জীৱনত উৎসাহ যোগাব পৰা কেইটামান best motivational assamese story



জীৱনত উৎসাহ যোগাব পৰা কেইটামান best motivational assamese story

Gautam Buddha motivational story in assamese যান্ত্ৰিকতাৰ কংক্ৰীটৰ পৃথিৱীখনত আমি বহুতেই সমস্যাৰ সৈতে জৰ্জৰিত। জীৱনত আমাৰ সুখৰ অভাব। অনুপ্ৰেৰণাৰ অভাৱ। সেয়ে আজি কেইটামান assamese inspirational story লৈ আনিছো। এই অনুপ্ৰেৰণামুলক অসমীয়া গল্পবোৰে আপোনাৰ জীৱনলৈ সামান্যতম উৎসাহ যোগালেও আমাৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম। আহকচোন আমি আজি এই best motivational assamese story কেইটা পঢ়ো। 

গৌতম বুদ্ধৰ অনুপ্ৰেৰণামুলক গল্প নং 1 : অপেক্ষাৰ ফল

এই কাহিনীটো তেতিয়াৰ সময়ৰ, যেতিয়া  গৌতম বুদ্ধই গোটেই ভাৰতত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ কৰিবলৈ ওলাইছিল । ধৰ্ম প্ৰচাৰ কৰি কৰি  এদিন তেওঁৰ শিষ্যসকলক লৈ এখন গাওঁলৈ গল।বহুত সময় ধৰি ৰ'দত ভ্ৰমণ কৰা বাবে তেওঁৰ বহুত  পিয়াহ লাগিল ।

সেইমতে বুদ্ধদেৱে এজন শিষ্যক গাওঁৰ পৰা পানী আনিবলৈ পঠিয়াই দিলে। শিষ্যজন যেতিয়া গাওঁলৈ পানী আনিবলৈ আহিল তেঁও  দেখিলে গাঁওখনত এটা সৰু নদী আছে যত বহুতো মানুহে কপোৰ ধুই আছে, কিছুমানে নিজৰ গৰু ঘৰচীয়া জন্তুবোৰক গা ধুৱাই দি আছে। সেই লেতেৰা মলিবোৰ নদীখনৰ পানীত মিহলি হৈ নদীৰ পানী লেতেৰা হৈ পৰিছে । 

নদীখনৰ এনে অবস্থাটো দেখি শিষ্যজনে অনুভৱ কৰিলে গুৰুৱে এনেকুৱা পানী খালে অসুখত ভুগিব। সেয়ে তেঁও শুদা হাতে উভতি আহিল আৰু বুদ্ধক সকলো কথা কলে। ইফালে বুদ্ধদেৱৰ পানী নাপাই অন্ঠ কন্ঠ শুকাই গৈছে। তেঁও ২য় শিষ্যজনক পানী বিচাৰিবলৈ পঠিয়ালে। ২য় শিষ্যজনে এইবাৰ এটা পাত্ৰত সম্পূৰ্ণকৈ পানী লৈ আহিল । 


তাকে দেখি বুদ্ধদেৱ আশ্চৰ্য হ'ল। তেওঁ ২য় শিষ্যজনক সুধিলে, "গাঁওৰ  নদীখনৰ পানী দেখোন লেতেৰা আছিল ইমান নিৰ্মল পানী তুমি কত পালা?" 

শিষ্যজনে কলে - 'গুৰুদেৱ, নদীখনৰ পানী যদিওবা লেতেৰা আছিল সকলো মানুহে যোৱাৰ পিছত মই কিছুসময় তাত ৰৈ পানীত মিহলি হৈ থকা লেতেৰা মলিবোৰ নদীৰ তলত জমা হৈ স্থিৰ হোৱালৈ অপেক্ষা কৰিলো। যেতিয়া সকলো লেতেৰা বোৰ তলৰ মাটিত জমা হৈ পৰিল নদীৰ পানীও স্বচ্ছ হৈ পৰিল । সেই পানী মই আপোনাৰ বাবে লৈ আনিছো। 

বুদ্ধদেৱে তেওঁৰ শিষ্যজনৰ উত্তৰ শুনি সন্তষ্টি পালে। তেঁও বাকী শিষসকলো কলে, 
"আমাৰ জীৱনটোও নদীৰ পানীখিনিৰ দৰে। জীৱনত ভাল কাম কৰিলে সদায় বিশুদ্ধ হৈ থাকে। 

কিন্তু মাজে মাজে এনেকুৱা সময় আহে যেতিয়া আমাৰ জীৱনত দুখ আৰু সমস্যাবোৰে আমাক বেঢ়ি ধৰে। এনে অৱস্থাত আমাৰ জীৱনটোও এই লেতেৰা পানীখিনিৰ দৰে হৈ পৰে। 

