উশাহৰ ইপাৰ সিপাৰ - assamese story

উশাহৰ ইপাৰ সিপাৰ assamese short story 

আপোনাৰ লিখা পোষ্ট কৰিবলৈ ইয়াত ক্লিক কৰক
দহ বছৰমানৰ আগৰ কথা । এৰাব নোৱাৰা কাম এটাত যোৰহাটৰ পৰা ডিব্ৰুগড় অভিমুখী বাছ এখনত উঠিলোঁ । বাছত টোপনিয়াই যোৱাটো মোৰ বহুত পুৰণি অভ্যাস । সেইদিনাও বাছ চলিবলৈ লোৱাৰ পাঁচ-দহ মিনিট পাছতে টোপনিয়াবলৈ ধৰিলোঁ । খালী হৈ অহা কাষৰ আসনত কোনোবা এজন বহাৰ উমান পাই কেৰাহিকৈ চালোঁ । পিন্ধনত মলিয়ন চুৰিয়া আৰু অ'ত ত'ত ফিচিকা কুৰ্তাৰে সৈতে এজন আদহীয়া মানুহ । মুখত এমোকোৰা তামোল । দুই ভৰিৰ ফাঁকত সুমুৱাই লৈছে কিবাকিবি বস্তুৰে ভৰি থকা মোনা এটা । মানুহ জনে ভালদৰে বহি লৈ মুখ ঘূৰাওঁতেই মই লৰালৰিকৈ চকু মুদিলোঁ । যাত্ৰা পথত কথা পাতিবলৈ মই বৰ ভাল নাপাওঁ । পিছে আনেতো সেয়া নাজানে । অন্ততঃ সেই সহযাত্ৰী জনে । গতিকে মুখখন মোৰ কাণৰ একেবাৰে ওচৰলৈ আনি ডাঙৰ ডাঙৰকৈ সুধিলে, 'পিছে ক'লৈ যোৱা হ'ব ?' মই টোপনি ভাও জুৰি জগা কাঠডাল পৰা দি পৰি থাকিলোঁ । তেওঁ এইবাৰ আগতকৈও জোৰেৰে সুধিলে, 'হয়নে কলৈ যোৱা হ'ব ?' ভাও ধৰি থাকি লাভ নাই বুলি জানি তেওঁৰ ফালে নোচোৱাকৈ থাকি উত্তৰ দিলোঁ,
' ডিব্ৰুগড়লৈ ।  '
- ' কিবা কামত নে এনেয়ে ? '
- ' কামত । '
- ' কি কামত ? '

ক'লোঁ । ঘূৰিম নে থাকিম ? ক'লোঁ । ঘৰ ক'ত ? ক'লোঁ । 'ঘৰত কোন কোন আছে ?' কি কথা কি বতৰা ইত্যাদি এশ এটা কথাৰ উত্তৰ দি দি মই অতিষ্ঠ হৈ পৰিলোঁ । আৰু ভাবিলো, এনেকৈ উত্তৰ দি থকাতকৈ বুঢ়াক প্ৰশ্ন কৰি সুধি থকাই ভাল ।  আমনি পালেতো আৰু ভাল । 'পিছে আপুনিনো কোনফালে যাব ?' তেওঁৰ মুখখন পোহৰ হৈ পৰিল । মোৰ ফালৰ পৰা কথা আৰম্ভ কৰাত তেওঁ মনতে আনন্দ পোৱা নাইতো ? বৈ অহা সেলেঙিকণ হাতৰ তলুৱাৰে মোহাৰি পাগ উঠা তামোলখনৰ এক বিন্দুও যাতে ওলাই নাহে তাৰ বাবে সাৱধান হৈ মুখখন সামান্য ওপৰলৈ তুলি তেওঁ ক'লে - " সিপুৰীলৈ । "
মই চক খাই উঠিলোঁ । কি কয় এই বুঢ়াটোৱে । কিহৰ পাল্লাত পৰিলোঁ আজি ! নিশ্চিত হ'বলৈ বুলি পুনৰ তেওঁক সুধিলোঁ,
'ক'লৈ যাম বুলি ক'লে ??'
- ' সিপাৰলৈ  । '
( লক্ষীমপুৰ অথবা ধেমাজি)

