হীৰুদাৰ কবিতা সংগ্ৰহ hiren bhattacharya poem collection

হীৰুদাৰ কবিতা সংগ্ৰহ hiren bhattacharya poem collection   তেজৰ আখৰেৰে হীৰেন ভট্টাচাৰ্য (১৯৭০) “ইমান অলপতে বিচলিত হ’লে তোমাৰ ...

হীৰুদাৰ কবিতা সংগ্ৰহ hiren bhattacharya poem collection

 তেজৰ আখৰেৰে

হীৰেন ভট্টাচাৰ্য (১৯৭০)

“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে |
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে |
কবি মই নাছিলো কোনোকালে |

*****************

ৰৌদ্ৰ-কামনা

- হীৰেন ভট্টাচাৰ্য (১৯৫৭)

উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোনালী হাঁহি |
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি !
*****************
বসন্তৰ গান
[এজন কবিলৈ]
হীৰেন ভট্টাচাৰ্য (১৯৬১)

কালি ৰাতি খুব কুৱঁলি পৰিছিল |
পাহাৰতলিত
এটা চৰায়ে ওৰে ৰাতি
গান গাই আকাশখনক কন্দুৱাইছিল |

ৰাতিপূৱা,
গছে বনে, পাহাৰৰ শিখৰে শিখৰে
বকুলফুলৰ দৰে
গুৰি গুৰিকৈ বৰফ পৰিছিল |
এটা চৰাইৰ
মাতত বসন্ত অহা হ’লে !
তাৰ লাহী ডেউকাই
কুঁৱলী আঁতৰাব পৰা হ’লে !

*****************
নাগৰিক
(ৰচনাৰ সময় – ১৯৬১)

নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ |
ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন | তথাপি
সময়-শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী –
দিক‍হাৰা হৃদয়ৰ আশ্ৰয় |
কলঘৰৰ ক’লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাবঃ আকাশ ইমান বহল !
দ-কৈ উশাহ লৈ ক’বঃ বতাহ ইমান কোমল !!
পোহৰৰ এই স্বৰ্ণ-স্পৰ্শে উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয় | উদ্দাম কৰিলে নিস্তেজ মন
যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময় |

*****************
hiren bhattacharya poem mur desh

মোৰ দেশ
(ৰচনাৰ সময় – ১৯৬২)

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ |
মোৰ প্ৰতোটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন | মোৰ জীৱনৰ আহেঁ আহেঁ
মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল |
দেশে-দেশে দেশ আছে | এনে বহু দেশৰ অৰঙে-দৰঙে
ম‍ই ঘূৰিছোঁ | বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ |
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ | বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ
কথা পাতিছোঁ | তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা |
এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ | যাৰ বুকুৰ উমে মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য | জীৱনৰ নতুন অৰ্থ |
এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস | প্ৰতিটো ঋতুৱে
মোক দি যায় জীৱনৰ আশীৰ্বাদ |
মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ | এই দেশৰ বাবে ম‍ই
জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ | ৰণুৱা, বনুৱা, হালোৱা
এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ |
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ |
শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ | সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে
জিনিছোঁ | শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ
এমুঠি ধান, পৰাণৰ একোটি গান |
আৰুতো মোৰ একো নাই !

মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন
পৰ্বত-মূললৈ ....

*****************
জ্যোতি, সেই জ্যোতি
[স্বৰ্গীয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণীত]
হীৰেন ভট্টাচাৰ্য (১৯৬৩)

মোক এই সংকীৰ্ণতাৰ পৰা
তুলি ধৰা | তোমাৰ সতে গাবলৈ দিয়া
ধুমুহাৰ গান, বজ্ৰৰ গান |
মৃত্যুৰ এই হিম-শীতল হাতেৰে
ঢাকি থোৱা হৃদয়ক
এচমকা আকাশৰ আশ্বাস দিয়া |
ঘৃণা আৰু অবিশ্বাসে ঘেৰি ধৰা
সংকীৰ্ণ জীৱনলৈ আহকঃ
সাহসৰ দোকোল-টঁকা বান |
চেতনা থৰথৰ অন্ধকাৰ প্ৰহৰ ভাঙি
তোমাৰ গানেৰে কৰোঁ জ্যোতিস্নান !

