ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব (13- অন্তিম খণ্ড )

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব ( অন্তিম খণ্ড )

- হেমন্ত দাস
য়াল নিশাৰ নিস্তব্ধতা৷ নিশাৰ এই নিমাওমাও নিস্তব্ধতা ভাঙিবলৈ ঠাকুৰবাৰীৰ ঝিলিবোৰৰ শৰীৰতো যেন শক্তি নাই৷ মাথোঁঁ পশ্চিমৰ পৰা সো সোৱাই বৈ থকা বতাহ এজাকে সিহঁতৰ কাণত কোবাইছে৷ মাজে মাজে জ্বলন্ত চিঁতাৰ পৰা সৰুকৈ হিলৈ ফুটাৰ শব্দ ভাহি আহিছে৷ বিপুল বৰঠাকুৰৰ দপ、দপাই জ্বলি থকা চিঁতাৰ পৰা কিছু আঁতৰত, য’ত নিশাৰ ক’লা আন্ধাৰ আৰু বিপুলৰ চিতা জুঁইৰ পোহৰ মিলিত হৈছে ঠিক সেই বিন্দুতে মাটিত লেপেটা কাঢ়ি বহি আছে দুয়ো৷ নীৰৱ আৰু হিমাশ্ৰী৷ দেউতাকৰ দপ、দপাই জ্বলি থকা থকা চিতাঁখনলৈ অ’তপৰে নীৰৱে চাই থকা নীৰৱে এক মুহূৰ্তত নীৰৱতা ভাঙিলে৷ সি আন্ধাৰৰ মাজেৰেই এবাৰ হিমাশ্ৰীৰ মুখলৈ চালে, তাৰ পিছত ক’বলৈ ধৰিলে, “ যদিও নৰকত অসংখ্য পাপী আছে, তথাপি এনেকুৱা দৰ্পিত আৰু উদ্ধত পাপাত্মা কতো কেতিয়াও চাগে জন্ম লোৱা নাই৷ মোৰ এই ৰক্তক্ষয়ী পাপকৰ্মৰ সৈতে জড়িত হৈছে ধৰ্ষণৰ দৰে ঘৃণীত অপৰাধ৷ মোৰ মাজেৰেই পাৰ হৈ গৈছে সেই বীভৎস প্ৰেতপুৰীৰ পথ৷ মোৰ মাজেৰেই গৈছে দৈনন্দিন দুখভোগৰ পথ৷ কেনেকৈ জীয়াই আছো মই! কি এক আচৰিত জীৱনধাৰা৷ এই জীৱন শত অন্ধ আৰু হীনতাপুৰ্ণ হলেও ইয়াৰ কোনো মৃত্যু নাই৷ সেইবাৱে যশ - অপযশৰ প্ৰতি কোনো তৃষ্ঞা নাই৷ দয়া আৰু নিষ্ঠুৰতা, সৃষ্টি আৰু ধ্বংসৰ মাজত কোনো পাৰ্থক্যই নাই এই জীৱনৰ বাবে৷ দুয়োটাই ঘৃণ্য মোৰ বাৱে৷ গতিকে প্ৰয়োজনত মোলৈ অলপো পুতৌ নেদেখুওৱাবা, নিঃশেষ কৰি পেলাবা এই পাপী দেহ৷ কাৰণ মোৰ উপস্থিতিয়ে সদায়ে ম্লান কৰি ৰাখিব প্ৰেম ভালপোৱা আৰু সম্পৰ্কৰ আপুৰুগীয়া জ্যোতি৷ নৰকীয় কীটবোৰে অধিক উৎসাহিত হৈ সগৰ্বে পৃথিৱীত আধিপত্য কৰি থাকিব৷ তুমি জ্ঞানী ছোৱালী৷ ভালকৈ চোৱা, ক’লৈ আহিছা তুমি, ভাবি চোৱা ইয়াত কাৰ ওপৰত বিশ্বাস কৰিছা তুমি? পথ মুকলি দেখি বিভ্ৰান্ত নহ’বা৷ তুমি যি পথত খোজ দিছা তাত কেৱল বিপদ আৰু জীৱনৰ নিৰপত্তাহীনতা আছে৷ মই তোমাৰ ভালপোৱা কিমানদূৰ লাভ কৰিব পাৰিছো নাজানো৷ কিন্তু আশা কৰো তোমাৰ হৃদয়ত মোৰ বাবে থাকক অপাৰ বিদ্বেষ৷ তুমি যেতিয়া মোৰ জীৱনলৈ আহিছিলা তেতিয়া মৰমৰ বাদে তোমাক দিবলৈ একোৱেই নাছিল৷ আজিও নাই৷ যি ভালপোৱাৰ বীজ সিচিলো সেই ভালপোৱাৰ পৰিণামো আশ্চৰ্যজনক হ’ল৷ “
