ভাৰত ৰত্ন আৰু ভোটৰ অংক

ভাৰত ৰত্ন আৰু ভোটৰ অংক

ভাৰত ৰত্ন, দেশৰ সৰ্বোস্ব অসামৰিক সন্মান ৷ ইয়াক লৈ কেতিয়াও বিতৰ্ক কৰা উচিত নহয় যদিও সময়ে সময়ে ৰাজনৈতিক বা ব্যক্তিগত স্বাৰ্থত এনেকুৱা কিছু ব্যক্তিক প্ৰদান কৰা হৈ আহিছে যিয়ে মগজুত আঘাত কৰে ৷ এটা সময়ত ইন্দিৰা আৰু নেহেৰুৱে প্ৰধানমন্ত্ৰী হৈ থাকোতে নিজেই নিজক ভাৰত ৰত্ন উপাধি দিছিল ৷ তেতিয়া প্ৰশ্ন উঠিছিল স্বাধীনতা সংগ্ৰামী সকলক ভাৰত ৰত্ন দিয়া নহয় কিয়? এই কিয়টো ৰাজনীতিৰ পাকচক্ৰত চিৰদিনৰ বাবে কিয় হৈ থাকি গ'ল ৷ শ্বহীদ ভগত সিং, চন্দ্ৰচেশৰ আজাদ, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, সৰোজনী নাইডু, ভীমৰাও আম্বেদকাৰ, ৰাজেন্দ্ৰপ্ৰসাদ, বল্লভভাই পেটেল, সুভাষচন্দ্ৰ বসু , লালবাহাদুৰ শাস্ত্ৰী , গোপীনাথ বৰদলৈ আদিক ভাৰত ৰত্ন প্ৰদান নকৰি কংগ্ৰেছে পুৰুষানুক্ৰমে নিজেই নিজক ভাৰত ৰত্ন প্ৰদান কৰিলে ৷ 2014 চনত কংগ্ৰেছ দলৰ চৰকাৰ হ'লে নিশ্চিত ভাৱে সোনীয়া গান্ধীকো প্ৰধান মন্ত্ৰীত্বৰ পদ এৰি দিয়া মহিয়সী নাৰী হিচাপে ভাৰত ৰত্ন সন্মানেৰে সম্ভাসিত কৰিলে হেতেন চাগে ৷

এতিয়া আহো বৰ্তমান সময়লৈ ৷ কালি পুনৰ ভাৰতৰ সৰ্বোস্ব অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদানৰ ৰ বাবে নাম ঘোষণা কৰা হ'ল ৷ প্ৰাক্তন কংগ্ৰেছ কৰ্মী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, নানজী দেশমুখ আৰু ড· ভুপেন হাজৰিকা দেৱলৈ এইবৰ্ষৰ ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হৈছে ৷ কিন্তু দেশৰ ৰাজনৈতিক পৰিবেশ চায় মনত এক প্ৰশ্নৰ উদয় হৈছে যে এইবাৰৰ ভাৰত ৰত্নও ৰাজনৈতিক জোৰাতাপলি নেকি? ?

দেশৰ বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে শাসক দল বি জে পিৰ এইবাৰ লোকসভাত আসন কমিব ৷ অখিলেশ- মায়াবতি যুটিয়ে যে লোকসভাত চৰকাৰ গঠনত প্ৰধান ভুমিকা লোৱা উত্তৰপ্ৰদেশৰ লোকসভা আসনৰ সংখ্যা মোডী চৰকাৰৰ বাবে কমাব সেয়া প্ৰায় ধুৰুপ ৷ উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনত ই প্ৰমাণিতও হৈছে ৷ গতিকে 82 খন আসনেৰে চৰকাৰ গঠনত মহত্বপুৰ্ণ স্হান লোৱা উত্তৰ প্ৰদেশৰ এই ঘাটি পুৰাবলৈ চৰকাৰে 'ভাৰত ৰত্ন ' প্ৰদানৰ চলেৰে লোকসভাত আসন বঢ়োৱা কুচকাৱাজ আৰম্ভ কৰিছে নেকি!

প্ৰণৱ মুখাৰ্জীয়ে তেওঁৰ কৰ্মৰত কালত সদায় 'বি জে পি' আৰু 'আৰ এছ এছ' ৰ বিৰোধিতা কৰি আহিছে ৷ তেন্তে নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰণৱ মুখাৰ্জীক ভাৰত ৰত্ন প্ৰদান কৰিলে কিয়? ই এক লাখ টকীয়া প্ৰশ্ন ৷ এই প্ৰশ্নই আৰু ইয়াৰ সাম্ভাব্য উত্তৰে চাগে বহু কংগ্ৰেছী দিগ্বজ নেতাৰ ৰাতিৰ টোপনি হৰিছে ৷ আচলতে ভাৰতীয় জনতা পাৰ্টী চৰকাৰে প্ৰণৱ মুখাৰ্জীক এই বটা প্ৰদান কৰি কংগ্ৰেছৰ ভিতৰ মহলত এই চিন্তা বিয়পাব খোজিছে যে যিমান সামৰ্থ থাকিলেও কংগ্ৰেছ দলত এটা নিৰ্দিষ্ট পৰিয়ালৰ বাদে অইনে উপযুক্ত সন্মান নাপায় ৷ তাৰোপৰি ইয়াৰ যোগেদি পশ্চিম বংগৰ মানুহৰ মন জয় কৰি সমাগত লোকসভা নিৰ্বাচনত মমতা বেনাৰ্জী একাধিকৃত পশ্চিম বংগৰ 42 খন আসনৰ পৰা কেইখনমান খৰকোৱাৰ প্ৰয়াস কৰা যেন লাগে ৷