*****************
ছহিদ
হীৰেন ভট্টাচাৰ্য (১৯৬৫)

যাৰ
তেজত তিৰবিৰাইছিল
তৰালি,
বুকুত গুণগুণাইছিল
মৌমাখি –
সি নিজানে নিতালে
শুই আছে |
শিতানত তাৰ
তেজে ধোৱা মাটি
*****************
hiren bhattacharya assamese poems pdf 

শোভাযাত্ৰাত নিহতজনৰ কবিতা
- হীৰেন ভট্টাচাৰ্য (১৯৬৬)

এই জুইকুৰা ময়েই জ্বলালো |
জানো আই, এই জুইৰ পোহৰত
তোমাৰ ৰুগ্ন-মুখত উদ্ভাসিত
হৈ উঠিব
পৃথিৱীৰ অপৰূপ ৰূপ |
সেয়ে, জুইকুৰা ময়েই জ্বলালো |

দিনৰ পিছত দিন,
ৰাতিৰ শেহত দোকমোকালিৰ কোমল বতাহেৰে
মোক নিচুকাই কি ৰং পোৱা
মই নাজানো আই ! নিষ্ঠুৰ ক্ষমাৰে
মাথোঁ মোক নেহানিবা | তোমাৰ বাবে আই,
বহুবাৰ প্ৰিয়্জনৰ বুকুৰ তেজ দিলো ;
এইবাৰ মোৰ মন্ত্ৰপূত শৰীৰ |

জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত
মই যে আজি অধীৰ
সেয়ে, জুইকুৰা ময়েই জ্বলালো |

*****************
hiren bhattacharya poem download 

স্তবক
হীৰেন ভট্টাচাৰ্য (১৯৬৮)

“এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল|”
এইবুলি কৈ মোৰ কোলাত
আহি পৰিল
তেজৰঙা বুলবুলি এহাল !
কাঁইটীয়া গোলাপৰ ডাল
বতাহত দোঁ খাই আহি
ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল |

এতিয়া বসন্তকাল
ফুলতকৈ কাঁইটেই ভাল....
*****************
বোধন
হীৰেন ভট্টাচাৰ্য (১৯৬৮)

আজি মোৰ
এন্ধাৰতে টোপনি ভাগিল |
স্বপ্নৰ পাপৰি
এটি এটি কৰি সৰি পৰি ৰ’ল
যেন পলাতকা পৰীৰ কৰবীৰ ফুল !
দেহৰ হুলত এতিয়া মোৰ
লাগি আছে মাটিৰ কোলাহল;
আৰু, অপসৃয়্মাণ ছায়াৰ দৰে
সপোনৰ কোমল কৌতূহল !

*****************
hiren bhattacharya poetry on love

প্ৰেমৰ কবিতা
হীৰেন ভট্টাচাৰ্য (১৯৬৯)

মোৰ বুকুত কি জ্বলে !
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে !
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰূৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে-বাহিৰে |
সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে |

*****************
প্ৰস্তাৱনা
- হীৰেন ভট্টাচাৰ্য(১৯৭০)

মোৰ দুহাত লোহাৰ শিকলিৰে বন্ধা |
কেতিয়াবা ভাবোঁ খুন কৰোঁ, নাইবা
নিজেই নিহত হওঁ সিহঁতৰ হাতত | মোৰ
তেজৰ শিখাত বাৰুদ-ভৰা স্বপ্নৰ য্ন্ত্ৰণা |
যেতিয়াই ভাবোঁ খুন কৰোঁ সিহঁতক
মোৰ তেজৰ সোঁতত বাজি উঠে অস্ত্ৰৰ
অনিবাৰ্য ঝন্‍ঝননি | সমস্ত শক্তিৰে
ছিঙি পেলাওঁ হাতৰ শিকলি | সমুখৰ
শোভাযাত্ৰাত যোগ দিওঁ অথবা
নিশব্দে তুলি লওঁ ছহীদৰ দেহা |
মোৰ তেজৰ শিখাত
বাৰুদ-ভৰা স্বপ্নৰ যন্ত্ৰণা |
*****************

পুনশ্চ
হীৰেন ভট্টাচাৰ্য (১৯৭০)

প্ৰতিদিনেই মোৰ একো-একোটা মৃত্যু
হাতৰ ৰেখাত দীৰ্ঘ-পৰমায়ু |
এনেকৈয়ে মই আছোঁ | সপোনৰ পৰীৰ
ভৰিৰ খোজ শুনি মনে মনে ভাবোঁ:
জীৱন যিমান সুন্দৰ হ’ব পাৰে
সুন্দৰ তাতোকৈ |
*****************
 poet hiren bhattacharya

