header ads

অৰ্ণৱ আস্থা জে চি বি arnab astha jcb full story

অৰ্ণৱ আস্থা জে চি বি arnab astha jcb full story

(ৰগৰ গল্প )

আজি বহুদিনৰ পিছত আস্থাই ফেইচবুকত লগ ইন কৰিছে ৷ উচ্চমাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ বাবে যোৱা তিনিমাহ তাই চ'চিয়েল মিডিয়াৰ পৰা সম্পুৰ্ণৰুপে আঁতৰি আছে ৷ আজি ফেইচবুক প্ৰ'ফাইলটো খুলিয়ে তাই আচৰিত হৈ গ'ল ৷ যিজনী ছোৱালীলৈ মাহেকে পষেকে এটা বা দুটা বন্ধুত্বৰ প্ৰস্তাৱ আহে , সেইজনীলৈ আজি ধুমুহা গতিৰে প্ৰায় সোতৰ শ বন্ধুত্বৰ প্ৰস্তাৱ ৷ তাই বন্ধুত্ব প্ৰাৰ্থীবোৰৰ নামবোৰ দেখিহে হতভম্ব হৈ পৰিল ৷ সকলোৰে নাম একেটাই ৷ অৰ্ণৱ ৷ উপাধিবোৰহে বেলেগ ৷ প্ৰায়ভাগৰ উপাধিবোৰৰো মিল আছে ৷ ঘটনা কি? এই কেইটা দিনত আৰু কিবা ভাইৰেল হ'ল নেকি ফেইচবুকত? প্ৰায় দুদিনৰ মুৰে মুৰে কিবা নহয় কিবা এটা টো ভাইৰেল হৈয়ে থাকে ৷ আস্থাই কোনোদিনেই সেইবোৰত মুৰ নঘমাই ৷ কিন্তু আজি যেন তাই নিজৰ মনটোক দমাব পৰা নাই ৷ ইমানবোৰ বন্ধুত্বৰ প্ৰস্তাৱ! নিশ্চয় কিবা এটা ঘটিছে ৷ তাই চাৰ্চ ইউণ্ড'ত গৈ টাইপ কৰিলে হেচ টেগ অৰ্ণৱ ৷ অৰ্ণৱ নামৰ দুটা মান প্ৰ'ফাইলৰ বাদে বিশেষ একো ফেইচবুকে নেদেখুৱালে ৷ একো বিচাৰি নাপালেও ফেইচবুকৰ গতিবিধিৰ লগত অভ্যস্ত আস্থাই ভালকৈ বুজি পালে যে একেনামৰ গোটেইবোৰ ডেকা কিবা নহয় কিবা ভাইৰেল ৰোগত আক্ৰান্ত ৷ গতিকে তাই সকলোবোৰ প্ৰস্তাৱত এপিনৰ পৰা ইগন'ৰ মাৰি গৈ থাকিল ৷ হঠাৎ এজনী ছোৱালীৰ নাম দেখি আস্থা ৰৈ গ'ল ৷ ঋতুপৰ্ণা ডেকা ৷ কোনো প্ৰ'ফাইল ফটো নাই তাইৰ ৷ তথাপি ছোৱালী নাম দেখি বিশেষ একো নোচোৱাকৈ আস্থাই বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰি থ'লে ৷

সন্ধিয়া ন মান বজাত মেছেঞ্জাৰত ঋতুপৰ্ণাৰ এটা মেচেজ আহিল , ' হাই… ' ৷ উত্তৰ দিবলৈ বিশেষ মন নোযোৱাত আস্থাই চিন কৰি কোনো উত্তৰ নিদিয়াকৈ থৈ দিলে ৷ 'ইউ ৱনা কিল ম্যি… ড্যেম ইট' কেইমুহুৰ্তমান পিছতে ঋতুপৰ্ণাৰ পুনৰ মেচেজ আহিল ৷ এইবাৰ আস্থা সচকিত হৈ উঠিল ৷ এই ছোৱালীজনীয়ে কয় কি? তাই তৎক্ষণাত তাইৰ প্ৰ'ফাইল চেক কৰিলে ৷ ঋতুপৰ্ণা ডেকা ৷ পাণ্ডু কলেজ ৷ বি এছ ছি দ্বিতীয় ষাণ্মাষিক ৷ মেল ৷ তাইৰ দুইওঠ নিগৰি হাঁহি এটি ওলায় আহিল ৷ তাই যাক ঋতুপৰ্ণা বুলি ভাবিছিল সেইজনী আচলতে ঋতুপৰ্ণহে ৷ ছোৱালী নহয় ল'ৰা সি ৷

টিং… টিং … আৰু এটা মেচেজ ঋতুপৰ্ণৰ ৷ "ইউ ৰিয়েলী ৱানা কিল মি? "
এইজনে কি কৈ আছে একো ওৱাদিহ নাপায় " কোন হয় " বুলি তাইয়ো মেচেজ দিলে ৷

লগে লগে উফাইদাং মাৰা কথাৰে কেইটামান মেছেজ বৰষুণ পৰা দি পৰিল ৷ আস্থায়ো ল'ৰাজন কোন জানিবলৈ বুলি দুই এটা প্ৰশ্নৰ উত্তৰ দি গ'ল ৷ এনেদৰে প্ৰায় তিনিঘণ্টা ধৰি কথা বতৰা চলি থাকিল ৷ আস্থাই যদি কিবা প্ৰসংগত কিবা এটা সোধে ল'ৰাজনে অপ্ৰাসংগিক ভাৱে পাঁচটা উত্তৰ দিয়ে ৷ তাতোকৈ ডাঙৰ কথা কোনো কাৰণ নোহোৱাকৈ সি খং কৰে ৷

: ইউ ৰিড ইন হেণ্ডিক কলেজ ৰাইট? - ঋতুপৰ্ণই সুধিলে ৷

: হয় ৷ - ইচ্ছা নাছিল যদিও তাই ক'লে ৷

: টুমৰো চাৰ্প টেন অ' ক্ল' ক ৷ আই ৱল বি ৱেইটিং ফৰ ইউ ইন কাছাৰী ফুড ভিলা ৷ - পুণৰ তাৰ মেচেজ ৷
কি আচৰিত মানুহ এইজন ৷ কথা নাই বতৰা নাই চিধাই লগ ধৰে ৷ তাই একো উত্তৰ নিদিলে ৷
ক্ষন্তেক সময়ৰ পিছতে পুণৰ তাৰ মেচেজ , " আনচাৰ মি… ড্যেম ইট… ৷ ইউ ৱানা কিল মি? টুম'ৰু চাৰ্প টেন এট ফুড ভিলা ৷ ইউ ৱল বি কামিং গট ইট?

