ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 9 মিষ্ট্ৰিয়াচ নাইট 10


ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব ( নৱম খণ্ড )

- হেমন্ত দাস
কলো ডেকাৰ নিচিনাই নীৰৱ বৰঠাকুৰৰ এটা সপোন আছিল যৌৱনৰ উদ্দিপ্ত বহ্নিমান শিখাত
পদুম বৰণীয়া দুচকুৰ এজনী প্ৰেয়সী আৰু তাইৰ বুকুৰ কুহৰত কুৰুকী কুৰুকী মুকলোৱা একঠা হৃদয় ৷ পশ্চিমৰ পচোৱাই তাইৰ চাদৰৰ আঁচলত ধৰি গোৱা গীতবোৰ মুঠি মুঠি কৈ বুটলি সি লিখি যাব অনিৰ্বান কবিতা ৷ প্ৰেমৰ ৷ তাইৰ প্ৰেমত উদ্বাউল তাৰ হৃদয় নিগৰি ওলোৱা প্ৰতিটো কবিতাই সিঁচিব প্ৰেমৰ অমিয়া ৷ অথবা উজাগৰি নিশাৰ বিৰহৰ পিছত তাইৰ বুকুৰ উমত উমদি
তাইৰ নিষ্পাপ মৰমী মুখখনিয়ে তাৰ আত্মাত সিচিব ভালপোৱা , ভালপোৱা মাথো ভালপোৱা ৷
সিহঁতৰ প্ৰেম - বিৰহত সৃষ্টি হ'ব সৰু বৰ গল্প-কবিতা ৷ সৌন্দৰ্যপুষ্ট তাইৰ গাভৰু দচকুত তাৰ প্ৰতি আকুণ্ঠ প্ৰেম দেখি ঈৰ্ষাম্বিত হ'ব তাৰ বন্ধুমহল ৷ প্ৰেয়সীৰ লাহৰি আঙুলী লিৰিকি বিদাৰি কোনো উদ্যানৰ চুকত প্ৰেমৰ অমৃত সুধা চতিয়াব সি ৷ ব্যস্ত মহানগৰীৰৰ চহৰৰ চিনাকী অচিনাকী প্ৰতিজনী গাভৰুৰ দুচকুত সি বিচাৰি ফুৰিছিল প্ৰেমময় সেই দেৱী গৰাকীক ৷ কিন্তু সি বিচাৰি পোৱা নাছিল সেই নাৰীক ৷ যি নাৰীয়ে তাৰ অন্তৰৰ অটল গহ্বৰত প্ৰতিষ্ঠিত প্ৰেমৰ মণিকুতত নিজকে প্ৰতিষ্ঠা কৰিব পৰিব ৷ ঝংকাৰিত কৰিব পাৰিব তাৰ হৃদয় ৷ তাৰ বাবেই হয়তো সি লিখিছিল -
" ভাবিছো ...
তোমাক লগ পালেই ক'ম
মোৰ অকলশৰীয়া দিন -ৰাতি ,
পুৱা-গধুলীবোৰৰ কথা ৷
ক'ম
কিদৰে সেমেকী পৰে মজিয়াৰ ধুলি ৷
ভাবিছো…
তোমাক লগ পালেই ক'ম
গোপন বিষাদে কিদৰে হৃদয়ত লুকা ভাকু খেলে ৷
তোমাক লগ পালেই ক'ম
এই চহৰৰ বতাহ আৰু প্ৰতিটো ধুলিকনাই
কিদৰে চিনি পোৱা হৈছে
এই অশান্ত প্ৰেমিকটোক ……৷ "
নীৰৱে মানস পটত আঁকি লৈছিল তাৰ কল্পনাৰ প্ৰেয়সীৰ ছবি ৷ আৰু তাইৰ কথা ভাবিয়ে পাৰ কৰিছিল উজাগৰি নিশা ৷ লিখি গৈছিল ইটোৰ পিছত সিটো কবিতা ৷ প্ৰথমে কলেজৰ আলোচনী, তাৰ পিছত স্হানীয় বাতৰি কাকত আৰু এদিন প্ৰকাশ পাইছিল নীৰৱ বৰঠাকুৰৰ কবিতাৰ পুথি " অচিন বাটত তুমি " ৷ যিখন কবিতা পুথি পঢ়ি ৰাজ্যৰ বহুবোৰ গাভৰু তাৰ প্ৰেমত পৰিছিল ৷ প্ৰেমত পৰিছিল সন্দিকৈ কলেজৰ গাভৰু সীমা কাকতি ৷ সুন্দৰ উজ্জ্বল চকু এযুৰিৰে মৰম লগা ছোৱালীজনী ৷ নীৰৱৰ ফেইচবুক বন্ধু তাই ৷ তাৰ কবিতা পঢ়ি তাই যেন বাউলী হৈ পৰিছিল ৷ ফেইচবুকত ইটোৰ পিছত সিটো মেচেজ পঠিয়াইছিল তাই নীৰৱলৈ ৷ বহু দিন বহু মাহ বাগৰিছিল ৷ নীৰৱৰ ফেইচবুকৰ প্ৰতিটো ষ্টেটাচ, প্ৰতিটো কবিতাত মন্তব্য ৰাখিছিল তাই ৷ কিন্তু 'ধন্যবাদ' শব্দৰ বাহিৰে অইন একো সঁহাৰি নাপায়ইছিল তাৰ পৰা ৷ নীৰৱৰ উদাসীনতাই ব্যাকুল কৰি পেলাইছিল তাইক ৷ ব্যাকুল অস্হিৰ মনেৰেই নীৰৱক উদ্দেশ্যি এদিন কবিতা এটা লিখি ফেইচবুকত পোষ্ট কৰিছিল সীমাই ৷ তাই বাৰে বাৰে ভগবানক প্ৰাৰ্থনা কৰিছিল নীৰৱে যেন তাইৰ কবিতাটো পঢ়ি বুজি পায় তাইৰ মনৰ ব্যাথা ৷ পঢ়িছিল নীৰৱে ৷ হয়তু বুজিছিলো ৷ এনেদৰেই দুয়োৰো মাজত প্ৰথমে বন্ধুত্ব আৰু তাৰ পিছত গঢ় লৈছিল প্ৰগাঢ় মৰম ৷ ফেইচবুকত কথা পাতিয়ে দুয়ো প্ৰেমত পৰিছিল ৷ মন প্ৰাণ ভৰি ভাল পাইছিল ইজনে-সিজনক ৷ গভীৰৰ পৰা গভীতালৈ আগ বাঢ়িছিল সিহঁতৰ প্ৰেম ৷ এদিন সিহঁতে সিদ্ধান্ত লৈছিল লগ হোৱাৰ আৰু নীৰৱে কৰি পেলাইছিল সেই ভীষণ ভুলটো ৷ যি ভুলৰ প্ৰায়চিত্ত গোটেই বৰঠাকুৰ বাৰীৰ জীৱকুলে কৰিব লগীয়া হ'ল ৷ - কথাখিনি কৈ বিপুল ৰৈ গ'ল ৷
: কি ভুল কৰিলে নীৰৱে ? সিহঁতে লগ পালেনে ? - হিমাশ্ৰীয়ে অস্হিৰ ভাৱে সুধিলে ৷
বিপুল বৰঠাকুৰে পুনৰ কৈ গ'ল , " প্ৰেমৰ তাড়নাত মানুহ নিয়ন্ত্ৰণহীন হ'ব নাপায় ৷ শাৰিৰীকেই হওঁক বা মানসিক প্ৰেমেই হওঁক প্ৰতিযোৰা স্বামী - স্ত্ৰী, প্ৰেমিক - প্ৰেমিকাই মনত ৰখা উচিত প্ৰেম কোনো ভোগৰ বস্তু নহয় ৷ তেওঁলোকে পাহৰি যোৱা উচিত নহয় যে প্ৰেম প্ৰকাশো এক কলা ৷ যৌনতাও এক সাংঘাটিক কলা ৷ অনুকুল স্হান -কাল - পাত্ৰত ধীৰ গতিৰে সংযত , সুনিপুন কলাকাৰৰ আৰ্হিত শাৰিৰীক সম্পৰ্ক গঢ়িলেহে প্ৰেমৰ উন্মাদনাক বুজিব পাৰি ৷ হুৰমুৰকৈ, হিতাহীত জ্ঞান শুণ্যহৈ অসংযত প্ৰেমৰ তাড়নাত মই আৰু বিপুলৰ মাকে যি ভুল কৰিলো বহু কষ্টৰ অন্তত সেই ভুলৰ শুধৰণি কৰিছিলো ৷ কোনোমতে ওলায় আহিছিলো সেই পিশাচৰ নগৰীৰ পৰা ৷ চিৰদিনৰ বাৱে এই ঘৰত নিষিদ্ধ হৈছিল আয়না ৷ কিন্তু তাৰ বয়সৰ প্ৰতিজন যুৱকৰ নিচিনাকৈ নীৰৱৰো হেপাহ জাগিছিল নিজকে আয়নাত নিহাৰিবলৈ ৷ আমাৰ অজানিতে, গোপনে পুনৰ এইখন ঘৰত সোমাই পৰিছিল আয়না ৷ নিশা লাইট জ্বলালে গালি শুনাৰ ভয়ত সি নিশা গোপনে ম'মৰ পোহৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আয়না চাই গৈছিল ৷ হয়তো ইয়াৰ নামেই প্ৰেম ৷ কাৰোবাৰ বাবে নিজক সজাই তোলা অথবা নিজৰ বাবে কাৰোবাক গঢ়ি তোলা ৷ য'ত বাস্তৱ আৰু বুদ্ধিৰ কোনো ক্ৰিয়া নাই ; নিজৰ সত্তাৰ কোনো স্বতন্ত্ৰ স্পন্দন য'ত অনুভৱ নকৰে কোনো আত্মাই ৷ য'ত তেওঁ কেৱল অনুভৱ কৰে - পৰম প্ৰেমময় এখন বিশাল জগত ৷ সন্ধান কৰে বিশাল চৈতন্যসাগৰৰ স্তব্ধ অটল গভীৰত তেওঁৰ সকলো এষণা আৰু আকুতিৰ বেগবান ধাৰাৰ ৷ য'ত অৱলুপ্ত হয় সকলো যুক্তিবান পুৰুষৰ বিবেক ৷ য'ত নি:শেষ হয় অনুচিন্তনৰ দ্বাৰা গঠিত মানুহৰ বুদ্ধি বৃত্তি ৷ নীৰৱৰ ব্যক্তিগত প্ৰেম চেতনাৰ ৰস আৰু ৰুপ অভিৰুচিৰ মহাকাশত লীন হ'ল অ'তদিনে আমাৰ দ্বাৰা প্ৰদত্ত সকলো শিক্ষা ৷ ন যৌৱনৰ ন কামনাৰ যোৱাৰত নীতি অনীতিৰ পাৰাপাৰ ভেদি আকাংক্ষাৰ সমুদ্ৰত সানমিহলি হৈ নিষিদ্ধ পথত খোজ দিলে সি ৷ যাৰ বাবে পুনৰ কিলবিলাই ওলায় অহাৰ সুযোগ পালে নৰকৰ কীটবোৰে ৷
: নৰক ? নৰক বা স্বৰ্গ বুলি জানো সঁচাকৈয়ে কিবা আছে ? স্বৰ্গ বা নৰক বুলি জানো মানুহৰ মনৰ অৱস্হা একোটাকে কোৱা নহয় ৷ য'ত মানুহে কোনো অন্যায় বা পাপ কৰ্ম কৰাৰ পিছত অনুতপ্ত হয় মনে মনে ৷ স্বেচ্ছাই তেওঁ অন্যায়ৰ সকলো শাস্তি মানি লৈ প্ৰায়শ্চিত্ত কৰে ৷ অনুতাপীৰ যি বেদনাই মানুহক দু:সহ পাপ চেতনাৰ পৰা বিমুক্ত কৰে লাহে লাহে , লাগিলে সেই অনুশোচনাৰ বেদনা যিমানেই অসহনীয নহওঁক কিয় , যি বেদনাৰ মাজত আছে নিগূঢ় মহত্ত্ব আৰু অনাস্বাদিত পুৰ্ব মাধুৰ্য ৷ কোনো অন্যায়কাৰীয়ে জীৱনদশাতেই অনুতাপৰ সেই বেদনাৰ মাজত মাধুৰ্যৰ আস্বাদ লাভ কৰি ঈশ্বৰ প্ৰাপ্তিৰ পথত অগ্ৰসৰ হোৱাৰ চেষ্টাই জানো নৰক যাতনা নহয় ? ইয়াৰ অৰ্থ জানো এয়াই নহয় যে কাৰোবাৰ কোনো পাপৰ শাস্তিভোগ পুৰ্ণ নোহোৱা পৰ্যন্ত তেওঁ মানসিক যন্ত্ৰণাৰ নৰকৰ পৰা ওলাই আহি পৰিশুদ্ধি চিত্ত হৈ উঠিব নোৱাৰে ৷ নৰক পাপীসকলৰ মনৰ এক অৱস্হা মাত্ৰ নহয়নে ?
