এমুঠি অনুভৱ

* এমুঠি অনুভৱ *


কি কৰি আছা তুমি? শুই আছা, নে বহি আছা? নে মেলি দিছা সুঁৱৰণিৰ দুহাত? মইয়ো মেলি দিছো দুহাত.... এৰা, সুঁৱৰণি – যেতিয়াই মন যায় চুব পাৰি কৰোবাক।

আজিকালি মোৰ ভাব হয় জানানে, বুকুত দপদপাই জ্বলি থকা জুইকুৰাত অলপ পানী ঢালিবলৈকে যেন লিখি গৈছো মই শব্দৰ লানি। তোমাক প্ৰদক্ষিণ কৰিছো মই দিন-ৰাতি। কিয় এনে হয় বাৰু?

এটা সাধু নহয়নে? ৰাজকূৱৰী আহি ৰাজকোৱৰৰ বুকুত লিপিত খাই পৰা, গুণগুনাই কথা পতা আৰু নিশব্দে নিৰৱে আঁতৰি যোৱা - - হা: হা: হা: সঁচাই, এটা সাধু আছিল। তথাপি ভাল লাগিছিল। আমাৰ সুদীঘ কথোপকথন আৰু আমাৰ গভীৰ ৰাতিবোৰ, পাহৰি যাব পাৰি জানো?

জানো, তুমি নাহা – অথচ ফাগুন আহিল লয়লাস খোজেৰে। কি আচৰিত চখ তোমাৰ “বুকু ভঙাৰ”।


-

দেৱজিৎ নাথ

Post a Comment

0 Comments