আস্থাই বুজি নাপায় কি ধৰণৰ মানুহ এইজন ৷ অচিনাকী ছোৱালী এজনীক এনেকৈ ধমক দিয়ে যে মানসিক ৰোগী নেকি ল'ৰাজন ৷ যি নহওক অৱশেষত তাই লগ কৰিবলৈ সন্মত হ'ল মাথো এটা কথাৰ বাবেই যে তাই এই আচহুৱা প্ৰাণীটোক চাব বিচাৰে ৷

আস্থাৰ সন্মতি পায় ঋতুপৰ্ণ আনন্দত উত্ৰাৱল হৈ পৰিল ৷ " ইয়া … হু … চাহে কয়ি মুঝে অৰ্ণৱ কহ্যে … কেহনে দো জী ক্যেহতা ৰহে ৷ " তাৰ মুখৰ পৰা স্বতস্ফূৰ্তভাৱে গীতৰ কলিৰ আকাৰত কথাখিনি ওলায় গ'ল ৷ ওলাবৰে কথা ৷ জীৱনত কোনো ছোৱালীয়ে পাত্তা নিদিয়া ল'ৰাজনে একেকোবে ছোৱালী ধৰাশায়ী কৰি দিলে ৷ বাহ কি যাদু! কি কামাল অৰ্ণৱৰ ব্যক্তিত্বৰ ৷ ছোৱালীবোৰে আচলতে অৰ্ণৱৰ নিচিনা উখুহা চৰিত্ৰৰ ল'ৰাবোৰক হে ভাল পায় ৷ তাৰ নিচিনা মৰমীয়াল ল'ৰা নালাগে সিহঁতক ৷ সেই বাবেইটো সি আস্থাক পতাব পাৰিলে ৷ অৰ্ণৱ নামৰ এপাত অস্ত্ৰতে চেটেপ তাই ৷ সি তৎক্ষণাত ফেইচবুক খুলি ফেচবুকত ভাইৰেল হোৱা #জেইচি # খন উলিয়াই পিছৰ খণ্ডবোৰ পঢ়িব ধৰিলে ৷ উত্তেজনাত কঁপিছে সি ৷ তাক শৰ লাগে শৰ ৷ আস্থাৰ কলিজাত আঘাত কৰিব পৰা অৰ্ণৱ নামৰ শৰ ৷

ইয়াৰ পিছৰখিনি পাঠকে ঋতুপৰ্ণ আৰু আস্থাৰ মুখেৰেই শুনক

#ঋতুপৰ্ণৰ ভাষাৰে :
মোৰ প্ৰেমত বিভুৰ আস্থা ঠিক দহ বাজি দহ মিনিটত ফুড ভিলাৰ বিপৰীত দিশত ৰিক্সাৰ পৰা নামিল ৷ অকলে আহিছে তাই ৷ আহিবই… যিপাতহে শৰ মাৰিছো ৷ নহাকৈ থাকিব পাৰেনে ! সুন্দৰ গুলপীয়া ৰংৰ চুৰিদাৰ এযোৰ পিন্ধি আহিছে মোৰ আস্থা ৷ বুকুত শুভ্ৰ দোপাত্তা ৷ খোলা চুলি ৷ এজাক দুষ্ট বতাহে তাইৰ মেলি থোৱা চুলিখিনিৰ লগত খেলি অবিনষ্ট কৰি পেলাইছে চুলিখিনি ৷ তথাপি ধুনীয়া লাগিছে তাইক ৷ গাখীৰৰ দৰে ঢকঢকীয়া গাল দুখন মোক দেখাৰ লগে লগে লাজত ৰঙা পৰি গৈছে তাইৰ ৷ ৰাস্তাৰ সিটোপাৰৰ পৰা তাই মোলৈ চায় আছে ৷ খচমচ লাগিল মোৰ মনৰ ভিতৰত ৷ আস্থা আহি গ'ল ৷ ৷ অৰ্ণৱ ক'ত অৰ্ণৱ ৷ মই নিজকে অৰ্ণৱলৈ পৰিৱৰ্তনৰ চেষ্টা কৰিছো ৷ ৰাউডী ৰাথোৰৰ দৰেই মুৰটোত লাহেকৈ খুণ্ডা এটা মাৰি অৰ্ণৱক জাগ্ৰত কৰাৰ চেষ্টা এটা কৰি ল'লো "জাগ যা ফ'লাড কে ৱলাড, জাগ যা মেৰে বাপ ৷ জাগ যা অৰ্ণৱ ৷ মাই হিৰো… মনৰ ভিতৰতে আকৌ এবাৰ অৰ্ণৱৰ ব্ৰহ্মবাক্য কেইটা আওৰালো ' আনচাৰ মি… ড্যেম ইট ৷ ইউ ৱনা কিল মি ৷ হ্যে কাম হিয়েৰ ৷ "
আস্থা এতিয়াও ৰাস্তাৰ সিটো পাৰে ৰৈ আছে ৷ কিমান সময় হ'ল বাৰু তাই আহিবৰ! পাঁচ, দহ, নে পোন্ধৰ মিনিট! তাই চাগে ভাবিছে অন্য সাধাৰণ ল'ৰা নিচিনাকৈ সি তাইক গুৰুত্ব সহকাৰে আগবঢ়াই আনিব ৷ ন্যো… নেভাৰ ৷ মই অৰ্ণৱ ৷ অৰ্ণৱ নেভাৰ দাজ দিছ ৷ বাহ বাহ… আজিচোন মনৰ ভিতৰত অসমীয়াৰ ঠাইত ইংৰাজী ফুটিছে ৷ #জেইচি জিন্দাবাদ ৷ অৰ্ণৱ জিন্দাবাদ ৷ আস্থাই বাৰে বাৰে মোলৈ ফোন লগাইছে ৷ কিন্ত কিয় জানো মোৰ ফনটো ৰিং হোৱা নাই ৷ মই হাতৰ ফোনটোৰ নেটৱৰ্ক পৰীক্ষা কৰিলো ৷ ঠিকেইটো আছে ৷ সময় গৈ আছে… কিমান সময় হ'ল বাৰু? নাই , নাই এতিয়া আৰু ঘড়ী চাই সময় নস্ত কৰি লাভ নাই ৷ হাতে কামে লাগি যাব লাগে ৷ মই ৰাস্তাৰ এইটো মুৰৰ পৰা অৰ্ণৱ ষ্টাইলত চিঞৰ দিলো, "হ্যে কাম হিয়েৰ… " মাতটো অলপ পাতল হ'ল নেকি বাৰু ? তাইচোন গুৰুত্বই দিয়া নাই ৷ কেইবাৰমান মই গলটো চাফা কৰি লৈ দুখোজমান আগুৱাই গ'লো , তাৰ পিছত ভইচকডত হেচামাৰি ধৰি মাতটো গহীন কৰি লৈ তাইক ক'লো, "হ্যে কাম হিয়েৰ ৷" অৰ্ণৱ অস্ত্ৰ এৰাৰ লগে লগে তাই পুণৰ চেটেপ ৷ লগে লগে মোৰ পিনে খোজ ল'লে ৷ লাজত তাইৰ গাল ৰঙা পৰি গৈছে ৷ খোজবোৰ থৰক বৰক হৈছে ৷ তাই বাৰু লাজতে কঁপিছে নেকি? #জেইচি ৰ আস্থাৰ নিচিনা মোৰ আস্থাও পৰি যাও পৰি যাও হৈছে নেকি লাজতে! কিন্তু তাই যদি পৰি যায় তেন্তে তাইক ধৰিব কোনে? #জে ই চি ৰ বান্ধবী গৰাকীৰ নাম কি আছিল বাৰু … …? নাই তাৰ মনত পৰা নাই ৷ আস্থাৰ বস্তুবোৰ যে অৰ্ণৱক জোগাৰ ধৰে সেই গৰাকী… অংকিতা… কংকনা… নাই নহয়… কিবা বেলেগ ধৰণৰহে আছিল নামটো তাইৰ ৷ চেহ কি যে মস্কিল ! সময়ত কথাবোৰ মনত নপৰে তাৰ ৷ সেই বাবেই তাৰ এটা চেমিষ্টাৰত দুবাৰকৈ বেক লাগে প্ৰতিবাৰে ৷

