header ads

ডাইনী daini Part 9 best assamese novel

Best assamese novel book download

ডাইনী daini Part 9 best assamese novel 

CLICK HERE TO READ PART 8
সেই ৰাতি তিনিটা ভয়ংকৰ সপোন দেখিলো মই। প্রথমে দেখিলো মই অফিচৰ পৰা গাড়ীত আগৰ দৰে ঘৰলৈ আহিছো। গেৰেজত গাড়ীখন পাৰ্ক কৰি ওলাই আহোতে দেখিলো আমাৰ ঘৰৰ চাদত মই বাথৰুমৰ আইনাত দেখা সেই ছোৱালীজনী ওলমি আছে। গলটো বেকা হৈ  নিস্প্ৰাণ চকু দুটিৰে মোৰ পিনে চাই আছে। হায় হায়! মোৰ ঘৰত এটা  লাচ আছে। মই ভাবিবলৈ ধৰিলো ইয়াক লৈ কি কৰা যাব। পুলিচক ফোন কৰিম নে এই বিশাল ঘৰটোৰ কোনোবা এটা কোণত পুতি থম। একো বুজিবলৈ পৰা নাছিলো। তেতিয়াই লাচটোৱে মোৰ পিনে চাই এটা বিকৃত হাহি মাৰিলে। তাৰ চকু দুটা জ্বলি উঠিছিল। মই ভয়ত কটিগৰ পৰা দৌৰি পলাবলৈ ললো।  দৌৰি দৌৰি যেতিয়া কুৱাঁটোৰ কাষ আহি পালো তেতিয়াই মোৰ আগত আহি এটা অগ্নিকুণ্ডই বাধা দিয়ে । মই  বিষ্ময়ত দুখোজ পিছুৱাই আহিলো । অগ্নিকুণ্ডত সুষ্পষ্ট দেখিলো  এটা লাশ জ্বলি আছে । মই আগতে  শশ্মান ঘাটত  লাচ জ্বলোবা দেখা পাইছো । সেয়ে  ইয়াক ইমান  ভয়াবহ নালাগিল । কিন্তু লাচটো কাৰ? মনত কৌতুহল লৈ  মই  অগ্নিকুণ্ডটোৰ  কাষলৈ গলো । কাষলৈ গৈ থকা সময়ত লাচটোৰ মুৰটো  পিচমুৱা হল। মই বুজিবলৈ বাকী নাথাকিল এয়া সেই ছোৱালীজনীৰ লাচ যাক মই অলপ আগেয়ে কটিগৰ চাদত ফাঁচিত ওলমি থকা  দেখা পাইছো। ভয়ত মই থৰ হৈ ৰলো। মোৰ ভৰি দুখন যেন দুটা ডাঙৰ ডাঙৰ শিলৰ দৰে হৈ পৰিছে। এসময়ত পুৰি থকা লাচটোৱে চিৎকাৰ কৰি উঠিল। লাচটোৰ চিৎকাৰ শুনি মই  হিতাহিত জ্ঞান ওভোটাই পালো। বুজিলো মই ইয়াৰ পৰা পলাব লাগিব। সেয়ে ঘুৰি আকৌ কটিগৰ দিশত ওলোটাই দৌৰিলো কিছুদুৰ যোৱাৰ পিছতে দুখন পেশীবহুল হাতে মোক গবা মাৰি ধৰিলে। মুৰ তুলি দেখিলো কেইজনমান কলা ডাঙৰ দীঘল মানুহে মোক ধৰি লৈ গৈ আছে। মই ইমানেই ক্লান্ত হলো যে সিহঁতক বাধা দিয়াৰ শক্তি মোৰ নহল। সিহতে চিৰি বগাই মোক কটিগৰ চাদলৈ লৈ গল। চাদ পোৱাতেই সিহতে মোক এটা দুলি থকা কাঠৰ ফ্ৰেমত হাত ভৰি বান্ধি দিলে। মই কটিগৰ চাদৰ পৰা মাটিৰ পিনে মুৰ কৰি চালো ।