: স্বৰ্গ বা নৰক বিশ্বৰ দৃষ্টিত কি নাজানো ৷ কিন্তু মই যি নৰকৰ কথা কৈছো , সেই নৰক হ'ল এনেকুৱা এখন স্হান , য'ত মৃত্যুৰ পিছত পাপাত্মাবোৰে একো একোটা ছায়ামূৰ্তি ধাৰণ কৰি নিজ নিজ অপাৰ শক্তিসহ জীয়াই থাকে ৷ পাপৰ প্ৰতিফলজন্ত যন্ত্ৰণাত পাপাত্মাবোৰৰ অশৰীৰী চেতনা এনেভাৱে আচ্ছান্ন হৈ থাকে যে এই সময়ত তেওঁলোকৰ মাজত কোনো অনুতাপ বা অনুশোচনা নাথাকে ৷ ভীষণ কষ্টকৰ জীৱনৰ পৰা মুক্তিৰ বাবে য'ত আত্মাই চিৎকাৰ কৰে ৷ সুযোগ পালেই তাৰ পৰা পলাই আহে ৷ অতৃপ্ত হৃদয়ৰ তৃষ্ঞা নিবাৰণৰ বাবে অসহায় মানুহৰ ওপৰত জপিয়াই পৰে ৷
আমাৰ ভুলৰ বাবেই নীৰৱৰ ওপৰত জন্মৰ আগৰে পৰা নৰকৰ সেই অতৃপ্ত আত্মাৰ প্ৰভাৱ পৰিছিল ৷ এতিয়া নিশা গোপনে ম'ম জ্বলাই আয়না চোৱা কাৰ্যই সেই অন্ধকাৰ জগতৰ নিষিদ্ধ পথ নীৰৱৰ বাবে পুনৰ খোল খাই গৈছিল ৷ সিহঁতে নানানটা প্ৰলোভনেৰে নীৰৱক নিজৰ হাতৰ মুঠিলৈ আনিবলৈ যত্ন কৰিছিল ৷ কিন্তু প্ৰেতাত্মাৰ সংস্পৰ্শত নীৰৱে বৰকৈ ভয় খাইছিল ৷ সি যদিও আমাক একো কোৱা নাছিল , কিন্তু সি ভালকৈ বুজিছিল যে সেই জগতৰ সংস্পৰ্শই বিপদৰ বাদে অইন একো নিদিয়ে ৷ সেই বাবেই সি আয়না চোৱা বন্ধ কৰি দিছিল ৷ কিন্তু অঞ্জানতা বশত তাৰ গাৰুৰ তলতে আয়নাখন লুকুৱাই ৰাখিছিল ৷ যাৰ ফলত সেই অতৃপ্ত আত্মাই তাৰ অজানিতে তাক প্ৰভাৱিত কৰিব পাৰিছিল ৷
নীৰৱ আৰু সীমাৰ প্ৰেম ইমানেই গভীৰ হৈছিল যে সিহঁতৰ বাবে ঘৰ সংসাৰ বংশ পৰিয়াল সকলো গৌণ হৈ পৰিল ৷ প্ৰেমসিক্ত হৃদয় দুখনে মাথো মৰম বিচাৰিলে ৷ সিহঁতে ভাবি লৈছিল ইজনৰ সংস্পৰ্শত সিজনৰ আত্মা চিৰদিনৰ বাবে তৃপ্ত হৈ থাকিব ৷ সেয়েহে প্ৰথম মিলনতে নীৰৱে মন্দিৰৰ শিৱৰ বিগ্ৰহৰ পৰা সেন্দুৰ আনি পিন্ধাইছিল দিছিল সীমাৰ সেওঁতাত ৷ তাৰ পিছত বিগ্ৰহৰ সমুখতে তাইৰ সেন্দুৰীয়া কঁপালত আলফুলে এটা চুমা আঁকি দিলে ৷ সেই চুমাৰ পৰশত যেন দুয়োৰো আত্মা কঁপি উঠিল ৷ দুয়ো মৰণে জীৱনে মাথো দুয়োৰো হৈ থকাৰ প্ৰতিশ্ৰুতিৰে সিদিনা ঘৰলৈ উভতিল ৷