আস্থা আহি মোৰ কাষত ঠিয় হৈছে তলমুৰকৈ ৷ এয়া তাই ফুড ভিলাৰ ভিতৰলৈ খোজ লৈছে ৷ এই মুহুৰ্তত মই কি কৰা উচিত ? অৰ্ণৱে কি কৰিলহৈ এইমুহুৰ্তত ? খাউতকৈ কথা এটা মনত পৰি গ'ল মোৰ ৷ অৰ্ণৱে সৰু সৰু কথাতে সূখী হয় ৷ সৰু সৰু বস্তু বিচাৰে আস্থাৰ পৰা ৷ কিন্তু এই মুহুৰ্তত খোজিব পৰা সৰু বস্তু কি আছে আস্থাৰ লগত? মই তাইৰ মুৰৰ পৰা ভৰিলৈ ভালদৰে নিৰীক্ষণ কৰিলো তাৰ পিছত ঘপহ কৰি পিছপিনৰ পৰা তাইৰ এখন হাতত থাপ মাৰি ধৰিলো ৷ তাই মোলৈ চাইছে ৷ মই তাইলৈ ৷ তাইৰ অইনখন হাতেৰে ফুডভিলাৰ দুৱাৰখন থেলিছিল ৷ সেইখন এতিয়া আধা মেল খায় আছে ৷ আমি তাকলৈ কোনো ভ্ৰুক্ষেপ কৰা নাই ৷ মোৰ চকু আস্থাৰ চকুত, তাইৰ চকু মোৰ দুচকুত স্হিৰ ৷ লাজত ৰঙা পৰি গৈছে তাই ৷ মই ক'লো, " গিভ মি ইউৰ… " চেহ ছোৱালীয়ে কঁপালত লোৱা বিন্দিটোক ইংৰাজীত কি বুলি কয় বাৰু? আকৌ পাহৰিলো ৷ পাৰে মানে যোৰ দিছো মগজুত ৷ নাই মনত নপৰেহে নপৰে ৷ উপায় নাপায় যিখিনি মনত পৰিছে সেইখিনি কৈ তাইৰ বিন্দিটোলৈ আঙুলিয়ালো ৷ তাই লাহেকৈ বিন্দিটো কঁপালৰ পৰা এৰোৱাই মোক দিলে ৷ বাহ কি ইমিডিয়েট এক্সন ৷ সকলো ছোৱালীয়ে অৰ্ণৱৰ নিচিনা ল'ৰাকহে ভাল পায় ৷ মোৰ নিচিনা মৰমীয়াল ল'ৰাৰ আজিৰ পৃথিৱীত কোনো মূল্যই নাই ৷ ধিক এই জীৱন ৷ #জে ইচি ভাইৰেল নহ'লে মোৰচোন জীৱন অথলেই গ'লহেঁতেন ৷ এই সুন্দৰী আস্থাক ক'ত পালোহেতেন! মই কথাবোৰ ভাবি থাকোতেই আস্থা ভিতৰলৈ সোমায় গ'ল ৷ মই তাইক অনুসৰণ কৰিলো ৷ তাই এখন টেবুলৰ কাষত গৈ লাজতে আমন জিমন কৰি থাকোতে মই সাউতকৈ টান মাৰি আনি চকী এখনত বহি ল'লো ৷ তাৰ পিছত তাইক ক'লো, " প্লীজ চিট ডাউন " ৷ লাজ লাজ কৈ বহো নবহোকৈ আস্থা মোৰ সমুখত বহিল ৷ আমাৰ পিছে পিছে সোমায় অহা ল'ৰা ছোৱালী হালৰ ল'ৰাজনে ছোৱালীজনীয়ে বহা চকী খন ঠিক কৰি দি আলফুলে তাইক বহোৱাৰ পিছত অত্যন্ত ভদ্ৰ ভাৱে সমুখৰ চকীখনত বহি সৰু সৰু কণ্ঠেৰে কথা পতাত লাগিল ৷ ইচ এনেই গোটেই… ৷ এইবোৰ সকলো ষ্টাৰ প্লাচৰ কায়দা ৷ বেকাৰ কায়দা ৷ এইবোৰ কথা কাৰবাৰ কোনো ছোৱালীয়ে ভাল নাপায় ৷ অন্য দিনা চাগে ময়ো তেনে ভূলেই কৰিলোহেঁতেন ৷ কিন্তু আজি নকৰো ৷ আজি মই অৰ্ণৱ ৷#জে ই চি জিন্দাবাদ ৷
ফুড ভিলাৰ এ চি' ৰ পৰা অহা চেঁচা বতাহে দেহ মন শীতল কৰি পেলালে ৷ বাহিৰত যিহে গেলা গৰম ৷ ঘামত টিটি পিঠিৰ পিনে লিপিট খায় ধৰা চাৰ্টটো অকণমান টানি গাৰ পৰা এৰোৱাই ল'লো ৷ আস্থাই তাইৰ কান্ধৰ সৰু বেগটোৰ পৰা ৰুমাল এখন উলিয়াই মুখ আৰু গলৰ ওপৰ অংশৰ গামবোৰ এবাৰ মচি ল'লে ৷ তাৰ পিছত ৰুমাল খন সমুখৰ মেজ খনৰ এটা চুকত থলে ৷ লগে লগে মোৰ মনটো #জে ইচি লৈ উৰি গ'ল ৷ অৰ্ণৱ… , অৰ্ণৱে এই মুহুৰ্তত কি কৰিলেহেঁতেন ৷ লগে লগে মোৰ মনত পৰিল, অৰ্ণৱ সৰু সৰু কথাতে সুখী হয় ৷ ময়ো হ'ব লাগিব ৷ ক'ৰবাত অৰ্ণৱে আস্থাৰ ৰুমাল খন যে… ৷ নাই, নাই আৰু ভাবি থাকিবৰ সময় নাই ৷ অৰ্ণৱ শৰ নিক্ষেপ কৰাৰ হে কথা এতিয়া ৷ লগে লগে মই তাইক ক'লো, " হে গিভ ইট ট্যু ম্যি ৷" - এইবাৰ তাইৰ ৰুমাল খনলৈ আঙুলিয়ালো ৷ তাই লাজতে ৰঙা চিঙা পৰি গ'ল কিন্তু ৰুমাল খন নিদিলে ৷ তাৰ পৰিৱৰ্তে তাই ৰুমালখন বেগত সোমায় থবহে বিচাৰিলে ৷ " গিভ ইট ট্যো ম্যি ড্যাম ইট ৷ " কথাষাৰ চাগে মই ভবাতকৈ কিছু জোৰকৈয়ে ওলাল ৷ ফুড ভিলাৰ এটা চুকত বহি থকা ল'ৰা তিনিজনমানে মোলৈ ঘোপাকৈ চালে ৷ আস্থাই লাহেকৈ ৰুমালখন মোলৈ আগবঢ়াই দিলে ৷ লগে লগে মোৰ মন আনন্দত নাচি উঠিল ৷ #জেইচি জিন্দাবাদ ৷ অৰ্ণৱ জিন্দাবাদ ৷ মই আস্থাৰ ৰুমাল খন হাতত লৈ অৰ্ণৱ ষ্টাইলত চকু দুটা মুদি তীব্ৰ উশাহ এটা ল'লো ৷ বহুদিন নোধোৱা ৰুমালৰ ভেকেটা ভেকেট আৰু তাইৰ গাৰ দুৰ্গন্ধ মিলি সৃষ্টি হোৱা উৎকট গোন্ধ এটা মোৰ নাৰী ভুৰী লৈকে সোমায় যোৱাত সকলোৱে একেলগে বিদ্ৰোহ কৰি উঠিল ৷ মই কোনোমতেহে উকালি নহাকৈ থাকিলো ৷ উকালিটো কোনো মতে সম্বৰণ কৰোতে মই চৈধ্য ভৱন দেখিলো ৷ চকু দুটা চলচলীয়া হৈ পৰিল ৷ তথাপি নিজকে সম্বৰণ কৰি কোনোমতে প্ৰেমভাব এটা মুখত ফুটাইলৈ আস্থালৈ চালো ৷ তাই একেথৰে মোলৈকে চায় আছে ৷ কি মায়াবী চাৱনি তাইৰ ৷ লাজত ৰঙা পৰা চকুযুৰীয়ে যেন এইমাত্ৰ কথা ক'ব ৷ হুবহু #জেইচিৰ আস্থাৰ নিচিনা মোৰ আস্থাজনী ৷ চুকত বহি থকা ল'ৰা কেইটালৈ চালো ৷ সিহঁতে একেথৰে আমালৈকে চায় আছে ৷ বপুৰাহঁত চাগে আস্থাৰ ৰুপত মোহিত হৈছে ৷ সিহঁতে মনে মনে মোক ঈৰ্ষা কৰিছে চাগে ন? কৰ কৰ এনেকুৱা দিন এই ঋতুপৰ্ণৰো বহুত গৈছে বোপাইহঁত ৷

