"ৰেং ডিং শ্বেন টিয়ান" ৰ বাবে চীনৰ চাংহাই চহৰত 194,432 টা ঘনচিৰিকা হত্যা ..!!


"ৰেং ডিং শ্বেন টিয়ান" ৰ বাবে চীনৰ চাংহাই চহৰত 194,432 টা ঘনচিৰিকা হত্যা!! 

পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্যতা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰতিটো জীৱৰে নিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ কোনো এটা জীৱ পৃথিৱীৰ বুকুৰ পৰা নোহোৱা হৈ যোৱা মানেই তাৰ বিৰূপ প্ৰভাৱ প্ৰকৃতিৰ ওপৰত পৰে ৷


1958 চনত চীনক 'প্ৰগতিৰ' দিশত এখোজ আগুৱাই নিবলৈ চীনৰ শাসক মাও চে তুং ৰ মুৰত এক অদ্ভূত পৰিকল্পনা আহিছিল ৷ তেওঁ ভাৱি উলিয়াইছিল যে কোনো এখন দেশৰ উন্নতিত মূলত চাৰিটা অনাৱশ্যক জীৱই হ'ল ডাঙৰ অন্তৰায় ৷ এই জীৱ চাৰিটা হ'ল - এন্দুৰ, মাখি, মহ আৰু ঘনচিৰিকা চৰাই ৷ 



এন্দুৰ হ'ল মাৰাত্মক প্লেগ ৰোগৰ কাৰক, মহৰ কামোৰত মেলেৰিয়া আদিকে ধৰি নানা ৰোগ হব পাৰে আৰু মাখি নানা বিজানুৰ বাহক ৷ পিছে ঘনচিৰিকা ? মাও চে তুং য়ে ভাৱি পালে যে এখন দেশৰ খাদ্যসংকটৰ মূল সৃষ্টিকৰ্তা হ'ল ঘনছিৰিকা চৰাই ৷ কাৰণ চীন দেশৰ বিজ্ঞানী সকলে গৱেষণা কৰি পাইছিল যে এটা ঘনচিৰিকা চৰায়ে বছৰি প্ৰায় 4.5 কিলোগ্ৰাম ধান বা তেনে ধৰণৰ আন শস্য খাদ্য হিচাবে গ্ৰহণ কৰে ৷ চীন দেশত সৰ্বমুঠ কিমান ঘনচিৰিকা আছিল সেই সম্পৰ্কে কোনো লোকেই নিশ্চিত নাছিল যদিও মাও চে তুং য়ে হিচাব কৰিলে যে যদিহে চীনৰ প্ৰতিজন লোকে গঢ়ে এটাকৈও ঘনচিৰিকা হত্যা কৰে তেন্তে 60 কোটি জনসংখ্যাৰ দেশখনে মিলি হত্যা কৰা ঘনচিৰিকাৰ সংখ্যা হব 60 কোটি ৷ আৰু তেনে হ'লে চীন দেশত প্ৰতি বছৰে 270 কোটি কিলোগ্ৰাম চাউল ঘনচিৰিকাৰ খাদ্য হৈ ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিব ৷ এই হিচাব কৰি মাও চে তুং নিশ্চিত হ'ল যে যদিহে চীন দেশৰ পৰা ঘনচিৰিকা নোহোৱা হৈ যায় তেন্তে দেশখনত কোনোদিনে খাদ্য সংকট নহব ৷



গতিকে এই সুন্দৰ বুদ্ধিটো মাও চে তুং ৰ উৰ্বৰ মস্তিষ্কত অহাৰ লগে লগে তেওঁ চীন দেশৰ পৰা মাখি, মহ, এন্দুৰ আৰু ঘনচিৰিকা চৰাই নিৰ্মূল কৰি পেলাবলৈ চৰকাৰীভাৱে এক অভিযানৰ ঘোষণা কৰি দিলে ৷ জনতাক তেওঁ আহ্বান জনালে যাতে সকলোৱে এই চাৰিবিধ জীৱ হত্যা কৰিবলৈ ওলাই আহে ৷ এই চাৰিবিধ জীৱৰ মাজতো আটাইতকৈ বেছি গুৰুত্ব দিয়া হ'ল ঘনচিৰিকা নিৰ্মূল কৰি খাদ্য সংকট আতৰ কৰাত ৷ ঠায়ে ঠায়ে ঘনচিৰিকা হত্যাৰ বাবে জনতাক আহ্বান জনাই নানা পোষ্টাৰ, বেনাৰ আৰি দিয়া হ'ল ৷ ইয়াৰ লগে লগে ঘনচিৰিকা হত্যাত উল্লেখযোগ্য সফলতা পোৱা গাওঁ, চহৰ, অঞ্চলবোৰক নানা চৰকাৰী পুৰষ্কাৰেৰে পুৰষ্কৃত কৰাৰ দিহা কৰা হ'ল ৷ 

