header ads

ডাইনী daini Part 10 best assamese novel


ASSAMESE FREE BOOK DOWNLOAD

daini part 10 assamese novel download

click here to read part 9
কটিগৰ  চাদখন একেবাৰে খালী। তাত কোনো ওলমি থকা নাই। সমান্য এটা সপোনক লৈ মই ইমান ভয় কৰিছো । কথাটো ভাবি নিজৰে হাঁহি উঠিল। আনন্দত ঘৰৰ দৰ্জাখন খুলি ভিতৰত সোমালো।  উহঃ, ঘৰৰ ভিতৰত একদম ঘিট মিট আন্ধাৰ ! অন্ধকাৰত খেপিয়াই খেপিয়াই ছুইচটো বিছাৰিবলৈ ধৰিলো হঠাৎ কিবা এটাত লাগি উজুটি খাই পৰা গলো। মুৰটো ওখ যেন  কিবা এটাত লাগি দুখ পালো । বিষত মোৰ জ্ঞান হেৰাল।...
যেতিয়া চকু মেলিলো নিজক এখন পাৰ্শবর্তী খ্ৰিষ্টান চিমেট্রিত আবিষ্কাৰ কৰিলো। চাৰিওফালে কেবল কবৰ। কবৰৰ ওপৰত ফলকত লিখা আছে মৃত মানুহবোৰৰ নাম। মই  অপ্রস্তুত হৈ এটা এটাকৈ চাবলৈ ধৰিলো কবৰবোৰ। হঠাৎ এটা কবৰৰ নাম ফলকত  দৃষ্টি নিবদ্ধ হল । তাত  লিখা আছিল, "চেৰিয়ান জোচেফ ভেলমন্ড, গীর্জাৰ সম্মানিত প্রিষ্ট । ১৪২০-১৪৯৮।"  মনটোত ভাব আহিল  এয়াই  সেই নৰপশু প্রিষ্টৰ কবৰ। তাৰ কবৰৰ কাষত আছে নাম ফলকত খোদিত কৰা এটা আঙঠিৰ চিহ্ন। সেই আঙুঠি যিটোৰে ডাইনীবোৰৰ কপালত দাগ দিছিল । এই আঙঠিটোৱেই মই সপোনত দেখিছিলো । যি হওঁক , আৰু  কোন সন্দেহ নাই এয়াই  সেই চয়তানৰ কবৰ। ঘৃনা বুকুৰ গভীৰ পৰা ওলাই আহিল। মনে মনে প্রতিজ্ঞা কৰিলো জীবনত  যদি কেতিয়াবা এই চহৰত ইলেকচন জিকিব পাৰো ১ম কামটোৱে এই চয়তানৰ কবৰটোৰ ওপৰত এটা পাব্লিক টয়লেট স্থাপন কৰা । আইডিয়াটো মোৰ খুব ভাল লাগিল । চাৰিওফালে চাই দেখিলো  আশেপাশে কোনো  নাই। মনত এটা দুষ্টু বুদ্ধিৰ উদয় হল। ভবিষ্যতৰ  পাবলিক টয়লেটৰ  উদ্ধোধন আজিয়েই কৰিলে কেনে হয় ? চয়তানটোৰ কবৰত এতিয়াই প্ৰস্ৰাৱ কৰিব মন গল। কৰিলো। শেষত থুৱাই দিলো তাত। তাৰ পিছত দুটামান গোৰ মাৰি কবৰৰ নামফলকখন ভাঙি মাটিত পেলাই দিলো  এতিয়াহে মনটো সন্তষ্ট হৈছে। এতিয়া মই কটিগলৈ আহিব লাগিব। ৰাতি বহুত হল। অভিশপ্ত কবৰটোৰ পৰা যেতিয়া গুচি আহিবলৈ খুজিলো লগে লগে মাটি ফুটি এখন হাত ওলাই আহি মোৰ ভৰিত খামোচি ধৰিলে। জোনাকী ৰাতিৰ পোহৰত স্পষ্টকৈ দেখা পাইছো। হাতৰ মধ্যমা আঙুলিত জল জল পট পটকৈ জিলিকি উঠিছে ৰঙা আঙঠিটো । ভয়তে মই চিঞৰি দিলো। কি অসুৰিক শক্তি আছে হাতখনত। মোৰ ভৰিখনত এনেকৈ ধৰিছে যেন টানিহে লৈ যাব। মই প্ৰাণে পণে আনখন ভৰিৰে সমস্ত শক্তি প্ৰয়োগ কৰি ওলাই আহিব চেষ্টা কৰিলো। কিন্তু একো কামত নহল। এবাৰ হঠাৎ মোক কবৰৰ ভিতৰলৈ টানি নিলে। মই সোমাই পৰিলো কবৰৰ ভিতৰত।

