daini part 7

daini Part 7 click here to read part 6 পৃষ্ঠাটো পঢ়ি এনে লাগিছিল এলিচে এনেকৈ মৰিল।  আজি পোলেণ্ডত প্রতি বছৰে ৬০ হাজাৰ টন ম্যাদহীন খা...


daini Part 7

click here to read part 6
পৃষ্ঠাটো পঢ়ি এনে লাগিছিল এলিচে এনেকৈ মৰিল।  আজি পোলেণ্ডত প্রতি বছৰে ৬০ হাজাৰ টন ম্যাদহীন খাদ্য পেলাই দিয়া হয় ।  সেই অজ্ঞতা আৰু অন্ধকাৰচ্ছন্ন পোলেণ্ড দ্বিতীয় বিশ্বযুদ্ধত সম্পূর্ণ ধংস হোৱাৰ পিছতো  আজি আকৌ মুৰ তুলি উঠিছে। কিন্তু আমাৰ দেশত এতিয়াও ক্ষুধাত প্ৰাণ হেৰুৱায়। যি কি নহওক অলপ সময়ৰ বাবে মই ভাবিছিলো এলিচৰ মৃত্যু হৈছে। কিন্তু পৃষ্ঠাটো ওলোটাই দিয়াত এলিচৰ লিখা দেখা পালো।

"আজি সন্ধিয়া এজন ৰক্ষী অলপ আহাৰ আৰু এমগ পানী লৈ আহিছিল। মই তাৰ হাতৰ পৰা সেইখিনি লবলৈ ইচ্ছা নহল। নাজানো কিয় মোৰ এনে লাগিল সি হয়তো মাৰ্টিনীক হত্যা কৰিছে। হয়তো তাৰ হাতত এতিয়াও তেজ লাগি আছে। ৰাতিৰ সপোনটো মনত পৰিল। তাৰ হাতৰ পৰা খোৱাবস্তু লোৱা মোৰ মনত মাৰ্টিনীৰ তেজ পিয়াৰ দৰে নিকৃষ্ট যেন লাগিল। মই খোৱাবস্তু খিনি নলৈ শুই থাকিলো। সিও কিছুসময় তাত তেনৈকৈয়ে ৰৈ থাকিল। যেতিয়া বুজি পালে মই উঠি গৈ তাৰ পৰা একো লোৱা নাই সি সেইবোৰ ভিতৰত দলিয়াই দি গুচি গল। মগটোৰ পৰা পানীখিনি পৰি মোৰ চেলৰ ভিতৰত বৈ আহিল। মই সহ্য কৰিবলৈ নোৱাৰিলো। সেই পানীৰ ওপৰত জপিয়াই পৰিলো। মেকুৰীৰ দৰে সকলো খাবলৈ আৰম্ভ কৰিলো। আহহহহ পানী।... ঈশ্বৰৰ  এক মহিমান্বিত উপহাৰ। পানী খাই মই আহাৰখিনি লবলৈ ধৰিলো। লাডুৰ দানাবোৰ গলত সোপা লগাৰ দৰে হল। খোৱাৰ সময়ত গলটোত  প্রচন্ড জ্বলাপোৰা হৈছিল , এনে লাগিছিল যেন মই  জ্বলন্ত কয়লা খাইছো । কিন্তু তাৰ পিছটো পেটৰ ভোকত ৰব নোৱাৰি গিলিছিলো। যেতিয়া আনটো লাডু হাতত ললো মনত পৰিল মাৰ্টিনীৰ কথা। তাই থাকিলে হয়তো দুয়ো ভাগ কৰি খালোহেঁতেন।  পেট নভৰিলেও মনটো আনন্দেৰে ভৰি পৰিলেহেতেন। বুকুৰ পৰা এটা  দীর্ঘশ্বাস বাহিৰ হৈ আহিল। । খাই আকৌ শুই পৰিলো। মনে মনে কবলৈ ধৰিলো মই আৰু নোৱাৰো প্রভু।এই নৃসংশতাৰ পৰা মোক  মুক্তি দিয়া । মোক তোমাৰ কাষলৈ লৈ যোৱা। আজি ৰাতি যেন মোৰ শেষ ৰাতি হয়।। কিন্তু প্রভু যীশুই মোৰ   প্রার্থনা অগ্রাহ্য কৰিলে । মই বাচি থাকিলো আৰু এটি দুৰ্বিসহ দিনৰ  অভিজ্ঞতা গ্রহণৰ বাবে । "