: কি খাবা? - আস্থাক সুধিলো ৷ 
: … ৷ 
: কি খাবা কোৱা আকৌ ৷ - মই আকৌ সুধিলো ৷ 
: … ৷ 
"আনচাৰ মি ড্যেম ইট ৷ " - আস্থাৰ পৰা উত্তৰ পাবলৈ পুৰা অৰ্ণৱ ষ্টাইলত চিঞৰি উঠিলো ৷ কিন্তু এয়া কি ? তাইচোন উত্তৰ নিদি যাবলৈ উদ্দত হ'ল ৷ মই তাইৰ হাতত থাপ মাৰি ধৰি কলো, এতিয়াই ক'ত যোৱা? তোমাক গিফট এটা দিবলৈ আছে ৷ " তাইৰ চকুত চকু থৈ কথাষাৰ ক'লো ৷ তাই লাজতে অন্যফালে মুখ ঘুৰালে ৷ মই অ'তপৰে জেপত লুকাই থোৱা টেডি এটা উলিয়াই তাইলৈ আগবঢ়াই দিলো ৷ তাই লও নলওকৈ টেডিটো লৈ লাজ লাজকৈ নিৰীক্ষণ কৰিলে ৷ ৱাহ …ৱাহ …ৱাহ … কি মধুৰ দৃষ্টি ৷ যেন টেডিটোলৈ চাই প্ৰেম বৰষিছে ৷ বৰষিবৰে কথা ৷ মই দিছো ৷ অৰ্ণৱে ৷ # জে ই চিৰ অৰ্ণৱে ৷ প্ৰেমত নপৰি পাৰেনে?
খোৱা বোৱা শেষ কৰি এটা সময়ত আমি ওলাই আহিলো ৷ ৰিক্সা এখনৰ বাবে ফুটপাথত দুয়ো ৰৈ আছো ৷ নিৰৱে ৷ এটা সময়ত মই সুধিলো , "গিফ、টৰ কথা কওতে তুমি কিছ দিম বুলি ভাবিছিলা নহয়নে? আস্থাই একো নামাতি ইতিমধ্যে আহি পোৱা ৰিক্সা খনত উঠিব খোজোতেই মই পিছপিনৰ পৰা তাইৰ দোপাত্তা খনত খামুচি ধৰিলো ৷ " হেই গিভ ইট ট্যু মি ৷" তাই আশ্বৰ্যস্বকীত ৷ কোনোবাই ছোৱালীয়ে বুকুত লৈ থকা দোপাত্তা খন খুজিব পাৰে বুলি তাই হয়তো ভাবিবই পৰা নাছিল ৷ পাৰে সুজিব ৷ অৰ্ণৱে পাৰে ৷ সি পাৰে ৷ 
তাই কোনোবাই দেখে বুলি লাজতে ইফালে সিফালে চালে ৷ তাৰ পিছত মোৰ হাতৰ পৰা দোপাত্তা খন এৰাব খোজিলে ৷ ঠিক সেই সময়তে ইতিমধ্যে ৰিক্সাৰ ওপৰত থোৱা ভৰিখন পিচলি যোৱাত তাই জতপট খায় মাটিত বাগৰি পৰিল ৷ মই কিবা এটা কৰিব পৰাৰ আগতেই ক'ৰ পৰা জানো চুকত বহি থকা সেই চকুচৰহা ল'ৰা কেইটা আহি মোৰ ওপৰত জপিয়াই পৰিল ৷

