Daini part 14

Daini part 14

click here to read part 13
আদিনে নিজে ড্রাইভ কৰি আগুৱাই গৈ আছে । তেঁওৰ গাড়ীখন যেতিয়া কটিগৰ চৌহদ পাৰ হৈ যেতিয়া টাৰ্ণ ললে ৰাষ্টাৰ কাষত থকা কুৱাঁটোৰ ৱালত ধুমমমম কৈ খুন্দা খালে। হে ভগৱান। তেওঁৰ এক্সিডেণ্ট হৈছে। দৌৰি গৈ তেঁওৰ গাড়ীৰ কাষলৈ গলো দেখিলো তেওৰ মুৰটো ষ্টিয়াৰিং হুইলৰ ওপৰত আছে। মই তেওঁক মাতিবলৈ ধৰিলো। কোনো উত্তৰ নিদিয়া দেখি বহুত কষ্ট কৰি গাড়ীৰ পৰা বাহিৰলৈ ওলাই আনি মাটিত শুৱাই দিলো। যি নহওক। বাচি আছে। উশাহ লৈ আছে। তেঁওৰ মুৰৰ পৰা অলপ অলপকৈ তেজ ওলাই আছে। মই পুলিচক ফোন কৰিলো। পুলিচ অহাৰ আগতেই তেওঁৰ চেতনা আহিল। মই তেঁওৰ চাৰ্টটো খুলি মুৰত বান্ধি দিলো। তেতিয়ালৈ তেজ ওলোৱা প্ৰায় বন্ধ হৈছে। চকু মেলি তেও মোৰ পিনে চালে। কি যে  নিষ্প্রাণ সেই চাৱনি ।তেওৰ চকুলৈ চাইয়েই কলো কি হল আদিন ? জীৱনত ১মবাৰ গাড়ী চলাইছিলা নেকি। একেবাৰে ভাল ৰাষ্টাতো কোনোৱে এনকৈ এক্সিডেণ্ট কৰেনে? তেঁও মুখৰ ভিতৰতে ভোৰভোৰাই কলে, "তাইক আঙুঠিটো লাগে। সেই আঙুঠিটো। "এইখিনি কৈয়েই তেঁও আকৌ অজ্ঞান হৈ পৰিল। তেতিয়ালৈ পুলিচ আহি উপস্থিত হল। সিহতে  আদিনক এম্বুলেঞ্চত লৈ গল । মই তেওঁৰ গাড়ীখন অদৃশ্য হোৱালৈ চাই থাকিলো। নিজক ডাঙৰ অপৰাধী যেন লাগিছে। দুদিন পিছত লৰাজনৰ বিয়া। এই  ঝামেলাত তেওঁক নো কিয় মাজলৈ টানি আনিছো। তেওঁৰ জীৱনটোকে মই সংকটত পেলাইছো। 

আদিনক লৈ গৈ গৈ সন্ধ্যা হৈ আহিল  । এবাৰ আকৌ মই কটিগটোলৈ উভতি আহিব লাগিব। মনটোৱে নিবিচাৰিলেও মই  নিৰুপায়। ঘৰৰ ভিতৰত সোমাই দেখিলো লাইব্ৰেৰীত দাউ দাউ লেহিহান শিখা। দৰ্জা খুলিয়েই মই হতভম্ব।  লাইব্রেৰীৰ মাজমজিয়াত ৰখা আদিনৰ  ধর্মগ্রন্থত  জুই লাগিছে। কাষত জ্বলি থকা মমডাল নুমাই গৈছে। লাইব্রেৰীত ইমান কিতাপ আছে। এইবোৰত জুঁই লাগিলে সৰ্বনাশ। সোনকালে মই কিবা এটা কৰিব লাগিব।  লাইব্রেৰীৰ পৰা একে  দৌৰে ৰুমলৈ আহিলো। উদ্দেশ্য আছিল বাথৰুমৰ পৰা পানী আনি লাইব্ৰেৰীৰ জুই নুমাম। কিন্তু ৰুমত সোমাই দেখিলো ইয়াত মাজত থকা কিতাপখনো সমানে জ্বলি আছে। গোটেই কেইটা ৰুমৰ সকলো কিতাপকেইখন জ্বলিবলৈ ধৰিছে নেকি? এই ভীষণ পৰিস্থিতিত গোটেই কটিগটোত জুই লাগিবলৈ বেছি সময় নালাগে। তাৰ আগতে এই কটিগটো এৰি মই পলাবলৈ লাগিব। যেতিয়া মই গুচি যাবলৈ ধৰিলো তেতিয়া জুইখিনি নুমাই গল। পিছফালে চালো। বহীটোৰ অৱশিষ্ট হিচাপে চাই ৰৈ গৈছে। মই দৌৰি লাইব্ৰেৰীত গৈও দেখিলো একে অৱস্থা। জুই নুমাই গৈ কেবল চাই হৈ গৈছে। তাৰ পিছত ড্ৰয়িং ৰুমত গলো। কিন্তু কি আশ্চৰ্যকৰ । ইয়াত  বহীটো  অক্ষত আছে আৰু  মমবাতিডালো জ্বলিছে। কটিগৰ  আটাইকেইটা কক্ষ মই চেক কৰিলো । বেচমেন্ট, মোৰ বেডৰুম আৰু লাইব্রেৰীৰ বাদে বাকী সকলো কক্ষত বহীবোৰ  অক্ষত অবস্থাত আছে আৰু  কাষত মমবাতি জ্বলি আছে । হঠাৎ এলিচৰ কাণ্ডবোৰ বুজি পালো। যোৱাৰাতি বেচমেণ্টৰ ৰুমত তাই মোক যি  দুঃস্বপ্ন দেখাইছিল । সেই সপোনত এলিচৰ ঠাইত  মই  নিজকে দেখা  পাইছিলো । তাইৰ  মৃত্যুদণ্ডৰ  সময়ত তাইৰ দেহটাক   কুৱাঁটোৰ কাষত থোৱা হৈছিল। পিছত লাইব্ৰেৰীত টেবুলত শুৱাই দিয়া হৈছিল। তাৰ পিছত প্ৰিষ্টৰ কক্ষ তথা মোৰ বেডৰুমত ধৰ্ষণ কৰা হয়। তাইৰ লাচটো যিবোৰ ঠাইত থোৱা হৈছিল তাইৰ আত্মাৰ প্ৰভাৱ সেই সকলো ঠাইতে সীমাবদ্ধ। সেয়ে কুৱাঁটোৰ ওচৰত আজি আদিনৰো এক্সিডেন্ট হৈছে । ঘৰত বাকী সকলো কিতাপ অক্ষত অৱস্থাত থাকিলেও লাইব্ৰেৰী আৰু মোৰ বেডৰুমৰ বহী দুটা পুৰি ছাঁই হৈ গৈছে। বুজি পালো মোক দেখুওৱা সপোনবোৰ ভয় দেখুওৱাৰ বাবে নাছিল। এলিচৰ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠা ৰাতি দেখা প্ৰতিটো সপোনে এক নিৰ্দিষ্ট বাৰ্তা বহন কৰিছিল। কিন্তু ভয়ত মোৰ চিন্তাশক্তি লোপ পোৱাৰ বাবে মই তাৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰিলো। সেইদিনা ৰাতি মই এলিচৰ ডায়েৰীটো আকৌ এবাৰ পঢ়িলো। লগতে ৰাতি দেখা সপোনবোৰো ভাবিবলৈ ধৰিলো। লাহে লাহে সকলো দিনৰ পোহৰৰ দৰে পৰিস্কাৰ হৈ পৰিল। 

(আগলৈ)
চানজিদা চুলতানা
স্বপ্ননীল আকাশ
ভাবানুবাদ
click here to read part 15

Post a Comment

3 Comments