Daini part 16 assamese horror novel ডাইনী পাৰ্ট ১৬


Daini part 16 assamese horror novel ডাইনী পাৰ্ট ১৬

Click here to read part 15
পিছদিনা অফিচ  শেষ কৰি মই নিকটাস্থিত চিমেট্রিলৈ গলো । শতাব্দী গৰকা প্রাচীন এক বিশাল কবৰস্থল । হাজাৰ হাজাৰ মানুহৰ  জীবনৰ কোলাহলৰ শেষত ইয়াতে প্রশান্তিৰ টোপনিত মগ্ন হৈ আছে। চিমেট্রিৰ দুৱাৰত আছে এটা পুলিশ বক্স। ভিতৰত সোমোৱাৰ সময়ত গেটৰ দুয়োফালে দুজন গার্ডৰ  ৰুক্ষ চেহেৰা দেখিবলৈ পালো। চিমেট্ৰিৰ প্রধান দুৱাৰ পৰা  সিটো মূৰৰ দ্বিতীয় দুৱাৰ খন পাৰ হলেই নতুন গির্জাটো পায় । অবশ্যে চিমেট্ৰিৰ ভিতৰেৰে নগৈ হাইৱেৰ কাষৰ সৰু গলিটোৰেও গীৰ্জাটো উঠিব পাৰি।সিটো মূৰৰ দুৱাৰখনতো এজন গাৰ্ডক দেখা পালো। মই তেতিয়া হতাশাগ্ৰস্ত হৈ পৰিছো। উচ্চ দেৱালেৰে আবৰা এই  চিমেট্ৰিৰ দুয়োফালে পহৰাদাৰৰ ব্যবস্থা কৰা হৈছে । সিহতৰ চকুত ধূলি মাৰি প্ৰিষ্টৰ কবৰ খন্দাৰ বাবে  প্রয়োজনীয় যন্ত্রপাতি, যেনে কোৰ, হাতুৰী আদি ভিতৰলৈ নিব পৰা নাযাব। আৰু হতাশাজনক কথাটো হল গেটতেই যে পহৰাদাৰৰ আছে সেয়া নহয়। প্ৰায়  আধাঘণ্টাৰ মুৰে মুৰে এজন গাৰ্ডে ভিতৰৰ কবৰবোৰ চাই ঘুৰি ফুৰি পহৰা দি আছে। কিবাকৈ যদি কবৰ খন্দা বস্তুবোৰ ভিতৰলৈ নিব পৰা সম্ভবো হয় তাৰ পিছতো এই ভিতৰৰ ঘুৰি ফুৰি থকা গাৰ্ডজনৰ চকুৰ পৰা সাৰি যোৱাটো সম্ভৱ নহব।


