নলিনীবালা দেৱীৰ কবিতা সংগ্ৰহ Nalinibala Devi assamese poem collection


নলিনীবালা দেৱীৰ কবিতা সংগ্ৰহ Nalinibala Devi assamese poem collection 


এগৰাকী অসমীয়া কবি আৰু লেখিকা হিচাপে নলিনীবালা দেৱী নাম সকলোৱে জানে। তেখেতৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চ তাৰিখে। নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি হিচাপে পদ শুৱনি কৰিছিল। আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে যে মানুহ সফল হব পাৰে তাৰ এক জলন্ত উদাহৰণ কবি নলিনীবালা দেৱী। তেখেত অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা কবি হিচাপে জনাজাত৷ অসমীয়া সাহিত্য জগতত নানা অবদান আগবঢ়াই অৱশেষত ২৪ ডিচেম্বৰ, ১৯৭৭ ত তেখেতে ইহলীলা সম্বৰণ কৰে। আহকচোন আজি তেওঁৰ কেইটামান কবিতা পঢ়ো।

জনমভূমি ( janambhumi nalinibala devi )

মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই
জনমৰ আদিম পূৱাত,
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত।
মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই
চেনেহৰ শিতলী কোলাত,
ভাগৰুৱা আতমাই শেষৰ জিৰণি লৈ

জিৰাবহি তোমাৰ ছাঁয়াত।
পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি,
বাঁহ লম ওখ বিৰিখত,
পুৱতিৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদী গীতত।
আকাশৰ তৰাহৈ ৰ লাগি চাম ৰৈ
সেউজীয়া শুৱনি জেউতি,
জোনাকত মিল হৈ বিমান পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি।
হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ
ফুলি ৰম মানসী বিলত,
মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি
ঢুলাম তোমাৰ চৰণত।
নদী হৈ পখালিম দুখানি চৰণ নিতে,
মাটি হৈ মিলিম বুকুত,
সোনোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
তোমাৰেই ধুলি বালি তোমাৰ আকাশ বায়ু
আই মোৰ সৰগত বাস,
তুমি মোৰ মৰতৰ পূণ্য মুকুতিৰ ভূমি
তুমি মোৰ তীৰ্থৰ প্ৰভাস।
অ' মোৰ চেনেহী দেশ তোমাৰ দুখীয়া পঁজা
ৰচা তাত শান্তিৰ স্বৰগ;
ক'ত পাম এনে প্ৰতি সৰল প্ৰাণৰ ভাষা
সেৱাৰ মহিমাময় ত্যাগ।
দুখীয়াৰ ভগা পঁজা একেোখনি তীৰ্থ তাত
একেখনি পূণ্যৰ আশ্ৰম;
মৰিলে পুণৰ আহি দুখীয়া দেশতে মোৰ
লও যেন পুণৰ জনম।

নাটঘৰ – নলিনীবালা দেৱী
Natghar nalinibala devi assamese poem || ১৮৯৮-

নাটঘৰ

বিফলতা লৈয়ে এই ৰচিলো জীৱন-গীতি,
সৰি পৰে দুচকুৰ নীৰ,
বিশাল বিশ্বত মাথোঁ নয়নৰ লোৰে মোৰ
উপচিল সাগৰৰ তীৰ |
জীৱন সপোন-স্মৃতি দিঠকৰ মৰীচিকা
ছঁয়াময়া ছবি সপোনৰ,
জীৱনৰ অৱশেষ বিফলতা হা-হুতাহ
জোখ-মাখ আপোন-পৰৰ |
কোন মহাশূন্য ভেদি আহিছিলো অকলই,
তাকে বহি ভাবোঁ মনে মনে,
বিশাল বিশ্বত আহি পাতিছো কিহৰ খেল
কিনো পালে মানুহ-জীৱনে |
জীৱন-নাটৰ ভাও কতনো কৰিলো শেষ,
কৰি গ’লো কত অভিনয়,
কতজনে কত ৰূপে জীৱনৰ ভাও দি দি
ভাঙি গ’ল মাথোন হৃদয় |
ভাগিল জীৱন-নাট, পৰি গ’ল যৱনিকা,
পুৱঁতীৰ তৰাও লুকাল,
শূন্য আজি নাটঘৰ, স্মৃতিৰ শলিতা জালি
বহি বহি ৰাতিটো পুৱাল |
কত দিন কত ৰাতি কত উত্সৱ-গীতি,
কত মৰণৰ হাহাকাৰ,
ৰূপৰ তুলিকা ধৰি আঁকোঁ নিতে ছায়াছবি
ফুতি উঠে ৰূপ-লীলা তাৰ |
জীৱনৰ ভাও লৈ লাগিছে বেজাৰ আজি
ভুৱা দেখি লাগিছে ভাগৰ,
সাগৰ-বালিতে সাজি ধেমালিৰ বালি-ঘৰ
পাহৰিলো ৰূপ সাগৰৰ |
কোন কাৰ জগতৰ, কোন কাৰ মৰমৰ
চকুৰ চিনাকি দুদিনৰ,
সসীমৰ ৰূপ-তৃষা অসীমত বুৰ যাব
খহি গ’লে জৰী মৰমৰ |

Also read হীৰু দাৰ কবিতা সংগ্ৰহ

পৰম তৃষ্ণা – নলিনীবালা দেৱী

Param trishna nalinibala devi poem 1898
পৰম তৃষ্ণা
আজিৰ নোহোৱা মোৰ সুন্দৰ পৃথিৱী
জনমৰ যুগমীয়া তুমি,
অনন্ত কালৰ মোৰ শান্তিৰ জিৰণি
অতীতৰ স্বপ্নলীলা-ভূমি |


অতীত জন্মৰ কত অলেখ স্মৃতিৰ
গছে-পাতে পৰি আছে ৰেখা!
অফুত ভাষাৰ কত কৰুণ কাহিনী
প্ৰকৃতি-ৰূপত আছে লেখা!