#আস্থাৰ ভাষাৰে :
মোৰ প্ৰেমত বিভুৰ ঋতুপৰ্ণা মই গৈ পোৱাৰ আগৰে পৰা ফুড ভিলাৰ সন্মুখত ৰৈ আছিল ৷ মই প্ৰায় দহ বাজি দহ মিনিটত গৈ জানি বুজিয়ে ফুড ভিলাৰ বিপৰীত দিশত ৰিক্সাৰ পৰা নামিলো ৷ দেখাত যদিও অকলে আহিছো আহিবৰ পৰত কটনৰ বয়জ হোষ্টেলৰ সীমান্ত দা হঁতক সকলো কথা কৈ আহিছো ৷ সিহঁতে আলেঙে আলেঙে নজৰ ৰাখিব আমাৰ ওপৰত৷ যিহে দিন কাল ৷ সিহঁতক নমতাকৈ থাকিব পাৰোনে ৷ ৰাতি বহুপৰলৈ ঋতুৰ লগত কথা পতাৰ বাৱে টোপনি পূৰা নহ'ল ৷ গতিকে পুৱা উঠোতে বহুত পলম হ'ল ৷ আহিবৰ পৰত দৌৰা দৌৰিকৈ সদায় পিন্ধা গুলপীয়া ৰংৰ চুৰিদাৰ যোৰ আৰু তাঁৰত ওলোমি থকা ৰুমমেটৰ বগা দোপাত্তা খনকে লৈ আহিছো ৷ দৌৰা দৌৰিতে চুলি আচোৰাই নহ'ল ৷ হোষ্টেলৰ গেটৰ বাহিৰতহে হাতেৰে দুবাৰ মান আচাৰ মাৰি চুলিখিনি মেলি লৈয়ে আহিছো ৷ তথাপি অলপ অবিনষ্ট হৈয়ে থাকিল চাগে চুলিখিনি ৷ ঋতুপৰ্ণ ল'ৰাজন বেয়া লগা নাই দেখিবলৈ ৷ ফেইচবুকৰ ফটোতকৈ ৰিয়েলত বেছি হেণ্ডচাম লাগিছে তাক ৷ তাৰ গাখীৰৰ দৰে ঢকঢকীয়া গাল দুখন মোক দেখাৰ লগে লগে লাজত ৰঙা পৰি গৈছে ৷ ৰাস্তাৰ সিটোপাৰৰ পৰা মোলৈ চায় আছে সি ৷

