ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 7 মিষ্ট্ৰিয়াচ নাইট 10

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 7

সপ্তাহে নিৰৱ বৰঠাকুৰৰ ওপৰত পুলিচে এফ আই আৰ নিলিখিলে ৷ আনকি হিমাশ্ৰীৰ সাক্ষ্যৰ ভিত্তিক তাক প্ৰাথমিক জেৰাও কৰা নহ'ল ৷ পোন্ধৰতা দিনে নিউজ চেনেলবোৰে মাথোঁ বিভিন্ন আৱহ সংগীত লগায় ভিন্ন ভিন্ন সুৰৰ সমাহাৰেৰে বাতৰি পৰিবেশন কৰি টি. আৰ. পি . ৰ খেল খেলিছে ৷ ছাত্ৰনেতা , সমাজনেতা, ৰাজনেতা সকলোৱে নিজ নিজ মন্তব্য প্ৰকাশ কৰি এই ঘটনাৰ বিৰোধিতা কৰিছে ৷ জাতীয় নেতাবোৰে হাত মুৰ জোকাৰি , ডিঙিৰ শিৰ ফুলায় , চিঞৰি , সঘনাই ধিক্কাৰ আৰু গৰিহণা দিছে ৷ তেওঁলোকৰ কিছুমানে বক্তব্যত ভবিষ্যতে এনে ঘটনা সংঘটিত নকৰিবলৈ সকিয়াই দিছে ৷ আচৰিত ধৰণে একো একোজন মানুহৰ একো একোটা সংগঠন ৷ ' একলা চলো' নীতিক সৰোগত কৰি তেওঁলোকেও প্ৰেছ ক্লাৱত বহি মন্তব্য দিছে ৷ পকামুৰীয়া, গাল সোতোৰা পৰা ছাত্ৰ নেতাৰ পৰা আৰম্ভ কৰি সো পন্হী, বাওপন্হী , মধ্যপন্হী, উভয়পন্হী কোনো যেন পিছপৰি থাকিব বিছৰা নাই ৷ তাৰ মাজে মাজে আকৌ কিছুমান নাৰীবাদী সংগঠনৰ নেত্ৰীয়ে সাজন কাচন কৰি, মুখত প্ৰসাধন ঘহি , ডিজাইনাৰ কাপোৰ পিন্ধি হাতত ম'ম জ্বলাই সমদলৰ নেতৃত্ব কৰি ঘনে ঘনে 'এফ বি'ত চেলফি আপলোড কৰিছে এটি সুন্দৰ টেগ লাইন সহ ' জাষ্টিচ ফৰ অঞ্জলী ' ৷ ধৰ্ষণ নহয় যেন কোনো উৎসৱহে চলিছে ৷ এই উৎসৱত যোগদানৰ পৰা কোনেও যেন আঁতৰি থাকিব বিচৰা নাই ৷ প্ৰত্যেকেই ভিন্ন ভিন্ন চলাহী কথাৰে নিজৰ জনপ্ৰিয়তা বঢ়োৱাৰ প্ৰয়াস চলাইছে ৷ মুঠৰ ওপৰত এইকেইদিন টিভিৰ পৰ্দাত ধিক্কাৰ , গৰিহণা , সমবেদনা, সকিয়নি দিয়াৰ জোৱাৰ উঠিছে ৷ সকলোৱে মাথো দিছে হে দিছে ৷ সিহঁতৰ বহুতে আকৌ কাক দিছে, কিয় দিছে তাকো নাজানে ৷ ধৰ্ষণৰ গৰিহণা দিব লাগে, গতিকে দিছে ৷ টি ভি পৰ্দাৰ এই গৰিহণা আৰু ৰাজপথৰ মম সমদলবোৰে ধৰ্ষণকাৰীৰ মনত কি প্ৰভাৱ পেলায় হিমাশ্ৰীয়ে বুজি নাপায় ৷ কিন্তু ম'ম সমদল আৰু টি ভিৰ ধৰ্ষণ বিৰোধী আলোচনাবোৰত নিৰৱ বৰঠাকুৰৰ উদ্যাক্ত ভাষণ শুনি তাই বুজিব পাৰিছে যে নিৰৱ হঁতৰ দৰে দৈত চৰিত্ৰৰ মানুহবোৰৰ মনত এইবোৰৰ কোনো প্ৰভাৱ নপৰে ৷ প্ৰভাৱ নপৰে কোনো নেতা , পালিনেতা অথবা তথাকথিত নাৰীবাদীৰ জীৱনত ৷ মাথো প্ৰভাৱ পৰে ধৰ্ষিতাৰ পৰিয়ালটোৰ ওপৰত ৷ সমস্ত পৰিযালটোৰ ওপৰত কাল অমানিশা নামি আহে ৷

নিৰৱৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সহায় বিচাৰি এইকেইটা দিনত মন্ত্ৰী, বিধায়ক, বুদ্ধিজিৱী, জাতীয় নেতা, ছাত্ৰনেতা, নাৰীবাদী সংগঠনৰ নেত্ৰী কাক লগ ধৰা নাই হিমাশ্ৰী আৰু পল্লৱীয়ে ! সকলোৱে প্ৰথমে সহায়ৰ আশ্বাস দিয়ে যদিও নীৰৱ বৰঠাকুৰৰ নাম শুনা মাত্ৰকে মুৰ টুলুকা মাৰে ৷ নিৰৱৰ দৰে মুধা ফুটা লিখকৰ বিৰোদ্ধে যুঁজি সমাজত নিজৰ ভাৱ মুৰ্তি কোনেও ম্লান কৰিব নিবিচাৰে ৷ অসমত বিখ্যাত লোক এজনৰ বিৰুদ্ধে কিবা ক'ব যোৱা মানে জাতিদ্ৰোহী, দেশদ্ৰোহীৰ বদনাম নিজৰ গাত জাপি লোৱা ৷ গতিকে এজনী অচিনাকী ছোৱালীৰ বাবে কোনেও নিজৰ ভবিষ্যতক লৈ ৰিস্ক ল'ব নিবিচাৰে ৷ টি ভি ৰ পৰ্দাত বৰ বৰ কথা কোৱা মানুহবোৰৰ প্ৰকৃত চৰিত্ৰ দেখি এই মানসিক বেমাৰী সকললৈ ঘিণ উপজিছে হিমাশ্ৰীৰ ৷ ন্যায় ব্যৱস্হা যেন আজি এক বিশেষ শ্ৰেণীৰ পেণ্টৰ জেপত ৷ সেই বাবেই নিৰৱৰ দৰে মানুহবোৰে কাকো খাতিৰ নকৰে ৷ আজিৰ সমাজ ব্যৱস্হা কোন দিশত ? নিৰৱ হঁতৰ দৰে এই তথাকথিত শিল্পীবোৰ ড· ভুপেন হাজৰিকা বা জ্যোতি প্ৰসাদ আগৰৱালা হতকৈ উচ্চ মানদণ্ডৰ নে ? এয়া শিল্পৰ গৰ্ব নে ধনৰ ? ধনীক শ্ৰেণীৰ বিৰোদ্ধে এই সমাজৰ পৰা কোনো সহায় আশা কৰাটো বৰ্তমান সময়ত যে এক অবান্তৰ কথা হিমাশ্ৰীয়ে বুজি উঠিছে ৷ উপায়ন্তৰ হৈ হিমাক্ষী পুনৰ পুলিচ থানা পালে ৷ এইবাৰ থানাখনত তাই এক অস্বাভাৱিক পৰিবেশৰ সন্মুখীন হ'ল ৷ থানাখনৰ মানুহবোৰে তাইক দেখি নেদেখাৰ ভাও জুৰে ৷ পিছ দিলেই ফিচিঙা ফিচিঙি কৈ হাঁহে ৷ কোনেও তাইক একো সোধাৰ সুযোগ দিয়া নাই ৷ তাই কিবা সুধিব পোৱাৰ আগতেই সমুখৰ ব্যক্তিজন কিবা অজুহাতত আঁতৰি যায় ৷ বহুপৰ এনেদৰে থাকি এটা মুহুৰ্তত তাইৰ ধৈৰ্যৰ বান্ধ ছিঙিল ৷ তাই কাকো একো নোকোৱাকৈ পোনছাটেই অ' ছি জনৰ কোঠালৈ সোমায় গৈ পোনচাটেই ক'লে , " ছাৰ মই অঞ্জলী ৰেপ এণ্ড মাৰ্ডাৰ কেচত মি· নিৰৱ বৰঠাকুৰৰ বিৰুদ্ধে এফ আই আৰ দিব বিচাৰো ৷ আপুনি তাক গ্ৰেপ্তাৰ কৰক ৷ "
: " তোমাৰ কথা মতেই নীৰৱ বৰঠাকুৰৰ নিচিনা ভদ্ৰ মানুহ এজনক আমি গ্ৰেপ্তাৰ কৰিব নোৱাৰো নহয় ৷ কি প্ৰমাণ আছে তোমাৰ হাতত তেখেতৰ বিৰুদ্ধে ? কিবা সঠিক প্ৰমাণ আছে যদি দিয়া ৷ নহ'লে আমাৰ বহুমুলীয়া সময় অপব্যয় কৰিবলৈ নাহিবা ৷ - পুলিচজনে কঠোৰ ভাৱে ক'লে ৷
