ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 10 মিষ্ট্ৰিয়াচ নাইট 10

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব( দশম )

- হেমন্ত দাস
বি য়াৰ ভাগৰে হেঁচা মাৰি ধৰিছে তাইক৷ জাপ খাই আহিব খোজা চকুযোৰ জোৰকৈ মেলি তাই সাৰে আছে৷ কাহানিও অনুভৱ নকৰা এক অনুভূতি তাইৰ ধমনীৰ মাজেৰে পাৰ হৈ কলিজাৰ কেঁচা ঘাঁ দুখৰত হেঁচা মাৰি ধৰিছে৷ বুকুৰ কোনেবাখিনিত চিৰিংকৈ এটা বিষ উঠিছে৷ যন্ত্ৰনাত বুকুখন ওজন কৰি ধৰিছে তাইৰ৷ যেন এসোপামান বতাহ স্থিৰ হৈ বহি লৈছে বুকুত ৷ কলিজাৰ ইচ পিচনিয়ে তাইক বাৰে বাৰে উপলব্ধি কৰোৱাইছে, আজি যে তাইৰ ফুলশয্যা ৷ লাজ–সংকোচ–ভয়–উৎকণ্ঠা আটাইবোৰে হেঁচা মাৰি ধৰিছে মনটোত৷ লগৰকেইজনীয়ে যি সোপাহে কাহিনী শুনাইছে শুনিয়ে ভয়তে অণ্ঠ–কণ্ঠ শুকাই গৈছে সীমাৰ৷ জীৱনৰ প্ৰথম আশা - ভৰষা, প্ৰথম যৌৱনৰ সেই উষ্ম আলিংগণৰ দাগ কলিজাৰ কোহৰৰ পৰা মচি দুদিনৰ চকুৰ চিনাকি মানুহ এজনক চিৰজীৱনৰ বাৱে আদৰি লোৱা ইমান সহজ জানো? দুজন বেলেগ মানুহ, দুটা সুকীয়া সত্ত্বা৷ নিমিলিও মিলাৰ ভাও দিব লাগিব৷ একেলগে খোজ দিব লাগিব, ভাল পোৱাৰ অভিনয় কৰিব লাগিব আমৰণ৷ পাৰিব নে তাই? সমাজৰ কি নিয়ম এইয়া? যাৰ প্ৰতি কোনো অনুভূতি নাই, কোনো আৱেগ নাই, কোনো সন্মান নাই, যাৰ বাৱে তাইৰ গাভৰু কলিজাত সামান্যতমো হেন্দোলনি নাই, তাৰ বাবেই আজি আজন্মৰ পৰিচয় হেৰুৱায় অন্য এটা পৰিচয় পিন্ধি ল’ব ওলাইছে বাধ্যবাধকতাৰে৷ কেনে ধৰণৰ পৰম্পৰা এইয়া? এডাল মাথোঁঁ সেন্দূৰৰ ৰেখাই তাইৰ জীৱনৰ পথ নিৰ্ধাৰিত কৰিব! এজন সম্পুৰ্ণ অচিনাকি পুৰষক অধিকাৰ দিব তাইক উলংগ কৰিবলৈ? - সীমাই ভাবি যায় কথাবোৰ৷ কি এক অসহায় নাৰী জীৱন৷ যাক মনে প্ৰাণে বিচাৰিছিল, যাৰ হাতত হাত থৈ, খোজত খোজ মিলাই জীৱন সুধা পাণ কৰিব বিচাৰিছিল সেই পুৰুষৰ বুকুৰ উমৰ পৰা ওলায় অইন এজনক সাৱটি ল’ব লাগিব৷ এয়াই তাইৰ নিয়তি? ভাগ্যৰ কূটিল পৰিহাসত হাৰ মানি