মই ৰাস্তাৰ ইটো পাৰে ৰৈ আছো ৷ সীমান্ত দা হঁতৰ গ্ৰীণ চিগনেল পালেই আগবাঢ়িম ৷ মই সোমোৱাৰ আগতে সীমান্ত দা, অলক দা , জ্যোতি দা আৰু ভাইটী অতনুৱে ভিলাৰ ভিতৰৰ কৰবাত পজিচন লৈ তাৰ পৰাই ৰেহ ৰুপ নিৰীক্ষণ কৰি থাকিব ৷ কিমান সময় হ'ল বাৰু তাই আহিবৰ! সময়বোৰ বাগৰিছে… ইতিমধ্যে সীমান্ত দা হঁতৰ ইটোৰ পিছত সিটো গ্ৰীন চিগনেল আহিয়ে আছে ফ'নত ৷ ঋতুৱেচোন তাইক আগবঢ়াই নিবলৈ নাহে ৷ মাথো ৰাস্তাটোৰ সিটোপাৰৰ পৰা মজনুৰ নিচিনাকৈ ভেবা লাগি চাই আছে তাইলৈ ৷ সি চাগে ভাবিছে সি তাইক গুৰুত্ব নিদিলে মই উপযাঁচি তাৰ ওচৰলৈ যাম ৷ ন্যো… নেভাৰ ৷ মই আস্থা বৰুৱা ৷ আস্থা নেভাৰ দাজ দিছ ৷ পুৰুষবোৰ ৱেল মেনাৰড、 হ'ব লাগে ৷ এটা কাৰটেছী থাকিব লাগে পুৰুষবোৰৰ ৷ সকলো পুৰুষে সৌজন্যতাৰ এটা ক্লাছ মেইনটেইন কৰিব লাগে ৷ সেই সৌজন্যতা চাগে ঋতুৰ নাই ৷ সি মোক আগবঢ়াই নিব এৰি বাৰে বাৰে ফোনটোহে চাই আছে ৷ সময় গৈ আছে… কিমান সময় হ'ল বাৰু? নাই নাই ঘড়ী চায় থাকি লাভ নাই ৷ এই মুৰ্খটোলৈ ৰৈ থকাতকৈ হোষ্টেললৈ উভতাই ভাল ৷ কথাখিনি ভাবিছোহে মাত্ৰ ৰাস্তাৰ সেইটো মুৰৰ পৰা ঋতুৱে চিঞৰ দিলে , "হ্যে কাম হিয়েৰ… " মাতটো বৰ পাতল ল'ৰা জনৰ ৷ কিবা ছোৱালী লেখীয়া ৷ মোৰ গা বিজবিজাই গ'ল ৷ এনেৱেও তাই এই লেডীজ টাইপ ল'ৰাবোৰক চকুৰ কোণেৰে দেখিব নোৱাৰে ৷ ৰুমলৈ উভতি যোৱাটোকে ঠিৰাং কৰি তাক গুৰুত্বই নিদিলো ৷ এইবাৰ সি দুটামান গলখেকাৰী মাৰি দুখোজমান আগুৱাই আহিল ৷ তাৰ পিছত ভইচকডত হেচামাৰি ধৰি মাতটো গহীন কৰি লৈ ক'লে, "হ্যে কাম হিয়েৰ ৷" উৱা এইটো আকৌ কি প্ৰজাতিৰ মানুহ ৷ তই তেনেকৈ মাতিলে ছোৱালী এজনী দৌৰি যাবনে? ছোৱালী এজনীকনো এনেকৈ মাতেনে বাৰু! তাৰ কাণ্ড দেখি খংত মোৰ কাণ মোৰ গৰম হৈ গ'ল ৷ সম্ভৱত গাল দুখনো ৰঙা পৰিছে ৷ খংৰ ভমকত মই অলপ কঁপিছো চাগে ৷ বহু কষ্ট কৰি নিজকে নিয়ন্ত্ৰণ কৰিছো ৷ খংৰ ভমকত খোজবোৰো চাগে থৰক বৰক হৈছে ৷ ইপিনে ফুড ভিলাৰ সমুখৰ পৰা বাৰে বাৰে সীমান্ত দা হঁতে ভিতৰলৈ আহিবলৈ ইংগিত দিছে ৷
মই আগবাঢ়ি গ'লো যদিও খংত তাৰ মুখলৈ নাচায় তলমুৰকৈ চিধাই ফুড ভিলাৰ ভিতৰলৈ খোজ ল'লো ৷ মই দুৱাৰখন খুলিছিলোহে মাথো ঘপহ কৰি পিছপিনৰ পৰা সি মোৰ এখন হাতত থাপ মাৰি ধৰিলে ৷ মই তালৈ চালো ৷ সি অঁকৰাৰ দৰে মোলৈ ভেবা লাগি চাইছে ৷ এইপিনে ফুড ভিলাৰ দুৱাৰখন আধা মেল খায় আছে ৷ ভিতৰৰ মানুহবোৰে আমালৈ চাইছে ৷ কিন্তু ঋতুৱে সেইলৈ কোনো ভ্ৰুক্ষেপেই কৰা নাই ৷ ভিতৰৰ প্ৰায়বোৰ মানুহৰ চকু মোৰ ওপৰত নিবদ্ধ ৷ লাজত ৰঙা চিঙা পৰি গৈছো মই ৷ এনেতে সি আধাখলপীয়া ইংৰাজী (?)তে মোৰ বিন্দিটোলৈ আঙুলিয়ালে ৷ তাক মোৰ কঁপালৰ বিন্দিটো লাগে ৷ উৱা, এইটো আকৌ কেনেকুৱা ল'ৰা ৷ কঁপালৰ বিন্দিওনো কিবা দিয়া বস্তু নে ৷ তাৰোপৰি এইটো বিন্দি ৰুমমেট নমিতাৰহে ৷ আহোতে লুকিং গ্লাছ খনত পায়হে লগায় আহিছো ৷ সি খোজিলে বুলিয়েই দি দিব পাৰিনে? কিন্তু নাই, জহনিটোক লাগেহে লাগে ৷ নহ'লে হাতখন এৰি নিদিয়ে ৷ উপায়অন্তৰ হৈ মনৰ ভিতৰতে যিমান পাৰো খাটি অসমীয়া গালি পাৰি দিও নিদিওকৈ লাহেকৈ বিন্দিটো কঁপালৰ পৰা এৰোৱাই তাৰ হাতত দি ভিতৰলৈ সোমায় গ'লো ৷ সি মোক অনুসৰণ কৰিলে ৷ ভিতৰলৈ গ'লো যদিও তাৰ ওচৰত বহিবলৈ অলপো মন নগ'ল মোৰ ৷ উভতিয়ে যাওনে ভিতৰতে থাকো দুধোৰ মোধোৰত পৰি এখন টেবুলৰ কাষতে ৰৈ দিলো ৷ মই টেবুলখনৰ ওচৰত ৰ'বহে পালো, সি চকী এখন সাউতকৈ টান মাৰি আনি টপিনা পাৰিয়ে ল'লে ৷ তাৰ পিছতহে চাগৈ মহাপুৰুষৰ মনত পৰিল যে তাৰ লগত ছোৱালী এজনীও আছে ৷ সি মোক পুণৰ ইংৰাজীতে বহিবলৈ ক'লে ৷ বৰ একেবাৰে ইংৰাজৰ পুতেক ৷ বহো নবহোকৈ ময়ো তাৰ সমুখতে বহিলো ৷ আমাৰ পিছে পিছে সোমায় অহা ল'ৰা ছোৱালী হালৰ ল'ৰাজনে ছোৱালীজনীয়ে বহা চকী খন ঠিক কৰি দি আলফুলে তাইক বহোৱাৰ পিছত অত্যন্ত ভদ্ৰ ভাৱে সমুখৰ চকীখনত বহি সৰু সৰু কণ্ঠেৰে কথা পতাত লাগিল ৷ এয়াহে প্ৰকৃত পুৰুষ … ৷ কালচাৰড、 , ৱেলমেনাৰড、 ৷ ঋতুহঁতৰ দৰে ল'ৰাবোৰে যদি ইয়াৰ দহ শতাংশও জানিলেহেঁতেন !