: "প্ৰমাণ আছে ছাৰ ৷ এয়া চাওক নীৰৱে লিখা গল্প এইবোৰ ৷ " হাতত থকা পেপাৰ কাটিংবোৰ অ' ছি জনলৈ আগবঢ়াই তাই পুনৰ কৈ গ'ল " এয়া চাওক প্ৰতিটো গল্পৰ নায়িকা আৰু নিৰুদ্দেশ ছোৱালীবোৰৰ নাম একেই ৷ গল্পবোৰ লিখা তাৰিখ আৰু নিৰুদ্দেশ হোৱা দিনবোৰৰ মাজতো মিল আছে ৷ আপুনি প্লীজ সেই চয়তানটোক গ্ৰেপ্তাৰ কৰক ৷" - কথাখিনি কওতে হিমাশ্ৰী কিছু উত্তেজিত হৈ পৰিল ৷
অ ' ছি জনে কিছুপৰ একেথৰে হিমাশ্ৰীলৈ চায় থাকিল ৷ তাৰ পিছত হঠাৎ সনুখৰ মেজ খনত খুণ্ডা মাৰি ঠিয় হৈ গৰজি উঠিল , " চাওক মেডাম , পুলিচে মনে সজা কাহিনীত কাম নকৰে ৷ তোমাৰ আবোল তাবোল কাহিনী শুনিবলৈ চৰকাৰে আমাক পুহি ৰখা নাই ৷ তোমাৰ এইবোৰ কথাৰ ভিত্তিত নীৰৱ বৰঠাকুৰৰ দৰে ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ গৈ মই সম্পুৰ্ণ পুলিচ বিভাগৰ নাক কটাব নোৱাৰো ৷ আচলতে দুবাৰকৈ পুলিচক ভ্ৰমিত কৰাৰ অপৰাধত তোমাকহে গ্ৰেপ্তাৰ কৰিব লাগে ৷" তাৰ পিছত অ' ছি জন কিছু সময় মৌন হৈ ৰ'ল ৷ অ' ছি গৰাকীৰ ধমক খায় হিমাশ্ৰীৰ দুচকু পানীৰে উপচি উঠিল ৷ কিছুপৰ মৌনতাৰ পিছত অ' ছি গৰাকীয়ে পুনৰ তাইলৈ চালে ৷ এইবাৰ তেওঁ কিছু নম্ৰ ভাৱে ক'লে , " তুমি সৰু ছোৱালী ৷ এইবোৰ অনাহক কথাত লাগি থাকিব নাপায় নহয় ৷ তোমাৰ কাম পঢ়া শুনা কৰা ৷ তাত গুৰুত্ব দিয়া ৷ আইন শৃংখলা চাবৰ বাবে আমি আছো নহয় ৷ সৰু ছোৱালী বাবে এইবাৰলৈ এৰি দিছো ৷ দুনাই যদি এইবোৰ কথা লৈ থানালৈ আহা পোনে পোনে লক আপত সোমোৱাই থম ৷ এতিয়া ঘৰলৈ যোৱাগৈ যোৱা ৷ "
এটা হতাশা গ্ৰস্ত মন লৈ হিমাশ্ৰী থানাৰ পৰা ওলায় আহিল ৷ তাই ভালকৈ বুজিলে যে নীৰৱৰ বিৰুদ্ধে তাইৰ এই যুঁজত তাইক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহে ৷ এই যুঁজ তাইৰ ৷ তাই অকলেই যুঁজিব লাগিব ৷ স্কুটীখন ষ্টাৰ্ট দিব খুজিও হিমাশ্ৰী ৰৈ গ'ল ৷ ক্ষন্তেক কিবা ভাবিলে ৷ তাৰ পিছত জেপৰ পৰা মোবাইল ফোনটো উলিয়াই কাৰোবালৈ ফ'ন লগালে ৷ সিমোৰৰ পৰা এটা কঁপা কঁপা মাত এটা ভাহি আহিল ৷
