header ads

ডাইনী part 8 assamese novel


ডাইনী part 8 assamese novel 

click here to read part 7
পৃষ্ঠাটো শেষ কৰি মনতে ভোৰভোৰাই কলো, হায় এলিচ । এইবোৰ বিচাৰৰ নামত অত্যাচাৰ তোমাৰ জন্মৰ আগতেও মানব সমাজত আছিল, তোমাৰ মৃত্যুৰ পিছতো এতিয়াও টিকি আছে। তোমাৰ আগতে চক্রেটিচ, গেলিলিও, পাইথাগোৰাছ প্রমুখ ইয়াৰ চিকাৰ হৈছিল । তোমাৰ পিছত , আমেৰিকাত লুথাৰ কিং, ইটালিৰ মৌচুলিনী, মার্কো, প্রমুখ। মানব সমাজত কোন কালেই ন্যায় বিচাৰ প্রতিষ্ঠিত নাছিল, আৰু কেতিয়াও নহব। সেই বুলি তুমি মৰিও এই কটিগত বন্দী হৈ পৰি থাকিবা ? তোমাৰ বাবে নতুন জীৱনে অপেক্ষা কৰিছে । হয়তো তাত মার্টিনী তোমাৰ বাবে ৰৈ আছে । তুমি যোৱা নাই কিয় ? লাইব্রেৰীৰ এটি চুকৰ পৰা কান্দোনৰ শব্দ ভাহি আহিল । দৰ্জাখনত লিখা গল , "মুক্তি দিয়া মোক ।" এইবাৰ মই মুক্ত কন্ঠে কলো , কিন্তু কিহৰ মুক্তি? কাৰ পৰা মুক্তি?

প্রত্যুত্তৰত বাইবেলৰ নতুন পৃষ্ঠা এটা খোল খালে ।

এলিচৰ লিখা ,
"বাহ। আজি ৰাতিপুৱা হবলৈ নাপাওঁতেই এজন প্রহৰী আহি মোক কেইটামান ফল, পানী, আৰু ৰুটি দিলে। প্রথমে এই আকর্ষিক মহানুভৱতাৰ কাৰণ বুজিব নোৱাৰিলেও পিছত ভালকৈ বুজি পাইছো । চাৰিদিন পিছত যেতিয়া মোৰ দেহটো শুদ্ধিকৰণৰ বাবে প্রিষ্টৰ হাতত তুলি দিয়া হব তেতিয়া সি মোৰ জীর্ণশীর্ণ দেহটোৰ পৰা যথেষ্ট যৌন সুখ নাপাবও পাৰে । সেয়ে এই চাৰিদিন কিছু মোক খাবলৈ লবলৈ দি ব্যবহাৰৰ উপযোগী কৰাৰ চেষ্টা কৰিছে।। গোটেই ৰাতিটো মই ডাইনী হোৱাৰ ৰহস্য উদ্ঘাটন কৰিছো। মই ডাইনী হোৱাৰ আচল কাৰণটো আছিল মোৰ দেউতাৰ অতিথিশালাটো। আমাৰ অতিথিশালাটো চহৰৰ প্ৰায় মাজ অংশত অৱস্থিত। চহৰলৈ অহা সকলো মানুহেই এই অতিথিশালাত ৰাতিটো কটায়। যাৰ বাবে আমাৰ প্ৰচুৰ অৰ্থ উপাৰ্জন হয়। দেউতাৰ মৃত্যুৰ পিছত সেয়া মোৰ হাতলৈ আহিছিল। যিহেতু আমাৰ কোনো উত্তৰাধিকাৰী নাছিল মই মৰি গলে সেয়া পৰিতাজ্য সম্পত্তি হিচাপে গির্জাৰ অধীনত গুচি যাব। গির্জাৰ প্রিষ্টে তাৰ মালিক হৈ তাৰ পৰা অতিৰিক্ত আয় লাভ কৰিব । সেয়ে মাত্ৰ এই সম্পত্তিৰ লোভত মোক ডাইনীলৈ পৰিণত কৰিছে। এই বিচাৰ , ডাইনীৰ অপবাদ, কেবল লোকক দেখুৱাবৰ বাবেহে । নাটকৰ বাহিৰে বেলগ একো নাই। সকলোৱেই ষড়যন্ত্ৰত লিপ্ত। কিন্তু মই ইমানেই সোমাই পৰিছো যেন মৃত্যুৰ পিছটো মই ইয়াৰ পৰা ওলাই আহিব নোৱাৰিম। চাৰিওফালে কেবল অন্ধকাৰ। মই অকলশৰে তাৰ মাজত ৰৈ গৈছো। গহীনত। কপালত দাসত্বৰ চিহ্ন লৈ । "

