জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আনৱিক বোমা পেলোৱা বিমানবোৰ কেনেকৈ ৰক্ষা পৰিছিল ?


জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আনৱিক বোমা  পেলোৱা বিমানবোৰ কেনেকৈ ৰক্ষা পৰিছিল ?

 1945 চনৰ 6 আৰু 9 আগষ্ট তাৰিখে জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত যেতিয়া আনৱিক বোমা পেলোৱা হৈছিল তেতিয়া আণৱিক বোমাৰ অকল্পনীয় ধ্বংসলীলাৰ পৰা বোমা পেলোৱা বিমানবোৰ কেনেকৈ ৰক্ষা পৰিছিল ? ইয়াৰ উত্তৰ অতি সৰল ৷ এই বিমানবোৰে আকাশৰ ইমান বেছি উচ্চতাৰ পৰা বোমা দুটা পেলাইছিল যে বোমা দুটা তললৈ সৰি পৰি বিষ্ফোৰণ হোৱা সময়লৈ এই তীব্ৰ বেগী B-29 বিমানবোৰ বহু দুৰলৈ আতৰি গৈছিল ৷ উদাহৰণ স্বৰূপে হিৰোশ্বিমাৰ বোমাটো পেলোৱা হৈছিল মাটিৰ পৰা প্ৰায় 31,000 ফুট ওপৰৰ পৰা ৷ বিমানৰ পৰা ওলাই 44.4 ছেকেণ্ড সময় আকাশত তললৈ সৰি পৰাৰ পিছতহে বোমাটো বিষ্ফোৰিত হৈছিল ৷ গতিকে এই 45 ছেকেণ্ডত বিমানখন বোমাটোৰ পৰা ইমান দুৰলৈ গুছি গৈছিল যে যি সময়ত বিমানখনে আনৱিক বিষ্ফোৰণৰ ভয়াবহ শ্বক ৱেভ অনুভৱ কৰিছিল তেতিয়া বিমানখন মূল অভিকেন্দ্ৰৰ পৰা প্ৰায় 18.5 কিলোমিটাৰ দুৰত মাটিৰ পৰা বহু হাজাৰ ফুট উচ্চতাত আছিল ৷ নাগাছাকিতো এই একেটা কথাই হৈছিল ৷ 
কিন্তু দ্বিতীয় মহাযুদ্ধ শেষ হোৱাৰ পিছত পৃথিৱীৰ ৰাজনৈতিক দৃশ্যপট সলনি হবলৈ আৰম্ভ হয় ৷ মহাযুদ্ধৰ সময়ৰ দুই মিত্ৰ শক্তি আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া এটা আনটোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাবে দেখা দিয়ে ৷ গতিকে এনে পৰিস্থিতিত দুয়ো দেশে যিকোনো মূহুৰ্ততে উদ্ভৱ হব পৰা বিধ্বংসী পাৰমাণৱিক যুদ্ধৰ বাবে নিজকে ততাতৈয়াকৈ সাজু কৰি তোলে ৷ পিছলৈ পৰিস্থিতি ক্ৰমাৎ এনে পৰ্য্যায় পালে যে যুদ্ধ আৰম্ভ হ'লে প্ৰয়োজনত এখন দেশে আনখন দেশৰ অগনন চহৰত একে সময়তে বহুকেইটা পাৰমাণৱিক বোমা পেলাই গোটেই দেশখনেই ধুলিত মিলাই দিবলৈ প্ৰস্তুত হৈ উঠিল ৷ এনে এক ৰণোন্মাদ পৰিস্থিতিতে 1952 চনত আমেৰিকাৰ বায়ুসেনাৰ 'ষ্ট্ৰেটেজিক এয়াৰ কমাণ্ডে' যুদ্ধ হ'লে আনৱিক বোমা বৰ্ষণ কৰিবলৈ ৰাছিয়াৰ অগনন গুৰুত্বপূৰ্ণ 'টাৰ্গেট' চিনাক্ত কৰি উলিয়ায় ৷ 