সন্ধিয়া সাত বাজিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰে ইখনৰ পিছত সিখন গাড়ী পাৰ হৈ গৈছে ৷ তাৰ মাজে মাজে তীব্ৰ বেগে স্কুটী চলায় হিমাশ্ৰী আগবাঢ়িছে ৷ লক্ষ্য , এশ কিলোমিটাৰ দুৰৰ নীৰৱ বৰঠাকুৰৰ পৈত্ৰিক চহৰ ৷ দুই এটোপ বৰষুণ পৰিছে যদিও তাই ভ্ৰুক্ষেপ নকৰি আগবাঢ়িছে ৷ আঁহতগুৰি উৰণীয়া সেঁতুত উঠাৰ লগে লগে ধাৰাসাৰে বৰষুণ পৰিবলৈ ধৰিলে ৷ বৰষুণৰ প্ৰকোপত তাই বাট পথ একো মনিব নোৱাৰা হ'ল ৷ কোনোমতে উৰণীয়া সেঁতুখন পাৰ হৈ পথৰ দাঁতিতে থকা দোকান এখনত আশ্ৰয় ল'লে ৷ দোকান খনৰ ভিতৰত এগৰাকী মহিলা বহি আছিল ৷ হিমাশ্ৰীক দেখি তেখেতে মৃদু হাঁহি মাৰি সম্ভাষণ জনালে ৷ হিমাশ্ৰীয়ে ভালকৈ চালে দোকানখনলৈ ৷ এটা আয়না খটোৱা সৰু আলমাৰি ৷ ভিতৰখন প্ৰায় খালী ৷ আলমাৰীৰ ওপৰত শাৰী শাৰীকৈ থোৱা কাঁচৰ বয়াম কেইটামান বিস্কুট, চকলেট, সস্তীয়া কেক আদি সজোৱা আছে ৷ আলমাৰীটোৰ কাষতে এখন কাঠৰ সৰু মেজ ৷ মেজ খনৰ ওপৰত প্লেটত তামোল পান সজোৱা আছে ৷ তাৰ কাষতে চিগাৰেট, চাধা জাতীয় সামগ্ৰীবোৰ ৰাখি থৈছে ৷ মেজ খনৰ কাষতে এখন সৰু চাং ৷ তাত কাৰ্টন কিছুমান দমাই থোৱা আছে ৷ সুউব সম্ভৱ নিশা দোকান বন্ধ কৰাৰ সময়ত সকলোবোৰ সামগ্ৰী এই কাৰ্টনবোৰতে ভৰায় থৈ যায় ৷ চাং খনৰ এটা মুৰত বহি মহিলাগৰাকীয়ে একান্তমনে তামুলৰ বাকলি এৰুৱাইছে ৷ বৰষুণৰ প্ৰকোপ ক্ৰমে বাঢ়ি আহিছে ৷ হিমাশ্ৰী থিয় হৈ থকা টিনৰ চালি খন উৰুখি তাইৰ গাত পানী পৰিছে ৷ তাই অলপ আঁতৰি ঠিয় হ'ল ৷ ' আপুনি ক'ত যাব ?' বাৰাণ্ডা খনৰ সিটো মুৰৰ পৰা কোনোবা এজনীয়ে মাত লগালে ৷ ইমান সময়ে হিমাশ্ৰীয়ে মানুহজনীক লক্ষ্যই কৰা নাছিল ৷ এই আপদীয়া বতৰত কথা পাতিবলৈ কাৰোবাক পায় তাইৰ ভাল লাগিল ৷হিমাশ্ৰীয়ে তাইৰ গন্তব্য স্হানৰ বিষয়ে নকৈ উত্তৰত বৰষুণ জাকৰ কথাহে ক'লে ৷ দুয়ো কথা পতাত লাগিল ৷ প্ৰায় এঘণ্টা মানৰ মুৰত বৰষুণ এৰিলে ৷ এইবাৰ দোকানী গৰাকীয়ে হাঁহি হাঁহি হিমাশ্ৰীক তাই কলৈ যাব সুধিলে ৷ হিমাশ্ৰীয়ে ঠাকুৰবাৰীলৈ যাব বুলি ক'লে ৷ লগে লগে দোকানী গৰাকীৰ মুখৰ ৰং সলনি হৈ গ'ল ৷ তাই খৰখেদাকৈ দোকান