জীৱনত কেতিয়াও দুখ আৰু কষ্টবোৰ দেখি সাহস হেৰুৱাব নালাগে। সময়ৰ লগে লগে লেতেৰা পানীখিনি লাহে লাহে যেনেকৈ বিশুদ্ধ হৈ পৰিছিল তেনেদৰেই আমাৰ জীৱনটোৰ পৰাও দুখ কষ্ট আৰু সমস্যাবোৰ আতৰি যায়। আমি মাত্ৰ নিজক শান্ত ৰাখি সমস্যাবোৰ শেষ হোৱাৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন। 


গৌতম বুদ্ধৰ কাহিনী ২ - best Assamese inspirational story of Buddha - আপোনাৰ দুখৰ কাৰণ আপুনি নিজেইঃ-

  এসময়ৰ কথা, ভগৱান বুদ্ধই এখন নগৰলৈ গৈছিল৷ সেই নগৰৰ জনসাধাৰণৰ মনত বুদ্ধদেৱৰ বিৰোধিতা কৰাসকলে এই কথা সুমুৱাই দিছিল যে, বুদ্ধদেৱ এজন প্ৰকৃত সন্ন্যাসী নহয়, ভাওঁ ধৰা  সন্ন্যাসীহে আৰু তেওঁ ধৰ্ম নষ্ট কৰি পেলাইছে৷ সেই ভ্ৰান্ত ধাৰণা মনত লৈয়েই নগৰখনৰ জনসাধাৰণে বুদ্ধদেৱক শত্ৰু জ্ঞান কৰিছিল৷ বুদ্ধদেৱক দেখা পায়েই তেওঁলোকে বিভিন্ন ধৰণৰ ভাল বেয়া কথা কৈ তেওঁক অপমানিত কৰাৰ চেষ্টা কৰিলে৷

বুদ্ধদেৱে বিনাবাক্যে সকলো কথা শুনি থাকিল৷ যেতিয়া নগৰখনৰ মানুহবোৰ কৈ কৈ ভাগৰি পৰিল তেতিয়া বুদ্ধদেৱে ক’লে, “মই আপোনালোকৰ ওচৰত ক্ষমা মাগিছোঁ৷ কিন্তু যদি আপোনালোকৰ কথা শেষ হ’ল মই যাব পাৰোঁনে?”

বুদ্ধদেৱৰ এইকথা শুনি সকলো আচৰিত হ’ল৷ তাতেই উপস্থিত এজন মানুহে ক’লে, “আৰে ভাই! আমিতো তোমাৰ গুণগান গোৱা নাই৷ আমি তোমাক গালি দিছোঁ৷ তোমাৰ ওপৰত ইয়াৰ একো প্ৰভাৱ নপৰেনেকি?”

বুদ্ধদেৱে ক’লে, “আপোনালোকে মোক যিমানেই গালি নিদিয়ে কিয়, মই সেইয়া কেতিয়াও নলওঁ৷ আপোনালোকৰ গালিৰ কোনো প্ৰভাৱ মোৰ ওপৰত নপৰে যেতিয়ালৈকে মই তাক স্বীকাৰ নকৰোঁ৷”

পুনৰ বুদ্ধদেৱে ক’লে, “আৰু মই যেতিয়া গালিবোৰ গ্ৰহণ নকৰোঁৱেই সেইবোৰ যাব ক’ত? নিশ্চয়কৈ আপোনালোকৰ কাষত…”

বন্ধুগণ, বুদ্ধদেৱৰ জীৱনৰ এই সৰু প্ৰসংগই আমাৰ জীৱনতো এটা নতুন পৰিৱৰ্তন আনিব পাৰে কাৰণ বহুতো মানুহেই নিজৰ দুখৰ কাৰণ হিচাপে আনক গণ্য কৰে; যিটো কোনো ভাল কাম নহয়৷ এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে যে, ঋণাত্মক কথাবোৰ আমি কিদৰে গ্ৰহণ কৰিছোঁ, সেইবোৰ আমি স্বীকাৰ কৰিছোঁ নে নস্যাৎ কৰি জীৱনৰ পথত আগুৱাবৰ চেষ্টা কৰিছোঁ?