তাৰ পিছৰ পৃষ্ঠাত লিখিছে, " আজি ৰাতিপুৱা এটা প্ৰহৰীৰ লাঠি খাই মোৰ টোপনি ভাঙিল। অনাহাৰক্লিষ্ট দুর্বল শৰীৰসৈতে মই  ইমানেই গভীৰ নিদ্ৰাত আছিলো  যে প্রহৰীৰ  চিঞৰেও মোক জগাব পৰা নাছিল।  বাধ্য হৈয়েই সি কষ্ট কৰি চেলৰ তলা খুলি মোক লাঠ মাৰি জগাই দিছে । কষ্ট পালেও মই তাক একো কোৱা নাই। কষ্টবোৰ সহ্য কৰিবলৈ শিকি গৈছো। মাত্ৰ অবাধ্য চকু দুটাই  কোনো ব্যাথা নামানে। ব্যাথা পালেই  পানী বাহিৰ হৈ আহে। প্রহৰীজনে মোক অলপ নতুন কাপোৰ দি কলে সোনকালে সাজু হ। আজি হেনো মোক সকলোৰে আগত বিছাৰ কৰা হব। কাপোৰ পিন্ধিবলৈ লৈ মোৰ আকৌ মাৰ্টিনীক মনত পৰিল। সিদিনা আমি এখন কাপোৰেই দুয়োজনে ভাগ কৰি পিন্ধিছিলো। আজি তাইৰ অনুপস্থিতিত মইয়েই অকলশৰীয়া কাপোৰৰ মালিক।  এই একাকীত্বই মোক সকলোতকৈ বেছি  যন্ত্রনা দিছে । ক্ষুধা, পিয়াহ , চাবুকৰ আঘাত বা অন্য কোনো নির্যাতন নহয় । মানুহৰ স্মৃতিৰ এক আশ্চর্য ত্রুটি হল দুঃখ পাহৰি  যোৱা  কিন্তু সুখময় দিনবোৰ মনত ৰখা । মাৰ্টিনীৰ সৈতে সেই সুখময় দিনৰ স্মৃতিয়ে মোক খুলি খুলি খাবলৈ ধৰিছে। মৃত্যুৰ বাহিৰে যেন একো মুক্তিৰ পথ নাই। চিৰি বগাই বগাই মই  গীর্জাৰ ছাদলৈ গুচি গলো  ৰক্ষীসকলে মোক এটা  দুলি থকা কাঠৰ ফ্রেমৰ সৈতে  বান্ধি দিলে । পূ্ব দিগন্তত  তেতিয়া মাত্ৰ  গ্রীষ্ম জিলমিল সূর্যোদয় হৈছে ।  উষ্ম পৰশে মোৰ জৰ্জৰিত দেহত ৰঙীন কৰি তুলিছে। এজন  ঘোষক আহি  গাওঁবাসীক গীর্জা প্রাঙ্গণত  একত্রিত হবলৈ  আহব্বান জনালে । মানুহবোৰ লাহে লাহে একত্ৰিত হবলৈ ধৰিছে।তাৰপিছতে সন্মানিত পাদ্রীজন গীর্জাৰ ছাদত  আহি বহিল। আৰম্ভ হল তিনিজনক হত্যাত  অভিযুক্ত ডাইনী এলিচৰ বিচাৰ ।"

