zubeen garg assamese song lyrics

zubeen garg assamese song lyrics

জানো জানো ময়ো জানো zubeen garg assamese song lyrics


শিল্পীঃ- জুবিন গাৰ্গ আৰু পৰিণীতা বৰঠাকুৰ


পুৰুষঃ-

সপোনে এতিয়া জানা
ফুলিবলে শিকিলে
তোমাৰে যে বুকুতে
জীৱনে এতিয়া জানা
হাঁহিবলে শিকিলে
তোমাৰে যে ওঁঠতে
শয়নে সপোনে
তোমাতে ওমলো
জীৱনে মৰণে
তোমাকে সামৰো
প্ৰীতিৰ এনাজৰীৰে
তোমাকে বান্ধো

নাৰীঃ-

জানো জানো ময়ো জানো
তোমাৰ হিয়া ময়ো চিনো
হিয়াৰ কথা ময়ো শুনো
চকুত মায়া ময়ো সানো

পুৰুষঃ-

ফাগুনৰ পচোৱা প্ৰাণতে
মৰমৰ বাগিছা খনতে
ওমলিম দুয়ো ইয়াতে
নুবুজা আশা আজি চকুতে
নোকোৱা কথা আজি ওঁঠতে
পৰাণত সুহুৰিয়াই মৰমে

নাৰীঃ-

শয়নে সপোনে
তোমাতে ওমলো
জীৱনে মৰণে
তোমাকে সামৰো
প্ৰীতিৰ এনাজৰীৰে
তোমাকে বান্ধো

পুৰুষ/নাৰীঃ-

জানো জানো ময়ো জানো
তোমাৰ হিয়া ময়ো চিনো
হিয়াৰ কথা ময়ো শুনো
চকুত মায়া ময়ো সানো

পুৰুষঃ-

অসীমত হেৰালে আজি আশা
মৰমত হেৰালে আজি ভাষা
লুপ্ত তোমাৰে যে বুকুতে
প্ৰতিপল বাঢ়ি যায় মাথোঁ তৃষা
নেজানো এয়া দিন নে নিশা
তোমাতে অনুভৱ মোৰ হেৰালে

নাৰীঃ-

শয়নে সপোনে
তোমাতে ওমলো
জীৱনে মৰনে
তোমাকে সামৰো
প্ৰীতিৰ এনাজৰীৰে
তোমাকে বান্ধো

পুৰুষঃ-

জানো জানো ময়ো জানো
তোমাৰ হিয়া ময়ো চিনো
হিয়াৰ কথা ময়ো শুনো
চকুত মায়া ময়ো সানো

পুৰুষ/নাৰীঃ-

জানো জানো ময়ো জানো
তোমাৰ হিয়া ময়ো চিনো
হিয়াৰ কথা ময়ো শুনো
চকুত মায়া ময়ো সানো

Post a Comment

0 Comments