তেতিয়া সীমা স্নাতক ষষ্ঠ ষান্মাষিকৰ ছাত্ৰী আছিল ৷ সিহঁতে ঠিক কৰিছিল তাই এম· এ· সম্পুৰ্ণ কৰাৰ পিছতে বিয়া পাতিব সিহঁতে ৷ সীমাই প্ৰতিদিনে নীৰৱৰ নামৰ সেন্দুৰ প্ৰতিদনে সেওঁতাত গোপনে আঁকি লৈছিল ৷ নীৰৱেও এজন স্বামীৰ কৰণীয় সকলো কৰ্তব্য পালন কৰি গৈছিল ৷ সমাজৰ দৃষ্টিত নহলেও দুয়ো দুয়োৰো বাবে আছিল স্বামী- স্ত্ৰী ৷ সময় বাগৰাৰ লগতে সিহঁতৰ প্ৰেম গভীৰৰ পৰা গভীৰতম হৈ পৰিছিল ৷ ইজনৰ প্ৰতি সিজনৰ মনত জাগি উঠিছিল অগাধ বিশ্বাস আৰু ভালপোৱা ৷ দুয়ো দেহে মনে কায়ে মিলিত হৈছিল ৷ যেন দুটি দেহা এখন হৃদয় ৷
: প্ৰেমৰ গল্প পঢ়ি থকা যেন লাগিছে ৷ যেন একে উশাহতে পঢ়ি শেষ কৰি পেলাম গোটেই কাহিনী ৷ - হিমাশ্ৰীয়ে ক'লে ৷
: এযাই হয়তু নিয়তি ৷ কিছুমান মানুহক দুৰ্ভাগ্যই কাহানিও পিছ নেৰে ৷ আমাৰ পৰিয়ালটোৰ ক্ষেত্ৰটো নিয়তিয়ে নিষ্ঠুৰ পৰিহাস কৰিবলৈ নেৰিলে ৷ নীৰৱ আৰু সীমাৰ সফল প্ৰেমৰ অসফল সমাপ্তি ঘটিল ৷ প্ৰেমৰ ক্ষেত্ৰত সচৰাচৰ হোৱা ধৰণেই নীৰৱ আৰু সীমাৰ প্ৰেমতো সংঘাতে দেখা দিলে ৷ সেই সময়ত এজন নবীন লিখকৰ বাদে নীৰৱৰ অইন একো চিনাকী নাছিল ৷ নাছিল কোনো জীৱিকা বা চাকৰি ৷ সীমাৰ পৰিয়াল উচ্চাকাংক্ষী আছিল ৷ কোনোপধ্যেই সিহঁতৰ প্ৰেমক স্বীকৃতি নিদিলে ৷ পৰিয়ালৰ লগত যুঁজি যুঁজি এদিন সীমা ভাগৰি পৰিল ৷ আৰু পৰিয়ালৰ বাবে প্ৰেমক জলাঞ্জলি দিবলৈ সিদ্ধান্ত ল'লে ৷ তাইৰ অনাকাংক্ষিত সিদ্ধান্তই নীৰৱৰ কলিজা চুৰমাৰ কৰি পেলালে ৷ দিশহাৰা হৈ পৰিল সি ৷ সীমা আঁতৰি যাব ৷ তাৰ মৰমৰ , কলিজাৰ টুকুৰা সীমা , তাৰ বুকুৰ মাজৰ পৰা আঁতৰি যাব ৷ সি বুজিছে যদিও যেন বিশ্বাস কৰিব পৰা নাই ৷ মাথো এক অজান বেদনাই বুকুত হেঁচা মাৰি ধৰিছে ৷ সি কান্দিব খোজিও কান্দিব পৰা নাই ৷ এক ভীষণ অন্তৰ্দ্বন্দই তাক কান্দিব দিয়া নাই ৷ শোকত ভাগি পৰা কলিজাত সন্তৰ্পণে ঘৃণাৰ সৃষ্টি হ'ল ৷ সেই ঘৃণাই তাক প্ৰতিশোধ পৰায়ন কৰি তুলিলে ৷ প্ৰতিশোধৰ দাবানলত দহিল সি ৷ আৰু এদিন সি সিদ্ধান্ত ল'লে যে তাক অসুখী কৰি তোলা মানুহবোৰকো সি সুখত থাকিব নিদিয়ে… ৷