তলত  মই এদল অপেক্ষাৰত  জনতাক দেখিছো , কিন্তু সিহঁতৰ কাকোৱেই মই চিনি নাপাওঁ। তাৰ পিছত মই শুনিলো কোনোবাই যেন মোক কৰ্কশ মাতেৰে কৈছে " তিনিজন মানুহক হত্যাৰ অপৰাধত তোমাক অহিবলগীয়া  ৰবিবাৰে প্রার্থনাৰ সময়ত ফাঁচিকাঠত ওলোমোৱা হব।" এজন  একেবাৰে  বিশ্রী চেহেৰাৰ মুখত  খোঁচ খোঁচ দাড়িথকা , বগা কাপোৰ পৰিহিত মাজ বয়গৰ লোক এজনে আহি প্ৰচণ্ড জোৰে মোক চৰ শোধালে। কষ্টত মই কান্দিবলৈ ধৰিলো। চাৰিওফালে তেতিয়া হাঁহিৰ ৰোল। তেতিয়া দেখিলো মানুহজনে তেওঁৰ হাতৰ পৰা আঙুঠি এটা খুলি এডাল লোহাৰ ৰদেৰে ধৰি জুইত গৰম কৰি আছে। এলিচৰ ডায়েৰীটো পঢ়ি মই গম পাইছো এতিয়া কি হবলৈ গৈ আছে। সেই লোকজনে আঙুঠিটো গৰম কৰি মোৰ কপালখনত লগাই দিব। আতংকত মোৰ হাত ভৰি অসাৰ হৈ পৰিল। দেহৰ  সৰ্বশক্তিৰে মই হাত ভৰিৰ বান্ধোন খোলাৰ চেষ্টা কৰিলো। কিন্তু যিমানেই চেষ্টা কৰিছো বান্ধোনৰ ৰচীবোৰ যেন মোৰ মাংস কাটি আৰু গভীৰলৈ সোমাই গৈছে।  আঙুঠিটো ৰঙা হৈ পৰিছে। সেইটো ৰদেৰে ধৰি পিনে মানুহজন আগবাঢ়ি আহিছে। সকলো যেন শ্লোমোচনৰ দৰে হৈ পৰিছে। যেন অনন্তকাল লাগিব মানুহজনে মোৰ কাষলৈ আহি পোৱাত। ধীৰে ধীৰে মানুহজনে গৰম আঙুঠিটো মোৰ কপালত লগাবলৈ আহি আছে। মই যিমান সম্ভৱ মুৰটো বেঁকা কৰি হালি পৰিছো। কিন্তু শেষ মুহূৰ্তত মানুহজনে মোৰ কাষত আহি পালে। উত্তপ্ত আঙুঠিটো মোৰ কপালত লগাই দিলে.। মই ইমানদিনে জানিছিলো মানুহৰ সপোনৰ কোনো ৰং নাথাকে। সপোনত মানুহে স্পৰ্শ ব্যাথা অনুভব নকৰে। কিন্তু ৰাতিৰ সপোনত মই উত্তপ্ত কয়লাৰ ৰঙা ৰং দেখিছো। তাৰপিছত মানুহজনে যেতিয়া মোৰ কপালত আঙঠিটো লগাই দিলে তেতিয়া এনে লাগিল মোৰ কপালত এটা বুলেট সোমাই গৈছে। যেন কপাল পুৰি হাড় ভেদ কৰি মোৰ মস্তিস্কক চুই চাইছে। ইমান বেছি  যন্ত্রনা হৈছিল যে মই  টোপনিৰ পৰা   চিৎকাৰ কৰি  উঠি বহিলো । যি হওক । এটা ভয়াবহ স্বপ্নৰ পৰা  বাছিলো মই । আজি টোপনিৰ পৰা উঠাত বহুত  দেৰি হৈ গল। আজি অফিচ যে কি হব? জপিয়াই বিচনাৰ পৰা নামি খৰধৰকৈ ব্ৰাছ কৰি অফিচলৈ ওলাই আহিলো। দেৰি হোৱা বাবে একো খাবলৈ সময় নহল। অফিচ গৈ পোৱাত   আধা ঘন্টা দেৰি হল । যিটো অফিচৰ প্রধান মানুহজনে অফিচ আহোতে আধাঘন্টা লেট কৰে সেই অফিচৰ ভবিষ্যত  অন্ধকাৰ। সকলোৰে আগত শিৰ নত কৰি নিজৰ ৰুমলৈ আহি বহিলো। মই এইবোৰ আৰু সহ্য কৰিবলৈ নোৱাৰা হৈছো। এলিচৰ এইবোৰ এই বিচাৰি উলিয়াবই লাগিব।  