গৌতম বুদ্ধৰ কাহিনী ৩- motivational Assamese story এই পৃথিৱীৰ কোনো মানুহেই দুখীয়া নহয়ঃ-

এসময়ৰ কথা৷ বুদ্ধদেৱে এখন গাঁৱত ধৰ্মসভাত বক্তৃতা দি আছিল৷ মানুহবোৰে নিজৰ বিভিন্ন সমস্যা লৈ তেওঁৰ ওচৰলৈ আহিছিল আৰু সমস্যাবোৰৰ সমাধান লৈ প্ৰসন্ন মনেৰে ঘৰলৈ উভতিছিল৷ 

সেইসময়তে গাঁৱৰ ৰাস্তাৰ কাষত এজন দুখীয়া ব্যক্তি বহি আছিল আৰু বুদ্ধদেৱৰ ধৰ্মসভালৈ অহা-যোৱা কৰা ব্যক্তিসকলক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল৷ তেওঁ দেখি আচৰিত হৈছিল যে মানুহবোৰ ধৰ্মসভালৈ বহুত দুখ মনেৰে যায় কিন্তু যেতিয়া ঘূৰি আহে তেওঁলোকক বহুত সুখী আৰু প্ৰফুল্লিত দেখা যায়৷

সেই দুখীয়া মানুহজনে ভাবিলে যে তেওঁৱো দেখোন নিজৰ সমস্যাৰ সমাধান বুদ্ধদেৱৰ দৰে ভগৱানৰ ওচৰত বিচাৰিব পাৰে৷ সেইটো ভাবিয়েই তেওঁ বুদ্ধদেৱৰ কাষ চাপিল৷ মানুহবোৰে শাৰী পাতি বুদ্ধদেৱৰ ওচৰত নিজৰ সমস্যাৰ বৰ্ণনা কৰি আছিল৷ যেতিয়া তেওঁৰ পাল আহিল তেওঁ পোনপ্ৰথমে বুদ্ধদেৱক প্ৰণাম কৰিলে আৰু সুধিলে, “প্ৰভু, এই গাঁৱৰ প্ৰায়বোৰ মানুহেই সুখী আৰু ধনেৰে সমৃদ্ধ তেনেস্থলত মই দুখীয়া কিয়?” 

এইকথা শুনি বুদ্ধদেৱে হাঁহিলে আৰু ক’লে, “তুমি দুখীয়া আৰু ধনহীন এইবাবেই হোৱা কাৰণ তুমি কাকোৱে একো নিদিয়া৷” 

এইকথাত দুখীয়া ব্যক্তিজন আচৰিত হ’ল আৰু ক’লে, “প্ৰভু, মোৰ ওচৰত আনক দিবলৈ একোৱে নাই৷ মই নিজেই জীয়াই থকাটোও জটিল হৈ পৰিছে৷ মানুহক খুজি মাগি নিজৰ পেটটো বচাই আছোঁ৷”

ভগৱান বুদ্ধ অলপ সময় নীৰৱ হ’ল, পুনৰ ক’লে, “তুমি বহুত অজ্ঞানী, আনক দিবলৈ ভগৱানে তোমাক বহুত দ্ৰৱ্য দিছে৷ তোমাক হাঁহি প্ৰদান কৰিছে যাৰ দ্বাৰা তুমি আনৰ মনত আশাৰ সঞ্চাৰ ঘটাব পাৰা৷ তোমাক এখন মুখ দিছে যাৰ সহায়ত মিঠা শব্দৰে আনক প্ৰশংসা কৰিব পাৰা৷ দুখন হাত দিছে যাৰ সহায়ত আনক সহায় কৰিব পাৰা৷ ভগৱানে দিয়া এই তিনিপদ বস্তু থকা কোনো মানুহ দুখীয়া বা ধনহীন হ’ব নোৱাৰে৷ ধনী দুখীয়াৰ বিচাৰ মানুহৰ মনৰ এটা ভ্ৰমহে মাত্ৰ, যিটোৰ অৱস্থিতি আমাৰ মনৰ বাহিৰত হোৱা উচিত৷

কেতিয়াও মনত নিজকে ধনহীন ভাৱ আহিবলৈ নিদিবা, দৰিদ্ৰতা নিজেই আঁতৰি যাব৷ বুদ্ধৰ এই উপদেশত মানুহজন চমকি উঠিল আৰু এই উপদেশক জীৱনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিলে৷ নিজকে দুখীয়া বা ধনহীন বুলি তেওঁ আৰু কাহানিও দুঃখী নহ’ল৷



