দিপাৱলীৰ বিষয়ে চমুকৈ


দিপাৱলীৰ বিষয়ে চমুকৈ

ভাৰতবৰ্ষত পালন কৰা দীপান্বিতা বা দীপাৱলী বা দেৱালী আজিকালি সৰ্ববৃহৎ উৎসৱ বুলি গণ্য কৰা হয়। সমগ্ৰ ভাৰততে অতি উলহ-মালহেৰে এই উৎসৱ পালন কৰা হয়। ভাৰতৰ হিন্দু উৎসৱসমূহৰ ভিতৰত ই সৰ্ববৃহৎ আৰু বছৰৰ অন্তিম বুলি বিবেচনা কৰা হয়। পোহৰৰ উৎসৱ দীপান্বিতাত চৌদিশ বন্তি, আকাশবন্তি, বিজুলী চাকি, বিজুলী চাকিৰ মালাৰে উজলাই তোলা হয়। ঘৰ-দুৱাৰ, ৰাজহুৱা স্থান, মঠ-মন্দিৰৰ প্ৰাঙ্গণ উজলি উঠে। শৰৎ কালত পালন কৰা দীপান্বিতা আহে বিজয়া দশমী বা দশাহৰা(দছেৰা) উৎসৱৰ পিছৰ অমাৱস্যাৰ নিশা। হিন্দু বিশ্বাস মতে দীপান্বিতা হ’ল পোহৰৰ উৎসৱ। এই উৎসৱ আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ বিজয়, অসুৰৰ(অধৰ্ম) বিৰুদ্ধে সুৰ(ধৰ্ম)ৰ জয়, অজ্ঞানতাৰ বিৰুদ্ধে জ্ঞানৰ জয় আৰু নিৰাশাৰ বিৰুদ্ধে আশাৰ জয় বুলি মনা হয়। অমাৱস্যাৰ ঘোৰ অন্ধকাৰক দীপাৱলীৰ পোহৰেৰে আঁতৰ কৰি দশোদিশ উজলাই তোলা হয়। দীপান্বিতা বুলি ঘৰ-দুৱাৰ, মন্দিৰ,  সকলোৰে প্ৰাঙ্গণ পৰিষ্কাৰ কৰি সজাই-পৰাই তোলা হয়। সকলোৱে দীপান্বিতা বুলি ন সাজ পিন্ধে, ঐশ্বৰ্যৰ অধিকাৰী দেৱী লক্ষ্মী আৰু শক্তিৰ অধিকাৰী মা কালীৰ পূজা কৰে। আত্মীয়-স্বজনৰ মাজত মিঠাই আৰু আন উপহাৰ আদান-প্ৰদান কৰে। দীপাৱলীৰ দুদিন আগতে ত্ৰয়োদশীৰ দিনা পালন কৰা হয় ‘ধনতেৰশ’ আৰু এদিন আগতে ‘ভূত চতুৰ্দশী’ৰ দিনা পালন কৰা হয় কামৰূপ বা প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ সোঁৱৰণত ‘নৰক চতুৰ্দশী’। এইকেইদিনো বন্তি প্ৰজ্বলন কৰা হয়। জৈন ধৰ্ম মতে মহাবীৰৰ মোক্ষ লাভ কৰা দিনত দীপান্বিতা পালন কৰা হয়।

Post a Comment

0 Comments