ফুড ভিলাৰ এ চি' ৰ পৰা অহা চেঁচা বতাহে মগজটো অলপ শীতল কৰিলে ৷ বাহিৰত যিহে গেলা গৰম ৷ঋতুলৈ চালো, সি তাৰ ঘামত টিটি পিঠিৰ পিনে লিপিট খায় ধৰা পলিয়েষ্টাৰৰ চাৰ্টটো টানি টানি গাৰ পৰা এৰোৱাবৰ চেষ্টা কৰিছে ৷ বেচেৰাটো ৷ এই গেলা গৰমত পলিয়েষ্টাৰৰ চোলা পিন্ধি গা পুৰণি উঠিছে চাগে তাৰ ৷ কান্ধৰ সৰু বেগটোৰ পৰা ৰু মাল এখন উলিয়াই মুখ আৰু গলৰ ওপৰ অংশৰ গামবোৰ মচি ললো '৷ তাৰ পিছত ৰুমাল খন সমুখৰ মেজ থনৰ এটা চুকত থবহে পালো লগে লগে সি কৈ উঠিল , " হ্যেই গিভ ইট ট্যু ম্যি ৷" যোৱা দুদিন ধৰি নুধোৱা নেমেলাকৈ একেখন ৰুমালকে লৈ আছো ৷ হাতত লওতেই ভেকেটা ভেকেট গোন্ধ পাইছো ৷ তাৰোপৰি ৰুমালখন ঘামত সম্পুৰ্ণ ভিজি গৈছে ৷ এইখন ৰুমাল তাক দি নিজৰ সন্মান নিজে খেদালেহে হ'ব ৷ নিজৰ ওপৰতে খং উঠিল মোৰ ৷ কি প্ৰয়োজন আছিল এইখন ৰুমাল লৈ আহিবৰ! অলপ লাজো লাগিল ৷ অৱশেষত ৰুমালখন তাক নিদি বেগত সোমায় থব বিচাৰিলো ৷ " গিভ ইট ট্যো ম্যি … ড্যাম ইট ৷ " সি ইম্মান জোৰকৈ চিঞৰিলে যে চুকত বহি থকা সীমান্ত দা হঁতৰ খঙেই উঠিল ৷ মই চকুৰ ইংগিতেৰে সিহঁতক একেঠাইতে বহি থাকিব দিলো ৷ মোৰ কথাত সিহঁত বহি থাকিল যদিও খং দমাব নোৱাৰি ঘোপাকৈ আমালৈকে চাই থাকিল ৷ কথা আৰু বঢ়ালে পৰিস্হিতি বিষম হ'ব ভাবি লাহেকৈ ৰুমালখন তালৈ আগবঢ়াই দিলো ৷ মনতে ভাবিলো যি কৰ কৰ জহনি যোৱা ৷ ৰুমাল খন হাতত দিবহে পালো সি চকু মুদি পৰম তৃপ্তিত যিহে শুঙনি দিলে ৷ বহুদিন নোধোৱা ৰুমালৰ ভেকেটা ভেকেট আৰু তাইৰ গাৰ দুৰ্গন্ধ মিলি সৃষ্টি হোৱা উৎকট গোন্ধটো যে কোনোবাই তৃপ্ত হ'ব পাৰে আজিলৈ ভাবিবই পৰা নাছিলো ৷ এই যে মাজে সময়ে পঢ়িব পাও কিছুমান বিকৃত কামনাৰ পুৰুষে ছোৱালী মাইকীৰ অন্তৰ্বাস গুপনে শুঙি ফুৰে, এইজনো সেই কেটেগৰীৰে নেকি বাৰু? চৰম তৃপ্তিত ইতিমধ্যে তাৰ চকু পানীৰে ভৰি গৈছে ৷ তাৰ কাণ্ড দেখি মই কোনোমতেহে উকালি নহাকৈ থাকিলো ৷ মনতে ভাবিলো হাইজা লাগি নমৰ কিয় তহঁতবোৰ জহনি যোৱাহঁত ৷ নিজকে সম্বৰণ কৰি কোনোমতে প্ৰেমভাব এটা মুখত ফুটাই লৈ ঋতুপৰ্ণলৈ চালো ৷ সি একেথৰে মোলৈকে চায় আছে ৷ কি সাংঘাটিক চাৱনি তাৰ ৷ যেন কাপোৰ ভেদি ভিতৰলৈ হে সোমায় যাব তাৰ দৃষ্টি ৷ টিকিচকৈ খংটো উঠি আহিল ৷ অলপ লাজো লাগিল ৷ সীমান্ত দা হঁতলৈ চালো আটাইকেইটাই একেথৰে আমালৈকে চাই আছে ৷ সিহঁতো চাগে তাৰ কাণ্ড কাৰখানাত আচৰিত হৈছে ৷