তাৰ পিছৰ পৃষ্টাত,

" মাননীয় পাদ্রীজনে এটা এটা কৈ মোৰ ওপৰত অনা গোচৰ সকলোকে পঢ়ি শুনালে। ! প্রথম অভিযোগ হল মই হেনো অতিথিশালাটোৰ  মালিক হোৱাৰ আশাত মোৰ দেউতাক মাৰি পেলাইছো। কি অদ্ভুত অভিযোগ। মোৰ  ব্যবসাপাতিত একো আগ্রহ নাই । যত মোৰ  আগ্ৰহেই নাই তাত একচ্ছত্ৰী মালিক হোৱাৰ বাবে মই মোৰ  জন্মদাতা দেউতাক খুন কৰিম ! এইবোৰ ভাবিব পাৰি নেকি?  দেউতাকৰ সম্পত্তি এনেও একমাত্র সন্তান হিচাপে মোৰ হাতলৈ আহিব। তেওক হত্যা কৰাৰ একো প্ৰয়োজন নাই  তাৰপিছতো মই পিতৃঘাতী। এয়াই কি পৃথিবীৰ ন্যায়বিচাৰৰ উদাহৰণ ?

তাৰ  পিচৰ অভিযোগ, মই হেনো  সামান্য কেইটামান স্বর্নমুদ্রা পোৱাৰ বাবে  আমাৰ অতিথিশালাটোৰ শুই থকা  অতীথিজনক  খুন কৰিছো ! এই মদাহী বুঢ়াটোৰ লগত  স্বর্নমুদ্রা থাকিলে হে নিম। সি যিমান আয় কৰে  সকলো আমাৰ অতিথিশালাটোত মদ খাই  উৰাই দিয়ে । তাৰ লগত যে   স্বর্নমুদ্রা আছে সেয়া  ভবাটোও এক  পাগলামি। আৰু যদি ঘুর্ণাক্ষৰেও  দুই এটা স্বর্নমুদ্রা আছিল মোৰ যদি   সেইকেইটাৰ প্ৰযোজন হলহেঁতেন মই তাক দুবটল মদ দিয়েই তাৰ বাকীত লৈ লব পাৰিলোহেঁতেন। খুন কৰিবলৈ কি প্ৰয়োজন। মোৰ এই  অতিসাধাৰণ যুক্তি তর্কবোৰ বিচাৰত  গ্রহণ কৰা নহল। মোক  সেই মদাহীটোৰ  হত্যাকাৰী হিছাপেই  চিহ্নিত কৰা  হল।