 ভিতৰত একেবাৰে  অন্ধকাৰ। একো দেখা পোৱা নাযায়। আনকি আঙুঠি পিন্ধা সেই হাতখনো নাই। এনে লাগিল যেন সেই হাতখনৰ মানুহজন মোৰ কাষতে আছে মোক শাস্তি দিয়াৰ বাবে। হঠাৎ মনত পৰিল মোৰ লগত ফোনটো আছে। সেইটোৰ পোহৰত অলপ হলেঁও ভিতৰখন চাবলৈ পাৰিম । প্রয়োজন হলে সহায়ৰ কাৰণে পুলিচক ফোন কৰিম । পকেটৰ পৰা ফোনটো উলিয়াই আনিলো। পোহৰত দেখা পালো। আৰে এইটো সেই কবৰৰ ভিতৰখন নহয়। এয়া মোৰ নিজৰ কটিগটো। কাষত দেখিলো এটা ফুলৰ টাব ভাঙি পৰি আছে। বুজিলো ঘৰটোৰ ভিতৰত সোমাওঁতে এই টাবটোত উজুটি খাই পৰি জ্ঞান হেৰুৱাইছিলো । কবৰস্থান আৰু প্ৰিষ্টৰ কবৰৰ ঘটনাটো অজ্ঞান অবস্থাত দেখা এটি  দুঃস্বপ্ন। এটা দীৰ্ঘ শ্বাস লৈ মই  উঠি বহিলো । তাৰপিছত অনুভৱ হল মোৰ কাপোৰ তিতি গৈছে ! হায় ঈশ্বৰ ! মই  সপোন দেখি দেখি ইমানখিনি কৰিলো। ধেৎ। মোবাইলৰ পোহৰেৰে চুইবোৰ্ডখন বিচাৰি লাইট জ্বলালো। উজ্জ্বল পোহৰত যত বহি আছিলো সেয়া চালো।মোৰ  প্রস্রাবখিনিয়ে কাৰ্পেটখন তিয়াই পেলাইছে তাত এটা গোলাকাৰ দাগ উঠিছে। মই সপোনত দেখা সেই আঙুঠিটোৰ  আকৃতিৰ দৰে । কিন্তু এই আঙঠিৰ ৰহস্যটো কি? এলিচে  কি এই আঙঠিটোৰ বাবে ইমান দিনে ইয়াত আছে। সম্ভবত তাই বিচাৰিচে  যেন মই  আঙঠিটো আনি দিব লাগে । অন্ততঃ উদ্ভট স্বপ্ন বোৰে মোক  সেই ইঙ্গিতেই দিছে। অলপ আগেয়ে  তাই মোক  দেখুৱাই দিছে  আঙঠিটো কত আছে। খ্ৰিষ্টান কবৰস্থানৰ সেই মৃত প্রিষ্টৰ কবৰৰ ভিতৰত । চকু বন্ধ কৰাতেই সেই আঙঠি পিন্ধা হাতৰ ছবি মনত ভাহি উঠিল , যিখনে মোৰ ভৰিত টানি ধৰিছিল । উহঃ। মই আৰু ভাবিবলৈ পৰা নাই । মুৰত  আঘাতৰ যন্ত্রনা, প্রস্রাবৰ উৎকট গোন্ধ , দিনটোৰ ক্লান্তি সকলো মিলি এখন  নকৰক দৰে হৈ পৰিছে। মই সকলো উপেক্ষা কৰি , বাথৰুমত গা ধুবলৈ সোমালো ।



