ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 12 মিষ্ট্ৰিয়াচ নাইট 10

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব( দ্বাদশ )

- হেমন্ত দাস
হিমাশ্ৰীয়ে কোনো প্ৰতিক্ৰিয়া কৰিব পৰাৰ আগতেই চাৰিটা বিশালকায় ছায়ামুৰ্তি আগুৱাই আহিল তাইৰ পিনে ৷ ৰুঢ় ছায়ামুৰ্তি কেইটাৰ মুখত আনন্দ বা বেদনাৰ কোনো অবিব্যক্তি নাছিল ৷ সিহঁতলৈ এবাৰ চাওতেই মৃত্যুৰ দ্বাৰা নিহত অলীক প্ৰেতাত্মাৰ ছবি তাইৰ মনত পাকঘুৰণি খাব ধৰিলে ৷ এজাক কীট আৰু তেজপিয়াই সিহঁতৰ মুখত বহি সিহঁতৰ গালত কামুৰি তেজ উলিয়াইছিল ৷ সেই তেজ সিহঁতৰ চকুলোৰ সৈ'তে মিলি সিহঁতৰ ভৰিৰ কাষত সৰি পৰিছিল আৰু তাকে একেখিনি পোকে চেলেকি- চেলেকি খায় পুনৰ হেচাঁ থেলাকৈ ভৰিৰে মুখলৈ উঠি গৈছিল ৷ সিহঁতৰ সমস্ত শৰীৰ তেজ আৰু চকুপানীৰ মিশ্ৰণেৰে জেপজেপিয়া হৈ আছিল৷ জলন্ত দুডাল জোঁৰৰ দৰে জ্বলিছিল সিহঁতৰ চকুবোৰ ৷ ঠিক কিছুসময় আগতে তাই অদুৰত দেখা সেই জোঁৰৰ দৰেই ৷ সিহঁত ক্ৰমাৎ তাইৰ কাষলৈ আগবাঢ়িছে ৷ বাহিৰত কাৰোবাৰ তীব্ৰ আৰ্তনাদ ৷ যি ক্ৰমাৎ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিপুৰ্ণ কৰি তুলিছে তাইৰ কৰ্ণকুহৰ ৷ ক্ৰমবৰ্ধমান সেই আৰ্তনাদৰ আঘাতত ক্ৰমে বিহ্বল আৰু ভিতীগ্ৰস্ত হৈ পৰিছে হিমাশ্ৰৰী শ্ৰৱণেন্দ্ৰিয়গত সংবেদনশক্তি ৷ ভয়ত অণ্ঠকণ্ঠ শুকায় গৈছে তাইৰ ৷ তাই যেন প্ৰস্তৰ মুৰ্তি হৈ পৰিছে ৷ ভয় বিহ্বলতাত উশাহ ল'বলৈকো যেন পাহৰিছে তাই ৷ সেই ঠাইযেন ক্ৰমাৎ পোহৰ বতাহহীন হৈ পৰিছে ৷ নিৰন্ধ্ৰ অন্ধকাৰেৰে ভৰা নৰকাভ্যন্তৰৰ এক উষ্ঞ বায়ুপ্ৰবাহ যেন এফালৰ পৰা আনফালে ঘুৰ্ণীয়মান হৈ আছে কোঠাটোত ৷ সেই ঘুৰ্ণীমান বতাহে তাইৰ চেতনাৰ সাময়িক অৱলুপ্তি ঘটায় বিকল কৰি দিছিল তাইৰ সমস্ত অনুভুতি শক্তিত, জোঙা নখ বিশিষ্ট ৰক্তমুখী ভয়ংকৰ প্ৰেতাত্মাবোৰে তাইৰ চাৰিওপিনে ঘুৰি মোচৰ খাই বতাহতে লুটিবাগৰ মাৰিছে ৷ তাইৰ সমস্ত অংগ কঠিন আৰু থিয় হৈ উঠিল ৷ প্ৰতিডাল ধমনি আৰু ধমনিত প্ৰবাহিত তেজ দৃশ্যমান হৈ পৰিল ৷ জোঙা নখবিশিষ্ট প্ৰেতাত্মাবোৰক যেন তাইৰ ধমনীত প্ৰবাহিত তেজে চুম্বকৰ দৰে আকৰ্ষণ কৰিলে ৷ ক্ষন্তেকৰ ভিতৰতে সিহঁত তাইৰ ওপৰত জঁপিয়াই পৰিবলৈ উদ্দত হ'ল ৷