ড· ভুপেন হাজৰিকা দেৱক ভাৰত ৰত্ন প্ৰদান কৰিবলৈ অসমৰ জনতাই বহু দাবী উথ্থাপন কৰিছিল ৷ কিন্তু সেই সময়ৰ ইউ পি এ চৰকাৰে তেখেতক ভাৰত ৰত্নৰ বাবে উপযুক্ত বুলি বিবেচনা নকৰি পদ্মশ্ৰী উপাধিয়ে প্ৰদান কৰিলে ৷ তাৰ বাবে অসমৰ বহু জনতাই পুনৰ প্ৰতাৰিত অনুভৱ কৰিলে ৷ অসমত বৰ্তমান ৰাজনৈতিক পৰিবেশ সুউব এটা ভাল নহয় ৷ নাগৰিকত্ব সংশোধনী বিধেয়েকক লৈ অসম অগ্নিগৰ্ভা হৈ পৰিছে ৷ এই জুইয়ে সমাগত লোকসভা নিৰ্বাচনত অসমত মোডীৰ বাহিনীৰ আসন কমোৱাৰ আকাংশা কৰা হৈছে ৷ তাৰ বাবেই হয়তু মাস্টাৰ ষ্টোক হিচাপে ভুপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদানেৰে আৱেগিক অসমীয়াৰ মন কিছু হ'লেও জয় কৰিবলৈ চেষ্টা চলোৱা হৈছে ৷ লগতে বাৰে বাৰে মনত পেলায় দিবলৈ চেষ্টা কৰা হৈছে গোপীনাথ বৰদলৈকো অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনতহে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল ৷ হয়তু কংগ্ৰেছতকৈ বি জে পি চৰকাৰ অসমক লৈ অধিক সংবেদনশীল ৷ তথাপিও ক'বই লাগিব যে এইবাৰৰ ভাৰত ৰত্ন হয়তু ভুপেন হাজৰিকাক সন্মান প্ৰদানতকৈ অসমৰ সাম্প্ৰতিক পৰিৱেশৰ শাম কটায় অসমৰ ৰাইজৰ সহানুভুতি লাভেৰে আগন্তুক নিৰ্বাচনত অসমৰ 14টা লোকসভা চিট হস্তগত কৰা ৷

এইবাৰৰ ভাৰত ৰত্ন বটা প্ৰদানত যোগ্যতাৰ মাপকাঠিত নানাজী দেশমুখক বটা প্ৰদানত আপাত দৃষ্টিত কোনো ৰাজনীতি নাই যেন লাগে কাৰণ তেখেত এজন আজীৱন সমাজ কৰ্মী ৷ তেখেতৰ ব্যক্তিগত প্ৰয়াসত দেশৰ বহু গাঁৱৰ ৰুপৰেখা তেখেতে সলনি কৰি পেলাইছে ৷ তথাপি তেখেত এজন আৰ এছ এছ আৰু জনসংঘৰ সক্ৰিয় সদস্য হোৱালৈ চায় এই আকাংশাক নুই কৰিব নোৱাৰি যে বৰ্তমান চৰকাৰৰ লগত দুৰত্ব বাঢ়িব ধৰা 'আৰ এছ এছ' ক সন্তোষ্ট কৰাৰ ই এক প্ৰয়াস মাত্ৰ ৷ তাৰোপৰি নানাজীৰ ঘৰ মহাৰাষ্ট্ৰত ৷ মহাৰাষ্ট্ৰৰ লোকসভা আসনৰ সংখ্যা 48টা ৷ মহাৰাষ্ট্ৰৰ প্ৰধান দল নিৱ সেনাৰ লগত বি জে পিৰ যি অন্তকলহ ৷ তাৰ ফলত ভোগাৰ ভয়তে হয়তু বি জে পিয়ে নানাজীক ভাৰত ৰত্ন প্ৰদানেৰে শিৱ সেনা আৰু মহাৰাষ্ট্ৰ বাসীৰ মন জয়ৰ চেষ্টা চলালে ৷ এপাট অস্ত্ৰতে তিনিটা চিকাৰ ৷ বাহ মোডীজী বাহ ৷


-হেমন্ত দাস

Post a Comment

0 Comments