header ads

Daini part 6


Daini part 6

মার্টিনীৰ বাবে মোৰ হৃদয় হাহাকাৰ কৰি উঠিল। স্রষ্টাক খুব নিষ্ঠুৰ যেন লাগিল । কিয় পুতলাৰ দৰে এজনী ছোৱালীক অকালতে এনেকুৱা কৰিলে। কি দোষ আছিল তাইৰ। জগতৰ কি অমোঘ লীলা! পিছৰ পৃষ্ঠা ওলোটাই দিলো মই ,

এলিচে লিখিছে ,
"কালি ৰাতি অলপো টোপনি অহা নাই। চকু বন্ধ কৰিলে মাৰ্টিনীৰ চেহেৰাটো ভাহি উঠে। আজি ৰাতি তাইৰ মৃতদেহটো শুদ্ধিকৰণৰ নামত প্ৰিষ্টে উৎসৱৰ দৰে ভোগ কৰিব। মই যেন তাইৰ আত্মাৰ আর্তচিৎকাৰ শুনিবলৈ পাইছো । গীর্জাৰ উপৰৰ তলাৰ পৰা তাই সহায়তাৰ বাবে হাহাকাৰ কৰিছে । তাইব অতৃপ্ত আত্মাটো হয়তো অসহায় হৈ চাই আছে , নিজৰ প্রাণহীন দেহটো কিদৰে সেই পশুটোৱে খুলি খুলি খাই আছে ! ছিঃ। কোন মানুহে তেওৰ স্বজাতিৰ মৃতদেহৰ এনে অমর্যাদা কৰিবলৈ পাৰে। তাতে আকৌ গীৰ্জাৰ ভিতৰত। হে ঈশ্বৰ তোমাৰ শক্তিৰে এই নষ্ট গীর্জাটোক ধ্বংস কৰি দিয়া । এই চয়তানক ভষ্ম কৰি দিয়া।
.....
প্রতি দিনৰ দৰে আজিও ৰাতিপুৱা খাবলৈ চাৰিটুকুৰা ৰুটি দিছে। কিন্তু আজি মই কাৰ সৈতে ভাগ কৰি খাম। মাৰ্টিনী তো গুচি গৈছে। প্লেলখন মই চেলৰ ফাকেৰে বাহিৰলৈ দলিয়াই দি চিঞৰিবলৈ ললো, " নিজে খা। মোক মাৰ্টিনীক ওভোটাই দে। এজন চয়তান ৰক্ষী মোক ওলোটাই কলে," তাইক নৰকলৈ পঠিওৱা হৈছে। শীঘ্ৰে তোকো তাত পঠিয়াব। "

যদিও মই হত্যা নকৰা পিছতো হত্যাকাৰী তাৰ পিছতো কাকো হত্যা কৰাৰ কথা মনলৈ অহা নাছিল। কিন্তু আজি প্রচন্ড ইচ্ছা হৈছিল এই ৰক্ষীজনক মাৰি নৰকলৈ পঠিয়াই দিয়াৰ। এইবোৰ ভাবি মই তাৰ ওপৰত মুখত পৰাকৈ থুৱাই দিলো। ৰক্ষীজনে হিংস্ৰ জন্তুৰ দৰে চেলৰ দৰ্জা খুলি মোৰ পিঠিত চাবুকেৰে প্ৰচণ্ড কোৱ শোধাবলৈ ধৰিলে। নিয়মিত চাবুকৰ কোব খাই খাই মোৰ পিঠিত পূঁজ জমা হৈ গৈছে । সি যেতিয়া এই ক্ষত বিক্ষত পিঠিত কোবালে তেতিয়া এনে লাগিল যেন মোৰ পিঠি ভেদ কৰি চাবুকডালে হৃদপিন্ডত আঘাত কৰিছে । খুব বেছিসময় এই আঘাত সহ্য কৰিবলৈ নোৱাৰিলো। ৩ টা কোব খোৱাৰ পিছতেই অজ্ঞান হৈ মই ঢলি পৰিলো। জ্ঞান যেতিয়া আহিল চেলত সম্পূর্ণ অকলশৰীয়া হৈ নিজক আবিষ্কাৰ কৰিলো। একাকীত্ব আৰু শূন্যতাই গোটেই হৃদয়ক গ্রাস কৰিলে । এই একাকীত্ব লৈয়েই বাইবেলখনত লিখিবলৈ বহিলো ।"

