পোৱা নোপোৱাৰ হিচাপ

**পোৱা নোপোৱাৰ হিচাপ**

                      ✍✍ ঋতু প্ৰিয়ম
                       ২৫/১০/২০১৮
                         

কি পালো ?
কি পাইছো ?
কি পাম ?
উত্তৰ আছে কাৰোবাৰ ওচৰত ??
কি দিছে হিংসাই ?
হিংসাই আমাক কি দিছে ?
কি দিছে অস্ত্ৰই ?
অস্ত্ৰই আমাক কি দিছে ?
জংঘলত অতবছৰে তই কি পালি ককাই ?
তোলৈ বাট চাওঁতে চাওঁতে আয়ে চাৰি কুৰি গৰকিলে  ।
গাঁৱৰ সিমূৰৰ পোনাকন আৰু উভতি নাহিল কাহানিও
অস্ত্ৰই তাৰ কাল হ'ল ।
খতিয়ান ৰাখিছ তই ? কি পালোঁ আমি ?
সীহৰ গুলিয়ে অপেক্ষা কৰি আছে
ভাইটিৰ ৫৬ ইঞ্চিৰ বুকুখনলৈ ,
সীহৰ গুলীৰ চকু পৰিছে ভাই বোৱাৰীজনীৰ শিৰৰ সেন্দুৰ কণত
সীহৰ গুলিয়ে লক্ষ্য কৰিছে ভতিজাটোৰ
পিতৃ পৰিচয় মচিবলৈ ।
হিংসা , হিংসা , হিংসা
কি পাইছো হিংসাৰ পৰা ?!
কি পোৱাৰ উম্মীদত হিংসা কৰিম ?
কি পোৱাৰ বাসনাত হাতত অস্ত্ৰ ল'ম !!

কি পাম ?
অহিংসাৰে আমি কি পাম ?
বাপু , তইতো পথ প্ৰদৰ্শক অহিংসাৰ
ক - চোন অহিংসাৰ বীজ ৰুই তোৰ মৃত্যুৰ ৭১ বছৰ পাছত আজি তই কি পালি ?
স্বাধীনতাৰ সোৱাদ ল'বলৈ পালি জানো তই ?
নাই ........।
বৰঞ্চ আমাক দোমোজাত ৰাখি গ'লি ।
আৰু স্বাধীনতা ! বাকোৱাছ !
যিদিনালৈকে তোৰ ফটোখন দেখি অসমীয়াৰ মূৰ দো নাখায়
যিদিনালৈকে তোৰ মূৰ্তিটো দেখি অসমীয়াই চালাম নুঠুকে
যিদিনালৈকে বাই - ভনী বিন্দাচ ঘূৰিব পৰা নহয়
সেইদিনালৈকে নেদেখুৱাবি এনে স্বাধীনতাৰ সপোন !
অহিংসাৰে , অহিংসাৰে কি পাম বাপু ?
সচিবালয় ঘেৰাও কৰিম , ৰাজপথ অৱৰোধ কৰিম
অসম বন্ধ দিম , চকা বন্ধ দিম , নিউজ চেনেলত আগত ডিঙিৰ হিৰ ফুলাই
বৰমুৰীয়া বোৰক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰিম ।
দহ মিনিট পাছত জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা দি জেলত পঁচাই থব ।
হুঃ হুঃ এইয়াই আমাৰ গণতন্ত্ৰ বাপু !
আঢ়ৈটকীয়া ভাত খোৱাৰ দিনৰে পৰা আজিলৈকে চালি জাৰি একোৱেই পোৱা নাই যি আমাক অহিংসাই দিছে ?
এইখন গণতান্ত্ৰিক দেশৰ নাগৰিক হৈ কি কৰিম বাপু ?
য'ত আমাৰ স্বাধীনতা খৰ্ব কৰে ,
বৰমুৰীয়াৰ বিৰুদ্ধে ক'লে , গালে , লিখিলে হাৱালাডত দিয়ে ।
এতিয়া ক বাপু ,
কি পালো ?
কি পাইছো ?
কি পাম ? তোৰ এই অহিংসা নীতিৰে ?

আহিবি এদিন আকৌ ,
পোৱা নোপোৱাৰ হিচাপ কৰিম -
হিংসা আৰু অহিংসাই আমাক
কি দিলে , কি দিছে আৰু কি দিব ??


◆◆◆◆◆◆◆◆◆◆◆◆◆◆

Post a Comment

0 Comments