header ads

বিষাদ চুটি গল্প

-শাশ্বতী লস্কৰ



                দীপৰ জন্মদিন আজি।চাৰিটা লৰাছোৱালী মাজত সি পেটমোছা ।তিনিজনী  

ছোৱালীৰ পিছত  ওপজা কাৰণেই নে সৰু হোৱা কাৰণেই তালৈ টানটো অলপ বেছি তেওঁৰ। 

ছোৱালীকেইজনীৰ সদায় সেইটোৱেই আপত্তি ভায়েকক সিহঁততকৈ বেছি মৰম কৰে মাক দেউতাকে। 

বৰ জীয়ৰীয়ে কেইবাৰ তেওঁক নিজৰ লগত দিল্লীলৈ নিবলৈ ওলাল তেওঁ কিন্তু প্ৰত্যেক  

বাৰে কিবা অজুহাত দেখুৱাই নোযোৱাকৈ আছে।আচলতে লৰাটোক বিয়াখন পাতি দিলে যদিও  

তাক অকলে এৰি দিবলৈ এতিয়াও সৎ নাযায় তেওঁৰ ।কিমান দিনৰনো লৰা সি।সিও জানো পাৰে  

তেওঁ নহলে....মা মা বুলিয়ে  সকলো কথাতে লাগি ফুৰে তেওঁৰ লগত।শৰ্মানীহঁতে  দীপৰ  

বাহি বিয়াৰ দিনা  তেওঁক হাঁহি হাঁহি কোৱা মনত পৰে বোৱাৰী আহিল যেতিয়া এতিয়া  

এতিয়াহে লৰাৰ আচল ৰূপ ওলাব বৰুৱানী।শৰ্মানীয়ে হাঁহি হাঁহি কলে যদিও তেওঁৰ  

বুকুৰ ঠিক ঠাইতে লাগিল কথাষাৰ।তেওঁ মনে কিন্তু মানি নলয় কথাষাৰ.....যিটো ল'ৰাই  

চকুকেইটা মেলিয়ে মাকক বিচাৰে সেইটো ল'ৰা আৰু সলনি হব পাৰে নে..(?) তেওঁৰ পেটৰ  

পোৱালিৰ কথা তেওঁতকৈ বেছি শৰ্মানীয়ে জানিবনে।

          ৰাতিপুৱা কোনো নুঠোতেই গাটো ধুই ওচৰৰ গণেশ মন্দিৰটোত দীপৰ হৈ চাকি  

এগছ দিবলৈ ওলাল।তেওঁ ঘৰলৈ উভতি আহে মানে সি অফিচ পালেগৈ। আজি তেওঁক মাত  

নলগোৱাকে গল নে?... এহ ল'ৰাটোৰ বহুত কষ্ট হৈছে অফিচত বহুত দায়িত্ব।তেওঁ তাৰ  

জন্মদিনটোত পানীৰ বাহিৰে অন্য একোয়ে নাখায়,সন্ধ্যা আকৌ মন্দিৰলৈ গৈ ভগৱানৰ  

চৰণত ভোগ লগাইহে  নিজৰ মুখত অন্ন  দিয়ে।সি জন্ম হোৱাৰে পৰা এইটো নিয়মেই চলি  

আহিছে।আগতে,এইটো কথাৰ কাৰণে দীপৰ দেউতাকে তেওঁক কম খং কৰে নে।কিন্ত,তেওঁ চোন  

নিয়মতো আজিও সলাব নোৱাৰিলে।

             সন্ধ্যা হোৱাৰ আগতে নাৰিকলৰ লাড়ুকেইটা বনাই অতালে । পায়সখিনিত  

সৰহকৈ  বাদাম দি  চিচাৰবাতিটোত কাঢ়ি ললে।তেওঁৰ নিজৰে হাঁহি উঠি গল এই  

বস্তুদুটাৰ কাৰণে কম হুলস্থুল খন লাগে নে  ঘৰখনত  আগতে।দীপে আবেলিৰ পৰাই  

পাকঘৰত কিমনবাৰ ভূমুকিয়াই  থাকে হিচাপ নাই।তেওঁ দীপে আহিয়ে দেখা পোৱাকৈ  

ডাইনিংত ধুনীয়াকৈ বস্তুখিনি সজাই থলে।সি আহি দেখিলে কম ফুৰ্তি পাব নে।পাঁচ  

বাজি পাৰ হৈ যোৱাত এপাক গেটৰ পৰাও চাই আহিলগৈ।সি অকন বেছি পলম কৰা যেন লগাত  

বোৱাৰীককে ফোন এটা কৰিবলৈ কবলৈ সিহঁতৰ ৰুমলৈ সোমাই গ'ল।ৰিয়া তেতিয়া আইনাৰ আগত  

প্ৰসাধনত ব্যস্ত। তাই উজ্বল ৰঙা ৰঙৰ শাৰী এখন পিন্ধিছে।ৰিয়াক অন্য সাজত দেখি  

তেঁওয়ে সুধিলে..

কৰবালে যোৱা নেকি ৰিয়া?

:অহ: মা মই মনে কৰা নাই আপোনাক।আজি দীপৰ বাৰথদে নহয়..আপুনি  পাহৰিলে কিজানি। 

তেওঁ সৰুকৈ পাৰ্টি এটা দিছে হোটেল এখনত ।তেওঁ আহিবই মোক নিবলৈ এতিয়া।আমাৰ উভতি  

অহা দেৰি হব আপুনি কিবা এটা বনাই খাব আমি তাতে খাই আহিম।

        তেওঁ লাহেকৈ হাঁহি এটা মাৰি ওলাই আহিল।ফোনটোত বাজি থকাত চাই দেখিলে  

ডাঙৰ জীয়ৰীৰ ফোন।ভায়েকৰ জন্ম দিনৰ খবৰ লবলৈ চাগে ফোন কৰিছে।তেওঁৰ গাটো হঠাৎ  

অৱশ লাগি আহিব  ধৰিলে ফোনটো একাষৰীয়াকৈ থৈ গাৰুটোত মুখখন গুজি দিলে।



সমাপ্ত

Post a Comment

0 Comments