গা ধুই ধুই   হঠাৎ আইনালৈ চকু গল  । মোৰ  প্রতিবিম্ব দেখিলো। কপালখন ফুলি  এটা আলু গজি উঠিছে । এয়া পৰি কপালত দুখ পোৱাৰ প্ৰমান  । ইচ। কিয় যে মোবাইলৰ ফ্লাচটো জ্বলেৱাৰ কথা প্রথমতে মুৰলৈ নাহিল । তেতিয়াহলে ইমানখিনি নহলহেঁতেন । এইবোৰ যেতিয়া ভাবি আছিলো তেতিয়া লাহে লাহে আইনাত মোৰ চেহেৰাটো সলনি হবলৈ ধৰিছিল। হঠাৎ তাত এলিচৰ চেহেৰাটো ফুটি  উঠিল । এলিচক এতিয়া বিৰক্ত লগা হৈছে। এতিয়া তাইক দেখি আগৰ দৰে ভয় বা আনন্দ একোৱেই নালাগে। মুখত স্পষ্ট বিৰক্তি লৈ মই তাইক চাই থাকিলো। অলপ সময় পিছত তাই নিজে গুচি গল। কিন্তু আইনাত পানীৰ কণিকাবোৰে আকাৰ ললে। লিখা গল , "আঙঠিটো জ্বলোৱা। মোক  মুক্তি দিয়া।"
লেখাটো মচি  নোযোৱা পৰ্যন্ত মই সেয়া চাই থাকিলো। প্রকৃতপক্ষে কি বিচাৰে এলিচে ? প্রথমতে  মোক তাই ডায়েৰী পঢ়িবলৈ জোৰ কৰিলে । এতিয়া আৰু এটা আঙঠি বিছাৰিছে যিটো কবৰৰ ভিতৰত প্রিষ্টৰ লাচৰ হাতত পিন্ধা আছে। কি কৰিব খোজে সেই আঙঠিটোৰে। সেইটো আনি নিদিলেও মোৰ ক্ষতি কৰিব নেকি? আৰু আনি দিলে এই সপোনবোৰে মোৰ পিছ এৰা দিব নে। এই প্ৰশ্নবোৰে মোক পাগল কৰি দিছে । মোক সমাধান লাগে । গা ধুই দেহতো অলপ পাতল যেন লাগিছে। বাহিৰলৈ ওলাই অহা মাত্ৰেই এটা নাৰী কণ্ঠই মোৰ নাম কাঢ়ি মাতিবলৈ ধৰিলে। এক অমোঘ আকর্ষণ আছে সেই মাতত। মই মোহিত হৈ আগবাঢ়ি গলো সেই মাতটোৰ দিশত। আগৰ দৰে সেইটো মাত লাইব্ৰেৰীৰ পৰা অহা নাই। সেয়া আহিছে মোৰ ঠিক ভৰিৰ তলৰ পৰা। বেচমেন্ট! এলিচে মোক  সেই বেচমেন্টৰ বন্দিশালালৈ মাতিছে ? কিন্তু তাত তো সম্পূর্ণ অন্ধকাৰ। বেচমেন্টত বিদ্যুৎ সংযোগ লগোৱা হোৱা নাই । মই  সেই মাত উপেক্ষা কৰি এবাৰ মোৰ বেডৰুমত উভতি আহি  দুই গ্লাছ পানী পিলো । মাতটো তেতিয়াও শুনি আছো। । মোৰ মনৰ এটা   অংশই কৈছে  বেচমেন্টত গৈ মই চাই অহা উচিত, এলিচে কিয় মাতিছে । হয়তো তাই মোক এনেকুৱা কিবা দেখুৱাব খোজে যিয়ে তাইৰ আত্মাৰ মুক্তিত সহায় কৰিব। মনৰ এটা অংশই কৈছে মই এলিচৰ পৰা দূৰত থকা উচিত। যিয়েই নহওক তাই এটা অশৰীৰী।সেই অন্ধকাৰ বেচমেন্টত তাই মোৰ কিবা ক্ষতি কৰিবলৈ পাৰে ! কিছুসময় ভাবি  এই দুয়ো মনৰ যুদ্ধত অনুসন্ধিৎসু মনটোৱে বিজয়ী হল। মই  বেচমেন্টৰ দৰ্জা খুলি  ফোনটোৰ টৰ্চ জ্বলাই ভিতৰত সোমালো। । চিৰি নামি নামি যিমানেই গৈ আছো মাতটো যেন গভীৰ হৈ আছে। এটা সময়ত তললৈ আহি পালো। বুজিলো মাতটো আহিছে ৩ নম্বৰ চেলৰ  