ঃ তেনেহ’লে তুমি মোৰ পৰা কি বিচৰা? - হিমাশ্ৰীয়ে সুধিলে৷
“ তুমি মোৰ বাসনাৰ কথা সকলোবোৰেই জানা৷ তোমাৰ পৰা যে একোৱেই বিচৰাৰ সামৰ্থ মোৰ নাই৷ মাথোঁঁ এটাই কামনা কৰো, মোৰ মুক্তিৰ কাৰণে যি নাৰীয়ে ইমান আগ্ৰহ দেখুৱাইছে, তেওঁ তেওঁৰ প্ৰচেষ্টাত সফল হওক৷ “ - নীৰৱে কথাখিনি কৈ আলফুলে হিমাশ্ৰীৰ হাত এখনত সামুচি ধৰিলে৷
হিমাশ্ৰীয়ে আন্ধাৰৰ মাজেৰেই তাৰ চকুলৈ চালে৷ আন্ধাৰৰ মাজতো যেন তাই নীৰৱৰ আকুল চকুযোৰ পানীৰে উপচি পৰা দেখা পালে৷ তালৈ মৰম লাগি গ’ল তাইৰ৷ বেচেৰা! কি যে দুৰ্ভগীয়া জীৱন! তাই আলফুলে তাৰ মুৰটো টানি আনি বুকুৰ মাজত সুমুৱায় ল’লে৷ তাইৰ কঁকালত সাৱটি ধৰি, বুকুৰ উমত সি সৰু কেঁচুৱাৰ দৰে উচুপিব ধৰিলে৷ “আৰ্ত প্ৰেত্মাবোৰৰ দুঃসহ অনন্ত বেদনাই মোক কৰুণাত অভিভুত কৰি তুলে৷ তুমি জানা, মোৰ জন্ম কাৰোবাৰ ভুলৰ প্ৰতিফল৷ সমস্ত জীৱন ইয়াৰ প্ৰায়শ্চিত্তই কৰি ফুৰিছো…৷ “ হঠাৎ নীৰৱ সচকিত হৈ উঠিল৷ সি প্ৰথমে কাণ পাতি, মুৰটো বিশেষ ভংগিমাত ইপিনে সিপিনে লৰচৰ কৰি কিবা শুনাৰ প্ৰয়াস কৰিলে কৰিলে, তাৰ পিছত দুই আঁঠুত ভৰ দি বহি, গল ডাঙি, এক পশুৰ ভংগিমাত বতাহত কিহবাৰ ঘ্ৰাণ লোৱাৰ চেষ্টা কৰিলে৷ এইবাৰ সি মাটিত খৰখৰকৈ কিবা লিখিব ধৰিলে৷ তাৰপিছত প্ৰচণ্ড বেগত চিঁতা জুইৰ সিটোপাৰৰ আন্ধাৰৰ দিশে দৌৰ দিলে৷ হীমাশ্ৰীৰ উপস্থিতি কথা সি যেন সম্পুৰ্ণ পাহৰি পেলালে৷ হিমাশ্ৰীয়ে অনুমান কৰিলে সিহঁতৰ সন্মুখৰ দপ্ দপকৈ জ্বলি থকা চিতাঁৰ সিপাৰৰ আন্ধাৰবোৰ যেন লৰচৰ কৰিছে৷ অজান আকাংক্ষাত তাইৰ কলিজা কঁপি উঠিল যদিও তাই অস্থিৰ নহ’ল৷ এদিন নীৰৱে তাইক কৈছিল, “ যি ধৰ্মত তুমি বিশ্বাস কৰা, সেই ধৰ্ম বিশ্বাসৰ ভিত্তিস্বৰুপে প্ৰথাগতভাৱে ইষ্টদেৱতাক অন্তৰত স্থাপন কৰি ৰাখিব যদি পাৰা, কোনো দুষ্ট আত্মাই তোমাৰ কোনো অপকাৰ কৰিব নোৱাৰে৷ “ তাই দুহাতযুৰি চকুমুদি সম্ভাব্য বিপদৰ পৰা তাইক ৰক্ষা কৰিবলৈ ঈন্বৰক প্ৰাৰ্থনা কৰিব ধৰিলে৷ হঠাৎ কাৰোবাৰ পৰশত তাই চকু মেলিলে৷ তাই দেখিলে হাতত এখন উন্মুক্ত ছুৰী লৈ এয়া তাইৰ সমুখত স্বয়ং নীৰৱৰ মাক৷ সেই মানৱ পিশাচৰ জন্মদাত্ৰী৷ তেওঁ চেনেহেৰে হীমাশ্ৰীৰ গালে মুখে হাত ফুৰাই তাইক সা ন্তনা দিলে৷ তাৰ পিছত ক’লে, “ এই আন্ধাৰৰ পৰা পোহৰলৈ যাত্ৰা কৰো আহা৷ দুয়ো মিলি জগতক অন্ধকাৰ মুক্ত কৰো৷ “ কথাখিনি কৈ তেওঁ হিমাশ্ৰীৰ হাতত ধৰি বিপুলৰ জ্বলি থকা চিঁতাৰ ওচৰলৈ লৈ গ’ল৷ তাত প্ৰথমে ইষ্টদেৱতাক প্ৰাৰ্থনা কৰিলে নিজ স্বামীৰ চিৰ শান্তিৰ বাৱে৷ তীব্ৰ জুইৰ প্ৰকোপত বিপুল বৰঠাকুৰৰ হাত ভৰি ইতিমধ্যে ছাঁই বৰণীয়া হৈ চিঙি পৰিছিল৷ তেখেতে বৰ কষ্টেৰে ছুৰীখনৰ সহায়ত বিপুলৰ চিঙিপৰা ভৰি এখনৰ পৰা এডোখৰ মাংস কাটি আনিলে৷ তাৰ পিছত হীমাশ্ৰীৰ হাতত ধৰি পুনৰ আন্ধাৰ পোহৰৰ চাকনৈয়াৰ সেই বিশেষ বিন্দুটোলৈ উভতি গ’ল য’ত কিছুপৰ আগতে নীৰৱ আৰু হিমাশ্ৰী বহি আছিল৷ এইবাৰ তেওঁ প্ৰথমে ধীৰ গতিৰে মাটিত তিনি ইঞ্চিমান দ আৰু তিনি ইঞ্চিমান বহল এটা গাঁত খান্দিলে৷ তাৰ পিছত হাতৰ ছুৰীখনত খোচ খাই থকা পোৰা মাংসখিনি সেই গাঁতটোত থলে৷ পোৰা মাংসৰ গন্ধেৰে ঠাইখন ভৰি পৰিল৷ কি হ’ব ধৰিছে একো বুজি নাপায় হিমাশ্ৰীয়ে ভেবা লাগি তেওঁলৈ চাই থাকিল৷ তাৰ পাছত তেওঁ নিজ ডিঙিত লাহেকৈ ৰেপি দিলে৷ ডিঙিৰ পৰা গৰম তেজৰ সোঁত বৈ আহিল৷ সেই তেজ হাতত লৈ এটোপ দুটোপকৈ গাঁতৰ মাংস টুকুৰাত পৰিব দি তেওঁ মুখুৰে কিবা ভোৰভোৰাব ধৰিলে৷ হিমাশ্ৰীয়ে সন্তপৰ্ণে চাৰিওদিশে নজৰ ৰাখিলে৷ মাথোঁঁ কিছুপৰৰ নীৰৱতা৷ তাৰ পিছত হঠাৎ যেন ঠাইখন জীৱন্ত হৈ উঠিল৷ সুদুৰৰ পৰা বহুবোৰ মানুহৰ খোজৰ শব্দ ভাহি আহিল৷ যেন এক বিশাল শোভাযাত্ৰা৷ কেইমুহূৰ্ত মানৰ পিছতেই অদুৰত বহুবোৰ জোৰৰ পোহৰ তাই দেখা পালে৷ লগতে ভাহি আহিল কেইঘমণ্টা মান আগতে তাই শুনা পোৱা সেই মধুৰ সংগীতৰ শব্দ৷ লাহে লাহে সেই শব্দ ডাঙৰ হৈ আহিল৷ হিমাশ্ৰীয়ে বুজিলে সেই যাত্ৰা সিহঁতৰ দিশেই আগবাঢ়িছে৷ তাইৰ অজানিতে তাই নীৰৱৰ মাকৰ হাতত সজোৰে মুঠি মাৰি ধৰিলে৷ তেওঁ তাইলৈ ভ্ৰূক্ষেপ কৰা নাই৷ মাথোঁঁ মুখেৰে কিবা ভোৰ ভোৰাই তেজবোৰ অবিৰাম ভাৱে গাতত ঢালিছে৷