: কি খাবা? - ঋতুপৰ্ণই মোক সুধিলে ৷
: কি খাম বুলি ক'মনো ৷ তোক দেখিলেই গম পায় তই কিমান পানীৰ মাছ ৷ যি সামাৰ্থ আছে অৰ্ডাৰ দে নিজৰ মতে বুলি ভাবি একো নামাতিলো ৷
: কি খাবা কোৱা আকৌ ৷ - সি আকৌ সুধিলে ৷
: তোৰ কাৰু কাৰ্যই আমুৱাইছে বোপাই ৷ নাখাও একো বুলি মনে মনে থাকিলো ৷
"আনচাৰ মি ড্যেম ইট ৷ " - সি পুনৰ চিঞৰি উঠিল ৷
এইবাৰ মোৰ ধৈৰ্যৰ বান্ধ চিঙিল ৷ তোৰ দৰে পাগলটোৰ লগত আৰু এক মিনিটো নাথাকো বুলি ওলায যাব ওলালো ৷ সিয়ো বেটা কম নহয় ৷ তৎক্ষণাত মোৰ হাতত থাপ মাৰি ধৰি কলে , এতিয়াই ক'ত যোৱা? তোমাক গিফট এটা দিবলৈ আছে ৷ " একেবাৰে মোৰ চকুত চকু থৈ কথাষাৰ ক'লে সি ৷ মই সীমান্ত দা হঁতলৈ চালো ৷ আটাইকেইটাই একেলগে ইংগিত দি বুজালে যে সময় খৰচ কৰি আহিছাই যেতিয়া পেটতো ভৰাই যা ৷ হোষ্টেলত টিফিন টাইম খটম ৷ লঘোনে মৰিবি ৷ সিহঁতৰ কথামতে মই পুনৰ বহিলো ৷ সেই চেগতে সি অ'তপৰে জেপত লুকাই থোৱা টেডি এটা উলিয়াই মোলৈ আগবঢ়াই দিলে ৷ টেডীটো দৰ্শন মাত্ৰই মই বুজিব পাৰিলো টাউন ক্লাবৰ সমুখৰ ফুটপাথৰ দহ টকীয়া টেডী ৷ লবলৈ অলপো মন নাছিল যদিও সি পুনৰ কিবা 'চিন ক্ৰিয়েট ' কৰে বুলি লও নলওকৈ টেডিটো হাত পাতি ল'লো ৷ অলপ লাজো লাগিল৷ মনৰ ভিতৰতে ভগবানক ক'লো, " এইহেন ভৌজচডৌডদডডদডডৰ যৌৱনত মোৰ ভাগ্যত এইডাল হে গিফট লিখিলানে প্ৰভু ৷ মোলৈ অকণো বেয়া নালাগিলনে তোমাৰ? লাজে অপমানে টেডীটোকে লিৰিকি বিদাৰি থাকিলো ৷ এতিয়া আৰু ঋতুপৰ্ণৰ মুখখন চাবলৈ অলপো মন নোযোৱা হ'ল ৷খোৱা বোৱা শেষ কৰি এটা সময়ত আমি ওলাই আহিলো ৷ ৰিক্সা এখনৰ বাবে ফুটপাথত দুয়ো ৰৈ আছো ৷ নিৰৱে ৷ এটা সময়ত সি সুধিলে , "গিফ、টৰ কথা কওতে তুমি কিছ দিম বুলি ভাবিছিলা নহয়নে? উফ কি পাগল এইটো ৷ প্ৰেম ভালপোৱাৰ কোনো কথা নাই, বতৰা নাই, কেলেই বাৰু চুমাৰ কথা ভাবিম মই ! মই একো উত্তৰ নিদি, আচলতে দিবৰ মনেই নগ'ল, ইতিমধ্যে আহি পোৱা ৰিক্সা খনত উঠিব খোজোতেই সি পিছপিনৰ পৰা মোৰ দোপাত্তা খনত খামুচি ধৰিলে ৷ " হেই গিভ ইট ট্যু মি ৷" মই আশ্বৰ্যস্বকীত ৷ কোনোবাই ছোৱালীয়ে বুকুত লৈ থকা দোপাত্তা খন খুজিব পাৰে বুলি মই কেতিয়াও ভাবিবই পৰা নাছিলো ৷ আজি ভাবিছো ৷ পাৰে সুজিব ৷ ঋতুপৰ্ণই পাৰে ৷ তাৰ দৰে দুশাসন বোৰে যুগে যুগে খুজি আহিছে ৷ খুজি থাকিব ৷ গাভৰু, মাইকীৰ গাৰ কাপোৰ ফালি নেফা নেফ কৰিব পাৰে ৷ চাৰি মহীয়া শিশুকো ধৰ্ষণ কৰিব পাৰে সিহঁতে ৷ দুচকুৱে সহায়ৰ বাবে সীমান্তদা হঁতক বিচাৰিলে ৷ নাই, দুচকুৰ পৰিসৰত কোনো নাই ৷ এতিয়া মই নিজ আত্মসন্মানৰ বাবে নিজেই যুঁজিব লাগিব বুলি তাৰ হাতৰ পৰা দোপাত্তা খন এৰোৱাবৰ বাবে যুঁজ দিলো ৷ ঠিক সেই সময়তে ইতিমধ্যে ৰিক্সাৰ ওপৰত থোৱা মোৰ ভৰিখন পিচলি যোৱাত জতপট খায় মই মাটিত বাগৰি পৰিলো ৷ মই উঠি কিবা এটা কব পৰাৰ আগতেই ক'ৰ পৰা জানো সীমান্ত দা হঁত আহি তাৰ ওপৰত জপিয়াই পৰিল ৷ কলিৰ দুশাসনটোৱে মাৰৰ কোবত চিঞৰিলে অৰ্ণৱ…আস্থা… জে চি বি 

(সমাপ্ত)

হেমন্ত দাস

Post a Comment

1 Comments

  1. Reality khini dekhi bht vl lgil .... Sokolu story ai j real life t exist kriba xaitu tu nhoi.....

    ReplyDelete