ভিতৰৰ পৰা । ভয়ত  হৃদপিণ্ডটো যেন গললৈ উঠি আহিছে । সমস্ত মানসিক শক্তি একত্রিত কৰি মই সেই চেলটো ফোনৰ পোহৰেৰে চালো । নাই । বাকী চেলবোৰ দৰে সেইটোও সম্পূর্ণ খালী । সেই পুৰণি দিনৰ দৰে  চেলত কোনো  তলা নাই । ভিতৰত কোনো বন্দীও নাই । তাৰপিছতো চেলত যেন নিষ্ঠুৰতাৰ  ছাপ অলপো কমা নাই । হঠাৎ মনত ইচ্ছা জাগিল , ভিতৰৰ পৰা সোমাই চালে কেনে হয় ? মই জানিব খোজো কিদৰে এলিচ আৰু  মার্টিনী ইয়াতে জীবনৰ  শেষ দিনবোৰ  কটাইছিল । দৰ্জাখন খুলি ভিতৰ সোমালো । ৮ ফুট বাই ৮ ফুটৰ এটা বর্গাকাৰ চেল। চাৰিওফালে পাথৰৰ দেৱাল । মাত্ৰ সমুখত আছে লোহাৰ ৰদৰ  ৫ ফুট বাই ৩ ফুটৰ এখন দৰ্জা , কয়দীক ভিতৰলৈ অনা নিয়াৰ বাবে । ভিতৰখন সম্পূর্ণ খালী। কোনো আচবাব নাই । এইবোৰ চাই ফুৰোতে হঠাৎ চেলৰ দৰ্জাখন  ঠাচকৈ  বন্ধ হৈ  গল ! মই পাগলৰ দৰে দৰ্জাত টানি  সর্বশক্তিৰে প্ৰয়োগ কৰিবলৈ ধৰিলো । কিন্তু তলা নথকা   সত্বেও দৰ্জাখন বাজি গৈছে । হায় হায়। এই শতাব্দী প্রাচীন বন্দিশালাত এতিয়া  মই  বন্দী হৈ পৰিছো ! নে এলিচে মোক ইয়াত  বন্দী কৰি  ৰাখিছে ! ভয়ৰ  এক ঠান্ডা স্রোত মোৰ দেহৰ মাজেৰে বৈ গল ! এবাৰ মনত পৰিল মোৰ হাতত থকা মোবাইলটোৰ কথা। মই পুলিচক মেছেজ দি মোক উদ্ধাৰৰ কাৰণে মাতিব পাৰো। কিন্তু ফোনটো চোৱাতেই সেই আশা পানী হৈ গল। ফোনৰ নেটৱৰ্ক নাই। কানেকচন লষ্ট।  তাতকৈও  ভয়াবহ কথাটো হল ফোনত মাত্র ৪% চার্জ আছে। অলপ সময় পিছত  ফোনৰ পোহৰ  বন্ধ হৈ যাব। মই ভয়ত গল ফালি যোৱাকৈ চিঞৰি আছো।  যদিও জানো এই   বিশাল শূন্য কটিগত কোনোৱে মোৰ  চিৎকাৰ শুনা নাপায় । চেলৰ দৰ্জাত ঢাক্কা মাৰি মাৰি মোৰ কান্ধখনো বিষাবলৈ ধৰিছে। । তাৰ পিছতো খোলা যোৱা নাই দুৱাৰ  । এসময়ত  লো বেটাৰি চিগনেল দি  ফোনটো অফ হৈ  গল ।  আন্ধাৰে গোটেই চেলটো  গ্রাস কৰিলে  । অবিশ্বাস্য ভাবে বন্ধ বেচমেন্টৰ ভিতৰতে এজাক বতাহ আহি মোৰ শৰীৰৰ কাপোৰখন খুলি নিলে । চেলৰ ভিতৰত খেপিয়াই খেপিয়াই মোৰ কাপোৰখন বিচাৰি ফুৰিলো। নাই হাতত নালাগিল।মোৰ এয়াই ভয় আছিল । এলিচৰ মৃত্যুৰ শ শ বছৰ পিছত, তাইৰ চেলত , তাই দৰে  সম্পূর্ণ নগ্ন অবস্থাত মই বন্দী হৈ পৰিছো !

(আগলৈ )

চানজিদা চুলতানা
স্বপ্ননীল আকাশ
(ভাবানুবাদ) 

click here to read part 11

তলৰ হোৱাটচএপ ফেচবুক বুটামত ক্লিক কৰি গল্পটো আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক 

Post a Comment

0 Comments