ভাৰতত প্ৰথমখন বিলাতী ওৱাইন চপ first wine shop in India


ভাৰতত প্ৰথমখন বিলাতী ওৱাইন চপ first wine shop in India 

ভাৰতত মদ বা সুৰাৰ প্ৰচলন কেতিয়াৰ পৰা হয় সঠিক ভাবে জনা নাযায় যদিও প্ৰাচীন ৰজা মহাৰজা সকলৰ কাহিনীত বিশেষ আমোদ প্ৰমোদ বা সৈনিক সকলে ভাগৰ জুৰোৱাৰ বাবে উদ্ভিদ- জাত নিচাযুক্ত পানীয় অৰ্থাৎ সুৰা বা মদ (ঔষধী হিচাবে) খোৱা বুলি শুনা যায় । অৱশ্যে ধৰ্মীয় বাধানিষেধৰ বাবে ভাৰতত সাধাৰন প্ৰজাই মদৰ ব্যৱহাৰ সচৰাচৰ নকৰিছিল । কাচিৎ দুই একে কেৱল ভাং বা ধপাতহে ব্যৱহাৰ কৰিছিল ।

   আমাক কোনে মদাহী কৰালে  
ভাৰতলৈ ইংৰাজসকল অহাৰ মুল উদ্দেশ্যই আছিল ভাৰতক নিজৰ অধীনলৈ আনি লুতিপুতি খোৱা । তেতিয়াৰ সময়ত ধন সোন,শস্য মৎস্য ,সা-সম্পত্তিত পৃথিৱীৰ ভিতৰত ভাৰতেই একমাত্ৰ টনকিয়াল দেশ আছিল । ভাৰতত কু অভিসন্ধিৰে খোপনি পুটি দেখিলে ইয়াত অইন দেশৰ দৰে কোনো ভিখাৰী নাই, অকৰ্মী নাই ,দুখিয়া নাই ,চোৰ নাই ,ডকাইত নাই ,ঠগ নাই,লুন্ঠন নাই । সকলো সৰল, গুনী জ্ঞানী,কৰ্মপটু ,নিষ্ঠাৱান আৰু অতি সৎ নৈতিক চৰিত্ৰৱান লোকেৰে ভৰা ।এনে লোকৰ পৰা ঠগ প্ৰৱঞ্চনাৰে ধন সম্পত্তি হাত কৰাতো সম্ভৱ নহব । চিন্তা কৰি এটাই উপায় উলিয়ালে --   মদ  মাতাল কৰাব পৰা  বিলাতী মদ । যি মদৰ ৰাগীতসকলো ভাৰতীয়ই সম্পত্তিৰ মোহ এৰি বলিয়া হব, এলেহুৱা হব ,মগজুৰ বিবেক, জ্ঞান ,বুদ্ধি নাইকিয়া হব । সেই অভিসন্ধিৰে   1760চনত ভাৰতত প্ৰথম খন   ওৱাইন চপ কলিকতাত আৰম্ভ কৰে । তাত তীব্ৰ ৰাগীয়াল বিয়েৰ, ব্ৰেন্ডি,চেম্পিয়ন আদি বিভিন্ন মদ ৰাখিলে । পিচে অকল ইংৰাজ চাহাবৰ বাহিৰে কোনো ভাৰতীয় লোকে ধৰ্ম বিৰুদ্ধ সেইবোৰ মদ নিকিনে । কোনো ধৰনে বুধিয়ে কাম নিদিয়াত কিছুবছৰৰ অন্তত আদেশ জাৰি কৰিলে যে- ইষ্ট ইন্দিয়া কোম্পানী আৰু বৃটিছ চৰকাৰত কাম কৰা সকলো ভাৰতীয় লোকে বিলাতি সুৰা খাব লাগিব । অন্যথা চাকৰিৰ পৰা বৰ্খাস্থ হব ।


বাধ্য হৈ চাকৰিয়াল ভাৰতীয় লোকে বিজতৰীয়া বিলাতী সুৰাৰ জুতি ললে আৰু লাহে লাহে ধৰ্মৰ বান্ধোন এৰি চৰকাৰী বেচৰকাৰী বা সাধাৰন জনতায়ো দেশী বিদেশী মদ ,ভাং ,কানি,ধপাতৰ জুতি লব ধৰিলে । যি ভাৰতত কোনো বিলাতী মদৰ দোকান নাছিল ইংৰাজ সকল ভাৰত এৰাৰ সময়লৈ গাৱে ভুৱে সৰু বৰ ৪ হেজাৰৰো অধিক স্বীকৃতিপ্ৰাপ্ত দোকানলৈ বৃদ্ধি হয় । ধৰ্ম আৰু নৈতিকতাৰ বান্ধোন চিঙি গল ।
  কিন্তু আচৰিত কথা :----ভাৰতীয়ক নিচাসক্ত কৰি লুতিপুতি নিয়া এনে কু চক্ৰৰ অভিসন্ধিবোৰ বুজি পোৱা অগনন গুনী জ্ঞানী বুদ্ধিজীবি তথা
  আজিলৈ ভাৰতৰ শাসনৰ বৰ পীৰাত বহা কোনো মন্ত্ৰী ,নেতা ,পালীনেতাই সকলো বুজিও অধঃপতন কাৰী মদ বা মদাহীক নিবাৰন কৰিব নোৱাৰাটোহে আচৰিত ।
আজি ভাৰতৰ গাৱে ভুয়ে চহৰে নগৰে হেজাৰ হেজাৰ ওৱাইন চ'প বাটে পথে লক্ষ লক্ষ দেশী মদৰ ব্যৱসায় কোটি কোটি মদাহী ।

ভাৰতত ৭০ শতাংশ দুৰ্ঘটনা ,অন্যায় ,অত্যাচাৰ মদৰ ৰাগীত হয় । মদৰ ৰাগীত ধৰ্ষন , লুন্থনৰ সীমাসংখ্যা নাইকিয়া হৈছে । সুন্দৰ শুভৰাত্ৰীবোৰ বহুতৰ বাবে কাল ৰাত্ৰী হব ধৰিছে ।মদৰ ৰাগীত নিজৰ মা ,ভনী , খুৰা ভটিজী, পিতৃ জীয়াৰী ,মামা ভাগিনীৰ চিনচাব নোহোৱা হৈছে ।
পৃথিৱীৰ ভিতৰতে সহজ সৰল সহনশীল আমি জনতাই সহজভাৱে,সৰলতাৰে সহ্যকৰি গৈছো ।
  
বাটে পথে চুকেকোনে বিক্ৰী কৰা বা বিলাতী চাহাবৰ ওৱাইন চপৰ দোকান দিয়া এচাম লোকৰ, মদ্য নিবাৰনকাৰী প্ৰশাসনৰ লোকৰ তথা মদৰ বিপৰীতে পোৱা চৰকাৰী বৃহত ৰাজহেৰে গৌৰৱবোধ কৰা ভাৰতখন ধনী হোৱাত
কিয় বাৰু আপত্তি কৰো ? লাগিলে আমি নিৰিহ জনগন ৰসাতলেই যাওঁ, মা ভনী বাই ভতিজী ভাগিনী হত ধৰ্ষিত হওক , মদ ভাং ড্ৰাগ্ চ খাই অধঃপতনেই হওক সন্তানবোৰ ;কাৰোবাৰতো লাভ হৈছে ;  নে কি কয়?

শ্ৰী যতীন দাস ।
 মালয়বাৰী - কামৰূপ-ম(অসম) 

Post a Comment

0 Comments