সৰ্বময়কৰ্তা মাও চে তুং ৰ পৰা আদেশ পোৱাৰ লগে লগে চীনৰ 60 কোটি লোক ঘনচিৰিকা হত্যাত নামি পৰিল ৷ তেওঁলোকে ঘনচিৰিকা ধৰিবলৈ দেশখনত লক্ষাধিক ফান্দ পাতিলে, বাহবোৰ জ্বলাই দিলে আৰু লাখ লাখ ঘনচিৰিকা গুলিয়াই হত্যা কৰিলে ৷ ঘনচিৰিকা হত্যাৰ ক্ষেত্ৰত তেওঁলোকে অৱলম্বন কৰা আটাইতকৈ ডাঙৰ উপায়টো আছিল অগতানুগতিক ৷ সেই সময়ত ঘনচিৰিকা হত্যা কৰিবলৈ কোনো এক অঞ্চলৰ সকলো লোক এদিন একেলগে ওলাই আহি ঢাক, ঢোল, ডবা আদি নিৰবছিন্ন ভাবে বজাবলৈ আৰম্ভ কৰিছিল ৷ এনে প্ৰচণ্ড শব্দত ভয় খাই চৰাইবোৰে লগে লগে উৰিবলৈ আৰম্ভ কৰিছিল ৷ এই শব্দবোৰ চৌদিশে একেৰাহে বাজি থকাৰ ফলত বহুতো চৰাইৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল আৰু বাকী ঘনচিৰিকাবোৰ উৰি উৰি ভাগৰুৱা হৈ শেষত মাটিত পৰি গৈছিল ৷ চীনৰ এখন বাতৰি কাকতে বাতৰি পৰিবেশন কৰিছিল যে এনেদৰে সকলো লোক ওলাই আহি শব্দ কৰাৰ ফলত 1958 চনৰ 13 ডিচেম্বৰৰ দিনা কেবল মাত্ৰ চাংহাই চহৰতে 194,432 টাতকৈও অধিক ঘনচিৰিকা মৃত্যু মুখত পৰিছিল ৷ আৰু এনেদৰে গোটেই দেশজুৰি অবাধ গতিত হত্যাযজ্ঞ চলাৰ ফলত কেইমাহমানৰ ভিতৰতে চীন দেশত ঘনচিৰিকা প্ৰায় নোহোৱা হৈ গৈছিল ৷ 



পিছে এই ঘটনাৰ সমান্তৰালভাৱে 1959 চনৰ পৰা চীনত তীব্ৰ খাদ্য সংকট আৰম্ভ হ'ল ৷ এই খাদ্য সংকটৰ বাবে বতৰ, ভুল অৰ্থনৈতিক পদক্ষেপ, কৃষি ক্ষেত্ৰত নতুন ধাৰাৰ প্ৰৱৰ্তন আদি নানা কথাৰ ভূমিকা আছিল ৷ কিন্তু এই ভয়াবহ খাদ্য সংকটৰ এক মূল কাৰণ আছিল ঘনচিৰিকাবোৰ ৷ পিছে এইবাৰ এই সংকট আছিল ঘনচিৰিকাবোৰ নোহোৱা হোৱাৰ বাবেহে ৷ 1960 চনৰ এপ্ৰিল মাহত মাও চে তুং য়ে অনুভৱ কৰিলে যে তেওঁ ঘনচিৰিকা সন্দৰ্ভত তেওঁৰ জ্ঞান প্ৰাপ্তিত এক ডাঙৰ ভুল কৰি পেলালে ৷ ঘনচিৰিকা হত্যাৰ আন্দোলন আৰম্ভ কৰাৰ দুই বছৰ পিছত তেওঁৰ মনলৈ আহিল যে ঘনচিৰিকা বোৰে ধান খোৱাৰ লগতে আন এটা বস্তুও খায় ৷ সেয়া হ'ল কীট-পতঙ্গ ৷ ঘনচিৰিকাবোৰ নোহোৱা হোৱাৰ লগে লগে দেশত কীট-পতঙ্গৰ সংখ্যা অবাধ গতিত বাঢ়িবলৈ ধৰিলে আৰু এই কীট-পতঙ্গবোৰে চীনৰ শস্য পথাৰবোৰ খাই তহিলং কৰি দিলে ৷ 