তাৰ পিছত সেই হতভগা ৰক্ষীক হত্যাৰ অভিযোগ উঠিল ।  যথাৰীতি সকলো যুক্তিতর্কৰ শেষত  মোকেই  দোষী সাব্যস্ত কৰা হল। তাৰ পিছত প্রিষ্টে আহি  সকলোৰে সমুখত মোৰ গালত চৰ মাৰিলে । তলত  গীর্জাত জনগনৰ মাজত শিশুও আছিল। ইমান মানুহৰ মাজত এনেদৰে অপমানিত হৈ লজ্জাত মোৰ মাটিৰ সৈতে মিহলি হৈ যাবৰ ইচ্ছা গল। শেষত বিচাৰৰ ৰায় ঘোষণা কৰা হল। "ডাইনী এলিচক আগন্তুক ৰবিবাৰে প্ৰাথৰ্নাৰ সময়ত গীর্জা প্রাঙ্গণত সকলোৰে সন্মুখত ফাঁচীকাঠত ওলোমোৱা হব।" মৃত্যুদণ্ড শব্দটোৱে মোৰ কাণত যেন মৌ বৰষিলে। আৰু  মাত্র চাৰিদিন । ইয়াৰ পিছতে  মই এই নির্মম পৃথিবী এৰি  মোৰ  স্ৰষ্টাৰ কাষলৈ গুচি যাম। শাস্তি ঘোষনাৰ পিছত  প্রিষ্টে তেওঁৰ হাতৰ আঙুঠিটো খুলি তাক গৰম কৰি ৰঙা হোৱাত মোৰ কপালত বহাই দিলে। গভীৰ এটা পোৰা দাগেৰে সৈতে আঙুঠিৰ ওপৰত অংকিত নক্সা মোৰ কপালত চিন হৈ ৰল।। এয়াই সেই চিন্হ যাৰ দ্বাৰা এজনী ডাইনীক চিহ্নিত কৰা হয়। কপালৰ  অসহ্য জ্বলাপোৰা আৰু মিছা ডাইনীৰ অপবাদৰ যন্ত্ৰনাত মই  চিৎকাৰ কৰি  কান্দি উঠিলো । মোৰ কান্দোন দেখি  উপস্থিত বহুতৰ  অট্টহাহিত কোঠাটো কপি উঠিল । তাৰ পিছত প্রিষ্টে সগর্বে গীর্জাৰ ছাদ পৰা  নামি গল । প্রিষ্টে যোৱাৰ লগে লগে উপস্থিত সকলোৱে মোৰ গালৈ বৰষুনৰ দৰে শিল মাৰিবলৈ আৰম্ভ কৰিলে। যি সকলে শিল মাৰি আছিল মই তেওলোকক চিনি পাওঁ। তাৰ মাজত আছিল  জোচেফ এন্টোনিও,  যোৱা বছৰ তেওঁৰ শস্য শীতত নষ্ট হৈ গৈছিল । একো যোগাৰ কৰিব নোৱাৰি তেওলোকৰ পৰিয়ালটোব আলৈ আথানি হৈছিল। এদিন তেও আমাৰ ঘৰলৈ আহি মোৰ দেউতাৰ ওচৰত কেইটামান টকাৰ ধাৰলৈ   হাত পাতিলে। মোৰ দেউতাই তেওঁ চিধাই মানা কৰিছিল। কিন্তু তেওঁৰ অসহায় মুখখন দেখি মই বৰদিনৰ উপহাৰ কিনিবলৈ জমা কৰা টকাখিনি গোটেই তেওক দি দিছিলো। সিদিনা কান্দি কান্দি তেও মোক মা বুলি সম্বোধন কৰিছিল। কিন্তু মাত্ৰ ছয় মাহৰ ব্যৱধানত আজি গ্ৰীষ্মৰ দিনত তেঁও মোক ডাইনী বুলি কৈ  মোৰ গালৈ শিল মাৰিছে।কিমান যে সোনকালে এই মানুহবোৰ সলনি হয়।  তাৰ পিছত চকু পৰিল ৰ'জাৰ বৰিচৰ পিনে। সি মোৰ প্রাক্তন প্রেমিক। সিও সকলোৰে সৈতে তালত তাল মিলাই মোক শিল মাৰিছে। অথচ কেইদিনমান আগতেও সি কিমান যে মিঠা কথা কৈ কৈ মোৰ ৰূপৰ প্ৰশংসা কৰিছিল।  প্রতি বৃহস্পতিবাৰ সন্ধিয়া সি আমাৰ  অতিথিশালাটোলৈ আহিছিল একমাত্ৰ মোক চাবলৈ। ঘন্টাৰ পিছত ঘন্টা ধৰি মোক অপেক্ষা কৰিছিল। ময়ো আকৰীজনীয়ে দেউতাক ফাকি দি এই লম্পটোক লগ কৰিছিলো। সি মোক পৰী বুলি মাতিছিল। দুমাহ আগলৈ তাৰ এই পৰীজনীক বিচনাত পোৱাৰ বাবে সি সৰ্বোচ্চ ত্যাগ কৰিবলৈও ৰাজী হৈ আছিল। কিন্তু আজি মোক  নৰকৰ ডাইনী বুলি গালি দিছে আৰু বিছাৰি বিছাৰি ডাঙৰ ডাঙৰ পাথৰ বোৰ মোক মাৰিবলৈ ধৰিছে।  ধ্বংস হওক এই স্বাৰ্থপৰ লম্পট পুৰুষজাতি। তাক চাবলৈও মোৰ ঘৃণা উপজিছে।
গীর্জাৰ প্রাঙ্গণত  এক কোণত  বহুতো  শিশু কিশোৰ জমা হৈ  হাল্লা হুলস্থুল কৰি মোৰ পিনে শিল দলিয়াইছে। কোমল অপ্ৰস্তুত হাতৰ পৰা দলিওৱা শিলবোৰ বেছিভাগ  লক্ষভ্রষ্ট হৈছে। সিহঁতৰ মাজত মই এলেক্স ৰবার্ট উইলচনক  দেখিবলৈ পালো। তাৰ  মা আমাৰ  প্রতিবেশী। লৰাটো দেখিবলৈ  খুবেই সুন্দৰ।  বয়স ৪-৫ হব ।  সেইদিনা তাৰ জন্মৰ সময়ত খুব তুষাৰ বৃষ্টি হৈছিল । ৰাস্তাত বৰফ জমা হৈ আমাৰ গাওঁখন প্ৰায় বিচ্ছিন্ন হৈ  গৈছিল । এনে  প্রতিকুল পৰিবেশত তাৰ মাকৰ যেতিয়া  প্রসব বেদনা হৈছিল তেতিয়া কোনো ধাত্ৰীকেই লৈ অনা সম্ভৱ নাছিল। সি তাৰ মাকৰ যোনিত ওলোটাকৈ বাজি ৰৈছিল। দেউতাক ঘৰত নাছিল। সেইদিনা মাকৰ  আর্তচিৎকাৰ শুনি মই ঘৰলৈ দৌৰি গৈছিলো। মাকক শুৱাই দি মই নিজ হাতে লৰাটোক টানি বাহিৰ কৰিছিলো। মোৰ হাতত ধৰিয়েই সি পৃথিৱীলৈ আহিছিল। কৃতজ্ঞতাবশত তাৰ মাকে মোৰ নামৰ সৈতে মিলাই  তাৰ নামকৰণ কৰিছিল এলেক্স। আজি সিও মোৰ পৰ হৈ গৈছে ! ইমানপৰে পাথৰৰ আঘাতৰ তীব্ৰতাত মই এসময়ত  জ্ঞান হেৰুৱাই পেলালো।ৰক্ষীসকলে মোৰ অজ্ঞান দেহক টানি টানি চেলৰ ভিতৰলৈ লৈ আনিলে। নাজানো কিমান সময়  অজ্ঞান হৈ আছিলো। জ্ঞান পায়েই দেখিলো ৰাতি হৈছে।  ইতিমধ্যে  এজন ৰক্ষীয়ে খোৱো বস্তু দি থৈ গৈছে। হয়তো  জীবনৰ শেষ চাৰিটা  দিন সিহতে মোক ভোকাতুৰে ৰাখিব খোজা নাই। খাই উঠি মই লিখিবলৈ বহিলো । মৃত্যুৰ প্রতিক্ষাত, জীবনৰ আতিবাহিত আৰু এটি দীর্ঘ গ্রীষ্মৰ দিনৰ বর্ণনা।"