বন্ধ কৰি যাবলৈ ওলাল ৷ হিমাশ্ৰীয়ে স্কুটী ষ্টাৰ্ট দিলে ৷ " ময়ো অলপ আগৰ চ'ক টোলৈ আপোনাৰ লগতে যাব পাৰিম নে ? " হিমাশ্ৰীৰ লগত বাৰাণ্ডা খনত ঠিয় হৈ থকা মাইকী গৰাকীয়ে মাত লগালে ৷ হিমাশ্ৰীয়ে মুৰ দুপিয়াই সন্মতি জনালে ৷ হিমাশ্ৰীৰ সন্মতি পায় তাই স্কুটীখনৰ পিছৰ ছিটত উঠি বহিল ৷ কিছুমান মানুহে বাইকত বহিব নাজানে ৷ ফলত চলিত অৱস্হাত বাইকখন এফলিয়াকৈ টানে ৷ হিমাশ্ৰীৰ স্কুটীখনো হঠাৎ তেনেদৰে টানিব ধৰিলে ৷ বিশেষকৈ কাষেৰে যেতিয়া কোনো গাড়ী পাৰ হৈ যায় তাইৰ স্কুটীখন সজোৰে সেইপিনে টানে ৷ বহু কষ্টেৰে তাই স্কুটীখন নিয়ন্ত্ৰণ কৰি থাকিল ৷ লগতে এই আপদীয়া মানুহগৰাকীক মনৰ ভিতৰতে পাৰে মানে গালি বকি গ'ল ৷
কিছুদুৰ যোৱাৰ পিছতে বৰষুণজাক ধাৰাসাৰে পৰিব ধৰিলে ৷ কিন্তু ৰ'বলৈ কোনো ঠাই নাপায় দুয়ো জুৰুলি জুপুৰি হৈ স্কুটী চলায় গৈ থাকিল ৷ হিমাশ্ৰীয়ে লক্ষ কৰিছে যে কাষেৰে পাৰ হৈ যোৱা প্ৰতিখন গাড়ীয়ে সিহঁতৰ অৱস্হা দেখি চিঞৰি সিহঁতক জোকায় গৈছে ৷ হঠাৎ হিমাশ্ৰীৰ হাতত বিজলুৱা কিবা এটা লাগিল ৷ ঠিক সেই সময়তে কাষেৰে পাৰ হৈ যোৱা বাছ এখনৰ পৰা তাইক উদ্দেশ্যি বহুবোৰ মানুহে চিঞৰি কোৱা শুনিলে ' পিছলৈ চোৱা ৷' হয় তেনেকৈয়ে কৈছে মানুহবোৰে ৷ " পিছলৈ ছোৱা " ৷ কিন্তু কি চাবলৈ কৈছে ? তাই ৰিয়েৰ ভিউ গ্লাছ খনত চালে ৷ কিন্তু আন্ধাৰৰ বাবে একো চকুত নপৰিল ৷ কিন্তু তাই অনুভৱ কৰিলে তাইৰ পিছৰ ছিটৰ মানুহগৰাকী যেন নাই ৷ তাইৰ বুকুখন চিৰিংকৈ মাৰিলে ৷ তাই স্কুটীখন ৰখাব খুজিলে কিন্তু সেই বিজলুৱা হাতখনে তাইক বজ্ৰ মুঠিৰে খামুচি স্কুটীখন ৰখোৱাত বাধা দিলে ৷ এইবাৰ হিমাশ্ৰীয়ে ভালকৈয়ে বুজিলে ইমান পৰে তাইৰ কাষেৰে পাৰ হৈ যোৱা গাড়ীৰ মানুহবোৰে কিয় চিঞৰি গৈছিল ৷ তাইৰ স্কুটীখন কাষেৰে গাড়ী পাৰ হৈ গ'লে কিয় সেইপিনে টানি নিয়ে ৷ তাই বুজিলে এনেদৰে আগবাঢ়িলে বিপদ নিশ্চিত ৷ গতিকে তাই দুয়োখন হাত হেণ্ডেলৰ পৰা এৰি দিলে ৷ লগে লগে বিকট শব্দ কৰি স্কুটীখন পথৰ ওপৰতে বাগৰি পৰিল ৷হিমাশ্ৰী পথতে বাগৰি পৰিল যদিও সম্পুৰ্ণ সজাগ হৈ থকাৰ বাবে বিশেষ একো আঘাত নাপালে ৷ তাই লক্ষ্য কৰিলে তাইৰ কাষৰ পৰা কিবা এটা ভীষণ বেগে আঁতৰি গৈ পিছফালৰ পৰা আহি থকা ট্ৰাক এখনত প্ৰচণ্ড খুণ্ডা মাৰিলে ৷ প্ৰকাণ্ড ট্ৰাকখন পুতলা গাড়ীৰ নিচিনাকৈ ক্ষন্তেকতে পথৰ ওপৰতে বাগৰি পৰিল ৷ বেচেৰা ড্ৰাইভাৰ জনে চাগে একো তৰকীবই নোৱাৰিলে ৷