এই নাৰকীৰ কাণ্ডৰ মাজতে হঠাতে এক বিৰাট জোতিৰ্ময় মুৰ্তি সমুখৰ বিছনা খনত আৱিৰ্ভুত হ'ল ৷ তেঁওৰ দেহৰ বিচ্ছুৰিত সেই অলৌকিক জ্যোতিয়ে চাৰিওফালে যেন এক বিৰাট আলোকমণ্ডলৰ সৃষ্টি কৰিলে ৷ তাৰ অত্যুজ্জ্বল আভাত সাময়িকভাৱে বিদুৰিত হ'ল সমস্ত নৰকান্ধকাৰ ৷ পলায় পত্ৰং দিলে নৰকৰ কীটবোৰে ৷ শেষমুহুৰ্তত তাই ৰক্ষা পালে ৷ সমুখৰ আলোকমণ্ডলৰ মাজত তাই বিপুল বৰঠাকুৰৰ মুখখন স্পষ্টভাৱে দেখা পালে ৷ তেওঁৰ মুখমণ্ডল শান্ত-গম্ভীৰ , বিজ্ঞ বিচক্ষণ ব্যক্তিত্বৰ আভাৰে আলোকিত ৷ হিমাশ্ৰীয়ে অনুভৱ কৰিলে বিপুল বৰঠাকুৰ এজন অলৌকিক পুৰুষ ৷ তেওঁৰ শৰীৰৰ পৰা নিৰ্গত অনুপম আভাত কিমান পৰ আভাসিত হ'ল তাই নাজানে কিন্তু হঠাৎ কাৰোবাৰ অশনি হাতৰ কঠোৰ স্পৰ্শত তাইৰ তন্ময়তা ভাগিল ৷ তাই পিছলৈ ঘুৰি চালে ৷ তাইৰ পিছফালে সকৰুণ ভাৱে নিৰৱ ঠিয় হৈ আছে ৷ সকলোবোৰ ইমান তাৎক্ষণিক ভাৱে ঘটিছে যে তাই একো তৰ্কিবই পৰা নাই ৷ সেই বিস্ময়কৰ ঘটনা সম্পৰ্কে কৌতুহ'ল নিবৃত্ত কৰিবৰ কাৰণে তাই বিছনাখনলৈ দৃষ্টি নিক্ষেপ কৰিলে ৷সেই অনুপম আভা ইতিমধ্যে নিৰ্বাপিত হৈছিল ৷ বিছনাত পৰি আছিল বিপুল বৰঠাকুৰৰ নিঠৰ দেহ ৷
জীৱনৰ শেষ মুহুৰ্তত অথবা মৃত্যুৰ পিছতো প্ৰেতাত্মাৰ সৈতে যুঁজ দিয়া বিপুল ঠাকুৰলৈ চায় তাইৰ দুধাৰি চকুলো নিগৰি আহিল ৷ তাই নিজেই নুবুজিলে এই জলধাৰা কৃতজ্ঞতাৰ নে সমবেদনাৰে সংপৃক্ত ৷ মাথো বিপুলৰ শুই থকা মৃতদেহৰ ভৰিত সেৱা জনায় প্ৰাৰ্থনা জনালে , " যি মাতৃয়ে তোমাক গৰ্ভত ধাৰণ কৰিছিল , সঁচাই তেওঁ ধন্য ৷ আজীৱন জীৱন যুঁজত যুজিও পৰাস্ত নোহোৱা হে দু:সাহসী - অভিশপ্ত আত্মা, আজীৱন নিয়তীৰ সৈতে যুঁজি দুখৰ মাজতেই অশ্ৰু বিসৰ্জন কৰি যোৱা