কোনো ভয়ঙ্কৰ যুদ্ধ আৰম্ভ হ'লে আমেৰিকাই এই টাৰ্গেট বোৰত একে সময়তে পাৰমানৱিক বোমা বা আন বিধ্বংসী বোমা নিক্ষেপ কৰিলেহেতেন ৷ কিন্তু এই টাৰ্গেটবোৰ চিনাক্ত কৰাৰ পিছত আমেৰিকাৰ বায়ুসেনাৰ সম্মূখত এক ডাঙৰ বাধা আহি উপস্থিত হ'ল ৷ সেই সময়ত পাৰমানৱিক আক্ৰমণ কৰিবলৈ আমেৰিকাৰ পৰা ৰাছিয়ালৈ ইমান দীৰ্ঘ দুৰত্ব অতিক্ৰম কৰিব পৰা কোনো মিছাইল পৃথিৱীৰ কোনো দেশৰ হাততেই নাছিল ৷ গতিকে এনে আক্ৰমনৰ বাবে বোমা কঢ়িয়াবলৈ একমাত্ৰ উপায় আছিল বিমানবোৰ ৷ পিছে সেই সময়ত আমেৰিকাৰ হাতত আনৱিক বোমা কঢ়িয়াব পৰা উচ্চ প্ৰযুক্তিৰ বিমানৰ সংখ্যাও ইমান নাছিল যে ৰাছিয়াৰ সকলোবোৰ টাৰ্গেটত তেওঁলোকে একোখনকৈ বিমান পঠাই একে সময়তে বোমা বৰ্ষণ কৰিব পাৰিব ৷ গতিকে প্ৰয়োজনীয় বিমানৰ সংখ্যা পৰ্যাপ্ত নোহোৱাটো আমেৰিকাৰ এক চিন্তাৰ বিষয় হৈ পৰিল ৷ সেই সময়ত আমেৰিকাৰ হাতত আন যিবোৰ সৰু যুঁজাৰু বিমান আছিল, সেইবোৰতো আনৱিক বোমা কঢ়িওৱা সম্ভৱ আছিল ৷ কাৰণ তেতিয়ালৈ মাজ আকাশতে বিমানত ইন্ধন ভৰাব পৰা প্ৰযুক্তিৰ আৱিষ্কাৰ হৈ গৈছিল ৷ সেয়েহে এনে বিমানে আনৱিক বোমা কঢ়িয়াই আমেৰিকাৰ পৰা উৰা মাৰিলে মাজ আকাশত দুবাৰমান ইন্ধন ভৰাই ৰাছিয়া পোৱা সম্ভৱ আছিল ৷ ইয়াৰোপৰি তেতিয়ালৈ আণৱিক বোমাৰ প্ৰযুক্তিৰো বহু উন্নতি হৈছিল আৰু বোমাবোৰৰ ওজন হিৰোশ্বিমা, নাগাছাকিৰ বোমাবোৰৰ ওজনতকৈ ভালেখিনি কমি গৈছিল ৷ গতিকে এই দুই সুবিধাৰ ফলত আন যুঁজাৰু বিমানবোৰেও আনৱিক বোমা কঢ়িওৱা সম্ভৱ আছিল যদিও ইয়াতো এক ডাঙৰ সমস্যা আছিল ৷ এই বিমানবোৰ আনৱিক বোমা কঢ়িওৱা বিমানবোৰৰ দৰে অতি উচ্চতাৰে যাব নোৱাৰিছিল ৷ ফলত বোমাটো পেলোৱাৰ পিছত তাৰ প্ৰচণ্ড প্ৰকোপত সেই বিমান কেইখনো ধ্বংস হৈ যোৱাটো নিশ্চিত আছিল ৷ এই ডাঙৰ সমস্যাটো দুৰ কৰিবলৈ আমেৰিকাৰ বায়ুসেনাই 1952 চনত এক অতি সৰল অথচ অগতানুগতিক উপায় ভাবি উলিয়াইছিল ৷ কম উচ্চতাৰে গৈ অতি ভয়াবহ বোমা বৰ্ষণ কৰাৰ পিছতো বিমানখনৰ ক্ষতি নোহোৱাকৈ সাৰি আহিব পৰা এই পদ্ধতিটোৰ নাম আছিল Toss Bombing.