এই পৃষ্ঠাটো পঢ়ি চকু বন্ধ কৰোতেই মই এলিছৰ ক্ষত বিক্ষত পিঠিখন দেখিবলৈ পালো । ওহো! এই সাহসী ছোৱালীজনীয়ে ইমানখিনি সহ্য কৰিবলৈ পাৰিছে মাত্ৰ মাৰ্টিনীৰ অপমানখিনি বাহিৰে । ৰক্ষীজনে যেতিয়া মার্টিনীক নৰকলৈ পঠোৱাৰ কথা কৈছিল তেতিয়াই তাই সাপৰ দৰে উঠিছিল। নির্যাতন নিশ্চিত জানিও তাই প্ৰতিবাদ কৰিছে। ! মাত্ৰ অনুভব কৰিলো জেলৰ অন্ধপ্রকোষ্টত এই দুই নাৰীৰ প্ৰেম কিমান যে কি কৰা নাছিল সিহতে ইজনে সিজনৰ বাবে।....

পিছৰ পৃষ্ঠাত ,

"সিদিনাৰ ঘটনাৰ পৰা আজি দুদিন হল , সিহতে মোৰ খোৱা লোৱা বন্ধ কৰিছে। আগৰ দৰে শুদ্ধিকৰণৰ দৰে মোৰ নগ্ন কৰি ৰাখিছে । লাহে লাহে গ্ৰীষ্ম আহিছে বাবে ঠাণ্ডাৰ পৰা অলপ ৰেহাই পাইছো.। কিন্তু পিয়াহত বোধ শক্তি লাহে লাহে লোপ পাবলৈ আৰম্ভ কৰিছে। মাজৰাতি সপোনত দেখিছো মার্টিনীক মোৰ চেলৰ ভিতৰতে ফাচীত ওলোমোৱা হৈছে। বতাহত তাইৰ শৰীৰটো ইফালে সিফালে দুলি আছে। মৃত্যু যন্ত্রনাত সুন্দৰ মুখখন মেল খাই জিভা বাহিৰ ওলাই আহিছে । তাইৰ খোলা মুখেৰে তেজ সো সোৱাই বৈ আছে আৰু মই তৃষ্ণাৰ তাড়নাত সেই তেজবোৰ পিবলৈ আৰম্ভ কৰিছো। উহঃ। কি বীভৎস স্বপ্ন। ৰাতিপুৱা শোৱাৰপৰা উঠি মই বহুসময় ধৰি কান্দিবলৈ ধৰিলো। কিন্তু তৃষ্ণাত সকলো পানী শুকাই গৈছে। চকুৰ পৰা বৈ আহিবলৈও পানীৰ একো অৱশিষ্ট নাই। দুপৰীয়া সময়ত তৃষ্ণাৰ জ্বালাত অতিষ্ঠ হৈ অঞ্জলি হিচাপে নিজৰ মুত্র পান কৰিছো । কিন্তু এই নিমখীয়া তৰলবিধে যেন মোৰ পিয়াহক আৰু বঢ়াই তুলিছে। বুজিবলৈ পাৰিছো , খাবলৈ আজি যদি পানী নাপাও আজি ৰাতিয়েই হব মোৰ শেষ ৰাতি। শৰীৰৰ শেষ শক্তিখিনিৰে এইখিনি লিখিছো । জীৱনৰ শেষ অক্ষৰমালা। জীবনৰ শেষ শব্দ, মার্টিনী।"

(আগলৈ)
(#ভাল লাগিলে কমেন্ট কৰক / শ্বেয়াৰ কৰক আৰু আমাক চাপোৰ্ট কৰক)
click here to read part 7

Post a Comment

0 Comments