ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 11 মিষ্ট্ৰিয়াচ নাইট 10

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব  11

 হেমন্ত দাস
:ই হত্যাকাণ্ডৰ কোনো তদন্ত নহ’ল নেকি? - হিমাশ্ৰীয়ে সুধিলে৷
ঃ তদন্ত! কি তদন্ত কৰিব? ফুলশয্যাৰ নিশাৰ বন্ধ কোঠাত স্বামী-স্ত্ৰীক যি দৰে হত্যা কৰা হ’ল সেয়া দেখি স্বয়ং তদন্তকাৰী বিষয়া হতবাক হৈ পৰিছিল৷ পিশাচৰবোৰৰ অইনবোৰ হত্যা কাণ্ডৰ নিচিনাকৈ এই হত্যা কাণ্ডও এক ৰহস্য হৈ ৰ’ল ৷ এয়া কোনো পাৰিবাৰিক কলহৰ ফল বুলি কেচটো বন্ধ কৰি দিয়া হ’ল৷ - বিপুলে ক’লে৷
ঃ পুলিছে নিজৰ অপৰাগতা এনেকৈয়ে ঢাকে৷ যেতিয়া ঘটনাৰ কোনো উৱাদিহ নাপায় তেতিয়া হয়তো পাৰিবাৰিক কন্দল বুলি কেচ সামৰিব অথবা কোনো নিৰ্দোষীক বাটৰ পৰা ধৰি নি দোষী সজায় জেল হাজোতলৈ প্ৰেৰণ কৰিব৷ কোনো এথিক্চ , কোনো মানৱতা বুলি কথা নাই ৷ তেওঁলোকৰ এই কৰ্মৰ বাবে যে একোটা নিৰীহৰ জীৱন টিল টিল কৈ ধ্বংস হয়, একোখন ঘৰৰ সমস্ত আশা - আকাংশা, মান সন্মান ধূলিচাৎ হয় সেই কথা ভাবিবলৈ তেওঁলোকৰ আহৰি নাই৷ তেওঁলোকক কেৱল বিভাগৰ সন্মান বচাবলৈ লাগে৷ ঢাকিবলৈ লাগে তেওঁলোকৰ চূড়ান্ত অপাৰগতা৷ তাৰ বাবে সাধাৰণ নাগৰিকৰ জীৱন জলাঞ্জলী দিবলৈ তেওঁলোকে তিলমাত্ৰও কোণ্ঠাবোধ নকৰে৷ নিৰ্যাতিত হয় শ শ নিৰীহ পুৰুষ মহিলা৷ কেৱল মাত্ৰ 2015 চনতেই দেশত চৌৱন্ন হাজাৰ ন শ ষোল্লটা গোচৰ পুলিচৰ নিৰ্যাতনৰ বিৰুদ্ধে ৰুজো হৈছিল যাৰ ভিতৰত মাত্ৰ পাঁচ হাজাৰ দুইশ চাব্বিশটা গোচৰ ৰেজিষ্টাৰ হৈছিল আৰু তাৰ ভিতৰতো মাত্ৰ এক হাজাৰ এশ বাইশটাৰ হে বিচাৰ হৈছিল৷ আচৰিত ভাৱে অৱশেষত মাত্ৰ ছাব্বিশজনকহে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হৈছিল৷ এই হ’ল আমাৰ দেশৰ আইনী ব্যৱস্থা৷ ৰক্ষকেই য’ত ভক্ষক হয়, তাত পুলিচৰ বিৰুদ্ধে কোনে যুঁজিবলৈ মৰসাহ কৰিব? গতিকে তেওঁলোকে যি কয় সাধাৰণ জনতাৰ বাবেই সেয়াই নিয়ম ৷ বাৰু বাদ দিয়ক ইবোৰ৷ আপুনি কওঁক, তাৰ পিছৰ কথাবোৰ কৈ যাওক৷ - হিমাশ্ৰীয়ে
ক’লে৷