গভীৰ নিশা ৷ নীৰৱে সৰু ছুৰী এখনেৰে তাৰ কোঠাৰ মজিয়াত খুট খুটাই গাত খান্দিছে ৷ এফুট দ আৰু দীঘলে পুতলে এফুটকৈ গাত এটা খান্দি সি হাতেৰে ছপৰিয়াই গাঁতটোৰ মাটিবোৰ পিট খুৱাইছে ৷ তাৰ পিছত গাঁতটোৰ পুৱ দিশে সি গাৰুৰ তলত লুকাই থোৱা আয়নাখন থিয়কৈ ৰাখিলে ৷ এইবাৰ সি অইন তিনিটা দিশত গাঁতটোৰ পাৰতে সৰু সৰু তিনিদাল ম'ম জ্বলালে ৷ ম'মৰ পোহৰ আৰু প্ৰতিবিম্বই আয়নাখনৰ ভিতৰত যেন এক কৃত্ৰিম পথৰ সৃষ্টি কৰিলে ৷ এইবাৰ সি বিছনাৰ তলৰ পৰা মোনা এখন উলিয়াই আনিলে ৷ তাৰ পিছত মোনা খনৰ পৰা তিনিটা ক'লা কুকুৰা উলিয়াই ছুৰীৰে সিহঁতৰ ডিঙিবোৰ কাটি কটা কুকুৰাবোৰ আয়নাখনৰ ওপৰত ধৰি থাকিল ৷ সিহঁতৰ দেহৰ পৰা নিৰ্গত তেজৰ সোঁত আয়নাৰ ওপৰেৰে বৈ গৈ গাতটোত জমা হ'ব ধৰিলে ৷ সেই তেজৰ ওপৰত হাত ৰাখি নীৰৱে কিবা বিৰবিৰাব ধৰিলে ৷ লাহে লাহে কোঠাটোৰ পৰিৱেশ সলনি হ'বলৈ ধৰিলে ৷ সমস্ত কোঠাটো কেঁচা মঙহ পোৰা গোন্ধই আৱৰি পেলালে ৷ আয়না খনৰ ভিতৰত কিচ、কিচিয়া ক'লা ছাঁ মুৰ্তি কিছুমানে দেখা দিলে … 

(আগলৈ …)


( বিঃদ্ৰঃ - তলৰ 👇🏻 হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক)



ghost story assamese




মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি,Assamese horror story, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, Haunted Assamese place, Assamese paranormal incident ঘটনা তথা Assamese ghost stories গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]

 (বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)

⬇️⬇️Share button ⬇️⬇️
(তলৰ কমেন্ট বক্সত আপোনাৰ কমেন্ট লিখক লগতে লিখাটো ফেচবুকতো শ্বেয়াৰ কৰক❤️❤️) 

Post a Comment

0 Comments