বাঁহীৰ মাত
হীৰেন ভট্টাচাৰ্য (১৯৭০)

এন্ধাৰেৰে যাওঁতে যাওঁতে
পোহৰৰ শংখ নিনাদ
শুনিলো অকস্মাত্‍ |
বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত
অনুভৱ কৰিলো বাঁহীৰ মাত |
বাঁহীটো তেজত, হাড়ৰ মাজত
লুকাই আছিল অতকাল |
তাত থূপাই থৈছিলো
সময়ৰ কিছুমান শুকান পাত |
পাতবোৰ আঁতৰাই দিলে কোনে ?
কাৰ বাৰু সিখনি স্নিগ্ধ হাত |

*****************
লাঞ্ছিত সূৰ্য

হীৰেন ভট্টাচাৰ্য (১৯৭০)

ৰ’দ গৈ গৈ ঢলি পৰে সূৰ্য |
ত্ৰস্ত ৰাতিৰ অন্তৰীক্ষৰ
অন্ধকাৰত জ্বলে কালপুৰুষৰ
তৰোৱাল অনিবাৰ্য |
মই কবি, সীমিত মোৰ সামৰ্থ্য |
আলিদোমোজাৰ ভূতগ্ৰস্ত প্ৰহৰীৰ
কৃতঘ্ন পিতলৰ সুহুৰিয়ে
বিপৰ্যস্ত কৰে মোৰ কাব্যৰ অৰ্থ |
ৰ’দ গৈ গৈ ঢলি পৰে সুবৰ্ণ সূৰ্য |

*****************

দেশ আৰু অন্যান্য বিষয়ক হীৰেন ভট্টাচাৰ্য (১৯৭১)

দেশ বুলি ক’লে আদেশ নেলাগে,
মোৰ তুম্‌ৰালি তেজত টগবগাই উঠে
এহেজাৰ এটা ৰণুৱা ঘোঁৰা !

মোৰ শব্দৰ শোভাযাত্ৰা হওক, ক্ৰুৰ-কুটিল ৰাতিৰ প্ৰহৰী হওক
তিৰ্‌বিৰাই থাকক বিক্ষোভৰ চোকা তৰোৱাল,
টলমল শব্দৰ উচ্ছ্বসিত তেজৰ প্ৰৱাহে-প্ৰৱাহে |

মোৰ কামিজত ফুটি উঠে কাতৰতা, ক্ষীণ হয় ঘনিষ্ট উশাহ;
গভীৰত বৰ অস্বস্তি, বৰ অস্থিৰতা | সতৰ্ক প্ৰহৰী বতাহ
হঠাত্‍ কৌতূহলী হৈ পানীত যিদৰে নচুৱাই মাছ
মোৰ চৌকাষে উদ্যত মৃত্যু; মৃত্যুৰ কৌশলী হাত
অথবা, মৃত্যুজিত্‍ প্ৰতিভাৰ আচ্ছাদিত আভাস |

*****************

ভোগালী 
হীৰেন ভট্টাচাৰ্য (১৯৭১)

তুমিটো জানাই
এই কবিৰ আৰু একো নাই |
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই |
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰাই |

*****************

 hiren bhattacharya quote

পৃথিৱী মোৰ কবিতা 
হীৰেন ভট্টাচাৰ্য (১৯৭৩)


কলম মোৰ কমাৰৰ হাতৰ হাতুৰি, ভাঙি-পিটি গঢ়ি লওঁ শব্দ,
খেতিয়কৰ ফাল যেন চোকা, সীৰলুত সোনৰ সীতা,
মিস্ত্ৰিৰ কৰত যেন ৰূঢ়,
কঠিন কাঠৰ আঁহ ফলি টানি আনো
অভিজ্ঞতাৰ তেজ লগা শব্দ, চাওঁতাল মৰদৰ ধনুৰ কাঁড় যেন
লক্ষ্যভেদী একো-একোটা শব্দ মোৰ
ৰক্ত-মাংস-ইচ্ছাত তীব্ৰ হৈ উঠে,
সিহঁতৰ কোনোটো পৰ্বতৰ দৰে উদ্ধত,
কোনোটো নদীৰ দৰে নত, আৰু কোনোটো বা হ্ৰদৰ দৰে গম্ভীৰ,
কাৰো কথাত উঠা-বহা নকৰে |
নদ-নদী-পৰ্বত চিত্ৰিত বিপুল মহাদেশৰ মই কবি,
পৃথিৱী মোৰ কবিতা |

