header ads

Most romantic assamese love story collection

Most romantic assamese love story collection


ল'ৰা এজনে ছোৱালী এজনীৰ লগতকথা পাতিবলৈ চেষ্টা কৰে কিন্তুঅহংকাৰী ছোৱালীজনীয়ে ল'ৰাটোৰ অনুভূতিক বুজিবলৈ ইচ্ছা নকৰে ৷ এদিন ছোৱালীজনীয়ে ল'ৰাটোকসকলোৰে আগত বেয়াকৈ অপমান কৰিলে ৷ লৰাটোৱে বহুত দুখ পালে ৷ সি তাইৰ জীৱনৰপৰা চিৰকালৰ বাবে আঁতৰি গ'ল৷ 


কেইমাহমানৰ পিছত ছোৱালীজনীয়ে উপলব্ধি কৰিলে তাই ল'ৰাটোক আচলতে ভাল পাই পেলাইছে। তাই ল'ৰাটোৰ ওচৰলৈ গৈ ক্ষমা খুজিলে আৰু ক'লে-'তোমাৰ হৃদয়ৰ কোনোবা এটা চুকত মোৰ বাবে ঠাই অক'ণ ওলাবনে?'ল'ৰা- 'ইমান অপমানৰ পিছত কোনোবা গাধই হে তাৰ হৃদয়ত তোমাৰ দৰে ছোৱালীক স্থানদিব!' কথাটো শুনি ছোৱালীজনীয়ে নিজৰ আৱেগ ধৰি ৰাখিবনোৱাৰিলে আৰু দুগালেদি বৈ আহিল চকুলো...ল'ৰাটোৱে ছোৱালীজনীক বুকুৰমাজত সাৱটি লৈ ক'লে- 'আৰু ময়েইসেই গাধ...!' 

সঁচা ভালপোৱাই এৱাৰ যেতিয়া বকুত স্হান লাভ কৰে, কোনোপধ্যেই ইয়াক আতৰ কৰাটো সহজ নহয় ? আনকি আমিও বহুক্ষেত্ৰত এই লৰাজনৰ দৰেই হৈ পৰো ৷ 
ঠিকেই কৈছোনে ? আপোনাৰ অনুভৱ জনাওকচোন ৷ 

( সংগৃহীত গল্প )

Post a Comment

0 Comments