header ads

ডাইনী daini part 3

ডাইনী daini part 3

CLICK HERE TO READ PART 2
পিছদিনা ঘড়ীৰ এলাৰ্ম শুনি টোপনি ভাগিল। মই নিজক বাথৰুমৰ ফ্লোৰত আবিস্কাৰ কৰিলো। মুৰটো অলপ ঠাইত খুন্দা খোৱা বাবে সামান্য ফুলি উঠিছে। কালিৰ কথাবোৰ মনত পৰিল। ভয়ে ভয়ে আইনাৰ ফালে এবাৰ চালো। সকলো থিক থাক। প্ৰতিবিম্বত মইয়েই আছো। বাথৰুমৰ পৰা ওলাই আহি নাস্তা কৰি অফিচলৈ আহিলো। । অফিচৰ সহকৰ্মীসকলক এই আঘাতৰ কথা একোৱেই নকলো। এজনে সোধাত কলো বাথৰুমত পৰি আঘাত পাইছো আৰু নিজৰ কামত মগ্ন হৈ পৰিলো। সিদিনা অফিচৰ পৰা ঘৰলৈ আহি থকা সময়ত মই এটা সিদ্ধান্ত ললো। কটিগটোত আৰু মই নাথাকো... ঘৰটো এৰি দি এলিছৰ ডায়েৰীটোও লগতে জ্বলাই দিম । মই ঘৰলৈ আহি পোনে পোনে কাপোৰবোৰ বান্ধিবলৈ ধৰিলো। হয়তো এয়াই মুক্তিৰ পথ। কি যে আত্মা এটাৰ সৈতে মই বন্দী হৈ পৰিছো। ঘৰটোৰ পুৰণি সম্পদ কিছুমান ইতিমধ্যে মই জ্বলাই দিছো । তাৰপিছতে হাতত দিয়াচলাই এটা লৈ লাইব্ৰেৰীত সোমালো। এলিছৰ ডায়েৰীটোই যত অনৰ্থৰ মূল। লাইব্ৰেৰীত সোমোৱা লগে লগে দৰ্জাখন শব্দ কৰি বন্ধ হৈ গল। এনে লগিল কোনোৱাই প্ৰচণ্ড খঙত দৰ্জাখন বন্ধ কৰিছে। ভয় নকৰি মই দৰ্জাখনত কান্ধেৰে ধাক্কা দিবলৈ আৰম্ভ কৰিলো। মোৰো খং উঠিছে। হল বুলি ইমান অত্যাচাৰ সহ্য কৰিব নোৱাৰি। কিছুসময় পিছতে দৰ্জাৰ সিটোফালৰ পৰা এক আৰ্তচিৎকাৰ ভাহি আহিল। এইবাৰ মই ভয় খালো। । তাৰ পিছত গোটেই ঘৰটোতে যেন প্ৰলয় আৰম্ভ হল। মোৰ ৰুমত কান্দোনৰ ৰোল, আচবাৰ দলিওৱাৰ শব্দ, দেৱালত আচোৰ মৰা শব্দ আৰু বিভিন্ন ৰকমৰ শব্দ। এটা সময়ত মই অসহ্য হৈ কলো।

" এলিচ মোক তুমি মাৰি পেলাব খোজা নেকি?"

লাহে লাহে দৰ্জাখনত আখৰ এটি স্পষ্ট হৈ উঠিল।

 "না গুচি নাযাবা। মোক সহায় কৰা "

তাৰ পিছতে দৰ্জাখন খোল খালে। মই দৌৰি মোৰ ৰুমলৈ গলো। মোৰ ৰুমত যেনেকৈ বস্তু ভঙা ছিঙাৰ শব্দ শুনিছিলো এনে লাগিল যেন মোৰ ৰুমত আৰু একো অবশিষ্ট নাই। কিন্তু ৰুমত গৈ দেখিলো সকলো একেদৰে আছে। তাৰ পিছতে বিছনালৈ আহি কান্দিবলৈ ধৰিলো। মই এলিচ ক নাজানো। তাইৰ ওপৰত হোৱা নিৰ্যাতনে মোক ব্যথিত কৰিছে। কিন্তু তাৰ মানে এয়া নহয় যে মই মোৰ ঘৰত অশৰীৰীৰ উপস্থিতি মানি লম। কান্দি কান্দি এটা সময়ত শুই পৰিলো। ৰাতি সপোনত দেখিলো মই আইনাৰ প্ৰতিবিম্বত দেখা সেই ছোৱালীজনী মোৰ ভৰিত পৰি কান্দিবলৈ ধৰিছে। তাইৰ মুখত কলা কাপোৰেৰে বন্ধা। কিবা কবলৈ খুজিও কব পৰা নাই। তাই মোক তাইৰ সৈতে থকা বাইবেলখন মোৰ হাতত তুলি দিলে। তাৰ পিছতেই তাই মোৰপৰা দুৰত গুচি গল। মই সাৰ পাই উঠিলো। সাৰ পাই মই তৃষ্ণা অনুভৱ কৰিলো মই দুগিলাচ পানী খালো । দুখন ব্ৰেড হাতত লৈ লাইব্ৰেৰি আহিলো। ৰহস্যৰ সকলো জট সেই বাইবেলখন যত লিখা আছে এলিছৰ ডায়েৰী। লাইব্ৰেৰীত গৈ বাইবেলখন উলিয়াই আকৌ পঢ়িবলৈ আৰম্ভ কৰিলো।

"আজি ৰাতিপুৱা ৰক্ষীসকলে মোক খোৱাৰ লগতে মার্টিনীৰ বাবে অলপ কাপোৰো দি গল। মোৰ মনটো বেয়া লাগিল। তাইৰ নিজৰ এতিয়া কাপোৰ আছে। এতিয়া মোৰ কোলাত শুবলৈ নিবিচাৰিব। কিন্তু পিছলৈ সেই হতাশা গুচি গল। নীলা কাপোৰত তাইক ৰাজকুমাৰী যেন লাগিছে। মই তাইৰ ওপৰৰ পৰা চকু আতঁৰাই আনিব নোৱাৰিলো। তাই মৃদু হাঁহি মাৰি সুধিলে

 "কেনে লাগিছে" ।

 মই মাত্ৰ এটা কথাই কবলৈ পাৰিলো
   "অসাধাৰণ.. একেবাৰে ধুনীয়া " ।
 
তাই মোক আবাক কৰি আজি ৰাতিও মোৰ কোলাত শুই পৰিলে। তায়ো মোক ভালপায় নেকি? ছোৱালীজনী মোৰ বুকুৰ মাজত শুইছে ঠিকেই কিন্তু গভীৰভাবে উশাহ নিশাহ লৈ আছে । মোৰ বুকুত বাৰে বাৰে মুখখন ঘহিছে। এনে লাগিছে যেন ভালপোৱাৰ শেষ আশ্ৰয় বিছাৰি পাইছে। "

এই পৃষ্ঠাটা পঢ়ি পঢ়ি লাজতে মই ৰঙা হৈ গলো। ছোৱালী দুজনীয়ে প্ৰমাণ কৰি দিছে ভালপোৱা স্থান কাল উচ্চ নীচ জাত পাত বৰ্ণ লিংগ ভেদাভেদ নামানে। ভালপোৱা ভালপোৱাই।