নিশা দহমান বজাত হিমাশ্ৰী গৈ ঠাকুৰবাৰী ত সোমাল ৷ সৰু চহৰ খনৰ এই অঞ্চলটো অইন অঞ্চলবোৰতকৈ হিমাশ্ৰীৰ অলপ আচহুৱা যেন লাগিল ৷ ঠাইখন তেনেই নিমাওমাও ৷ বৰঠাকুৰবাৰীলৈ যোৱা পথটোৰ আৰম্ভণিতে এটা ক'লা কাঁচৰ বিশাল গেট ৷ তাত ৰঙা হৰফেৰে লিখা আছে "ঠাকুৰ বাৰীলৈ আপোনাক স্বাগতম " ৷ তেজ ৰঙৰ আখৰবোৰ সঁচা তেজেৰে লিখা নে ৰং তুলিকাৰে লিখা ধৰিবই নোৱাৰি ৷ ধীৰ গতিৰে হিমাশ্ৰী নীৰৱৰ ঘৰলৈ বুলি আগবাঢ়ি থাকিল ৷ বাটত লগ পোৱা মানুহ , কুকুৰ , মেকুৰী আটাইবোৰৰে অৱস্হা তথৈবচ ৷ যেন বহুদিন খাবলৈ নাপায় শুকাই ক্ষীনাই গৈছে সকলোবোৰ ৷ শেতা পৰা চেহেৰা সকলোৰে ৷ সিহঁতৰ গাত তেজ বুলিবলৈ যেন একোৱেই নাই ৷ সকলোবোৰে যেন ভীষণ ৰক্তহীনতাত ভুগিছে ৷ কিন্তু তাইক আচৰিত কৰি গোটেই পথচোৱাত কেচাঁ তেজৰ ভেকেটা ভেকেট গোন্ধ ৷ কোটৰত সোমায় যোৱা চকুবোৰেৰে সকলোৱে তাইলৈ ৰ লাগি চাইছে ৷ যেন তাই কোনো পৰগ্ৰহীহে ৷ মানুহবোৰৰ মুখবোৰ চালে কোন ডেকা কোন বুঢ়া ধৰিবই নোৱাৰি ৷ সকলোৰে একেই অৱস্হা ৷

(আগলৈ …)

( বিঃদ্ৰঃ - তলৰ 👇🏻 হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক)



ghost story assamese




মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি,Assamese horror story, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, Haunted Assamese place, Assamese paranormal incident ঘটনা তথা Assamese ghost stories গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]

 (বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)

⬇️⬇️Share button ⬇️⬇️
(তলৰ কমেন্ট বক্সত আপোনাৰ কমেন্ট লিখক লগতে লিখাটো ফেচবুকতো শ্বেয়াৰ কৰক❤️❤️) 

Post a Comment

1 Comments

  1. Pisor khini ketiale dibo? ?pohi khub interesting lagise

    ReplyDelete