*****************
মোৰ এই শব্দবোৰ

[তৰুণ কবিৰ হাতত] হীৰেন ভট্টাচাৰ্য (১৯৭৩)

স্বপ্নৰ উদ্যান ছুই অহা মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা,
সময়ৰ ঘনিষ্ঠ উত্তাপ, মোৰ কোনো নিজস্ব আবিস্কাৰ নাই,
মোৰ ভিতৰত এটা যেন খেতিয়ক, মই শব্দবোৰ জিভাত দি চাওঁ,
কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত,
মই জানো শব্দ মানুহৰ মহত্‍ সৃষ্টিৰ তেজঃদীপ্ত সন্তান,
মই সাধাৰণ কবি,
কান্ধ সলনি কৰি বৈ অনা মোৰ এই শব্দবোৰত
মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিঠুৰ আচোঁৰ |

*****************


সংকট দিন 
হীৰেন ভট্টাচাৰ্য (১৯৭৪)


আকালৰ চোতাল | শস্যৰ পথাৰ উদং | কিশোৰৰ হেৰাল
স্বপ্ন স্বাধীনতা | গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত |
মূলত কি বিহ ? উছন গ’ল গাঁও | নষ্ট নগৰ |
মৃত্যুৰ মলিন ছাঁত, অশ্লীল বণিজ | পাপ মুদ্ৰাৰ পায়োভৰ |
হে সময়, গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা |

*****************

স্বদেশ স্বকাল 
হীৰেন ভট্টাচাৰ্য (১৯৭৪)


মই কবি, কৃতিত্বৰে পাৰ হৈ আহিছোঁ বুৰঞ্জীৰ বহু ভয়ংকৰ দিন |
শব্দই মোক দিছে প্ৰতিৰোধৰ অসামান্য ক্ষমতা, অৰ্থৰ শৃংখলা,
নিৰ্ভুল হোৱাৰ ইচ্ছা, সেযে, প্ৰয়োজনত পুনৰ প্ৰতিষ্ঠা কৰিছোঁ
বিপৰ্যস্ত শব্দৰ নিৰ্বাসিত অৰ্থ |
শব্দ মোৰ শুভংকৰ সংগীত কিম্বা উচ্চতৰ গণিত |
থাকক অবিবেকী যুদ্ধ, মহামাৰী বসন্ত, শব্দ মোৰ চিৰাচৰিত
প্ৰতিকূলতাত আয়ত্তাধীন নিপুণতাৰ গুৰুত্বপূৰ্ণ অকপট তৰোৱাল |
মোৰ আন কোনো সত্তা নাই, শব্দৰ সতে মোৰ অভিন্ন সংসাৰ;
যাৰে, খণ্ড-খণ্ড কৰি তুলি ধৰোঁ ৰক্তাক্ত স্বদেশ স্বকাল;
স্বপ্নৰ নিটোল দেহেৰে গঢ়া অসম্ভৱ ভৱিষ্যত্‍ |

*****************
প্ৰয়াত কবিৰ স্মৰণত 
হীৰেন ভট্টাচাৰ্য (১৯৭৪)

বেশ্যান্তৰিত শাসক স্বভাৱদোষত স্ফীতোদৰ বণিকৰ ক্ৰীতদাস,
সন্ন্যাসে শোভা কৰে জানো কবিক, কলম যাৰ জাগৰ তৰোৱাল ?
কাব্যতো নহয় সহজ পণ্য, অন্য ধাতুৰে গঢ়া তাৰ বিপন্ন শৰীৰ,
তেজত প্ৰতিবাদ, সত্তাত বিপ্লৱ |
নেৰুদা, মই তোমাৰ কুৰিটা প্ৰেমৰ কবিতা পঢ়িছোঁ,
আৰু জানো প্ৰেমৰ কবিতাৰে ৰচা এটা হতাশাৰ গানত মূৰ্ত
ভাঙনৰ হাতুৰি কিমান গধুৰ !


*****************

অসম্ভৱ অনুবাদ 
হীৰেন ভট্টাচাৰ্য (১৯৭৫)
এটা অজুহাত পালে মই গুচি যাব পাৰোঁ,
যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি
মই গুচি যাম, যি কোনো অজুহাত পালে,
মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা নিৰ্ভৰ ছায়াৰ
সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি
অসম্ভৱ অনুবাদ তাৰ, জালিকটা জোনাকৰ
মাজেৰে মই গুচি যাম, হাতত সাৰে ভৰিত সাৰে ......
[কোনোবা হাস্নাহানা ৰাতি]

*****************
এতিয়াও অমৃত
হীৰেন ভট্টাচাৰ্য (১৯৭৬)

স্মৃতি দুখৰ অতীত
সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা |

মুখত এজোলোকা তেজ | সুৰ্যটো ওলমি আছে |
আকাশ ফাঁচীৰ কাঠ
|
দীৰ্ঘশ্বাস মলিন আকাশত কোন তুমি বিষাদ প্ৰতিমা !