এইবাৰ স্পষ্টকৈ শুনিলোঁ । হয়তো দিখৌমুখেদি ন'হলে ডিব্ৰুগড়ৰ ঘাটেদি যাব । ভাবিছিলোঁ, ইটোৰ পাছত সিটো আগ-গুৰি নোহোৱা কথা সুধি বুঢ়াক বিৰক্ত কৰোঁ । পিছে নাই, প্ৰশ্ন কৰিব লগা নহ'লেই, তেওঁ নিজেই কৈ গ'ল । সিপাৰত তেওঁৰ জীয়েক- জোঁৱায়েক থাকে । জোঁৱায়েকে পকাৰ কাম কৰে । ল'ৰা দুটা । খেতিৰ মাটি বৰ বেছি নাই , কোনোমতে বছৰটো যায় । যোৱাবাৰ জাগলত হালৰ গৰু এটা পৰিল । পোৱালিটোৰ ডেৰ বছৰ হ'ল যদিও গাইজনীয়ে গাখীৰ দিয়েই আছে । লক্ষ্মী গাই । সাইলাখ কামধেনু ।
উস্ ! মানুহজনে আপোনমনে কথাখিনি কৈ যোৱাৰ সুযোগতে মই টোপনি যাবলৈ যত্ন কৰিলোঁ । বাছখন গৌৰীসাগৰ পাওঁতে সাৰ পালোঁ । মানুহজন ইতিমধ্যে নীৰৱ হৈ পৰিছে । সাৱধানে তেওঁৰ ফালে চকু মেলি চালোঁ, চকু মেলি একেথৰে ওপৰলৈ চাই আছে । মুখখন আধামেলা অৱস্থাতে আছে । তামোল চোবোৱা নাই । আকৌ কথা আৰম্ভ কৰে বুলি ল'ৰালৰিকৈ চকু মুদিলোঁ । নাই, টোপনি নাহিল । বাছ আহি গেমনৰ দলঙত উঠিল । তলেদি বৈ যোৱা দিখৌৰ শান্ত পানীখিনিলৈ চাই পঠিয়ালোঁ । সিফালেও চাওঁ বুলি মুখ ঘূৰাওঁতেই আকৌ মানুহজনৰ ওপৰতে চকু পৰিল । একেই ভংগীতে লৰচৰ নকৰাকৈ বহি আছে । অতি সাৱধানেৰে অসাৱধান হৈ মানুহজনৰ হাতখন চুই চালোঁ । উত্তাপ আছে । ৰাস্তাটো অলপ বেয়া আছিল । বাছৰ থেকেচনিৰ সুযোগ লৈ বাওঁ বাহুৰে মানুহজনৰ গাত খুন্দা এটা মাৰিলোঁ । গোটেই মানুহজন একেই ভংগীৰে মোৰ ফালে বাগৰি আহিল । ঘটনাৰ আকস্মিকতাত হতভম্ব হলোঁ যদিও তেওঁক খামোচি ধৰি পোন কৰি দিলোঁ । এইবাৰ সুবিধা চাই পেটত হাত দি চালোঁ । উশাহ লোৱাৰ লক্ষণ নেদেখিলোঁ । মই ইতিমধ্যে জ্বৰে ঘমাদি ঘামিবলৈ ধৰিছিলোঁ । কোনোবাই মোৰ ফালে চাই থকা নাইতো ?? মানুহে সুধিলে কাক কি উত্তৰ দিম এতিয়া !! এইটোতো পুলিচ কেছ হ'ব ! খুব দ্ৰুতগতিত চিন্তা কৰিবলৈ ধৰিলোঁ, কি কৰা যায় এতিয়া !!

বাছখন আহি শিৱসাগৰ আস্থান পালেহি । 'শিৱসাগৰ নামি যাব । ডিব্ৰুগড়, তিনিচুকীয়া বহি থাকক ।' শিৱসাগৰলৈ অহা মানুহখিনি এজন দুজনকৈ নামি গ'ল । শিৱসাগৰৰ পৰা আগলৈ যাব লগাখিনি বহাতে বহি থাকিল ।
মই ইতিমধ্যে সিদ্ধান্ত লৈয়ে পেলাইছিলোঁ । মানুহজনক ভালদৰে বহুৱাই থৈ খুব সাৱধানে মই নামি গলোঁ । মানুহজনক শেষবাৰৰ বাবে এবাৰ ঘূৰি চাই মই লৰালৰিকৈ ডিব্ৰুগড় অভিমুখী আন এখন বাছত উঠিলোঁ ।
মানুহজনৰ কি হ'ল আজিও নাজানিলোঁ । এতিয়া কেতিয়াবা ভাবোঁ মানুহজনে মোক ভয় খুৱাবলৈ বা তেওঁৰ কথাত কাণ নিদিয়াৰ বাবে শিক্ষা দিবলৈহে তেনেদৰে ভাও ধৰিছিল নে সঁচাকৈয়ে ?? কাকো সুধিব নোৱাৰা, ক'ব নোৱাৰা এই কথাটোৱে মোক খুলি খুলি খায় । আজিও কিবা এক অদ্ভুত অনুভৱে মোক জোকাৰি থাকে ।

#ৰাজকমল
তলৰ ফেচবুক / হোৱাটচএপ শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক

Post a Comment

0 Comments