বিপুল বৰঠাকুৰে তাইলৈ এপলক চাই পুনৰ ক’বলৈ ধৰিলে, “ মানুহ আৰু মানৱীয়তা- সাম্প্ৰতিক সময়ৰ এই দুই শব্দৰ মাজত যেন কোনো সম্পৰ্কই নোহোৱা হৈ গৈছে৷ চৌপাশে ঘটিবলৈ ধৰিছে হিংসা-হত্যা আৰু মানুহৰ কুটিল চৰিত্ৰ প্ৰদৰ্শনকাৰী বিভিন্ন ঘটনা৷ স্বজাতিৰ ওপৰতে নিৰ্মম অত্যাচাৰ চলোৱা নিষ্ঠুৰ মানৱকুলে অইনৰ বাবে কি ভাবিব? যি ভাৱনা বা চিন্তাই এদিন মানুহক পশুৰ পৰা পৃথক কৰি তুলিছিল আজি সেই চিন্তাই মানুহক পশুতকৈয়ো অধম কৰি তুলিছে৷ মানৱ অবিবেচক স্বভাৱৰ চিকাৰ হৈ সমস্ত জীৱকুলে ত্ৰাহি মধুসূদন দেখিছে৷ মানুহে খং অথবা ক্ষন্তেকীয়া আৱেগৰ বশৱৰ্তী হৈ কিছুমান ভুল কৰি পেলায় যাৰ পৰিণাম নিজৰ লগতে সমাজেও ভুগিব লগীয়া হয়৷ সেয়েহে মানুহে সদায় চিন্তন কৰিব লাগে৷ যেতিয়া হাতত কোনো শক্তিশালী অস্ত্ৰ থাকে তাক ব্যৱহাৰ কৰোতে যথেষ্ট সাৱধান হোৱা উচিত৷ অবিবেচিত ভাৱে সেই অস্ত্ৰৰ ব্যৱহাৰে ব্যক্তি তথা সমাজৰ অধিক ক্ষতি কৰাটোৱে স্বাভাৱিক৷
প্ৰেমাস্পদৰ বিচ্ছেদৰ বিৰহত নীৰৱে আৱেগৰ বশৱৰ্তী হৈ যি ভুল কৰিলে পিছত হাজাৰ চেষ্টা কৰিও তাক সুধৰাব নোৱাৰিলে৷ এই ভুলৰ প্ৰথম চিকাৰ হ’ল ঠাকুৰবাৰীৰ চৰাই চিৰিকটি বোৰ৷ ঠাকুৰবাৰীৰ বাটে ঘাটে প্ৰতিপুৱা মৃত চৰাইৰ দেহ পৰি থকাটো এক নিত্য নৈমত্তিক ঘটনা যেন হ’ল৷ পথৰ কুকৰবোৰ সমস্ত নিশা টেটু ফালি চিঞৰিও যেন ভাগৰি নপৰা হ’ল ৷ নিশা হ’লেই আটাইবোৰ কুকুৰে একেসময়তে ৰাউচিযুৰি চিঞৰিব ধৰে৷ দিন বাগৰাৰ লগে লগে লাহে লাহে কুকুৰবোৰৰ সেই চিঞৰ গেঙনীলৈ পৰিৱৰ্ত্তীত হৈ এদিন সিহঁতবোৰ একোবাৰে শান্ত হৈ আহিল৷ সিহঁতৰো বহুতৰে এক অচিন ৰোগত ভুগি মৃত্যু হ’ল৷ যিকেইটা জীয়াই থাকিল সিহঁতৰ শৰীৰত কোনোমতে জীৱটো বাছি থাকিল ……৷ “ - বাহিৰত কাৰোবাৰ খোজৰ শব্দ শুনি বিপুল ৰৈ গ’ল ৷ খচকিত হৈ হাতত খাৰে ভৰিত খাৰে সি খিৰিকী খনৰ ওচৰলৈ গৈ বহি পৰিল লগতে হিমাশ্ৰীকো তৎক্ষণাত বহিবলৈ ইংগিত দিলে ৷ হিমাশ্ৰীয়ে প্ৰায় মাটিত চুঁচৰি যোৱাদি গৈ খিৰিকী খনৰ ওচৰতে লুকাই থকা বিপুলৰ ওচৰ পালে ৷
বাহিৰত শ শ মানুহৰ খোজৰ শব্দ৷ হাতী-ঘোঁৰা মানুহৰ খোজৰ শব্দ একাকাৰ হৈ মাটিত যেন কম্পন তুলিছে৷ যেন আৰ্মীৰ ফ্লেগ মাৰ্চ হে চলিছে৷ কিছুসময় পিছত হিমাশ্ৰীৰ কাণত বেণ্ড পাৰ্টীৰ শব্দ বাজি উঠিল৷ তাই কৌতুহ’ল দ’মাব নোৱাৰি খিৰিকীৰে জুমি চালে৷ কিন্তু এয়া কি? বাহিৰতচোন কোনো নাই৷ গোটেই পথটো জনশুণ্য ৷ মাথোঁ অন্ধকাৰ পথটোৰ কিছু নিলগত অলপ আঁতৰে আঁতৰে কেইটামান জোঁৰৰ পোহৰ তাইৰ চকু পৰিল৷ ’উল্কা ’ - স্বতঃস্ফুৰ্তভাৱে তাইৰ মুখৰ পৰা ওলায় আহিল৷ “ নহয়, বাৰেগোপাল “ বুলি ফুচফুচাই কৈ একেটানে বিপুলে তাইক বহুৱাই দিলে৷ বহিবৰ সময়ত হিমাশ্ৰীয়ে দেখিলে দুৰৰ পোহৰ কেইটা যেন হঠাৎ থনকি ৰৈছে৷ হিমাশ্ৰীয়ে বিপুলক কথাটো ক’ব খোজিছিল যদিও বিপুলে তাইৰ মুখত খোপা মাৰি ধৰা বাৱে তাই ক’ব নোৱাৰিলে৷
কেই পল মানৰ নীৰৱতা৷ বিপুলে হিমাশ্ৰীক বুকুত সাৱটি ধৰি অস্থিৰ হৈ পৰিছে৷ এক অনামি আকাংক্ষাই যেন মানুহজনক থৰথৰাই কঁপাই তুলিছে৷ তেওঁ প্ৰচণ্ড ভাৱে হিমাশ্ৰীক সাৱটি ধৰিছে৷ এজাক অত্যন্ত চেঁচা বতাহ কোঠাটোলৈ সোমায় আহিল৷ হিমাশ্ৰীয়ে অনুভৱ কৰিছে তাইৰ ঠাণ্ডা লাগিছে৷ তাই বিপুললৈ চালে তেওঁৰ গাত ঠাণ্ডাৰ কোনো লক্ষণ তাই নেদেখিলে৷ লাহে লাহে তাইৰ গাত ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি আহিব ধৰিলে৷ এটা সময়ত ঠেঁটুৱৈ ধৰা জাৰত তাই থৰথৰকৈ কঁপিব ধৰিলে৷ তাইৰ অনুভৱ হ’ল তৎক্ষণাত জুইৰ খেক নাপালে তাইৰ মৃত্যু নিশ্তিত৷ অতি শীঘ্ৰেই তাইৰ শৰীৰৰ প্ৰতিটো অংগ গোট মাৰি বৰফ হ’ব৷ উশাহ লোৱাত ভীষণ কষ্ট অনুভৱ কৰিছে হিমাশ্ৰীয়ে৷ তাই বাহিৰলৈ চালে৷ কাঠৰ খিৰিকীখনৰ ফাঁকেৰে বাহিৰত ধমধমিয়া একোৰা জুঁই তাইৰ চকুত পৰিল ৷ যি জুঁইৰ বৰ্তমান তাই জীয়াই থাকিবৰ বাবে নিত্যান্তই প্ৰয়োজন৷ জুঁইকুৰাৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰিলে হিমাশ্ৰীয়ে ৷ তাই বিপুলৰ বাহু বন্ধনৰ পৰা ওলাবলৈ যত্ন কৰিলে৷ বিপুলে তাইক গাৰ সৰ্বশক্তিৰে নিজৰ বুকুৰ মাজত সাৱটি ৰাখিছে ৷ যেন তেওঁ তাইক বুকু ফালি তেওঁৰ শৰীৰৰ ভিতৰতলৈহে সুমুৱাই নিব বিচাৰিছে ৷ এইবাৰ হিমাশ্ৰীয়ে বিপুলৰ বাহু বন্ধনৰ পৰা মুক্ত হ’বলৈ হাত ভৰি মাৰিব ধৰিলে৷ তাই প্ৰাণপণে চিঞৰিব খোজিলে যদিও বিপুলে তাইৰ মুখত তাৰ গলৰ গামোচা খনেৰে চেপি ধৰি তাইক মজিয়াত বগৰাই গবা মাৰি ধৰিলে৷ ঠাণ্ডাত তাই উশাহ ল’ব পৰা নাই৷ বাহিৰৰ জুঁইকুৰাৰ তাইক অতৈন্তই প্ৰয়োজন৷ তাই হাত ভৰি জোকাৰি গাৰ সমস্ত শক্তিৰে বিপুলক ঠেলা মাৰিলে৷ ইমান সময়ে তাইক বজ্ৰ মুঠিৰে ধৰি থকা মানুহজন এইবাৰ পুতলা এটাৰ নিচিনাকৈ উফৰি পৰিল৷ হিমাশ্ৰীয়ে একেকোবে উঠি খিৰিকীখনৰ পিনে দৌৰ দিলে কিন্তু হঠাৎ কিবা এটাত খুণ্ডা মাৰি বাগৰি পৰিল৷ পিছমুহূৰ্তে যেন সকলো স্বাভাৱিক হৈ পৰিল৷ তাই সমুখলৈ চাই দেখে তাইৰ সমুখত স্বয়ং নীৰৱ৷ তাৰ চকু কোঠাটোৰ মজিয়াত নিবদ্ধ৷ তাই মজিয়ালৈ ঘূৰি চালে৷ মজিয়াত নিৰ্জিৱ কাঠ এচ’টাৰ দৰে বিপুল বৰঠাকুৰ পৰি আছে৷ মজিয়া খনৰ অ’ত ত’ত কেঁচা তেজে ডোঙা বান্ধিছে৷ তাই পুনৰ নীৰৱলৈ চালে৷ এইবাৰ সি তাইলৈ চাই চিঞৰিলে, “ তেজ লাগে, তেজ …৷ “ হিমাশ্ৰীয়ে কিবা বুজি পোৱাৰ আগতেই নীৰৱে দেউতাকক ডাঙি নি বিছনাত শুৱাই দিলে৷ পিশাচবোৰৰ তীক্ষ্ণ দাঁতৰ আঘাতত শৰীৰৰ অ’ৰ ত’ৰ পৰা নিগৰি থকা তেজবোৰ মছি ঘাবোৰ পৰিষ্কাৰ কৰি দিলে৷ তাৰ পিছত খৰখেদাকৈ অইন এটা খোটালিলৈ গৈ তেজৰ বটল এটা হাতত লৈ পুনৰ উভতি আহিল৷ পিছমুহূৰ্ততে দেউতাকৰ গাত তেজ সংযোগ কৰি দি খোটালিটোৰ পৰা ওলায় গ’ল ৷ এই সময় খিনিত সি হিমাশ্ৰীৰ লগত এষাৰো কথা নাপাতিলে৷ নীৰৱৰ মুখৰ গাম্ভীৰ্যতালৈ চায় তাইৰো সাহস নহ’ল তাক মাতিবলৈ৷ বটলটোৰ পৰাটোপা টোপে তেজ বিপুলৰ শৰীৰত সোমাইছে৷ হিমাশ্ৰীয়ে ’আই ভি ড্ৰিপ’ ডাললৈ একেথৰে চাই কথাবোৰ জুকিয়াই চায় বুজিবলৈ চেষ্টা কৰিছে অলপ আগতে কি ঘটি গ’ল ৷ বিছনাত শুই থকা বিপুললৈ চালে তাই৷ ৰক্তহীনতাৰ বাৱে মানুহজন শেঁতা পৰিছে ৷ ঘন ঘনকৈ উশাহলৈ মৃত্যুৰ সৈতে যুঁজিছে তেওঁ৷ অসাৱধনতা বশত কৰা এটা ভুলৰ বাবে জীৱনটো কি দুৰ্বিষহ হৈ পৰিছে মানুহজনৰ৷ আজীৱন মাথোঁ যুঁজিছে মানুহে নিয়তিৰ বিৰুদ্ধে৷ কেতিয়াবা নিজৰ বাৱে, কেতিয়াবা অইনৰ বাবে৷ মানুহজনলৈ বেয়া লাগিল তাইৰ৷ কিছুসময় আগতে তাইক বচাবলৈকে মৃত্যুৰ সৈতে যুঁজ দিয়া দুৰ্দান্ত মানুহজন প্ৰাণহীন ভাৱে পৰি আছে৷ কিমান বয়স হ’ব বাৰু মানুহজনৰ! তাই অনুমান কৰিবলৈ যত্ন কৰিলে৷ তাইৰ দেউতাক জীয়াই থাকিলে তেওঁৰ বয়সো চাগে বিপুলৰ সমানেই হ’লহেতেন৷ কলিজাত এক অচিন আৱেগে হেঁচা মাৰি ধৰিলে তাইৰ৷ দুটোপাল চকুপানী দুচকুৰে নিগৰি আহিল৷ তাই বিপুলৰ মুৰত আলফুলে হাতফুৰালে৷ অকণমানি ছোৱালীজনী যেন সেই সময়ত বৃদ্ধ বিপুলৰ ওপৰত মমতাৰ স্ৰোতশ্বিনী ধাৰা বোৱালে ৷ সেয়াই নাৰী, ভিন্ন মুহূৰ্তত ভিন্ন চৰিত্ৰ৷ একমুহূৰ্তত যদি ভনী, পিছ মুহূৰ্তত অৰ্ধাংগিনী আৰু আন এক মুহূৰ্তত মমতাৰ অমিয়া বিয়পোৱা মহিমামণ্ডিনী এক জীৱন দায়িনী শক্তি৷
