header ads

Daini Part 4

Daini Part 4

click here to read part 3
"আজি হঠাৎ এজন প্ৰহৰী চিঞৰ বাখৰ কৰি মোক গালি গালাজ পাৰিবলৈ আৰম্ভ কৰিলে। দুদিন আগতে মই যিজন ৰক্ষীক অভিশাপ দিছিলো তেওৰ হেনো চিমিলিয়াৰ যুদ্ধত মৃত্যু হৈছে। স্বাভাৱিকতেই সিহতে ভাবিছে মই হেনো খুন কৰিছো। তিনিটা হত্যাৰ দায় মোৰ গাত লাগিছে। হায় ইশ্বৰ, এইবোৰ কি তোমাৰ সৃষ্টি। যুদ্ধত মানুহে মাৰিবলৈ যায় নহলে মৰিবলৈ যায়। মৰিবই.. কিন্তু তুমিতো জানাই মই কাকোৱেই খুন কৰা নাই। কিন্তু সিহতে মোক ইয়ালৈ ধৰি আনিছে। হায় ইশ্বৰ। তুমি ইয়াৰ বিচাৰ কৰা। তুমি এই পাপীবোৰক ক্ষমা কৰা। ৰক্ষীসকলে কোৱাকুই কৰিলে যিমান সম্ভৱ সোনকালে মোক মৃত্যুদণ্ড দিব লাগে তাতে সকলোৰে মংগল। এইবোৰ শুনি মাৰ্টিনী উদ্দিগ্ন হৈ পৰিছে। তাই মোক সাবটি ধৰি ফেকুঁৰিবলৈ ধৰিলে। এই মুহূৰ্তত তাইক মোৰ ইশ্বৰৰ দূতযেন লাগিল। এই  অপবাদ, ঘৃনা, লাঞ্চনা মাজতো কেবল মোক ভালপাবলৈ যেন ইশ্বৰে স্বৰ্গৰ পৰা এক অপ্সৰা মৰ্তলৈ পঠিয়াই দিছে। ধন্যবাদ ইশ্বৰ। মোৰ দৰে পাপীক দয়া কৰাৰ বাবে "

তাৰ পিছৰ  পৃষ্ঠা,

"আজি সন্ধিয়া সিহঁতে মোক  শুদ্ধিকৰণৰ বাবে  প্ৰিষ্টৰ কাষলৈ লৈ গল । চেলৰ দৰ্জা খুলি সিহতে যেতিয়া মোক টানি নিলে মাৰ্টিনীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তেতিয়ালৈ মই জনা নাছিলো শুদ্ধিকৰণৰ বস্তুটো কি। যোৱাৰ সময়ত যিমান সম্ভৱ তাইক মই ঘুৰি ঘুৰি চাই আছিলো। তাই মাটিত পৰি উন্মাদৰ দৰে চুলি আচুৰি আঁচুৰি কান্দিবলৈ লৈছিল। এটা সময়ত চেলৰ দেৱালখনৰ বাবে তাইৰ চেহেৰাটো ঢাক খালে। মই সৰ্বশক্তি প্ৰয়োগ কৰি ওলাই আহিবলৈ খুজিলো। চিঞৰি কলো " নাকান্দিবা মাৰ্টিনী। তোমাক মই ভালপাওঁ।" 

ৰক্ষীসকলে মোক লৈ প্ৰিষ্টৰ ৰুমলৈ লৈ গল। গীৰ্জাৰ উচ্চ তলাত বিলাসবহুল কোঠা। আসনত অধিস্থিত প্ৰিষ্টক  দেখি মই শিৰনত কৰি সন্মান জনালো। তাৰ পিছত আঠুকাঢ়ি তেওঁৰ ভৰিৰ স্পৰ্শ কৰি কলো , "ধর্মাবতাৰ, আপুনি মোক চিনি পোৱা নাই। মই  শৈশবত  আপোনাৰ  গীর্জাত দুবছৰৰ বিদ্যার্থী আছিলো । মোৰ  জীবনত  এনে কোনো ৰবিবাৰ নাই যিদিনা আমি সাপ্তাহিক প্রার্থনাত  ফাঁকি দিছো। মই  স্ৰষ্টাৰ এজনী  একনিষ্ঠ সেবিকা হিচাপে  জীবন উৎসৰ্গা কৰিবলৈ খোজো। মা মেৰীৰ কচম মই ডাইনী নহয় ।"