Toss Bombing পদ্ধতিৰ দুটা ডাঙৰ লাভ আছিল ৷ ইয়াৰ দ্বাৰা কম উচ্চতাৰ পৰা বৃহৎ বোমা নিক্ষেপ সম্ভৱ আছিল আৰু যিবোৰ টাৰ্গেটত নানা বিমান বিধ্বংসী টোপ আছিল সেইবোৰ টাৰ্গেটত বিমানবোৰ টাৰ্গেটৰ ওচৰলৈ নোযোৱাকৈয়ে বোমা বৰ্ষণ সম্ভৱ আছিল ৷ এই পদ্ধতিত যেতিয়া বিমান এখনে ভয়াবহ আনৱিক বোমা কঢ়িয়াই লৈ গৈ টাৰ্গেটৰ ওপৰ পাব তেতিয়া বিমানখনে আকাশৰ অতি তলৰ পৰা অতি বেগেৰে ওপৰপিনে মুখ কৰি উৰা মাৰিব ৷ এনেদৰে এক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট গতিবেগ পোৱাৰ পিছত আকাশমুখী বিমানখনে বোমাটো এৰি দি তৎক্ষণাৎ সেই ঠাইৰ পৰা আতৰি যাব ৷ এনে কৰাৰ ফলত বিমানৰ পৰা বোমাটো এৰি দিয়াৰ পিছতো গতি জড়তাৰ বাবে বোমাটো কিছু সময় আকাশমুখী হৈ গৈয়েই থাকিব ৷ তাৰ পিছত এক নিৰ্দিষ্ট সময়ৰ পিছতহে ই পুনৰ মাটিলৈ পৰা আৰম্ভ কৰিব ৷ এই ওপৰলৈ গৈ তললৈ সৰি পৰা অতিৰিক্ত সময়খিনিত বিমানখনে ভালেখিনি দুৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হব ৷ ফলত বোমাৰ ভয়াবহ বিষ্ফোৰণত বিমানখনৰ ক্ষতি নহব ৷ আনহাতে যদিহে বিমানখনে বোমা পেলোৱাৰ আগতে এক বৃত্তাকাৰ পথত আকাশলৈ উঠি গৈ এক নিৰ্দিষ্ট কোণ পোৱাৰ পিছত বোমাটো এৰি দিয়ে তেন্তে বোমাটো Projectile ৰ দৰে উৰি গৈ দুৰৰ টাৰ্গেটত খুন্দা মাৰিব ৷ এনেদৰে দুৰৰ পৰাই বোমা নিক্ষেপ কৰাৰ ফলত বিমানখন টাৰ্গেটৰ ওপৰত উৰিলে হব পৰা সাম্ভাব্য আক্ৰমনৰ পৰা বাচি যাব ৷ এই পদ্ধতিত বিমানখনে কিমান বেগত আকাশলৈ উৰি গৈ কেনে ব্যাসাৰ্ধৰ বৃত্ত বা অৰ্ধবৃত্ত বনাই ঘুৰি কোন কোণত কোন সময়ত বোমাটো এৰিব সেই হিচাবটো আগতীয়াকৈ কৰি ললেই বোমাটো কিমান সময় পিছত আৰু কিমান দুৰত বিষ্ফোৰণ হব লাগিব তাক নিয়ন্ত্ৰণ কৰিব পৰা গৈছিল ৷ এই সকলোবোৰ হিচাব নিকাচ বহুক্ষেত্ৰত আগতেই কৰি লোৱা হৈছিল আৰু পিছলৈ বহু বিমানৰ কম্পিউটাৰত এই হিচাব কৰিবলৈ প্ৰগ্ৰেম বনাই থোৱা আছিলেই ৷ সেই সময়ত এনেদৰে পদাৰ্থ বিজ্ঞানৰ এক সৰল তত্বকেই নিজৰ সুবিধামতে ব্যৱহাৰ কৰি আমেৰিকাই নিজৰ সাধাৰণ যুঁজাৰু বিমানবোৰকো আনৱিক বোমা কঢ়িয়াব পৰা অতি ভয়াবহ বিমানৰ ৰূপ দি লৈছিল ৷ পিছলৈ প্ৰযুক্তিৰ চূড়ান্ত উন্নতিৰ পিছত এই পদ্ধতি লাহে লাহে নোহোৱা হৈ হ'ল যদিও এটা সময়ত আমেৰিকাৰ বাবে Toss bombing পদ্ধতি ৰাছিয়াৰ বিপক্ষে এক সৰল অথচ কাৰ্যকৰী শক্তি আছিল ৷


#Alakesh Bhagawati

তলৰ ফেচবুক / হোৱাটচএপ শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক
ইয়াত ক্লিক কৰি আপোনাৰ লিখা পোষ্ট কৰক

Post a Comment

0 Comments