420 সংখ্যাটোৰ বিষয়ে আমোদজনক কথা instersting facts about number 420 in Assamese

420 সংখ্যাটোৰ বিষয়ে  আমোদজনক কথা  interesting facts about number 420 in Assamese

420 সংখ্যাটো সাধাৰণ অৰ্থত কবলৈ গ'লে আমাৰ ভাৰতীয় লোকৰ কাৰণে এটা লাজৰেই সংখ্যা ৷ আমাৰ দেশত কোনোবা লোকক 420 বুলি কলে তেওঁৰ কাৰণে সেয়া সন্মান যোৱা কথা ৷ কাৰণ Indian panel code ৰ 420 নম্বৰ ধাৰাতেই ঠগ, প্ৰবঞ্চনা আদি গোচৰবোৰৰ কথা আছে ৷ আমাৰ চুবুৰীয়া পাকিস্তান আৰু বাংলাদেশটো, ম্যানমাৰ আদিতো এই অপৰাধবোৰ 420 ধাৰাতেই অন্তৰ্ভুক্ত ৷ গতিকে ভাৰতীয় উপমহাদেশত 420 শব্দটো বেছিভাগ লোকৰ কাৰণে এক অবাঞ্ছিত সংখ্যা ৷


পিছে বিশ্বৰ বহুতো দেশত, বিশেষকৈ আমেৰিকাত 420 সংখ্যাটোৰ আকৌ প্ৰচুৰ আদৰ আছে ৷ 420 সংখ্যাটো ভাং ( Marijuana) খোৱা লোকসকলৰ বাবে অতি মৰমৰ সংখ্যা ৷ 420 ভাঙৰ এটা সাংকেতিক নাম ৷ বিশ্বৰ ভাং খোৱা বহুতো গোটে সদায় আবেলি 4:20 বজাত বা এপ্ৰিল মাহৰ 20 তাৰিখটো (4/20) ভাং খোৱাৰ বাবে আটাইতকৈ উপযুক্ত সময় বুলি বিশ্বাস কৰে ৷ এই সময়ত ভাং খোৱাটো দেশত ভাং খোৱাৰ চৰকাৰী অনুজ্ঞা দিবলৈ চৰকাৰক দাবী জনোৱাৰো এক প্ৰতীক বুলি ধৰা হয় ৷ ভাং খোৱা লোক সকলৰ মাজত 420 সংখ্যাটোলৈ থকা এই মৰমৰ বাবে আমেৰিকাৰ চৰকাৰৰ এক আমোদজনক অসুবিধাৰ সৃষ্টি হৈছে ৷ আমেৰিকাৰ ৰাস্তাত 420 লিখা থকা মাইলৰ খুটিবোৰ ভাং খোৱা লোক সকলে প্ৰায়েই মনে মনে চুৰ কৰি লৈ যায় ৷ এখন দেশৰ ৰাস্তাত 420 লিখা থকা লাখ লাখ মাইলৰ খুটি থাকিব পাৰে ৷ সেইবোৰো যদি চোৰৰ 'টাৰ্গেট' হবলৈ হয়, তেন্তে চৰকাৰ বিবুধিত পৰা স্বাভাৱিক ৷ সেয়ে আমেৰিকাৰ বহুতো প্ৰদেশে 420 লিখা মাইলৰ খুটিবোৰ চোৰৰ পৰা ৰক্ষা কৰিবলৈ এক অভিনৱ উপায় হাতত লৈছে ৷ তেওঁলোকে এতিয়া এই খুটিবোৰত 420 লিখাৰ সলনি 419.99 বা 419.9 লিখে ৷ এই আমোদজনক সালসলনিৰ ফলত গাড়ী চলাই গৈ থকা লোকসকলৰ দুৰত্ব পঢ়াত একো অসুবিধা নহয় যদিও এই ব্যবস্থাই আমেৰিকাৰ ভঙুৱা সকলক বাৰুকৈয়ে নিৰাশ কৰিছে ৷

-Alakesh Bhagawati

ইয়াত ক্লিক কৰি আপোনাৰ লিখা পোষ্ট কৰক 


তলৰ কমেন্ট বক্সত আপোনাৰ মতামত লিখক ।

তলৰ ফেচবুক / হোৱাটচএপ শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ / ফেচবুকত শ্বেয়াৰ কৰক । আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক

ads

Post a Comment

0 Comments