সমদলটো আহি বিপুল বৰঠাকুৰৰ চিঁতাৰ সিপাৰৰ অন্ধকাৰৰ মাজত ৰৈ গ’ল৷ তেতিয়াও মধুৰ সংগীত বাজি আছে৷ কিন্তু সেই সংগীতৰ লহৰে এই মুহূৰ্তত অথনিৰ নিচিনাকৈ হীমাশ্ৰীৰ মন গলাব পৰা নাই৷ তাই বুজিলে এয়া মিচেছ বৰঠাকুৰৰ মন্ত্ৰ আৰু বজ্ৰ মুঠিৰ প্ৰভাৱ৷ তাই তেখেতৰ আৰু অলপ ওচৰ চাপি গ’ল৷ সমুখত হাজাৰ হাজাৰ জোৰৰ পোহৰ৷ কিন্তু সেই পোহৰে পোহৰাব পৰা নাই তিলমাত্ৰও আন্ধাৰ৷ মাথোঁঁ জ্বলিছে, উদ্দেশ্য বিহীন ভাৱে৷ সংগীতৰ শব্দ তীব্ৰভাৱে বাজি আছে যদিও সেই শব্দই মিচেছ বৰঠাকুৰৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাই৷ তেওঁ মন্ত্ৰোচ্চাৰণ সমাপ্ত কৰি গাঁতৰ মাংস দুখোৰৰ পৰা আধা অংশ কাটি লৈ গাৰ সমস্ত শক্তিৰে সিহঁতৰ ফালে দলিয়াই দিলে৷ লগে লগে সংগীতৰ শব্দ বন্ধ হৈ পৰিল৷ কেঁচাঁ তেজ সংপৃক্ত সেই মাংস টুকুৰাই সিহঁতৰ ছন্দ পতন ঘটালে৷ হিমাশ্ৰীয়ে লক্ষ্য কৰিলে অন্ধকাৰৰ মাজতেই যেন সিহঁতে মিচেছ বৰঠাকুৰে দলিয়াই দিয়া মাংস টুকুৰাৰ ভাগৰ সন্ধানত ইটোৱে সিটোক জপটিয়াই টনা আজোৰা কৰিছে৷ নুমাই গৈছে ইটোৰ পিছত সিটো জোৰৰ পোহৰ৷ হিমাশ্ৰীয়ে চকু থৰ কৰি সিহঁতলৈ চাব লওঁতেই তৎক্ষণাত অইন এটা ঘটনা ঘটি গ’ল৷ গাঁতত পৰি থকা মন্ত্ৰযুক্ত অইন দুখৰ মাংস হাতত তুলি লৈ মিচেছ বৰঠাকুৰে বৰঠাকুৰৰ জ্বলি থকা চিঁতাৰ দিশে দৌৰ দিলে৷ সমস্ত ঘটনা ইমান তৎক্ষণাত ঘটিল যে হিমাশ্ৰীয়ে একো তৰকিবই নোৱাৰিলে৷ পিছমুহূৰ্ততে তাইয়ো মিচেছ বৰঠাকুৰৰ পিছে পিছে লৰ দিলে৷ কিন্তু তাই গৈ তেওঁৰ ওচৰ পোৱাৰ আগতেই অইন এটা ঘটনা ঘটি গ’ল৷ মিচেছ বৰঠাকুৰে মাংসৰ টুকুৰাটো জুইত পেলাব খোজেতেই স্বয়ং নীৰৱে তেওঁক আগভেটি ধৰিলে৷ সি মাংসটুকুৰাৰ বাৱে মাকৰ লগত জপটা জপটি লাগিল৷ বৃদ্ধ মাকে বুজি পালে যে সুঠাম ডেকা শৰীৰৰ চয়তানটোৰ সৈতে তেওঁ একমিনিটো তিষ্ঠিব নোৱাৰিব৷ গতিকে তেওঁ অন্য এটা মৰ্মান্তিক সিদ্ধান্ত লৈ পেলালে৷ জপটিওৱা জপটিৰ মাজতে দেহৰ উৰ্দ্ধাংশ তেওঁ বৰঠাকুৰৰ চিতাত পেলায় দিলে৷ লগে লগে জুইৰ কঢ়াল গ্ৰাসে তেওঁক আৱৰি ধৰিলে৷ মন্ত্ৰ সংপিক্ত মাংস টুকুৰাটো জুইত পৰাৰ লগে লগে সমদলটোৰ ফালৰ পৰা এসোপা ক’লা ধোৱা আহি নীৰৱক মেৰিয়াই ধৰিলে৷ সিহঁতে যেন নীৰৱৰ সহায়ত জুইত জাহ যোৱাৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰিছে৷ নীৰৱে প্ৰাণপণে যুঁজি সিহঁতৰ বান্ধোনৰ পৰা মুক্ত হ’ব বিচাৰিছে৷ ঠিক সেই মুহূৰ্ততে হিমাশ্ৰী গৈ নীৰৱৰ কাষ পালে৷ সি ভীষণ যন্ত্ৰণাভৰা দৃষ্টিৰে তাইলৈ চালে, তাৰ পিছত নিজকে অলসভাৱে জুইৰ মাজত এৰি দিলে৷ হিমাশ্ৰীয়ে দেখিলে