পাৰিব জানো নীৰৱৰ ঠাইত স্বামী নামৰ এই অচিনাকি পুৰুষ জনক বহুৱাব? নাই, নাই তাই নোৱাৰে৷ স্বামী হ’লেও অচিনাকি তেওঁ৷ নীৰৱৰ কথা সুকীয়া আছিল৷ তাইৰ দেহৰ প্ৰতিটো অংগত অধিকাৰ আছে তাৰ৷ নীৰৱ তাইৰ শৰীৰৰ শিৰে শিৰে বহ্নিমান জীৱন জ্যোতি৷ তাৰ প্ৰতিটো স্পৰ্শই ঝংকাৰিত কৰে তাইৰ কলিজা৷ তাইৰ বুকুৰ ভিজা হুমনিয়াহ নেউচি শেষ নিশালৈকে যৌৱনৰ উৎসৱ উদ、যাপনৰ অনুমতি দিব নোৱাৰে তাই অইন কোনো পুৰুষক৷ ভাল পোৱা অবিহনে যৌনতা কিদৰে সম্ভৱ? যিজন পুৰুষক তাই চিনিকেই নাপায়, যাৰ বাৱে শৰীৰৰ উপশিৰা এডালো আলোড়িত নহয়, তেওঁৰ ওচৰত যদি নিজকে সপিব লগীয়া হয় তেন্তে ইমানে দিনে সযত্নে সাঁচি ৰখা তাইৰ স্বভিমানৰ কি হ’ব? কেৱল স্বামীত্বৰ অধিকাৰৰ বাবেই শৰীৰ! নে ভবিষ্যতৰ সম্ভাব্য প্ৰয়োজন পূৰণৰ বিনিময়৷ সীমাই ভাবি নাপালে এই সম্পৰ্কৰ কি নাম হ’ব৷ এয়া সমৰ্পন নে বিনিময়? তুমি মোক জীয়াই থকাৰ সম্ভাৰ দিয়া, মই তোমাক যৌনতা দিম৷
মাকলৈ মনত পৰিল সীমাৰ৷ জীৱনত কেতিয়াও নিজৰ হকে মাত মতা দেখা নাই মাকক৷ মাকৰ প্ৰায় প্ৰতিটো কথাতে ভেকাহি মাৰি উঠা দেখিছে দেউতাকক ৷ মাকে মাথোঁঁ নীৰৱে সহ্য কৰে ৷ দেউতাকক সকলো সময়তে কথা ক’বলৈ সাহস নকৰে মাকে৷ সৰু সৰু প্ৰয়োজনবোৰৰ কথা কওঁতেও মাকক প্ৰয়োজন হয় অতিৰিক্ত সময়ৰ ৷ হয়তো দেউতাকৰ ভেকাহি শুনিবলৈ নিজকে মানসিকভাৱে প্ৰস্তুত কৰি লয় ৷ ভয়ে ভয়ে কথা কয় নিজৰেই মানুহজনৰ লগত৷ যেন স্বামী নহয় প্ৰভুহে৷ প্ৰভুৰ মন গলেই মেখেলা দাঙি দিবলৈ বাধ্য এক দাসী তেওঁ ৷ আজন্ম দুখিনী তেওঁ ৷ পেটৰ সন্তান কেইটাক সাৱটি মৰি মৰিয়েটো জীয়াই থকা দেখিছে মাকক৷ তাই কেতিয়াও মাকৰ নিজস্ব কোনো আশা- আকাংক্ষা, ভালপোৱা - বেয়াপোৱা বুলি একো শুনা নাই৷ মাথোঁঁ বিৰামহীন ভাৱে সকলোৰে দাবী, আবদাৰবোৰ পুৰণ কৰি গৈছে৷ তেওঁ যেন অনুভূতি - সংবেদনহীন এক মাংসপিণ্ড৷ সৰ্বদা মাথোঁঁ নিজকে সমৰ্পন কৰি গৈছে মাকে৷ কথাবোৰ ভাবি মূখ কোচ খাই আহিল সীমাৰ৷ নাই, নাই তাই মাকৰ নিচিনা হ’ব নোৱাৰে৷ নিজস্বতা আৰু স্বভিমান বৰ্জন কৰি বলাৎকাৰ কৰিবলৈ নিজকে অসহায় ভাবে মেলি দিব নোৱাৰে৷ তাইৰ দ্বাৰা সমৰ্পন অসম্ভৱ …৷