হঠাৎ গীর্জাৰ পিনে চকু পৰিল । মনত পৰিল  এলিচৰ  ডায়েৰীত তাই  গীর্জাক সাক্ষাৎ নৰকৰ  সৈতে  তুলনা কৰিছিল । মনত পৰিল উপমহাদেশত বৃটিছ শাসনকালত দেশৰ দৰিদ্ৰ অন্য ধৰ্মাবলম্বী লোকসকলক   গীর্জা লৈ আনি বলপুৰ্বক ভাবে ধর্মান্তৰিত কৰা হৈছিল। যিয়ে  ধর্মান্তৰিত হবলৈ অস্বীকাৰ কৰে সিহতৰ সা সম্পত্তি জালিয়তি কৰি হস্তক্ষেপ কৰা হৈছিল।  বৃটিছসকলৰ ভৰি চেলেকা  ঐতিহাসিকবিদ সকলেও নীল কৰৰ বিৰুদ্ধে প্ৰচাৰ কৰিলেও  এই গীর্জা বিষয়ে একেবাৰে নিশ্চুপ।  তেতিয়া ব্ৰিটেইনৰ কাৰখানাত  অপেক্ষাকৃতভাবে  সস্তাত কৃত্রিম নীল প্ৰস্তত কৰা আৰম্ভ হৈ গৈছিল। কিন্তু  এই  কৃত্রিম নীলতকৈ  উপমহাদেশত উৎপাদিত প্রাকৃতিক নীলহে বেছি সমাদৃত আছিল। ফলশ্ৰুতিত কৃত্ৰিম নীল কাৰখানাবোৰে ক্রমাগত লোকচানৰ ফালে ধাবমান হল। তেতিয়া বৃটিছ সকলে দেশৰ নব্য সভ্য শিক্ষিতসকলক  ব্যবহাৰ কৰিলে । সিহতে সিহতৰ  শেতাংগ প্রভুৰ নির্দেশতেই নীলকৰক লৈ কৰা অত্যাচাৰ সাহিত্যত ফুটাই  তুলিলে । গোটেই উপমহাদেশৰ মানুহে গম পালে  নীল কুঠৰিৰ অত্যাচাৰৰ  কথা। তাৰ পিছতেই ঘটিল নীল বিদ্রোহ। মানবাধিকাৰৰ প্ৰশ্ন তুলি নীল খেতি বন্ধো কৰি দিয়া  হয়। দোহাই তুলে নীল চাষ বন্ধ করে দেয়া হয়। তাৰ পিছত  নীলবিদ্রোহৰ  সফলতাৰ  আনন্দত  বিভোৰ ভাৰতীয় সকলে যেতিয়া আনন্দত মছগুল হৈ থাকিল তেতিয়া কৃত্রিম নীল বিক্রী কৰি পেৱা টকাৰে ইংৰাজসকলে আকৌ ব্যবসায় উন্নতি কৰিলে। উপমহাদেশত তেতিয়া গীর্জাবোৰো  এই   নীলকুঠিত কৈ  কোনো গুনেই কম নাছিল। কিন্তু ইংৰাজ  প্রভুৰ  অনুমতি নথকা বাবে গীর্জাৰ নির্যাতনৰ দৃশ্য তৎকালীন সাহিত্যিকসকলে সম্পূর্ণভাবে এৰি চলিলে। জাতিৰ  বিবেক তথা সাহিত্যিকসকলে তেতিয়া যদি  প্রভুভক্তিতকৈ  দেশপ্রেমক ডাঙৰ ভাবি গীর্জাৰ  নির্যাতনবোৰো  সিহতে  সাহিত্যত তুলি ধৰিলে আজি আমাৰ দেশত  এটাও গীর্জাৰূপী নৰকৰ দুবাৰ   নাথাকিলহেঁতেন । নীলকুঠিৰ দৰে সেয়াও বিলীন হলহেতেন।

গীর্জাৰ  ছাদৰ ওপৰত  এটা  কাউৰীৰ কর্কশ চিঞৰে মোক  ইতিহাসৰ পৰা  বাস্তবলৈ ওভোটাই আনিলে। । গীর্জাৰ ছাদৰ পিনে চাই এনে লাগিল  এই নৰকৰ দ্বাৰেই মোক  চিমেট্ৰিৰ ভিতৰলৈ বস্তুবোৰ নিয়াত সহায় কৰিব।  গীর্জাটো চিমেট্ৰিৰ একেবাৰে লগা লগিকৈ আছে।  কোনো প্ৰকাৰে যদি মই  গীর্জার ছাদত হাতুৰি কোৰ  ইত্যাদি তুলিবলৈ পাৰো তাৰ পৰা পেলাই দিলেই সেইবোৰ চিমেট্ৰিৰ দেৱালৰ ভিতৰত পৰিব। তাৰপিছত তললৈ গৈ চিমেট্ৰিত সোমাই এইবোৰ বিচাৰি ললেই হল।  আৰু তাৰ   এজন গার্ডক মই সহজেই কাবু কৰিব পাৰিম । মাত্ৰ লক্ষ্য ৰাখিব লাগিব কামখিনি যাতে চুপচাপ হয়। আর্তনাদ কৰাৰ আগেই গার্ডক মুখত সোপা দি মুৰত  কোবাই অজ্ঞান কৰিব লাগিব। তাৰ পিছত হাতত ১ঘণ্টা সময় পোৱা যাব। এই এক ঘন্টাৰ মাজতে মই কবৰ খান্দি প্ৰিষ্টৰ লাচটো উলিয়াই তাৰ হাতৰ পৰা আঙুঠিটো লৈ আকৌ আগৰ দৰে থব লাগিব। স্পষ্টভাবে  বুজি পালো   এই কাম দিনৰ পোহৰত অসম্ভব। ৰাতিৰ আন্ধাৰত গা লুকাই কামটো কৰিব লাগিব। কথাবোৰ ভাবি মোৰ গাৰ নোম শিয়ৰি উঠিল।

এবাৰ গীর্জাত সোমোৱা প্রয়োজন। তাৰ পৰা পহৰাৰ ব্যবস্থাটো এবাৰ চাব লাগিব ।  আশাকৰো ইমান  কঠোৰ নিৰাপত্তা ব্যবস্থা  নাথাকে। চিমেট্ৰিৰ পিছদুৱাৰেৰে গৈ  গীর্জাৰ প্রাঙ্গণত ভৰি ৰাখিলো ।