*****************

আহিনৰ লেণ্ডস্কেপ

(১৯৬৫)

১)

শেষ হৈ গ’ল
লুদ্ধ আকাশৰ হিংস্ৰ উত্সৱ |
উখল মাখল পথাৰত
এতিয়া বলিছে সেউজীয়া ঢল ||

২)

তামস আকাশখনৰ
স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে |
কবিতাৰো বতৰ আছে
আহিনৰ আকাশে কাণে কাণে ক’লে |

৩)

ৰ’দালিৰ ভাঁজে ভাঁজে
অপাৰ বিস্ময় |
আবেগত ভাঙি পৰে
শব্দৰ তন্ময় ||



*****************



মোৰ আৰু পৃথিৱীৰ

(১৯৭২)




কাৰ কাৰণে কবিতা, সূৰ্যৰ শুদ্ধতা ? সমুখৰ বাট জলকতবক ,
বাওঁহাতৰ টিপত মৰে কুশীলব, জননীৰ বুকুত কাল যমুনা |
কাৰ কাৰণে কবিতা, সূৰ্যৰ তেজস্বিতা ? ছহীদৰ হাড়
শিয়াল-কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ !
কাৰ কাৰণে কবিতা, তাপস কবিৰ তেজৰ শলিতা ?




ম‍ই এক বিপুলাতয়ন নাটকৰ গৰ্ভাংকৰ গভীৰ নাটকীয় মুহূৰ্তত,
মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্ৰুম,
উদগ্ৰ জীৱন শক্তিত স্ফীত শাখা-প্ৰশাখাত
উত্সাৱন্ত ধুমুহাৰ কোলাহল;
মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী বজ্ৰৰ নিৰ্ঘোষ |
মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা |
যকৃতৰ সুখ-শ্ৰুত সুস্থতাই জানো সকলো ?
তোমাৰ লগত মোৰ বিস্তৰ মতভেদ |
বৰং যদিও দুষ্প্ৰাপ্য, তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয় |
ম‍ই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি
যাৰ – এফালে নিৰ্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভৱিষ্যত্‍ |




নিমিষতে ভাঙি পৰে মোৰ বুকুৰ ভিতৰৰ ঘৰ-দুৱাৰ | তোমাক
বুকুত থৈ কৰা আশ্চৰ্য নিৰ্মাণ | ভয়ংকৰ ভাঙনৰ মুখত
স্থিত দীৰ্ঘ পৰিশ্ৰমে গঢ়া সুশোভিত উদ্যান |
পাৰ হৈ আহোঁ পিছল শিলৰ সাঁকো,
ভৱিষ্যতৰ গন্ধবহ সপ্ৰতিভ বৰ্তমান |
হাড়ে হাড়ে, বুকুৰ ভিতৰে ভিতৰে ভাঙে ঘৰ-দুৱাৰ,
কলিজাত কতকাল পৰি থকা স্মৃতিময় গোলাপলতাৰ
তিমিৰ প্ৰোথিত শিপা ছিন্ন-বিচ্ছিন্ন |
শ্বাসৰোধী অভ্যন্তৰত পিপাসাৰ মুমূৰ্ষ প্ৰাৰ্থনাঃ
মোৰ প্ৰকৃতি, মোৰ প্ৰিয়, তুলি লোৱা মোৰ অপাপ হৃদয়
ধ্বংসস্তুপৰ পৰা |



তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিঃসংগতা
লগৰীয়াৰ চকুত ধুলি দি বালিঘৰ সাজি একান্তমনে
উমলি থকা ল’ৰাটোৰ দৰে এক অদ্ভুত আনন্দবোধত মুগ্ধ |
প্ৰতিটো শব্দৰ শৰীৰে শৰীৰে বিয়পি আছে মোৰ
আইৰ চাদৰৰ মোলান আচঁলত লাগি থকা কিংবদন্তিৰ কৰুণতা |