প্রিষ্টে মোৰ মুৰত লাঠ মাৰি কলে, মই হেনো ছদ্মবেশী ডাইনী। ধাৰ্মিকতাৰ ছদ্মবেশত মই ৩ জনক খুন কৰিছো। সেয়ে মোৰ এই দোষৰ শাস্তি হব মৃত্যুদণ্ড। কিন্তু দণ্ডৰ আগেয়ে মোৰ দেহটোক পৰিশুদ্ধ কৰিবলৈ লাগিব যাতে মৃত্যুৰ পিছত মোৰ পাপাত্মা মোৰ দেহলৈ আৰু উভতিব নোৱাৰে। প্ৰিষ্টৰ ইংগিতত দুজন ৰক্ষী আহি মোৰ দুহাত বান্ধি দিলে। প্রিষ্টে চুৰীখনেৰে মই পৰিহিত সকলো কাপোৰ কাটি মোক উলংগ কৰি দিলে। মই লজ্জাত দেহৰ সৰ্বশক্তিৰে চিঞৰি উঠিলো। মোৰ বিশ্বাস আছিল মা মেৰীয়ে মোৰ চিৎকাৰ শুনি সহায় কৰিব। কিন্তু তাৰ পৰিবৰ্তে প্ৰিষ্টৰ বিশাল হাতৰ চৰ খাই মই লুটিখাই পৰিলো "... 

এই পৃষ্ঠাটো পঢ়ি পঢ়ি মোৰ হাত ভৰি জিনজিনাবলৈ ধৰিলে। অনুমান কৰিবলৈ পাৰিছিলো এলিছৰ ওপৰত যৌন নির্যাতন চলোৱা হৈছিল। কঁপা কঁপা হাতেৰে  পৃষ্ঠাটো ওলোটাই দিলো ।

" সিহতে মোক কাষৰ বিচনালৈ লৈ গৈ শিকলিৰ সৈতে বান্ধি দিলে।  প্ৰিষ্টে আহি মোৰ নগ্ন দেহত মন্ত্ৰপুত পানী ছটিয়াই দিলে। তাৰপিছত তেওঁ মোৰ দেহটোক গোটেই ৰাতিটো ধৰি চাৰিবাৰ ভোগ কৰিলে। মই গোটেই ৰাতিটো মা মেৰীক সহায়ৰ বাবে চিঞৰি আছিলো কিন্তু ইশ্বৰো যেন নিশ্চুপ। ৰাতিপুৱা এই  বিধ্বস্ত দেহাৰে চেললৈ মোক লৈ যোৱা হল।  মোক তেওঁলোকে পৰিস্কাৰ হবলৈও নিদিলে। মোৰ দুভৰিৰ মাজ অংশত ইমান কষ্ট হৈছিল যে মই খোজকাঢ়িবলৈ নোৱাৰা হৈছিলো। কিন্তু ৰক্ষীৰ নিৰ্দয় চাবুকৰ কোবত কোনোৰকমে চেললৈ গৈ পালো... মার্টিনী শুই  আছিল। মোক দেখি দৌৰি আহি তাই সাৱটি ধৰিলে মোক। মই সামান্য  ইতস্তত বোধ কৰিলো । মোৰ দেহত সকলোতে তেজ, বীৰ্য্যৰ দাগ কিন্তু তালৈ তাইৰ ভ্ৰুক্ষেপ নাই। এটা সময়ত মই ক্লান্ত হৈ তাতে শুই পৰিলো। সপোনত মই মোৰ শৈশৱটো দেখিছো। দেখিছো গীৰ্জাৰ প্ৰশিক্ষণ শিৱিৰত মোক লৈ মোৰ মা দেউতা আহিছে। এইবোৰ দেখি মোৰ মনটো ভাল লাগি গৈছে। মই বহুত ফুৰ্তি কৰিছো। তাৰ পিছত মা দেউতাই মোক লৈ ঘোৰাৰ গাড়ীত ঘৰলৈ আহিল। সন্ধিয়া মোৰ টোপনি ভাগি গল। সাৰ পাই দেখিলো  মার্টিনী তাইৰ কাপোৰৰ পৰা এটা অংশ চিৰি এখন ৰুমাল তৈয়াৰ কৰিছে। কাষত থকা পানীৰ মগটোৰ পৰা পানীত সেইখন তিয়াই মোৰ দেহৰ সকলো তেজ বীৰ্য্য মচি আছে। ঘৃণাত মোৰ মুখ কোচ খাই গল। এয়াই যদি শুদ্ধিকৰণ তেন্তে অশুদ্ধিকৰণ কি হব। অলপ পৰিস্কাৰ হৈ বাইবেলখন লিখিবলৈ বহিলো। যোৱা নিশাটোৰ বাবে মোৰ ইশ্বৰৰ ওপৰত কোনো অভিযোগ নাই। এয়াই হয়তো মোৰ কপালত লিখা আছিল। কিন্তু মোৰ এটাই অনুশোচনা। মই প্ৰিষ্টৰ দৰে  পাষণ্ড এটাক ধৰ্মাবতাৰ বুলি মাতিছো। তাৰ ভৰিত পৰি প্ৰাণ ভিক্ষা কৰিছো। তাতকৈ মই মৰি গলেই ভাল আছিল । "

এই পৃষ্ঠাটো পঢ়ি  মোৰ শৰীৰটো থৰ থৰ কপিবলৈ ধৰিছিল। ইমানৰ পিছতো ছোৱালীজনী কেনেকৈ ভাগি পৰা নাই তাক লৈ মই ভাবুক  হৈ পৰিলো। ভগবানৰ প্ৰতি অটুত বিশ্বাস ৰাখি গৈছিল। কিন্তু ধর্মৰ  এই ধৰ্মগুৰুবোৰৰ ধৰ্মৰ নামত অধৰ্মৰ চৰ্চাই মোক বিস্মিত কৰি তুলিলে। এয়াই হয়তো মধ্যযুগীয় বৰ্বৰতা। এযাই হয়তো ধৰ্ম ব্যৱসায়ীৰ আচল ৰুপ । এলিছৰ দৰে সেই ধৰ্ম বেপাৰীবোৰৰ প্রতি মোৰ ঘৃণা উপজিল। পিছৰ পৃষ্ঠাটো ওলোটাবলৈ ধৰোতেই মোৰ ঘড়ীৰ এলাৰ্ম বাজি উঠিল। কি আশ্চৰ্য্য গোটেই ৰাতি মই লাইব্ৰেৰীত এলিছৰ ডায়েৰী পঢ়ি পাৰ কৰিছো। এলিচক মোৰ একাকীত্বৰ বন্ধু, সুখ দুখৰ সংগী যেন লাগিল। মুখৰ ভিতৰতে ভোৰভোৰাই কলো।" তোমাক ভালপাবলৈ লৈছো মই এলিচ।"

যি কি হওক বহুত হল। কি যে মই ঘৰটো এৰি তাইক আৰু নিসংগ কৰিবলৈ খুজিছিলো। মই মোৰ ঘৰটো এৰি কতো নাযাও। ইয়াতে থাকিম। এলিচৰ সৈতে। মন যোৱা নাই অফিচলৈ যাবলৈ। এলিছক এৰি যাবলৈ মন যোৱা নাই। কিন্তু অফিচ মই যাবই লাগিব। ব্ৰেকফাষ্ট কৰি গাড়ীখন লৈ ওলাই গলো। । 

(আগলৈ) 

লাইক কৰি কমেণ্ট কৰি পেজত এক্টিভ থাকক। পোষ্টবোৰ পঢ়ি উঠি লাইক নিদিলে ফেচবুক এলগৰিথমে আমাৰ পেজখন আপোনাৰ পছন্দৰ পেজৰ পৰা আতৰাই আনে। যাৰ বাবে আপুনি আমাৰ পোষ্টবোৰ নেদেখা হব।

-চানজিদা চুলতানা
--স্বপ্ননীল আকাশ
(ভাবানুবাদ)

# ভাল লাগিলে শ্বেয়াৰ কৰক। 
click here to read part 5

Post a Comment

0 Comments