যিমান সোনকালে সম্ভব। এইবোৰ  উদ্ভট সপোনৰ অন্তৰালত  নিঃসন্দেহে তাইৰ হাত আছে। কিন্তু মোক এইবোৰ দেখুৱাই তাইৰ  লাভ কি? প্রকৃতপক্ষে তাই  কি বিচাৰে মোৰ পৰা ? তাই কি সচাকৈ বন্ধুপ্রতিম? নে বন্ধুত্বৰ নামত মোৰ জহত  এই জীবন্ত জগতত  উভতি আহিবলৈ খোজে ? মই  একোৱেই নাজানো। ইমানবোৰ প্ৰশ্ন মুৰত লৈ মই অফিচৰএকো কামতে মনযোগ দিবলৈ নোৱাৰিলো .............
CLICK HERE TO READ ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব
আজি  অফিচৰ  সময়খিনি যেন খুব সোনকালে পাৰ হৈ গল । অফিচৰ শেষত মই কটিগলৈ আহিবলৈ নাজানো কিয় ভয় লাগিছে। এনে লাগিছে যেন মোৰ ঘৰত মই নিৰাপদ নহয়। তাত হয়তো আজি ৰাতি যিতি হব পাৰে। যোৱাকালিৰ ৰাতিৰ সপোনটোৱে যেন ইংগিত দিছে। আজি বাহিৰতে এখন ৰেষ্টুৰেন্টত ডিনাৰ কৰিলো। সাধাৰণতে মই  বাহিৰত নাখাও । কিন্তু আজি অফিচৰ শেষত ঘৰলৈ আহিবলৈ ইচ্ছা নাছিল সেয়ে বাহিৰতে কিছু সময় কটালো।  তাৰ পিছত নিজৰ  মনক বহুতো কথাৰে শান্তনা দি ঘৰলৈ অহাৰ সিদ্ধান্ত ললো। ওভতি আহোতে  সূর্যাস্ত হৈ গৈছে। গধুলিৰ আন্ধাৰত কটিগটো সেই অভিশপ্ত গীর্জাৰ অবয়ব ধাৰণ কৰিছে  । মনৰ  মাজত চেপি ৰখা   ভয়টোৱে আকৌ  লগ দিলে । গেৰেজত গাড়ীখন পার্ক কৰি মই কটিগৰ পিনে যাবলৈ ধৰিলো । আহি আহি হঠাৎ মনে  হঠাৎ প্রশ্ন জাগিল  কি হব যদি যোৱাকলিৰ সপোনটো এতিয়া সঁচা হৈ যায় ? যদি চাদৰ পৰা  চাদৰ পৰা এটা মৰা লাচ ফাঁচিত ওলমি দুলি থাকে।এইবোৰ ভাবি মই কটিগৰ চাদলৈ চকু দিলো। গধুলিৰ আন্ধাৰত সকলো অস্পষ্ট। সচাকৈ কিবা দুলি আছেনে সেয়া জানিবলৈ মই আৰু কাষলৈ যাব লাগিব।  বুকুৰ ভিতৰত হৃদপিণ্ডটোৱে হাতুৰিৰে কোবোৱাৰ দৰে কোবাই আছে ।মই দিও নিদিওঁ খোজটোৰে কঁপা কঁপা ভৰিৰে আগুৱাই গৈছো সেই অভিশপ্ত কটিগটোৰ দিশে।

(আগলৈ)

CLICK HERE TO READ DAINI PART 10
চানজিদা চুলতানা
স্বপ্ননীল আকাশ
(ভাবানুবাদ) 

IF YOU LOVE THIS STORY PLEASE SHARE ON YOUR WHATSAPP AND FACEBOOK STATUS 

Post a Comment

1 Comments