কতবাৰ জনমিলে তোমাৰ কোলাত
গইছিলো আকউ উভতি,
অপূৰণ কৰমৰ ভাৰ বান্ধি লই
ঘূৰি ঘূৰি আহিছো উভতি


পাৰ্ব্বতীয়া জুৰিটিৰ জিৰজিৰণিত
শুনো যেন বিননিৰ সুৰ,
আছে জানো দুচকুৰ চকুলো দুধাৰি
বই যোৱা কোনোৱা যুগৰ?


নিয়ৰ মুকুতা পিন্ধি, হেঙুলী আঁচল মেলি
উষা আহে সোণালী ৰথত,
নিশাৰ ওৰণি ঠেলি অৰুণে মিচিকি হাঁহে
প্ৰকৃতিৰ ৰূপহী বনত |


দূৰণিৰ পখীজাক মিলি যায় দিগন্তত
মাতি যায় আকুল সুৰত
প্ৰতিধ্বনি বাজে সুদূৰত
জীৱন লগৰী মোৰ পিঁজৰাৰ পখীটিও
মিলি যাব খোজে অনন্তত
অসীমৰ অচিন বাটত!


পুৱঁতী নিয়ৰ সানি চেঁচা বাওছাটি
বই যায় কপাল তিয়াই
অজানিত বাতৰি বিলাই |
মুদ খোৱা চকুযোৰ নৌ মেলোঁতেই,
সপোন-জড়তা মোৰ নৌ ভাগোঁতেই,
যুগান্তৰ ক্ষীণ স্মৃতি সপোন পাৰৰ
ভাহি উঠি ধীৰে মিলি যায়,
হিয়া মোৰ আৱেগে কঁপাই |
শুনি বিহগীৰ গীতি সুৱলা মাতৰ
ভাহি উঠে স্মৃতি যেন কোন অতীতৰ |
গাই যোৱা অতীজতে কুলি কেতেকীৰ স’তে
পাহৰা সুন্দৰ কত গীত প্ৰভাতৰ |


সনা আছে শত স্মৃতি যুগান্তৰ প্ৰকৃতি-ৰূপত
জোনাকী জেউতি ঢলা সান্ধ্য পৱনত |
সেউজীয়া পথাৰৰ শ্যামল কোলাত
হঁহা-কন্দা বেজাৰৰ ঘাত-প্ৰতিঘাত |
মোৰ এই হৃদয়ৰ অসীম তৰঙ্গ ৰাশি
উঠলিছে প্ৰকৃতি বুকুত,
অতীতৰ পূৰ্ণ আৱেগত |
গাঁথিছো অনন্ত মালা লক্ষ জীৱনৰ
আধৰুৱাকই এৰা শত কৰমৰ,
মানস-মুকুতা লই কল্পনাৰ হাৰ
বোজা বান্ধি লই যোৱা অসীম ব্যথাৰ |
কিয় আহিছিলো বাৰু, গইছিলো কিয়নো উভতি?
কিহৰ ই অভিলাষ, কিয় এই সীমাহীন গতি?
সকলো পাইছো, তেও কিবা যেন নাই নাই,
মুখত নুফুটে ভাষা প্ৰাণে ভাব বিচাৰি নেপায়!


কোনে বাৰু দিলে তেনে মানুহৰ আতমাত,
বিশ্বগ্ৰাসী হেঁপাহৰ ক্ষুধা,
যদি তেওঁ থোৱা নাই আতমাৰ চিৰশান্তি
পৰশমণিৰ প্ৰেম-সুধা?
কোনেনো সদায় মাতে আকুল উতলা মাতে
কোন দূৰ সুদূৰৰপৰা,
যদি তেওঁ থোৱা নাই বিয়াকুল জীৱনৰ
শান্তিময় সুখৰ নিজৰা?


ভোগতেই মানুহৰ তৃপিতি পলোৱা হ’লে,
বাসনাও নোৱাৰে থাকিব;
মানুহৰ বাসনাৰ সমাধি-শয়ন হ’লে
জীৱন মৰণো নেথাকিব |
মানুহৰ দুচকুৰ অসীম সৌন্দৰ্য্য-তৃষ্ণা
সুখ-আশা, হেঁপাহ বুকৰ
নহয় ই মৰতৰ ক্ষন্তেকীয়া জীৱনৰ
সুখ-আশা পৰম পদৰ,
ৰূপ-তৃষ্ণা চিৰসুন্দৰৰ |

SOME IMPORTANT BOOKS OF NALINIBALA Devi : AMAZON ত উপলব্ধ নলিনীবালা দেৱীৰ কেইখনমান কিতাপ


সন্ধিয়াৰ সুৰ click here to buy
এৰি অহা দিনবোৰ

Post a Comment

0 Comments