(আগলৈ)

click here to read part 8
Name

assam,4,Assamese entertainment news,1,assamese quote,12,assamese song lyrics,2,Student corner,4,Video,1,whatsapp status video,1,অনুপ্ৰেৰণামুলক,11,অনুভৱ,28,কবিতা,8,কিতাপৰ পোক,2,গল্প,30,জ্ঞানৰ সফুঁৰা,30,টিপচ্,8,টিপচ্ এণ্ড ট্ৰিকচ্,9,পেন অন পেপাৰ,5,বিজ্ঞান বিচিত্ৰা,4,বিবিধা,23,মিষ্ট্ৰিয়াচ নাইট,35,স্বাস্থ্য,10,
ltr
item
Jonak axom : daini part 7
daini part 7
https://1.bp.blogspot.com/-0_6T3H69MGk/XRJI4TvbWnI/AAAAAAAACP4/Na-SdyU8EGEELG0rqTGX0WzKS6HGjB4RACLcBGAs/s1600/daini%2Bmain.jpg
https://1.bp.blogspot.com/-0_6T3H69MGk/XRJI4TvbWnI/AAAAAAAACP4/Na-SdyU8EGEELG0rqTGX0WzKS6HGjB4RACLcBGAs/s72-c/daini%2Bmain.jpg
Jonak axom
https://www.jonakaxom.com/2019/06/daini-assamese-novel-part-7.html
https://www.jonakaxom.com/
https://www.jonakaxom.com/
https://www.jonakaxom.com/2019/06/daini-assamese-novel-part-7.html
true
8804125980716359042
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy