ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 8 মিষ্ট্ৰিয়াচ নাইট 10

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব


নকীৰ্ণ ঠাই খন নিৰৱতাৰ চাদৰে ঢাকি ৰাখিছে ! নিশাৰ ঝিলিবোৰেও যেন মাত হেৰাইছে ৷ নিৰৱতাৰ যেন এক অঘোষিত প্ৰতিযোগিতাহে চলিছে ৷ সেই নিৰৱতাক ভেঙুচালি কৰি বৰঠাকুৰ বাৰীৰ সৰু ৰাস্তাটোৰে হিমাশ্ৰীৰ স্কুটীখনে সশব্দে আগ বাঢ়িছে ৷ স্কুটীখনৰ শব্দত বাটত অ'ত ত'ত অসহায় ভাৱে পৰি থকা লেৰেলা কুকুৰবোৰে মুৰ তুলি সিহঁতলৈ এপলক চাই পুনৰ ৰাস্তাত মুৰ পেলাই শুই পৰিছে ৷ বৰঠাকুৰ বাৰীৰ কুকুৰবোৰেও যেন ভুকিব পাহৰি পেলাইছে ৷ নিস্তব্ধতাৰে ভৰা পথটোত তাইৰ স্কুটীখনৰ সৰু মাতটো ডাঙৰ ইঞ্জিন এটা চলোৱাৰ দৰে লাগিল হিমাশ্ৰীৰ ৷

বৰঠাকুৰ ভৱন ৷ গেটৰ ওচৰতে নেমপ্লেটখন দেখি হিমাশ্ৰী ৰৈ গ'ল ৷ এটা পুৰণিকলীয়া ঘৰ ৷ গেট আৰু ঘৰটোৰ মাজত এশমিটাৰ মান দৈৰ্ঘৰ এখন ল'ন ৷ ল'নখনৰ ঠিক সোমাজেদি ঘৰটোৰ পৰা গেটৰ ওচৰলৈকে এটা সৰু পকী বাট ৷ বাটটোৰ দুয়োফাল যত্নৰ অভাৱত দীঘল দীঘল বনে আৱৰি পেলাইছে ৷ লনখনৰ বাওঁপিনে মুল ঘৰটোৰ পশ্চিম দিশে লোৰ ঝুলনা এখন ওলমি আছে ৷ সেইখনো অযত্নত বন লতাই আগুৰি পেলাইছে ৷পকী বাটটো অ'ত ত'ত ভাঙি এৰাই গৈ পানীয়ে ডোঙা বান্ধিছে ৷ গোটেই বাটটোকে শেলুৱৈৰ ডাঠ সেউজীয়া প্ৰলেপে আৱৰি ধৰিছে ৷ মুঠৰ ওপৰত অযত্নত অবিন্যস্ত এখন ঘৰ ৷ মানুহজনে কেনেবাকৈ তাইক দেখিছিল চাগে গতিকে কলিং বেলটো টিপিব খোজোটেই ঘপহকৈ দুৱাৰখন মেলি মাত লগালে ৷
"ভিতৰলৈ সোমায় আহা ৷"

মানুহ জনৰ পিছে পিছে হিমাশ্ৰী ঘৰটোত প্ৰবেশ কৰিলে ৷ তাইক বহিবলৈ ইংগিত দি মানুহজন ভিতৰলৈ সোমায় গ'ল ৷ বাহিৰত বৰষুণজাক সংগোপনে নামি আহি লাহে লাহে বাঢ়িব ধৰিছে ৷

বহুপৰ নিস্তব্ধতা ৷ নিৰৱতাৰ বেস্তনিত ভেজা দি নিজকে চ'ফা খনত মেলি দিলে তাই ৷ ক'ৰবাৰ পৰা দৌৰি আহি এজাক ভাগৰে তাইক হেঁচা মাৰি ধৰিলে ৷ চ'ফাখনত মুৰ পেলাই বহি থাকোতে তাইৰ চিলমিলকৈ টোপনি আহিল ৷ চিলমিল টোপনিতে তাই সপোন দেখিলে ৷ এখন নৈ ৷ নৈৰ পাৰত নিৰৱৰ কান্ধত মুৰ থৈ তাই বহি আছে ৷ দিগন্তৰ সিটোমুৰত বেলিটো লাজ লাজকৈ আঁতৰি গৈছে ৷ ৰিব ৰিব বতাহ এজাকে দুয়োকো কোবাইছে ৷ নৈৰ পাৰৰ হাবিখনৰ পৰা চুচুক চামাককৈ আন্ধাৰবোৰ সিহঁতৰ কাষলৈ আগবাঢ়িছে ৷ দুৰত ক'ৰবাত কোনোবা গৰখীয়াই বাঁহী বজাইছে ৷ সেই বাঁহীৰ সুৰ সমুখৰ নৈ খনৰ পানীৰ সোঁতৰ লগত মিহলি হৈ দুৰ দিগন্তলৈ বাগৰি গৈছে ৷ নিৰৱে তাইৰ চুলিত আলফুলে আঙুলি বুলাই কবিতাৰ এটা স্তৱক আওৰাইছে … …

" এন্ধাৰৰ বাট ফালি ভাহি অহা বাঁহীৰ সুৰ
সেই সুৰত সুৰ মিলাই
বাঁহৰ পাতিলো তোৰ কলিজাৰ এৰাসুঁতিত ৷
এতিয়া যে মই নাই মোৰ পৃথিৱীত
মোৰ কলিজাৰ উঁইহাফলুৰ পৰা
তোৰ কলিজাৰ পুখুৰীত জাঁপ দিব খোজোতেই……"

নীৰৱৰ কবিতাটো সম্পুৰ্ণ নহওতেই নৈ খন হঠাৎ উফন্দি উঠিল ৷ নীৰৱ আৰু হিমাশ্ৰীয়ে কিবা তৰকিব পৰাৰ আগতেই নৈৰ প্ৰচণ্ড সোঁতে হিমাশ্ৰীৰ বাহুবন্ধনৰ পৰা নীৰৱক উটোৱাই লৈ গ'ল ৷ তাই প্ৰাণপণে যুঁজিও তাক বচাব নোৱাৰিলে ৷ মাথো নৈৰ পাৰত অসহায় ভাৱে থিয় হৈ চিঞৰিলে নী…ৰ… ৱ…… ৷

কাৰোবাৰ পৰশত তাই চমকি উঠিল ৷ চকু মেলি দেখিলে সমুখত নমিতা বৰঠাকুৰ ৷ মানুহজনীয়ে তাইৰ বাবে নিশাৰ আহাৰ লৈ আহিছে ৷ হিমাশ্ৰীয়ে এখন হাতেৰে চকুৱে মুখে অবিন্যাস্ত ভাৱে পৰি থকা চুলিখিনি আঁতৰাই হাতৰ ঘড়ীটোলৈ চালে ৷ নিশা এঘাৰ বাজিছে ৷ তাৰ মানে ইমান পৰে তাই সপোন দেখিছিল !

"তুমি কিয় আহিলা মা ? " হিমাশ্ৰীয়ে ভাত খোৱা শেষ কৰি হাতখন ধোব লওতেই বিপুলে প্ৰশ্ন কৰিলে ৷

হিমাশ্ৰীয়ে তেওঁক সকলো কথা বিৱৰি ক'ব খুজিও থমকি ৰ'ল ৷ তাৰ পিছত সুধিলে, " ঘৰখনত অইন কোনো নাই নেকি খুড়া ?"


" তোমাৰ লগত কথা পাতিব পৰাকৈ কোনো নাই ৷" - বিপুলে ক'লে ৷

" মানে ?" - হিমাশ্ৰীয়ে সুধিলে ৷

"………… ৷" - বিপুল মনে মনে ৰ'ল ৷


" এই বাৰীত ইমান নিস্তব্ধতা কিয় ? জীৱ জন্তু চৰাই চিৰিকটী সকলো নিস্তব্ধ কিয় ? "

" বৰঠাকুৰ বাৰীৰ দুৰ্ভাগ্য ৷ " - বিপুলে এটা হুমনিয়াহ কাঢ়ি ক'লে ৷

" দুৰ্ভাগ্য ! কেনে ধৰণৰ দুৰ্ভাগ্য ? " - হিমাশ্ৰীয়ে আগ্ৰহেৰে সুধিলে ৷


"তুমি এনেদৰে ইয়ালৈ আহিব নালাগিছিল " - হিমাশ্ৰীৰ কথাৰ কোনো উত্তৰ নিদি বিপুলে পুনৰ ক'লে ৷ " এই বাৰীৰ প্ৰতিটো প্ৰাণীয়ে দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৷ প্ৰতি দুমাহৰ বিৰতিত নতুন তেজৰ প্ৰয়োজন হয় ইয়াৰ প্ৰতিটো বাসিন্দাক ৷ যোৱা ওঠৰটা বছৰত এই ৰোগ প্ৰতিৰোধৰ বহু চেষ্টা চৰকাৰে চলালে ৷ বহু ডাক্তৰ , দেশ বিদেশৰ বহু বিজ্ঞানী আহিল ৷ কোনেও বেমাৰৰ উহঁ উলিয়াব নোৱাৰিলে ৷ নতুন নতুন চিকিৎসাৰে গিনিপিগ সাজি বহুতক পংগু সজালে ৷ অনেকে মৃত্যুক সাৱটি ল'লে ৷ কিন্তু ফল হ'লে একো নধৰিলে ৷ সহায়ৰ বাবে , চিকিৎসাৰ বাবে চৰকাৰ ওচৰত বহুত চিঞৰিলে ৷ ভগবানৰ ওচৰত বহুতো প্ৰাৰ্থনা কৰিলে ৷ ভগবানেও যেন এই মানুহখিনিক চকু মেলি চাবলৈ আহৰি নাপালে ৷ ফলত বৰঠাকুৰ বাৰী হৈ পৰিল এক নিষিদ্ধ এলেকা ৷ এই বাৰীত সোমাবলৈ মানুহে ভয় কৰে ৷ এতিয়া এই বাৰীৰ প্ৰতিটো প্ৰাণীয়ে পৰাজিত ৷ পৰাজিত বাবেই মৌন ৷ মৃত্যু পথৰ পথিকে কি কথা কব ? কথাবতৰা পাৰ্থিব ৷ মৌনতা আধ্যাত্মিক ৷ আজিৰ এই যান্ত্ৰিক যুগত আমি কথাবতৰাৰ জৰিয়তে যি বিচাৰো তাকেই পাব পাৰো ৷ অন্তত পাবলৈ যুঁজিব পাৰো ৷ কিন্তু পৰম ব্ৰহ্মক আমি কেৱল এটা মাধ্যমেৰেহে পাব পাৰো আৰু সেয়া হৈছে মৌনতা ৷ ভাৰতৰ মহান মনিষী সকলেও ঈশ্বৰক পাবলৈ মৌনতাকে একমাত্ৰ সমল হিচাপে ব্যৱহাৰ কৰিছিল ৷ ঈশ্বৰক পাবলৈ মৌনতাই একমাত্ৰ সমল হিচাপে তেওঁলোকে মনে প্ৰাণে বিশ্বাস কৰিছিল ৷ সেইবাবেই হয়তু মহাত্মা গান্ধীয়ে কৈছিল, " silence is a great help to the seeker after truth '" আৰু সেই সত্যই পৰমব্ৰহ্ম ৷ ঠাকুৰবাৰীৰ প্ৰতিটো প্ৰাণী এতিয়া সেই সত্যৰ সন্ধানত নিমগ্ন ৷ "

"আপুনি ঈশ্বৰক বিশ্বাস কৰে ? " - হিমাশ্ৰীয়ে সুধিলে ৷

" নিশ্চয় কৰো ৷ ঈশ্বৰ , আল্লাহ , যীশু যিয়েই নোকোৱা লাগিলে কোনোবা এজনটো আছে যিয়ে সকলোকে যোগাত্মক ভাৱে পৰিচালনা কৰে ৷ " -বিপুলে ক'লে ৷

" ঈশ্বৰ, আল্লাহ, যীশুৰ এই যোগাত্মক শক্তিৰ বিৰুদ্ধে তেন্তে আন এক বিয়োগাত্মক শক্তিও থাকিব লাগিব ৷ নহয়নে খুড়া ?" -হিমাশ্ৰীয়ে প্ৰশ্ন কৰিলে ৷

" বিয়োগাত্মক শক্তি !! ভুত , প্ৰেত , পিশাচ ৷ যি অহৰহ আমাৰ সমান্তৰালকৈ আমাৰ চৌপাশে ঘুৰি ফুৰে ৷ আমাৰ একোটা সামান্য ভুলৰ সুযোগত আমাৰ জীৱন বোৰ অভিশপ্ত কৰি তোলে ৷ জীৱন দুৰ্বিসহ হৈ পৰে ৷ আচলতে কি জানা , সেইবোৰৰ নাম আমি মুখলৈ আনিবই নালাগে আৰু আমাৰ চৌপাশৰ পৰিবেশৰ প্ৰতি আমি অত্যন্ত সজাগ হ'ব লাগে ৷ অসাৱধনাত সংঘটিত কৰা এটা ভুলৰ বাবে সিহঁত হৈ পৰিব পাৰে এক অবিচ্ছেদ্য অংগ ৷ যি ভুল শুধৰোৱাতো অসম্ভৱ হৈ পৰে ৷ আমি সজাগ হ'ব লাগে ৷ সিহঁতক সুযোগ দিব নালাগে ৷ " - হঠাৎ যেন বিপুল বৰঠাকুৰ অপ্ৰকৃতিস্হ হৈ পৰিল ৷ তেওঁ নিজৰ মাজতে ভোৰভোৰাই পুনৰ ভিতৰলৈ সোমায় গ'ল ৷

বাহিৰত এতিয়াও বিজুলী গাজনিৰে বৰষুণ পৰিছে ৷ ওচৰতে ক'ৰবাত বিজুলী পৰিল চাগে ৷ হঠাৎ এটা প্ৰকাণ্ড শব্দ হ'ল ৷ লগে লগে বিজুলী সংযোগ বিচ্চিন্ন হ'ল ৷ ঘিটমিটিয়া অন্ধকাৰে
ৰুমটো আৱৰি পেলালে ৷ খোলা দুৱাৰখনৰ পৰ্দা থেলি ভিজা ভিজা বতাহ এজাক সোমায় আহিল ৷ বতাহ জাকৰ স্পৰ্শত হিমাশ্ৰীৰ দেহ মন সতেজ হৈ পৰিল ৷ সেই সুখ মাথো কেইমুহুৰ্তমানহে বৰ্তি থাকিল ৷ পিছ মুহুৰ্ততে বিজুলীৰ পোহৰত হিমাশ্ৰীয়ে খোলা দুৱাৰখনৰ সমুখতে ঠিক ঝুলনা খনৰ ওচৰত থিয় হৈ বৰষুণত তিতি বুৰি কোনোবাই ভিতৰলৈ চাই থকা দেখা পালে ৷ তাই ভালকৈ লক্ষ্য কৰিলে ৷ হয় হয় … বিজুলীৰ পোহৰত তাই ভালকৈ দেখা পাইছে লন খনত ঠিয় হৈ তাইলৈকে চাই থকা মানুহজনক ৷ কোন বাৰু ? হঠাৎ যেন ৰুমটোৰ উষ্ঞতা বাঢ়ি গ'ল ৷ হিমাশ্ৰীয়ে আন্ধাৰতে অনুমান কৰিছে তাই যেন কোঠাটোত অকলশৰীয়া নহয় ৷ বহুবোৰ মানুহ যেন থেলা হেচাকৈ ৰুমটোত ইপনে সিপিনে ঘুৰি ফুৰিছে ৷ হিমাশ্ৰীৰ শৰীৰৰ উত্তেজনা বাঢ়ি গৈছে ৷ হঠাৎ তাই অনুমান কৰিলে তাইৰ পিছফালে যেন কোনোবা থিয় হৈ আছে ৷ তাই সাউতকৈ ঘুৰি চালে যদিও অন্ধকাৰৰ বাবে একো নেদেখিলে ৷ কিন্তু তাই অনুমান কৰিলে কোনোবা এজন যেন তাইৰ পৰা অলপ আঁতৰি গৈছে ৷ হিমাশ্ৰীয়ে অনুভৱ কৰিছে তাইৰ আগে পিছে অসংখ্য জীৱৰ উপস্হিতি ৷ সিহঁতে যেন আন্ধাৰতে চাৰিওঁপিনৰ পৰা আৱৰি তাইক নিচেই ওচৰৰ পৰা জুমি জুমি চাইছে ৷ হিমাশ্ৰীয়ে সন্মুখলৈ খেপিয়াই চালে ৷ ভিজা ভিজা বহুবোৰ বস্তু একেলগে তাইৰ হাতত লাগিল ৷ ভয়তে তাই প্ৰাণ পণে চিঞৰিব ধৰিলে ৷

হিমাশ্ৰীৰ চিঞৰ শুনি বিপুল আৰু নমিতা হাতত ম'ম এডাল লৈ দৌৰি আহিল ৷ তাই এইমাত্ৰ হৈ যোৱা সকলো কথাই তেওঁলোকক বিৱৰি ক'লে ৷
হিমাশ্ৰীৰ পৰা সকলো কথা শুনি বিপুল আৰু নমিতাই কিছু সময় তাইলৈ ৰ লাগি চাই থাকিল ৷ তাৰ পিছত হঠাৎ যেন নমিতা বৰঠাকুৰ ভাঙি পৰিল ৷ তেওঁ হুকহুকাই কান্দি ভিতৰলৈ লৰ মাৰিলে ৷ কিছুসময় হিমাশ্ৰীৰ মুখলৈ চোৱাৰ পিছত হঠাৎ বিপুলৰ মুখখন কঠোৰ হৈ পৰিল ৷ তেওঁ কঠোৰ ভাৱে ক'লে , " তুমি এইমুহুৰ্ততে এই ঘৰ, এই ঠাই এৰি গুছি যোৱা ৷" বাহিৰত তেতিয়াও ধাৰাষাৰে বৰষুণ পৰিছে ৷ হিমাশ্ৰীয়ে এবাৰ বাহিৰলৈ চালে ,আৰু এবাৰ বিপুল বৰঠাকুৰৰ মুখলৈ চালে ৷ তেখেতৰ এনে অপ্ৰত্যাশিত আদেশত তাই হতভম্ব হ'ল ৷ তথাপি শেষবাৰৰ বাবে তাই বিপুল বৰঠাকুৰক কথাবোৰ বুজাবৰ চেষ্টা কৰিলে ৷ বিপুলক সকলো কাগজ পত্ৰ দেখুৱাই তাই বুজাবৰ চেষ্টা কৰিলে কিদৰে তাইৰ চহৰখনত তেওঁৰ পুত্ৰ নীৰৱ বৰঠাকুৰে ইটোৰ পিছত সিটো হত্যা কৰি আছে ৷তাই নীৰৱক বাধা দিবলৈ তেওঁৰ পৰা সহায় ভিক্ষা কৰিলে ৷ এইবাৰ যেন বিপুলৰ ধৈৰ্যৰ বান্ধ চিঙিল ৷ তেওঁ হিমাশ্ৰীৰ হাতত ধৰি চোঁচোৰাই নিয়াদি অইন এটা কোঠালিলৈ টানি লৈ গ'ল ৷

সৰু কোঠালিটোৰ প্ৰায় অংশ কিতাপেৰে ভৰি আছে ৷ সন্মুখৰ টেবুলখনত বিভিন্ন লিখনিৰে বহুবোৰ কাগজ চেদেলি ভেদেলি হৈ পৰি আছে ৷ টেবুল খনৰ ওচৰতে বিছনা খনত কোনোবা এজন শুই আছে ৷ চেলাইনৰ জৰিয়তে তেওঁক তেজ যোগান ধৰি থকা হৈছে ৷ তেনেই দুৰ্বল আৰু ক্ষীণকাই ল'ৰাজনক বিপুল বৰঠাকুৰে মাত লগালে , " নীৰৱ …৷ " (আগলৈ … )

( বিঃদ্ৰঃ - তলৰ 👇🏻 হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক)

ghost story assamese




মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি,Assamese horror story, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, Haunted Assamese place, Assamese paranormal incident ঘটনা তথা Assamese ghost stories গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]

 (বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)

⬇️⬇️Share button ⬇️⬇️

Post a Comment

0 Comments