Buddha assamese Story 4 : গৌতম বুদ্ধৰ গল্প নং 4 : 
অহংকাৰৰ উপহাৰ 

মহাত্মা বুদ্ধক দৰ্শন কৰিবলৈ এদিন এজন ডাঙৰ শেঠ (ব্যবসায়ী) ৰতনচন্দ আহিছিল। তেওঁ লগত ধেৰ সামগ্ৰী বুদ্ধদেৱক উপহাৰ দিবলৈ লৈ আনিলে। উপহাৰবোৰ দেখি তাত উপস্থিত সকলোৱে শেঠক বা বা দিলে। গৌৰবত শেঠ বুকু ফুলি উঠিল। বুদ্ধৰ সৈতে বাৰ্তালাপ আৰম্ভ হল। শেঠজনে কলে এই নগৰৰ অধিকাংশ চিকিৎসালয়, বিদ্যালয়, অনাথালয় তেওঁ নিৰ্মাণ কৰিছে। আপুনি যিখন আসনত বহি আছে সেয়াও মই দানস্বৰুপে দিছো। শেঠে হিচাপ দি গল এফালৰ পৰা। শেষত যেতিয়া বাৰ্তালাপ শেষত বুদ্ধৰ ওচৰত বিদায় মাগিলে বুদ্ধই কলে - " যিবোৰ ইয়ালৈ লৈ আনিছিলা সকলোবোৰ ইয়াত এৰি থৈ যোৱা। " 

শেথ জনে আচৰিত হৈ কলে "প্ৰভু মই তো সকলোখিনি উপহাৰ আপোনাৰ চৰণত সমৰ্পণ কৰিছো" 

বুদ্ধই কলে - "তুমি যি অহংকাৰ লৈ ইয়ালৈ আহিছিলা আৰু সেয়া লৈ উভতি যাব খুজিছা। বাকী সাংসাৰিক বস্তুবোৰ মোৰ কোনো কামত নাহে। নিজৰ অহংকাৰ ত্যাগ কৰি যোৱা। সেয়াই মোৰ বাবে ডাঙৰ উপহাৰ "

মহাত্মা বুদ্ধৰ কথা শুনি শেঠে নিজক বুজি পালে আৰু চৰণত স্পৰ্শ কৰিলে। ভিতৰৰ সকলো অহংকাৰ চকুপানী হৈ বুদ্ধৰ চৰণ ধুৱাই দিলে 

Buddha assamese Story 5 : মহত্বপূৰ্ণ দান 

ভগবান বুদ্ধ এডাল ডাঙৰ গছৰ তলত বহি আছিল। তেতিয়া এজনী বৃদ্ধা আহিল। কপা কপা মাতেৰে বুদ্ধদেৱক কলে"মোৰ আপোনাক দান কৰিবলৈ একোৱেই নাই। মই বহুত দুখীয়া। আজি এটা আম পাইছো। মই তাৰে আধালৈকে ইতিমধ্যে খালো। তেতিয়া শুনিলো যে আপুনি আজি আমাৰ ইয়ালৈ আহিছে। সেয়ে লৰালৰিকৈ মই আপোনাৰ ওচৰলৈ আহিলো। মোৰ এই আমটো আপুনি গ্ৰহণ কৰে যেন।" 

গৌতম বুদ্ধই নিজৰ দান পাত্ৰত সেই আমটো শ্ৰদ্ধাপুৰ্ণ ভাবে থৈ দিলে। বৃদ্ধজনী সন্তোষেৰে উভতি গল। তাত উপস্থিত থকা ৰজাজনে এয়া দেখি আশ্চৰ্য্যচকিত হৈ পৰিল। 

তেওঁ বুজি নাপালে যে বুদ্ধদেৱে ইমান আগ্ৰেহেৰে আধাখোৱা আমটোক কিয় গ্ৰহণ কৰিলে।  বুদ্ধদেৱক সুধিলে -" এই আধাখোৱা আমটোত আৰু বৃদ্ধাজনীৰ মাজত কি নো বিশেষত্ব আছে?" 

বুদ্ধই হাঁহি কলে, - "ৰাজন , এই বৃদ্ধাগৰাকীয়ে নিজৰ  সঞ্চিত পুঁজিৰ আটাইখিনিক মোৰ চৰণত সমৰ্পণ কৰিছে। যতনেকি আপোনাৰ দৰে বহুতেই নিজৰ সম্পুৰ্ণ সম্পত্তিৰ এটা সৰু অংশহে মোক দান কৰিছে আৰু তাৰপিছতো দাণ কৰা বুলি অহংকাৰ কৰে। বৃদ্ধাগৰাকীৰ মুখমণ্ডলত যি কৰুণা আৰু  নম্ৰতা আছিল, যুগ যুগ পিছত কোনোৱাই হে এনেকুৱা মহৎ দান লাভ কৰিব পাৰে।

গল্পবোৰ যুগুতালে-অপু জৌতিস্মৃতা 

তলৰ facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook আৰু whatsapp ষ্টেটাছত শ্বেয়াৰ কৰক। সকলোকে পঢ়াৰ সুবিধা দিয়ক। 


তলত থকা facebook আৰু whatsapp বুটামত ক্লিক কৰি facebook timeline ত আৰু whatsapp status ত share কৰকচোন আৰু আপোনাৰ দৰে আন দহজনকো পঢ়িবলৈ দি উৎসাহিত কৰক। কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।

ads

Post a Comment

0 Comments