টুপ টুপকৈ বৈ থকা ধমনীৰ তেজৰ অনিৰ্বাণ জীৱন দায়িনী খোজ আৰু মহাবিশ্বইদি সৰকি অহা শক্তিৰ সৈতে এটা অবিভাজ্য যোগসূত্ৰৰ মাধ্যম হ’ল শ্বাসশক্তি৷ যুঁজি যুঁজি হাৰ মানিব নোখোজা বিপুলে প’লে প’লে মৃত্যুৰ সৈতে যুঁজিছে৷ বিছনাখনৰ কাষতে চকী এখনত বহি হিমাশ্ৰীয়ে নীৰৱৰ কিতাপবোৰত চকু ফুৰাইছে৷ নীৰৱৰ গল্পত এক মাদকতা, এক ভিন্ন আকৰ্ষণ আছে৷ এবাৰ চকু ফুৰালেই এক দুৰ্বাৰ আকৰ্ষণে অহৰহ মন মগজুত ক্ৰিয়া কৰি থাকে তাৰ গল্পৰ কাহিনীয়ে৷ হিমাশ্ৰীয়ে বুক চেল্ফৰ পৰা কিতাপ এখন টানি উলিয়ালে৷ নীৰৱৰ দ্বাৰা ৰচিত কিতাপ৷ ’কালসন্ধ্যা’৷ বেটুপাতটোত চকু পৰোতেই তাইৰ গাঁ শিয়ৰী উঠিল৷ ছাঁ পোহৰ সংপৃক্ত পৃষ্ঠভাগত দুৰ কৰবাত সূৰ্য ডুবি হেঙুলী পোহৰৰ আভা চিটিকি পৰিছে৷ মেখেলা ছাদৰ পৰিহিত ন বোৱাৰী এগৰাকীয়ে তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰিবলৈ লৈছে৷ তাইৰ ঠিক পিছপিনে তাইৰ অজ্ঞাতে ছাঁ মুৰ্ত্তি এটা থিয় হৈ তাইলৈ হাত আগবঢ়াইছে৷ বিভৎস৷ তাইৰ গাঁ শিয়ৰী উঠিল৷ তাই কিতাপখন টেবুললৈ ডলিয়াই দিলে৷ এইবাৰ তাই মোবাইল ফ’নটো উলিয়াই ল’লে৷ ফেচবুকত লগ ইন কৰি বন্ধুবোৰৰ পষ্টবোৰ ওপৰে ওপৰে চাই স্ক্ৰীন স্ক্ৰল কৰি যাবলৈ ধৰিলে৷ হঠাৎ তাইৰ স্ক্ৰীনখন ৰৈ গ’ল৷ বহু চেষ্টা কৰাৰ পিছতো তাই স্ক্ৰীনখন লৰচৰ কৰাব নোৱাৰিলে৷ তাই বুটাম টিপি মোবাইল ফ’নটো ৰি ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিলে৷ কিন্তু তাইৰ মোবাইল ফ’নটো ৰিষ্টাৰ্ট নহৈ স্ক্ৰীনখন হেঙুল বৰণীয়া হৈ পৰিল৷ আৰু তাত যেন জিলিকি উঠিল ’কালসন্ধ্যা’ ৰ বেটুপাতৰ সেই ছাঁয়া মূৰ্তিটো৷ হিমাশ্ৰীৰ বুকু কঁপি উঠিল৷ তাই অনুভৱ কৰিলে তাইৰ ঠিক পিছপিনে যেন কোনোবা ঠিয় হৈ আছে যাৰ ছবি ঠিক এইমাত্ৰ মোবাইল ফ’নটোৰ স্ক্ৰীনত জিলিকি উঠিছিল৷ তাই পিছলৈ ঘূৰি চালে৷ বিজুলী বেগে কিবা এটা তাইৰ কাষৰ পৰা আঁতৰি গ’ল…

 (আগলৈ …)

Post a Comment

0 Comments