দৰ্জা খোলাৰ শব্দত তাই চকামকা অৱস্থাৰ পৰা খকমককৈ মূৰ তুলি চালে৷ মধ্যমীয়া উচ্চতাৰ এজন পুৰুষ কোঠাটোলৈ সোমায় আহিল৷ মানুহজন তাইৰ কাষত আহি বহিব লওতেই তাই তৎক্ষণাত থিয় হৈ আঁতৰি যাব বিছাৰিলে৷ মানুহজনে তাইৰ হাতত থাপ মাৰি ধৰি জোৰকৈ বিছনাত বহুৱাই দিলে৷ এই পৰিস্থিতিত কি কৰিব তাই ভাবি নাপালে৷ পুৰণি স্মৃতি খুচৰিও তাইৰ মনত নপৰিল এতিয়া তাই কি কৰা উচিত৷ নীৰৱলৈ বৰকৈ মনত পৰিল সীমাৰ৷ তাৰ কাষত আজিলৈ কেতিয়াও ইমান বিব্ৰত বোধ কৰা নাই৷ কি কৰিব নকৰিব ভাবি থাকোতেই তেওঁ তাইৰ ব্লাউজত হাত দিলে৷ তাই চিৎকাৰ কৰি উঠি আহিব সুজিলে৷ তাইৰ লাজ লাগিছিল সঁচা কিন্তু তাতোকৈ হাজাৰ গুণে তাই অপমানিত বোধ কৰিছিল৷ স্বামী হ’ল বুলিয়েই এনেকৈ …৷ বহু কষ্টেৰে নিজকে সম্বৰণ কৰিলে তাই৷ খংত তাইৰ নাকৰ দুয়োটা পাহি ফুলি উঠিল৷ চেপা অথচ স্পষ্ট মাতেৰে তাই কলে ঃ“আঁতৰি দিয়া৷ “ উত্তেজনাত ফোপাব ধৰা মানুহজনে তাইৰ কথালৈ ভ্ৰূক্ষেপ নকৰি তাইৰ গাভৰু দেহাটো সেপিয়াব ধৰিলে৷ “তাইৰ দুচকুৰে হৰহৰাই চকুপাণী নিগৰিব ধৰিলে৷ মানসিক - শাৰীৰিক যন্ত্ৰণাত ছটফটাব ধৰিলে তাই৷ এইবাৰ কিছু ডাঙৰকৈয়ে তাই ক’লে, “ প্লিজ মোক এৰি দিয়া৷ “ কিন্তু এইবাৰু মানুহজনে তাইৰ কথালৈ কাণ নিদি তাইৰ গাৰ চাঁদৰখন আজোৰি পেলালে৷ লগে লগেই অ’ত পৰে সামৰি ৰখা খংবোৰে যেন ভেটা ভাগিলে৷ তাইৰ প্ৰচণ্ড ঠেলাত মানুহজন মজিয়াত উফৰি পৰিল৷ বিছনাত বহি মানুহজনলৈ চাই তাই খংত ফোঁপাব ধৰিলে৷