পৃষ্ঠাটো ওলোটাই পিছৰ পৃষ্ঠাটো খুলিলো।

" কালি মাৰ্টিনী আৰু মই এক স্বপ্নময় ৰাতি পাৰ কৰিছো।তাইক কিদৰে কাষত পাম সেয়া কল্পনাই কৰা নাই। ছোৱালীজনী একমাত্ৰ দেখাতেই সুন্দৰী নহয়, মায়াবতীও। । ঈশ্বৰৰ অমায়িক সৃষ্টি। হে স্রষ্টা মোক ক্ষমা কৰা । মোৰ যদি কিবা পাপ হৈছে তাক মোচন কৰা। কিন্তু মোৰ পাপৰ শাস্তি তুমি মার্টিনীক নিদিবা। দৰকাৰ হলে তাইৰ মৃত্যুদুতক মোৰ কাষলৈ পঠিয়াই দিয়া।।"

তাৰ পিছদিনা তাই লিখিছে,

"আজি ধৰি অনাৰ ৭ দিনৰ পিছত সিহতে মোক আৰু মার্টিনীক এটা সৰু পুখুৰীলৈ লৈ যায়। যি হওক সিহত নিৰ্দয় নহয়। পুখুৰীৰ উষ্ম পানীত গা ডুবাই দিওতেই চাবুকৰ কোবত সৃষ্টি হোৱা ঘাঁবোৰে অসহ্য জ্বলাপোৰা কৰিবলৈ আৰম্ভ কৰিলে । কিন্তু মনটো এটা অদ্ভুত প্রশান্তিত ভৰি পৰিল ।মই আৰু মার্টিনী পানী চিটিকোৱা খেলাৰ দৰে কৰিলো। কিন্তু ৰক্ষীসকলৰ সেয়া পচন্দ নহল। এজন ৰক্ষী আহি মোৰ আৰু মার্টিনীৰ গালৈ শিল দলিয়াবলৈ ধৰিলে। মই বেকা হৈ দিয়াত শিলটো মোৰ মুৰৰ কাষেৰে পাৰ হৈ গল। কিন্তু বেচেৰী মাৰ্টিনীৰ আহত মুৰত এটা শিল পৰিল। মই সহ্য কৰিব নোৱাৰিলো। মোৰ আগতে সিহতে মাৰ্টিনীক আঘাত কৰিলে। মই সিহঁতক চিৎকাৰ কৰি অভিশাপ দিলো যেন সি নৰকত যায়। মোৰ অভিশাপ শুনি ৰক্ষীজনে ভয়ত পিছুৱাই গল। সিহতে মোক ডাইনী বুলি ভাবে। সেয়ে মোৰ অভিশাপক ভয় কৰে. নিজক অলপ হলেও ক্ষমতাশালী যেন অনুভৱ হল। ততাতৈয়াকৈ সিহতে মার্টিনীক আৰু মোক চেলত লৈ গল । মই বেয়া নাপালো বৰঞ্চ ভগবানক ধন্যবাদ দিলো। আজিৰ এই চমৎকাৰী দিনটোৰ বাবে । "

এই পৃষ্ঠা পঢ়াৰ শেষৰ লগে লগে আৰু লাইব্ৰেৰীৰ দৰ্জা সশব্দে বন্ধ হল। ধূলিৰ মাজত লিখা গল, এলিছ +মার্টিনী। এই প্রথম বাৰৰ বাবে মই এলিছৰ ডায়েৰী পঢ়ি হাঁহিলো। ছোৱালী দুয়োটাই ইমানৰ পিছতো প্ৰেমত পৰিছিল আৰু জেলৰ মাজত লুকাই প্ৰেম কৰিছিল। বন্ধ দৰ্জাৰ সিটোমুৰৰ পৰা তেতিয়া খিল খিল হাহিৰ শব্দ ভাহি আহিল। ময়ো সেই হাঁহিত যোগ দিলো। এলিছৰ প্ৰতি মোৰ ভয় শেষ হৈ গল। নিসংগ এই ঘৰটোত এনে এজনী সংগী পোৱাৰ আনন্দ অনুভৱ কৰিলো । হওঁক না সেয়া অশৰীৰী।

(আগলৈ )

#চানজিদা চুলতানা
#স্বপ্ননীল আকাশ
#ভাবানুবাদ

Post a Comment

0 Comments