তোমাৰ চকুৰ অশ্ৰুৰ বিৰামহীন প্ৰাচুৰ্যত এদিন উটিব লাগিব এই প্ৰেতাত্মাৰ দুনীয়া ৷ জীৱনকালত শান্তি নাপালা ৷ এতিয়া যেন পৰমাত্মাৰ কোলাত শান্তিৰে শুব পোৱা ৷" - তাৰ পিছত তেওঁৰ ভৰিত তাইৰ কঁপালখন গুজি দি ভৰিত সাৱটি ধৰি হুকহুকায় কান্দিব ধৰিলে ৷
: নীৰৱে তাইৰ হাত দুখন আঁতৰাই দি ক'লে - তেওঁক বিৰক্ত নকৰিবা , শান্তিৰে শুবলৈ দিয়া ৷
বেদনাক্লীশ্ত অন্তৰৰ আৱেগত তাই নীৰৱক সাৱটি ধৰিলে ৷ বহু উদ্বেগ আৰু আশংকাই বাৰে বাৰে ভিৰ কৰিবলৈ ধৰিলে তাইৰ সংশয়াচ্ছন্ন মনত, বহুতো নঞৰ্থক ভাবৰ কুটিল দ্বন্দই দেখা দিলে মনত ৷ তাই নীৰৱক সাৱটি উচুপি উচুপি ক'লে - পিশাচবোৰে আমাকো হত্যা কৰিব ৷ কোনো বাচিব নোৱাৰিম সিহঁতৰ তীক্ষ্ন হাঁতোৰৰ খোচৰ পৰা ৷
নীৰৱে ক'লে - একবিন্দুও ভয় নকৰিবা তুমি ৷ তোমাৰ গতিৰোধ কৰাৰ ক্ষমতা সমগ্ৰ নৰক প্ৰদেশৰ মাজত কাৰো নাই ৷ কোনেও তোমাৰ চুলি এডালো লৰচৰ কৰিব নোৱাৰে ৷ মই যদি ঠিক বুজিছো তুমি ইয়ালৈ অহাটো সৰ্বশক্তিমান ঈশ্বৰৰ অভিপ্ৰেত ৷ মই জীয়াই থাকোতে নৰক প্ৰদেশৰ কাৰ ইমান সাহস, তোমাৰ অপকাৰ সাধে ৷ তাৰ পিছত সি দীঘলকৈ উশাহ এটা লৈ পুনৰ ক'বলৈ ধৰিলে - মই আপাতত ব্যৰ্থ হ'লেও তুমি ভয় নকৰিবা ৷ সিহঁতে যিমানেই বাধা নিদিয়ক , তুমি এই শক্তি পৰীক্ষাত উত্তীৰ্ণ হ'বই লাগিব ৷ মই দেউতাৰ অন্তিম সংস্কাৰৰ দিহা কৰো, এতিয়াই ঘুৰি আহিম ৷ তুমি মোৰ কাৰণে ইয়াতেই অপেক্ষা কৰিবা ৷ তোমাৰ মুহ্যমান অন্তৰাত্মাক আশাৰে অনুপ্ৰাণিত কৰা ৷ তোমাৰ বিক্ষুব্ধ বুকুখন শান্ত কৰা ৷
নীৰৱ ওলায় যোৱাৰ পিছত হিমাশ্ৰী বহি পৰিল কাঠৰ চকী এখনত ৷ তেতিয়া নিশাটো প্ৰায় শেষ হৈ আহিছিল ৷ অধিক ঘন হৈ উঠিছিল বাহিৰৰ ক'লা নিশাৰ অন্ধকাৰ ৷ তাইৰ আৰু নীৰৱৰ বাদে সমগ্ৰ পৃথিৱীয়ে হয়তু শ্ৰমমুক্ত হৈ পৰিছিল সেই সময়ত ৷ পৃথিৱীৰ কোনো এক চুকত নীৰৱ আৰু হিমাশ্ৰী নামৰ দুখন কলিজাই কেৱল সংগ্ৰামশীল হৈ আছিল অবিৰাম … (আগলৈ…)

Post a Comment

0 Comments