এনেকৈয়ে আছোঁ: দুখ মোৰ কোলাৰ কেঁচুৱা, বাৰে বাৰে
দুহাতেৰে দাঙি ল’ব লাগে | জিভাত দুখৰ ঘৰৰ লোণ,
ওকালিত ওলাই আহে ভাতৰ নিসনি | খং মোৰ সহজতে নুঠে |
দায়িত্বশীল পিতাৰ দৰে ম‍ই জানো
খং কেনেকৈ সামৰি থ’ব লাগে;
ক্ষমায়েই বা কাক বোলে | প্ৰচুৰ দায়িত্ব মোৰ |
দুখবোৰ তুলি-তালি মানুহ কৰাৰ গধুৰ দায়িত্ব,
একান্ততাত জুৰুলি-জুপুৰি নৰীয়া দেহা,
কিবা এটা ক’ব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰে
অজানিত তেজ মুখৰ ভিতৰে-বাহিৰে |



মোৰ অস্ত্ৰৰ শানিত মুখত সুগন্ধ সময়ৰ সেতুময়তা !
মোৰ স্নায়ুৰ বিচিত্ৰ বীনাৰ সহস্ৰ তাঁৰ কৃতজ্ঞতাবোধত গধুৰ,
বুকুৰ ভিতৰত অজৰ-অমৰ পৃথিৱী, যাৰ কাষত বহিলে
উজ্জ্বল হৈ উঠে মোৰ নৰীয়া দেহ | ভ্ৰমণ-বিলাসী মনৰ শেষ হয় সকলো
আয়োজন, ভৰি ছুই গুছি যায় আবেলিৰ ৰ’দ,
ম‍ই মাথোঁ বহি থাকোঁ লিৰিকি-বিদাৰি গুৰুভাৰ শিকলি |
.... আঙুলি কামুৰি পালো ঘোলা তেজ, চেঁচা বিদ্ৰোহ,
চূড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ, অথচ মোৰ
সেই স্পৰ্ধা নাই অথবা, বিৰল প্ৰাজ্ঞতা !


কমৰেড্‍, বুকুখন বিষাইছে, বন্দুকটো উম দি বুকুতে থাকক,
আঁতৰাই নিনিবা; লাগিলে তৰ্জনী আঙুলিটো মোৰ
ট্ৰিগ্ৰাৰতে থোৱাঃ বন্দুকৰ নলেৰে জ্বলক অবিৰাম বিজুলী |
ৰাতিটো পাৰ হৈ গ’লে আমাৰ আৰু ভয় কি ?
নলে-গলে লগালগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ |


hiren bhattacharya assamese poem


তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp statusshare কৰকচোন আৰু আপোনাৰ দৰে আন দহজনকো পঢ়িবলৈ দিয়ক। কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।

ads
Name

assam,4,Assamese entertainment news,1,assamese quote,12,assamese song lyrics,2,Student corner,4,Video,1,whatsapp status video,1,অনুপ্ৰেৰণামুলক,11,অনুভৱ,28,কবিতা,8,কিতাপৰ পোক,2,গল্প,30,জ্ঞানৰ সফুঁৰা,30,টিপচ্,8,টিপচ্ এণ্ড ট্ৰিকচ্,9,পেন অন পেপাৰ,5,বিজ্ঞান বিচিত্ৰা,4,বিবিধা,23,মিষ্ট্ৰিয়াচ নাইট,35,স্বাস্থ্য,10,
ltr
item
Jonak axom : হীৰুদাৰ কবিতা সংগ্ৰহ hiren bhattacharya poem collection
হীৰুদাৰ কবিতা সংগ্ৰহ hiren bhattacharya poem collection
https://1.bp.blogspot.com/-eW2Oa6epcgE/XGbHGex9-2I/AAAAAAAAB9I/3oK3qvxqTScc_RMJhmXCaYx40TNucLl1wCLcBGAs/s320/Hiren-Bhattacharyya%2Bassamese%2Bpoem%2Bcollection.jpg
https://1.bp.blogspot.com/-eW2Oa6epcgE/XGbHGex9-2I/AAAAAAAAB9I/3oK3qvxqTScc_RMJhmXCaYx40TNucLl1wCLcBGAs/s72-c/Hiren-Bhattacharyya%2Bassamese%2Bpoem%2Bcollection.jpg
Jonak axom
https://www.jonakaxom.com/2019/02/hiren-bhattacharya-poem-collection.html
https://www.jonakaxom.com/
https://www.jonakaxom.com/
https://www.jonakaxom.com/2019/02/hiren-bhattacharya-poem-collection.html
true
8804125980716359042
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy