৷ - সমীৰে সমুখৰ পথটোত চকু নিবব্ধ ৰাখি সঁহাৰি দিলে ৷

: 'থেংকচ এ লট সমীৰ ৷ এইবাৰ সমীৰে আচৰিত হৈ তাইলৈ চালে ৷

(সমাপ্ত)

Post a Comment

0 Comments