header ads

Daini part 13 ডাইনী assamese novel

Daini part 13 ডাইনী assamese novel 

click here to read part 12
হে ভগৱান ! মোৰ সৈতে এইবোৰ কি আৰম্ভ হ’ল ? এলিচ ছোৱালীজনীৰ মোৰ সৈতে এক অদ্ভুত ধৰণে খেলা খেলিছে । গোটেই ৰাতি মোক বেচমেণ্টত বন্দী কৰি ৰাখিছে । গোটেই ৰাতিটো মই এক ভয়াৱহ দুঃস্বপ্নত পাৰ কৰিছোঁ । ৰাতিপুৱা যেতিয়া বেচমেণ্টৰ পৰা ওলাই আহিলো তেতিয়া নিজকে নিঃশেষিত হোৱা যেন লাগিল । গোটেই ৰাতিৰ দুঃস্বপ্নই মোক অলপো শান্তিত শুবলৈ নিদিলে । কিন্তু, এতিয়া মই অফিচ যাব লাগিব । সন্মুখত আৰু এটি কামৰ দিন আছে । বাথৰুমত সোমাই যিমান সম্ভৱ আইনাৰ পিনে নোচোৱাকৈ মই কামবোৰ কৰিলোঁ । কাপোৰ পিন্ধিলোঁ । ভয়ংকৰ কটিগ’টোৰ সন্মুখত আৰু এটি ৰৌদ্ৰোজ্জ্বল দিন । দিনৰ উষ্ণতাই মোৰ মনৰ পৰা ৰাতিৰ স্মৃতিবোৰ পাহৰি যোৱাত সহায় কৰিলে । গেৰেজলৈ গৈ গাড়ীখন ষ্টাৰ্ট দিলোঁ । ড্ৰাইভ কৰি যেতিয়া চকু পৰিল ৰাতিৰ ঠাইখিনিলৈ য’ত মই ৰাতি সপোনত মোৰ মৃতদেহটো পোৰা দেখিছিলোঁ । ধমনিৰ মাজেৰে শীতল ৰক্তৰ এটি ধাৰা নামি গ’ল । সেইদিনা মোৰ লগত আৰু একো বেয়া নঘটিল । কোনো অঘটন বিহীনভাৱে কটিগ’টোৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিছোঁ যে তাকে ভাৱি মনত শান্তি পালোঁ । যদিওবা দিনৰ শেষত মই ইয়ালৈ আকৌ ঘূৰি আহিব লাগিব । আৰু অন্য এক ভয়াৱহ ৰাতিৰ কাৰণে ।
    সিদিনা অফিচত বহুত বেয়াদিন গ’ল । তলৰ বৰ্গৰ কৰ্মচাৰী এজনৰ সৈতে মোৰ কিছু খণ্ডযুদ্ধৰ সূত্ৰপাত হ’ল । ফোন আহোঁতে বাৰে বাৰে সঁচকিত উঠিছিলোঁ । টেবুলত থোৱা কাগজ-কলমও বিচাৰি পোৱা নাছিলো । আৰু এটা সময়ত এনেকৈয়েই টেবুলত মূৰ থৈ শুই পৰিলোঁ । অফিচৰ পৰা ঘূৰাৰ আগত ভাবিলোঁ এবাৰ মেইলতো চেক কৰি লওঁ । আজি শুকুৰবাৰ । কাইলৈৰ পৰা দুদিন অফিচ বন্ধ হ’ব বাবে অহা নহ’বই । যদি কিবা গুৰুত্বপূৰ্ণ মেইল থাকে তাৰ উত্তৰ দিবলৈ দুদিন বেছি দেৰি হৈ যাব পাৰে । মেইল বক্সতো খুলিয়েই এটা মেইল দেখি চকু কঁপালত উঠিল । মেইলতো আদিন আদিজুৱে পঠাইছে । দ্বিতীয় বিশ্বযুদ্ধত হিটলাৰৰ নাজী বাহিনীয়ে পোলেণ্ডৰ প্ৰায় দুই লাখ ইহুদীক হত্যা কৰিছিল । সেইসময়ত অধিকাংশ ইহুদীৰেই হয় মৃত্যু হৈছিল, নহয় দেশ এৰি পলাই গৈছিল । তাৰ পৰাও অতি কম সংখ্যক ইহুদী পৰিয়ালে পোলেণ্ডতেই টিকি থাকিব পাৰিছিল । সেইসকল ভাগ্যৱান ইহুদী পৰিয়ালৰ ভিতৰতেই এটা হ’ল আদিনৰ পৰিয়াল । আদিনৰ লগত মোৰ প্ৰথম পৰিচয় হয় ফেচবুকৰ মেচেঞ্জাৰত, আজিৰ পৰা প্ৰায় চাৰি মাহ আগত । তাৰ পাছত বহুদিন আমি মেচেঞ্জাৰতেই কথা পাতিলোঁ । আৰু তেওঁ সৈতে কথা পাতি গম পালোঁ যে তেওঁ এজনী গোড়া ইহুদী আৰু স্বপ্ৰণোদিত পাৰ্টটাইম পেৰানৰ্মেল ইনভেষ্টিগেটৰ । এজন মুছলমান হিচাপে এজন ইহুদীৰ প্ৰতি মোৰ এটা বেয়া ভাৱ আছিল । আদিনও এগৰাকী ইহুদী তাৰোপৰি অতি গোড়া । মই তেওঁক অৱহেলা কৰিবলৈ আৰম্ভ কৰিলো । মেইলৰ উত্তৰো নিদিওঁ আৰু মেচেঞ্জাৰৰ কলও ৰিচিভ নকৰোঁ । এটা সময়ত তেওঁও মোৰ কথাবোৰ বুজিব পাৰি মোৰ সংগ এৰিবলৈ ধৰিলে । আজি আদিনে মেইল কৰি জনাইছে যে, দু-সপ্তাহৰ পিছত তেওঁৰ বিয়া পাতিছে । এতিয়া তেওঁ নিজ ধৰ্মত গোড়া নহয় । তেওঁ এতিয়া এটা ইলেক্টট্ৰিকেল কোম্পানীত চাকৰি কৰি আছে । মোকো তেওঁৰ বিয়ালৈ নিমন্ত্ৰণ জনাইছে । কিন্ত প্ৰকৃত কথাটো হ’ল আদিনে মোক মনে মনে ভাল পাই । কিন্তু মোৰ অৱহেলাই তাৰ প্ৰেমত আঘাত কৰে । তেওঁৰ বিয়ালৈ মোক নিমন্ত্ৰণ জনাই প্ৰেমৰ প্ৰত্যাখ্যানৰ প্ৰতিশোধ ল’বলৈ বিচাৰিছে । বেচেৰা আদিন !!


তেওঁক হয়তো কেতিয়াও কোৱা নহ’ল, যে মই এনগেজদ্ । অতি সোনকালে মোৰ বিয়া হ’ব । হঠাত্ মনত পৰিল ভৌতিক কামবোৰৰ ওপৰত তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে । তেওঁক এলিচৰ কথাটো খুলি ক’ব পৰা যাব । কিন্তু তেওঁ জানো মোক বিশ্বাস কৰিব ? বিশ্বাস কৰিলেও এলিচক আমাৰ ঘৰটোৰ পৰা আঁতৰাই দিব পাৰিব নে ? এবাৰ কৈ চোৱা যাওঁক । সেইবুলি তেওঁৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ পৰা তেওঁ ফোন নম্বৰটো সংগ্ৰহ কৰিলো আৰু ফোন কৰিলোঁ । হেল্ল’ আদিন, অভিনন্দন । যি নহওঁক, অৱশেষত তুমি বিয়াত বহিবলৈ মন মেলিলা ! আদিনেও মৃদু হাঁহিৰে ধন্যবাদ জনালে । এতিয়া মই নিজৰ কামৰ বিষয়ে ক’বলৈ ল’লো । আদিন তুমি আজি মোৰ সৈতে ডিনাৰ কৰিবা নে ? তেওঁ ক’লে মই যি খাবলৈ খোজো তুমি দিবা নে ? মই বুজিলো, তেওঁ যৌনতাৰ বিষয়ে ইংগিত দিছে । হাঃ হাঃ ল’ৰাবোৰৰ যৌন পিপাশা হৈছে দুৰ্বলতা । মই কথাটোত বৰ এটা গুৰুত্ব নিদি পুনৰ মূল কথাটোলৈ আহিলো । শুনা আদিন, মোৰ নতুন ঘৰটোত ভৌতিক কাণ্ড-কাৰখানা চলিছে । এতিয়া মোক তোমাৰ সহায়ৰ প্ৰয়োজন । তেওঁ মোক সহায় কৰিবলৈ ৰাজি হ’ল । কথামতেই আজি আবেলি ছয় বজাত আদিন মোৰ লগত ‘জিনেটস্কি হুইস্কি’ত ডিনাৰ কৰিবলৈ আহিব । মোৰ অফিচ ছুটী হয় বিয়লি পাঁচ বজাত । অফিচৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি প্ৰায় এক ঘণ্টা গাড়ী চলাই মই ছয় বজালৈ পাঁচ মিনিট থাকোঁতেই ৰেস্তোৰাখনত আহি উপস্থিত হ’লো । আদিন তেতিয়াও আহি পোৱা নাই । তেওঁৰ সৈতে আজিহে মোৰ প্ৰথম মুখামুখি হ’ব । ইয়াৰ আগতে আমাৰ শেষ দেখাদেখি মেচেঞ্জাৰৰ ভিডিঅ’ কলৰ জৰিয়তেই আছিল । এনেতে মুখমণ্ডল দাড়-গোফেৰে আবৃত আৰু দীঘল চুলিৰ মানুহজনৰ চেহেৰাটো মই যেতিয়া মই কল্পনা কৰিছিলোঁ, তেতিয়া এজন কোট-টাই পৰিহিত ক্লীন-চেভ কৰা এজন জেণ্টল মেন আহি মোৰ আগৰ চেয়াৰখনত বহিল । মই ক’লো হেল্ল’ মিষ্টাৰ এইখন চকী বেলেগ এজন মানুহৰ বাবে ৰাখি থৈছোঁ । যাক মই লগ কৰিবলৈ আহিছো । আপুনি বেলেগ ঠাইত বহক । মানুহজনে