পিছৰ পৃষ্ঠাত ,
" আজি দুপৰীয়া মোক সিহঁতে পুখুৰীলৈ লৈ গৈছে। গা ধুৱাবলৈ। কালি যে মোক ফাচি দিয়া হব। আজি দেহটো পৰিস্কাৰ কৰি প্রিষ্টৰ যৌন শুদ্ধিকৰণৰ বাবে প্ৰস্তুত কৰা হব । মই গা ধুবলৈ খোজা নাছিলো। কিন্তু মোক গা ধুৱাবৰ বাবে দুজন বিশাল দেহৰ মহিলাক নিয়োগ কৰিছে। সিহতৰ সৈতে যুঁজিবলৈ মোৰ দেহত অবশিষ্ট শক্তি নাই। বাধ্য হৈ নিৰ্বোধ ছোৱালীৰ দৰে মই গা ধুবলৈ ধৰিলো। সিহতে মোৰ দেহটো পুঙ্খানুপুঙ্খ ভাবে পৰিস্কাৰ কৰি দিলে। মোৰ স্তন যোনি নিতম্বত সকলোতকৈ বেছি মনযোগ দি পৰিস্কাৰ কৰিলে । বুজিলো সিহত প্রফেশ্বনেল। সিহঁতৰ কামেই হল মৃত্যুদণ্ড প্রাপ্ত ছোৱালীৰ দেহক প্রিষ্টৰ বিকৃত কামনা পুৰণৰ বাবে প্ৰস্তুত কৰা । সিহঁতৰ একনিষ্ঠ পৰিশ্ৰমত মোৰ জীর্ণ দেহটো অলপ হলেও আকর্ষণীয় হৈ উঠিল । কিন্তু কপালত আঙঠিৰ পোৰা দাগটো থাকিয়েই গল । ইমান সহজে যাব যে তাৰ আশা নাই। সৰু এটি আঙুঠি কিন্তু ক্ষতটোৱে কপালখন পুৰি পেলাইছে। গোটেই মুৰটো ঝিমঝিম কৰিছে । মাজে মাজে মুৰটো তুলিবলৈ প্ৰচণ্ড কষ্ট হৈছে মোৰ। অসম্ভব ভাৰী হৈ গৈছে যেন। গোটেই দিনটো মই শুইয়েই কটালো । কিন্তু এনে লাগিছে মই গীৰ্জাত নহয় নৰকৰ তপ্ত অগ্নি পিন্ডত বহি আছো । অনুভব কৰিলো নৰকৰ কীট এই মানুহবোৰে এই পবিত্র গীর্জাকো নৰকত পৰিণত কৰিছে । সৰুতে যেতিয়া মই এই গীর্জাত শিক্ষা লৈছিলো তেতিয়া আমিবোৰক কোৱা হৈছিল , " ঈশ্বৰ এই গীর্জাৰ পুজা বেদীৰ ওপৰত স্থাপিত ক্রুচত বিদ্ধ হৈ আছে। যোৱা , তেওঁক ফুল অৰ্পণ কৰি সম্মান জনোৱা।" কিন্তু আজি বুজিলো ঈশ্বৰ কেতিয়াওঁ গীর্জাত নাথাকে । গির্জাত প্রিষ্টৰ দৰে বহুতো ছদ্মবেশী নৰকৰ কীটবোৰ বাস কৰে। আৰু ঈশ্বৰ থাকে বিশ্বাসীসকলৰ হৃদয়ৰ মনিকোঠাত চিৰভাস্কৰ হৈ ।"
ALSO READ HAUNTED APPERTMANT IN GUWAHATI 
ডায়েৰীটো সমাপ্ত। এলিচৰ আৰু কোনো লিখা বিচাৰি নাপালো। হৃদয়খনে হাহাকাৰ কৰি উঠিল। তাইৰ শেষ উক্তিটো বাৰবাৰ চকুৰ সমুখত ভাহি উঠিবলৈ ধৰিলে। ঈশ্বৰ গীর্জাত নাথাকে । গীর্জাত প্রিষ্টৰ দৰে বহুতো ছদ্মবেশী নৰকৰ কীট বাস কৰে। ঈশ্বৰ থাকে বিশ্বাসীৰ হৃদয়ৰ মনিকোঠাত চিৰভাস্কৰ হৈ !তাই এক চিৰ সত্য কথা কৈছিল যিটো প্রায় ধর্মত প্রযোজ্য। খৃষ্টানসকলৰ গীর্জা, মুসলমানসলকৰ মছজিদ , বৌদ্ধৰ টেম্পলত , হিন্দুৰ মন্দিৰ এইবোৰে মাত্ৰ মানুহৰ ধর্মীয় অনুভূতিক পুঁজি কৰি বনোৱা এটা ব্যাবসায় প্রতিষ্ঠানৰ বাহিৰে একো নহয় । এইবোৰত কেতিয়াও ঈশ্বৰ থাকিবলৈ নোৱাৰে । কিন্তু এতিয়াও মই মোৰ এটা প্ৰশ্নৰ উত্তৰ পোৱা নাই। এলিচে কিয় ইয়াত বন্দী হৈ আছে। কিহৰ মায়াত ইমানদিন ধৰি এনেদৰে আছে? যি নহওকঁ গোটেই ৰাতিটো মই লাইব্ৰেৰীত পাৰ কৰিছো এলিচৰ ডায়েৰীটো পঢ়ি। আজি ৰাতিটোও প্ৰায় শেষ হবলৈ ধৰিছে। মোক এতিয়া টোপনিৰ প্রয়োজন। লাইব্ৰেৰীৰ পোহৰ নুমাই মই বেডৰুমলৈ ৰাওনা হলো। কিন্তু তেতিয়াও লাইব্ৰেৰীত এটা নাৰী কণ্ঠই কান্দিয়েই আছিল । এটা বিলাপৰ সুৰ। মই তাইক কান্দিবলৈ দিলো। প্রাণ খুলি কান্দিলে হয়তো দুখৰ বোজাটো অলপ পাতল হব। নিজৰ বেডৰুমত আহি দেহটোক বিচনাত মেলি দিলো। এনে লাগিল সমগ্র পৃথিবীখনেই যেন নৰকৰ দৰে অশান্তিপূর্ণ। মাত্ৰ বিছনাখন বাদ দি । বিছনাৰ প্রশান্তিত মুহূৰ্ততে গভীৰ নিদ্ৰাত সোমাই পৰিলো। ।

(আগলৈ )

চানজিদা চুলতানা
স্বপ্ননীল আকাশ
(ভাবানুবাদ) 
click here to read part 9

Post a Comment

0 Comments