গীর্জাটো একেবাৰে খালী। ছাদত  এটা বিশাল ক্রুছ থিয় হৈ  আছে। তাৰ তলত  এটা বিশাল পেণ্ডোলিয়াম ঘড়ী । বাহ। মোৰ কামৰ বাবে  একেবাৰে সুবৰ্ণ সুযোগ । বস্তুবোৰ সকলো  ক্রুছৰ তলত লুকাই থম আৰু ঘড়ীটোৱে যেতিয়া প্ৰতি ঘন্টাৰ অন্তত  ঢং ঢং কৈ  বাজি  উঠিব তেতিয়াই সেইবোৰ চাদৰ পৰা চিমেট্ৰিৰ ভিতৰত পেলাই দিম। ঘড়ীটোৰ শব্দ আৰু সেইবোৰ তলত পৰা শব্দ একেসময়তে হব বাবে তাত কোনো গাৰ্ডে গম নাপাব। পিচত ক্ৰুচৰ সৈতে ৰচি এডাল বান্ধি সেইডালেৰেই চিমেট্ৰিৰ ভিতৰলৈ মনে মনে সোমাব পাৰিম। মনটোক নিজে বা বা দিলো। মাজে মাজে নিজৰ বুদ্ধি দেখি নিজেই আবাক হও। হি হি হি। কিন্তু এতিয়াই এয়া  নিশ্চিত হোৱা  উচিত নহব। । গীর্জাৰ ভিতৰত সোমাই চাব লাগিব কোনোৱা আছেনে নাই।। ইয়াৰ খৃষ্টানসকল    সাপ্তাহিক ধার্মিক। গোটেই সপ্তাহ মদ গিলি  ৰবিবাৰে  গীর্জাত গৈ  যিশুৰ  ওচৰত ক্ষমা খুজিব। কি আজব চিষ্টেম সিহতৰ । আজি বুধবাৰ। সেয়ে  সম্ভবত আজি গীর্জাটো নিতাল হৈ আছে ।  সাবধানীৰ মৰণ নাই । হঠাৎ এনে লাগিল এটা ছায়ামূৰ্তি মোৰ কিছু দুৰেৰে পাৰ হৈ গল। লগে লগে মই চাদৰ ক্ৰুচটোৰ দিশত চাই একাগ্ৰতাৰে বুকুত তিনিবাৰ ক্রুছ আকিলো। আশা কৰিছো অভিনয়টো  নিখুঁত হৈছে । কোনোৱে যদি মোক অনুসৰণ কৰিও আছে তেও যেন বুজে মই এগৰাকী ধর্মপ্রাণ খৃষ্টান । ভাবলেশহীন চেহেৰাৰে স্থিৰ পদক্ষেপ দি আগুৱাই গলো গীর্জাৰ দুৱাৰৰ পিনে  । দৰ্জা  খুলি সোমাই পৰিলো  সাক্ষাৎ নৰকৰ ভিতৰত । মতটো নৰ্মেল কৰি  পলিচ ভাষাত সুধিলো , ভিতৰত কোনোবা আছেনে ? প্রত্যুত্তৰত এটা এন্দুৰ মাজমজিয়াৰে দৌৰি গল ।আকৌ এবাৰ মাতিলো  কিন্তু কোনোৱে  উত্তৰে নিদিলে । গীর্জাৰ  প্রার্থনা ঘৰ, কনফেশন ৰুম , বাথৰুম সকলোতে চালো। কোনো নাই। সাৰ সুৰে খোজ কাঢ়ি চিৰিৰে ওপৰলৈ উঠিবলৈ ধৰিলো। শুন্য গীর্জাটোত  নিজকে অকলশৰীয়া যেন লাগি এটা অজানা ভয়ে মনত বাহ ললে। মই তেতিয়ালৈ গম পোৱা নাই। ওপৰৰ তলাত মোৰ বাবে যে এজনে অপেক্ষা কৰি আছে

(আগলৈ )

চানজিদা চুলতানা
স্বপ্ননীল আকাশ 
ভাবানুবাদ

Click here to read part 17

Post a Comment

2 Comments

  1. বানান বোৰত অকণমান গুৰুত্ব দিব, শব্দৰ অলংকাৰবোৰেই পঢ়াত আগ্ৰহ যোগায়,
    প্ৰকাশ কৰাৰ আগত আকৌ এবাৰ পঢ়ি চোৱাটো জৰুৰী।
    ধন্যবাদ,
    আমাক ইমান ধুনীয়া উপন্যাস এখনৰ সোৱাদ দিয়াৰ বাবে...

    ReplyDelete