বিৰাট শূন্যত সাঁতুৰি নীৰৱ উৰি গ’ল৷ এক প্ৰচণ্ড বতাহৰ বেগ চকুৱে মুখে অনুভৱ কৰিবলৈ ধৰিলে সি৷ হঠাতে আকৌ তলৰ অন্ধকাৰত এটা জলপ্ৰপাতৰ প্ৰচণ্ড শব্দ শুনিবলৈ পাই সি অন্ধকাৰতেই এবাৰ তললৈ চালে৷ তাৰ মুৰটো আচন্দ্ৰাই কৰা যেন লাগিল৷ কিন্তু সি তলত কোনো, জলপ্ৰপাত দেখা নাপালে৷ মাথোঁঁ দেখিলে কেৱল পোহৰহীন অসংখ্য জুইৰ লেলিহান শিখা আৰু তাৰ মাজত আৰ্তনাদ কৰি থকা প্ৰেতাত্মাবোৰ৷ সি সেই প্ৰেতাত্মাবোৰৰ মাজত ধনুমুক্ত কাড়ৰ গতিৰে গৈ সোমায় পৰিল৷
কিছুপৰ দপ্ দপাই জ্বলি থকা চিতাঁখনলৈ একেথৰে চাই থাকিল হিমাশ্ৰী৷ কি শান্ত সমাহিত ভাৱে জ্বলি আছে চিতাঁখন! এইমাত্ৰ যে তাত এটি পৰিয়াল জীৱন্তে জাহ গ’ল তাৰ লেখমানো প্ৰভাৱ সেই লেলিহান শিখাবোৰৰ ওপৰত পৰা নাই৷ জুই নহয় যেন আধুনিক মানুহৰ মনহে৷ দুচকুৰে ধাৰাষাৰে বৈ থকা অশ্ৰুধাৰা মচি তাই উভতি আহিব ধৰোতেই ছাঁ পোহৰৰ চাকনৈয়াত কিছুপৰ আগত নীৰৱে মাটিত লিখা আখৰবোৰত তাইৰ চকু পৰিল৷ সি লিখিছিল …

“ এতিয়া আন্ধাৰআবৃত হৃদয়ৰ একোণত
প্ৰেতাত্মাৰ উদ্মাদ নৃত্যৰ জুণুক জুণুক নূপুৰৰ ধ্বনি,
মই এতিয়া পথিক চিৰ নিদ্ৰাৰ .....৷ “
(সমাপ্ত )


( বিঃদ্ৰঃ - তলৰ 👇🏻 হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক)



ghost story assamese




মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি,Assamese horror story, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, Haunted Assamese place, Assamese paranormal incident ঘটনা তথা Assamese ghost stories গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]

 (বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)

⬇️⬇️Share button ⬇️⬇️
(তলৰ কমেন্ট বক্সত আপোনাৰ কমেন্ট লিখক লগতে লিখাটো ফেচবুকতো শ্বেয়াৰ কৰক❤️❤️) 

Post a Comment

0 Comments