নুঠিলে আৰু খিলখিলাই হাঁহিবলৈ ধৰিলে । দেখাত ভদ্ৰ হ’লেও আচৰণ কি অসভ্য ! কিন্তু তেওঁৰ চকু দুটি খুব চিনাকী চিনাকী লাগিল । আৰে এওঁৱেইতো আদিন ! দাড়ি-গোফবিহীন আদিন । তেওঁ আগতকৈ সলনি হৈছে । এলিচৰ ডায়েৰীৰ এষাৰী বাক্য মনত পৰিল—”কিমান যে সোনকালে মানুহবোৰ সলনি হয় !” মই খোৱাৰ অৰ্ডাৰ দিলোঁ । খোৱাৰ সময়ত মই তেওঁক সকলোখিনি ক’লো । তেওঁ ক’লে আজি চেষ্টা কৰি চাম । তেওঁ প্ৰথমতে আমাৰ কটিগ’টোৰ সম্পৰ্কে জানিবলৈ বিচাৰিলে । মই তেওঁক বিস্তাৰিতভাৱে ক’লো । কটিগ’টোত মুঠ দহটা ৰুম, তিনিটা বেডৰুম আৰু প্ৰত্যেকটোৰ সৈতে সংযুক্ত বাথৰুম, এটা কিটচেন, এটা ডাইনিং, এটা ড্ৰইং, দুটা ষ্ট’ৰৰুম, দুটা গেষ্টৰুম, এটা মধ্যযুগৰ পৰিতক্ত গীৰ্জা । তাৰ বেচমেণ্টত এটা পাঁচটা কোঠাযুক্ত বন্দীশালা আছে । তাৰে এটাত এলিচক বন্দী কৰি ৰখা হৈছিল । সম্ভৱত তিনি নম্বৰ কোঠাটোত । যোৱা ৰাতি য’ত মই বন্দী হৈ আছিলোঁ । মই মন কৰিলোঁ, মোৰ কথাবোৰ তেওঁ মূৰ দুপিয়াই সমৰ্থন কৰি আছিল । শেষত তেওঁ ক’লে, তেওঁ ঘৰৰ পৰা কিছু সঁজুলি লৈ আহিব । হয়তো ভাবিছে এলিচৰ আত্মাৰ সৈতে মুখামুখি হোৱা ইমানো সহজ নহয় নতুবা অসম্ভৱো নহয় । খোৱাৰ শেষত ডিনাৰৰ বিল তেওঁ পৰিশোধ কৰিব বিচৰা স্বত্বেও জোৰ কৰি মইয়েই দি দিলোঁ । তাৰপিছত দুয়োজন গাডীত উঠি ঘৰমুৱা হ’লো । মই কটিগ’লৈ আহি গাড়ীখন পাৰ্ক কৰি ভিতৰলৈ সোমালোঁ । নিৰ্জন এই ঘৰটোত সোমাবলৈ মোৰ ভয় লগা হৈছে । গাড়ীতে এটা হিপহ’প গান লগাই আদিন অহালৈ বাট চালোঁ । অপেক্ষাৰ সময়খিনি একেবাৰে বিৰক্তিকৰ । এটা সময়ত গাড়ীৰ চিটতেই শুই পৰিলোঁ । আদিনৰ গাড়ীৰ হৰ্ণৰ শব্দত টোপনি ভাগিল । যি হওঁক তেওঁ আহিছে । এইবাৰ এলিচক মুক্তি দি মোৰ কটিগ’টো নিৰাপদ কৰিম । দুয়ো গাড়ী থৈ একেলগে কটিগ’টোৰ ভিতৰলৈ সোমাই গ’লো । মোৰ সেই পুৰণা ভয় ভয় অনুভূতিটো আকৌ ওভতি আহিল । এনে লাগিছে যেন আজি কিবা অশুভ ঘটিব । তেওঁ গাড়ীৰ পৰা বহুত ইহুদী ধৰ্মৰ গ্ৰন্থ, কেইডালমান মমবাতি, এটা শুকান পাত ভৰ্তি বেগ, এবটল পানী আৰু বহুতো বস্তু গাড়ীৰ পৰা নমাই আনিলে । তেওঁৰ ওপৰত বিশ্বাস ৰাখি তেওঁৰ চকুত সাহস বিচাৰিবলৈ ধৰিলো । কিন্তু মই যিটো বিচাৰিছিলোঁ তেওঁৰ চকুত যেন সেইটো নাছিল ! তেওঁৰ চকুত কেৱল অনিশ্চয়তা, কৌতুহল আৰু আত্মবিশ্বাসৰ অভাৱ হে দেখিবলৈ পাইছিলোঁ । দৰ্জা খুলি আমি দুয়ো সেই অভিশপ্ত ঘৰটোৰ ভিতৰলৈ সোমাই আহিলো । আদিনে প্ৰতিটো ৰুমতে সোমাই হিব্ৰু ভাষাত কিছু মন্ত্ৰ পঢ়িলে । তাৰপিছত প্ৰতিটো ৰুমৰেই মাজমজিয়াত কিছু শুকান পাত ৰাখি তাৰ ওপৰত এখনকৈ ধৰ্মীয় গ্ৰন্থ ৰাখিলে । তাৰপিছত তেওঁ সেই স্থানৰ কাষত এডালকৈ মমবাতি জ্বলালে । কাম শেষ হোৱাৰ পিছত তেওঁক যথেষ্ট সন্তোষ মনেৰে দেখা গ’ল । এইবাৰ মোলৈ চাই তেওঁ ক’লে—”কাম হৈ গ’ল । মমবাতি দাল জ্বলি শেষ হ’লেই এইটো ৰুমত যাৰেই অশৰীৰী আত্মা আছে সি ওলাই যাবলৈ বাধ্য হ’ব । ” মই তেতিয়াও তেওঁৰ কথাত বিশ্বাস কৰিব পৰা নাছিলোঁ । তথাপিও মিচিকীয়া হাঁহি মাৰি তেওঁক ধন্যবাদ জনালোঁ । মই তেওঁক অলপ ক’ল্ড ড্ৰিংকছ্ আনি দিলোঁ । ইমান দেৰিৰ পৰা তেওঁৰ কণ্ঠ হয়তো শুকাই গৈছে ! আদিনে মদ খাবলৈ বিচাৰিলে । মই তেওঁক বিনীত ভাৱে ক’লো যে মই মদ নাখাওঁ আৰু সেইবাবে কটিগ’টোত কোনোধৰণৰ মদও নাই । তেওঁক বেচ হতাশাত ভোগা দেখা গ’ল । বুজিলোঁ, তেওঁৰ আগৰ সকলো অভ্যাসৰ পৰিৱৰ্তন হ’লেও মদ খোৱা স্বভাৱটোৰ এতিয়াও পৰিৱৰ্তন হোৱা নাই । তেওঁ একো নোখোৱাকৈয়েই ঘূৰি যাবলৈ বিচাৰিলে । তেওঁ গাডী ঘূৰাই ঘূৰি যোৱাৰ সময়ত মই হাত দাঙি তা-তা দিলোঁ । নিশাৰ আন্ধাৰ ফালি তেওঁৰ গাড়ীখন ধীৰ গতিত আগুৱাই যাবলৈ ধৰিলে । অভিশপ্ত ঘৰটোত আৰু এটা ৰাতিৰ বাবে মই অকলশৰীয়া হৈ গ’লো । সঁচাকৈয়েই অকলশৰীয়া নে ? নে দুঃস্বপ্নৰ সাগৰ এখন লৈ মোক সংগ দিয়াৰ বাবে এলিচও মোৰ লগত আছে..................!!!

 ( আগলৈ )
#চানজিদা চুলতানা
#ঋতু প্ৰিয়ম
#ভাবানুবাদ

তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন আৰু আপোনাৰ দৰে আন দহজনকো পঢ়িবলৈ দিয়ক। কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।

Post a Comment

0 Comments