নীৰৱৰ কোঠাৰ গাঁতটোলৈ বৈ থকা তেজৰ সোঁতবোৰ ক্ৰমাৎ বন্ধ হৈ আহিছে৷ ৰঙা তেজবোৰত ক’লা প্ৰলেপ পৰিছে৷ নীৰৱে এতিয়াও চকু মুদি কিবা ভুৰভুৰাই আছে৷ আয়নাত কড়াল খোৱা তেজবোৰ যেন ক্ৰমাৎ হৈ আয়নাবোৰ ভেদি ভিতৰলৈ সোমায় গৈছে৷ স্বচ্ছ হৈ উঠিছে আয়নাবোৰ৷ আয়নাৰ ভিতৰৰ ছাঁ মূৰ্তিটোৰ চকু দুটি উজ্জ্বলৰ পৰা উজ্জ্বলতৰ হৈ আহিছে৷ মন্ত্ৰোউচ্চাৰণ সমাপ্ত হোৱাত নীৰৱে কিছুপৰ আয়নাখনলৈ ৰ লাগি চাই থাকি হঠাৎ আয়নাখনৰ দিশে হাত বঢ়ালে৷ ক’লা মূৰ্তিটোৱে যেন তালৈকে ৰৈ আছিল৷ সি বিজুলী গতিৰে নীৰৱৰ হাতত থাপ মাৰি ধৰিলে৷ কিছুপৰৰ নীৰৱতা৷ তাৰ পিছত বিকট গেঙনী মাৰি নীৰৱ আচাৰ খায় পৰিল৷ এক অচিন যন্ত্ৰনাত সি চট、ফটাব ধৰিলে৷ তাৰ চকু, মুখ, নাকেৰে এফোটা তেজৰ সোঁত বৈ আহিল৷ মুখখনত এক জিজ্ঞাসু ভাব পৰিস্ফুত হৈ উঠিল৷
ইপিনে ফুলশয্যাৰ নিশা পত্নীৰ ঢকা খায় মানুহজন লাজে অপমানে জৰ্জড়িত হৈ পৰিল৷ ভীষণ খংত তেওঁ টেবুলৰ গাখীৰৰ গিলাচটো বেৰৰ পিনে মাৰি পঠিয়ালে৷ ষ্টেইনলেচ ষ্টিলৰ গিলাচটো থং কৰি বেৰত খুন্দা খায় উফৰি আহি ওচৰতে থকা ড্ৰেচিং আয়নাখনত খুন্দা মাৰি আয়ানখনৰ বাওঁপিনৰ চুক এটাত ফাঁট মেলালে৷ মনৰ অনিয়ন্ত্ৰীত উত্তেজনাত মানুহজনে চটফটাই মজিয়াখনত পায়চাৰি কৰি ফুৰিব ধৰিলে৷ তেওঁৰ উশাহৰ ঘন ঘন শব্দ সীমাই স্পষ্টভাৱে শুনা পাইছে৷ অস্থিৰ হৈ পৰিছে মানুহজন৷ নিজ পত্নীৰ পৰা আজি নিশা এনেকুৱা ব্যৱহাৰ তেওঁ হয়তো কল্পনাও কৰা নাছিল৷ এতিয়া নিজ পত্নীৰ পৰা ঢকা খায় তেওঁ কঁকালত কোব খোৱা সাপৰ দৰে ধৰফৰাব ধৰিছে৷ কিছুপৰ পায়চাৰি কৰাৰ পিছত মানুহজন সীমাৰ সন্মুখত ৰৈ সুধিলে, “ মোৰ দোষ কি? “ মানুহজনৰ আকস্মিক প্ৰশ্নত তত、মৎ খালে সীমাই৷ কি উত্তৰ দিব তাই? কি দোষ এই মানুহজনৰ! তাই ভাবি নাপালে তাইৰ সমুখত চলচলীয়া চকুৰে শিশুসুলভ ভাৱে তাইৰ উত্তৰলৈ অপেক্ষাৰত গিৰীয়েকক কি উত্তৰ দিব তাই৷ ফুলশয্যাৰ নিশা পত্নীৰ শৰীৰ উপভোগ কৰাটো প্ৰতিজন পুৰুষৰ জন্মস্বত্ব অধিকাৰ৷ সেই অধিকাৰেই অলপ আগতে গিৰীয়েকে তাইৰ ওপৰত খটোৱাইছিল৷ ভাল হওক, বেয়াই হওক৷ এয়াই নিয়ম৷ এইমাত্ৰ তাই এই অঘোষিত নিয়মক মষিমুৰ কৰিলে৷ পিছে গিৰীয়েকৰ প্ৰশ্নৰ কি উত্তৰ দিব তাই! এই প্ৰশ্নৰ যে কোনো উত্তৰ নাই তাইৰ ওচৰত৷ নীৰৱে অসহায় ভাবে মানুহজনলৈ চাই ৰ’ল তাই৷ তাই নীৰৱতাই যেন মানুহজনক বহু কিবা কিবি বুজাই দিলে৷ সীমাৰ হাত এখনত মুঠি মাৰি ধৰি তেওঁ আলফুলে চুমা খালে৷ তাৰ পিছত সীমাৰ দুচকুত পৰম আৱেগেৰে দুটা চুমা আঁকি দিলে৷ এইবাৰ যেন সীমা নিৰ্বাক হৈ পৰিছিল৷ মানুহজনক বাধা দিবলৈ তাইৰ দেহত শক্তিৰ অভাৱ হ’ল৷ কি বুলি বাধা দিব মানুহজনক? কি ক’ব তাই? নীৰৱৰ কথা! যি নীৰৱক এৰি তাই বিয়াত বহিছিল৷ স্ব-ইচ্ছাই বিয়াত বহি এতিয়া এজন নিৰ্দোষী মানুহৰ জীৱন ধ্বংস কৰাৰেই বা কি অধিকাৰ আছে তাইৰ৷ অৱশেষত তাই অসহায় ভাৱে মাকৰ পথকে বাচি ল’লে৷ তাই সমৰ্পন কৰিলে নিজকে৷ মানুহজন পৰজিৱীৰ দৰে তাইৰ শৰীৰত বগোৱা বাব ধৰিলে৷ অসূৰ্য স্পৰ্শ তাইৰ শৰীৰটো খুলি মেলি কুটুৰী পেলাব ধৰিলে৷ তাই মাথোঁঁঁঁঁঁঁঁঁ চকু মুদি পৰি ৰ’ল এচটা প্ৰাণহীন কাঠৰ দৰে৷ মনতে ভাবিলে, “অ’ নীৰৱ৷ তুমি ক’ত আছা৷ “
কুটুককৈ শব্দ এটা কৰি ঘূৰি থকা ফেনখন ৰৈ গ’ল৷ কোঠাৰ ৰঙীন লাইটতোৰ পোহৰ হঠাৎ কমি প্ৰায় নাইকিয়া হৈ গ’ল৷ সীমাৰ শৰীৰত বগাই ফুৰা মানুহজন অলপ সময় থমকি ৰ’ল, “ ভল্টেজ কমিল চাগে “ বুলি কৈ আকৌ ব্যস্ত হৈ পৰিল৷ এইবাৰ মানুহজনে সীমাৰ গাৰ কাপোৰ খোলোকাবলৈ যত্ন কৰিলে৷ লাজত সীমাই জোৰকৈ চকু চেপি ধৰিলে৷ কিন্তু হঠাৎ ৰুমটোৰ উস্ঞতা সহ্যতীত ভাবে বাঢ়ি অহাত মানুহজন পুনৰ থমকি ৰ’ল৷ তেওঁ সীমাৰ ওচৰৰ পৰা উঠি গৈ ফেনৰ চুইচ্চটোত হাত দিব হ’ব লওতেই কিবা এটাত খুন্দা খায় উফৰি পৰি ধৰ、ফৰাব ধৰিলে৷ সীমাই খৰধৰকৈ উঠি গৈ যি দেখিলে তাইৰ চকু বিস্ফোৰিত হৈ পৰিল৷ মুখৰ মাত হেৰাই গ’ল৷ কিছুপৰ আগতে গিৰীয়েকে দলিয়াই পেলোৱা ষ্টেইনলেচ ষ্টীলৰ গিলাচটোৰ ওপৰত মানুহজন উবুৰী খায় পৰি আছে৷ থিয় গিলাচটোৰ আধা অংশ গিৰীয়েকৰ গল ভেদি সোমায় গৈছে৷ তেজেৰে উপচি পৰা গিলাচটোৰ পৰা তেজ বাগৰি কোঠাটোৰ মজিয়াখন তিয়াই পেলাইছে৷ কিছুপৰ আগতে অধৈৰ্য হৈ পৰা শৰীৰটো শান্ত সমাহিত ভাৱে নিথৰ হৈ পৰি আছে৷ সীমাই প্ৰাণ পণে চিঞৰিছে যদিও তাইৰ মুখৰ পৰা অস্ফুট গেঙনীৰ বাদে কোনো শব্দ নোলাল৷ তাই দুৱাৰৰ দিশে দৌৰিব খোজোতেই গিৰীয়েকৰ তেজত পিছলি কৰ্ফাল খায় মজিয়াত বাগৰি পৰিল৷ লগে লগে যেন কোনোবাই তাইক সাৱটি ধৰিলে৷ সেই বাহুবন্ধৰ পৰা নিজকে মুক্ত কৰিবলৈ তাই চট、ফটাব ধৰিলে৷ কিন্তু কোনো অদৃশ্য শক্তিয়ে তাইক কাবু কৰি পেলালে৷ গিৰীয়েকৰ তেজেৰে লুটুৰী পুটুৰী হৈ নিজ স্বামীৰ মৃত দেহৰ কাষতেই ধৰ্ষিত হ’ব লগা হ’ল তাই৷
অদৃশ্য শক্তিটো তাইৰ ওপৰৰ পৰা আঁতৰি যোৱাত সীমা উঠি বহিল৷ তল পেটত ভীষণ বিষ অনুভৱ কৰিলে তাই৷ এখন হাতেৰে পেটত চেপি ধৰি উঠিব খোজোতেই অদৃশ্য শৰীৰটোৱে তাইক ড্ৰেচিং আয়নাখনৰ ওচৰলৈ চোঁচোৰাই লৈ গ’ল৷ আয়নাখনত চকু পৰাত তাই আতংকিত হৈ পৰিল৷ আয়নাখনৰ পৃষ্ঠভাগত ফুলেৰে সজ্জিত এখন বিছনা৷ সমুখত তেজেৰে লুটুৰী পুটুৰী তাইৰ বিবস্ত্ৰ শৰীৰটো, তাইৰ ঠিক পিছতেই এটা অদ্ভুত দৃশ্য৷ এটা শৰীৰৰ বাওঁপিনে আছে ত ত কৈ জ্বলি থকা আঙঠা হেন চকুৰে এক অৰ্দ্ধ ছায়া মূৰ্তি আৰু সোঁপিনে আছে স্বয়ং নীৰৱৰ অৰ্দ্ধাংশ৷ দুয়োটা অংশ মিলি এক বিভৎস আকৃতি লৈছে৷ দুয়োৰো চকু যেন জ্বলন্ত অগ্নিশিখা৷ দুয়ো আয়নাৰ পৰা একেঠৰে তাইলৈকে চাই আছে৷ এই দুৰ্যোগৰ সময়ত নিজৰ বুকুৰ মানুহজনক কাষত পায় তাই হিতাহীত জ্ঞান হেৰুৱাই ’ নীৰৱ তুমি আহিলা মোক ৰক্ষা কৰিবলৈ ’ বুলি ঘূৰিব লওঁতেই নীৰৱে তীব্ৰ বেগে হাতৰ ছুৰীখনেৰে তাইৰ গলৰ ধমনী কাটি পেলালে৷ তাইৰ গলৰ পৰা চিৰিক চিৰিককৈ তেজ চিটিকি আয়নাখনত পৰিব ধৰিলে৷ আয়নাৰ ছাঁ মূৰ্তিটো এইবাৰ অলপ লৰচৰ কৰিলে৷ ক্ষন্তেক পিছতেই আয়নাখনৰ পৰা ক্ষুদ্ৰতম তেজৰ চেকুৰাবোৰো অদৃশ্য হৈ পৰিল৷ ছায়ামূৰ্তিটোৰ চকুৰ তীব্ৰতা হ্ৰাস পালে৷ সি যেন তৃপ্ত হ’ল৷ লগে লগে ঠাচকৈ শব্দ কৰি আয়নাখন ভাঙি চুৰ্ণ বিচুৰ্ণ হৈ পৰিল৷ ক্ষন্তেক পিছতেই সীমাৰ নিঠৰ দেহটো মজিয়াত বাগৰি পৰিল৷ 

( আগলৈ…… )

Post a Comment

0 Comments