1958 চনত "ৰেং ডিং শ্বেন টিয়ান" ( মানুহে প্ৰকৃতিক বশ কৰিব লাগিব ) বুলি ভাষণ দি ঘনচিৰিকা হত্যাৰ আন্দোলন আৰম্ভ কৰা মাও চে তুং য়ে 1960 চনতহে বুজি পালে যে ঘনচিৰিকাবোৰে বছৰি 4.5 কিলো শস্য খায় যদিও লগতে ইমান সংখ্যক কীট পতংগও খায় যে ঘনচিৰিকা নাথাকিলে সেই কীট-পতঙ্গবোৰে 4.5 কিলোগ্ৰাতকৈ বহু বেছি শস্য খাই ধ্বংস কৰে ৷ অৰ্থাৎ ঘনচিৰিকা দৰাচলতে অভিশাপ নহয়, আশীৰ্বাদহে ৷ গতিকে এই মাৰাত্মক ভুলৰ বাবে অনুশোচনা কৰি এইবাৰ ততাতৈয়াকৈ আন এক ওলোটা অভিযান আৰম্ভ কৰা হ'ল ৷ এইবাৰ খাদ্য সংকটৰ পৰা ৰক্ষা পাবলৈ চীন দেশে ৰাছিয়াৰ পৰা ঘনচিৰিকা আমদানি কৰিবলৈ ধৰিলে ৷ কিন্তু তেতিয়ালৈ বহু পলম হৈ গৈছিল ৷ মাও চে তুং ৰ মূৰ্খামি আৰু আন বহুতো কাৰক একেলগ হৈ 1959 ৰ পৰা 1961 হোৱা ভয়াবহ খাদ্য সংকটত চীন দেশত লক্ষ লক্ষ লোকৰ মৃত্যু হ'ল ৷ এই খাদ্য সংকটত দৰাচলতে কিমান লোকৰ মৃত্যু হৈছিল তাৰ আচল তথ্য কাৰো ওচৰতেই নাই যদিও ভবা হয় যে এই সংখ্যা 4.5 কোটিৰো বেছি হব ৷ বহু বিশেষজ্ঞৰ মতে এই সংখ্যা 7.5 কোটিৰো বেছি ৷ এনেদৰেই ঘনচিৰিকা নোহোৱা হোৱাত সৃষ্টি হোৱা দুৰ্ভিক্ষৰ পৰা চীন দেশৰ লগতে বিশ্বৰ আন দেশেও এক ডাঙৰ শিক্ষা পাই থৈছে ৷ 

মাও চে তুংৰ দৰে "ৰেং ডিং শ্বেন টিয়ান" বুলি দম্ভালি মাৰি প্ৰকৃতিৰ লগত যুঁজিবলৈ গ'লে মানৱৰ বিনাশ নিশ্চিত ৷ প্ৰকৃতিক বশ কৰাৰ একমাত্ৰ উপায় হ'ল প্ৰকৃতি আৰু ইয়াৰ সকলো জীৱৰ লগত সহাৱস্থান কৰা ৷ প্ৰকৃতিত থকা সকলো জীৱৰ প্ৰাণেই মূল্যবান আৰু অতি সৰু জীৱ এটাইও আমি কল্পনা কৰাতকৈ বহু ডাঙৰ কাম কৰিব পাৰে ৷ প্ৰকৃতিক মৰমেৰে বশ কৰিব নোৱাৰিলে পৃথিৱীত এনে কোনো শক্তি নাই যি "ৰেং ডিং শ্বেন টিয়ান" বুলি শ্লোগান দি প্ৰকৃতিৰ লগত যুঁজি জিকিব পাৰিব ৷

#Alakesh Bhagawati

তলৰ ফেচবুক / হোৱাটচএপ শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক
ইয়াত ক্লিক কৰি আপোনাৰ লিখা পোষ্ট কৰক

Post a Comment

0 Comments