ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব-(দ্বিতীয় খণ্ড)-মিষ্ট্ৰিয়াচ নাইট 10


ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব-(দ্বিতীয় খণ্ড)


- হেমন্ত দাস

প্ৰতিবিম্বটোৰ চকু যুৰি নমিতাৰ উফণ্ডি থকা পেটটোত আৱদ্ধ ৷ তল পেটত এটা ভীষণ বিষ অনুভৱ হ'ল নমিতাৰ ৷ তাইৰ আঠ মহীয়া স্ফীত পেটতো ফালি প্ৰতিবিম্বৰটোৰ চকুযুৰি যেন ভিতৰলৈ সোমায় গৈছে ৷ পেটৰ সন্তানটোৱে কচমচায় উঠা যেন নমিতাই অনুভৱ কৰিলে ৷ সি যেন যন্ত্ৰণাত হাত ভৰি মাৰি চটফটাইছে ৷ কাটৰ যন্ত্ৰণাত প্ৰায় অৱশ হৈ পৰিছে নমিতা ৷ ভয়ত বিবৰ্ণ মুখ মণ্ডলৰ পৰা টোপা টোপে ঘাম নিগৰিছে ৷ তাই কোঠাটোৰ পৰা পলাব খুজিছে কিন্তু তাইৰ শৰীৰটোৱে যেন তাইক সংগ দিয়া নাই ৷ কুচি মুচি বহি পৰিছে বিছনাত ৷ পেটৰ কেচুৱাটো যেন তাইৰ পেট ফালি ওলায় আহিব ৷ যন্ত্ৰণাত তাইৰ দেহটো ক্ৰমাৎ জঠৰ হৈ পৰিছে ৷ অৱশভাৱে শুই পৰিছে নমিতা ৷ তাইৰ চকুহাল ক্ৰমাৎ জাপ খাই আহিছে ৷ বহু কষ্টেৰে চকুহাল মেলি ৰাখিছে তাই ৷ যেন চকু মুদিলেই তাইৰ সন্তানটো অশৰীৰীয়ে কাঢ়ি লৈ যাব ৷ নমিতাৰ দৃষ্টি কোঠাটোত থকা আয়না খনত নিবদ্ধ ৷ প্ৰতিবিম্বটোৱে যেন লৰচৰ কৰিছে ৷ তাৰ আঙঠা হেন চকুহাল যেন ক্ৰমাৎ শান্ত হৈ পৰিছে ৷ নমিতাই অনুভৱ কৰিলে আন্ধাৰতে আয়নাখনৰ পৰা ছা মুৰ্তি এটা ওলায় আহিছে ৷ তাৰ পিছত সি নমিতাৰ সমুখত ঠিয় হৈ ত ত কৈ তাইলৈ চাইছে ৷ নমিতাই মুদ খাই আহিব ধৰা চকুযোৰেৰেই ছাঁ মুৰ্তিটোৰ কোটৰত সোমাৱা চকুহালত টিৰবিৰণি লক্ষ্য কৰিলে ৷ এক্জান প্ৰাপ্তিৰ চমক চকুযুৰিত ৷ অসহায় নমিতা পৰি আছে বিছনাখনত ৷ ক্ৰমাৎ জঠৰ হৈ পৰিছে তাইৰ দেহ ৷ তাই লৰচৰ কৰিব নোৱাৰা হৈ পৰিছে ৷ ছাঁ মুৰ্তিটোৱে তাইৰ তলপেটত হাত ফুৰাইছে ৷ কিছুপৰ পেটত হাতখন থৰকৈ ৰাখিছে ৷ যেন কিবা অনুভৱ কৰিব বিচাৰিছে সি ৷ এইবাৰ সি মজিয়াত পায়চাৰি কৰিছে ৷ যেন অধৈৰ্য হৈ কিহবালৈ বাট চাইছে ৷ কোঠাটো ক্ৰমাৎ দুৰ্গন্ধ এটাই আগুৰি পেলাইছে ৷ যেন সমস্ত নৰকৰ কীটেৰে নমিতাৰ কোঠাটো ভৰি পৰিছে ৷ ক্ৰমাৎ চকু মুদ খাইছে নমিতাৰ ৷ তাই বহু চেষ্টা কৰিও চকুযুৰি মেলি ৰাখিব পৰা নাই ৷ নমিতাই বুজি উঠিছে এয়া তাইৰ অন্তিম সময় ৷ বিপুলৰ মুখখনিয়ে আমনি কৰিব ধৰিলে নমিতাক ৷ সিহঁতৰ মধুৰ সময়বোৰে মগজুত পাকঘুৰণি খাব ধৰিলে ৷ "অ' বিপুল ক'ত আছা তুমি ! মোক বচোৱা প্লীজ ! " - নমিতাই মনৰ ভিতৰতে আওৰালে ৷ তাইৰ আধা মুদ খোৱা চকুযুৰিৰে ধাৰাসাৰে চকুলো নিগৰিব ধৰিলে ৷ বাহিৰত টোপা টোপে নিয়ৰ সৰিছে ৷ ছাঁ মুৰ্তিটো আকৌ তাইৰ ওচৰলৈ আহিল ৷ এইবাৰ নিচেই ওচৰলৈ আহি সি নমিতালৈ জুমি চালে ৷ তাৰ পিছত নমিতাৰ ভৰিৰ পিনে গ'ল সি ৷ নমতাই অনুভৱ কৰিলে তাইৰ ভিতৰত হাত এখন সোমায় গৈছে ৷ তাইৰ পেটৰ সন্তানটোৱে ভয়ত চট、ফটাইছে ৷ হাতখনে শিশুটিক জপটিয়াই ধৰি টানি বাহিৰলৈ উলিয়াই আনিবলৈ প্ৰয়াস কৰিছে ৷ প্ৰচণ্ড যন্ত্ৰণাত চিঞৰ এটা মাৰি নমিতা বেহুচ হৈ পৰিল ৷

যেতিয়া নমিতাৰ হুচ ঘুৰি আহে তাই হস্পিতালৰ বিছনাত শুই আছিল ৷ তাইৰ কাষতে শুই আছিল বিপুল আৰু তাইৰ মৰমৰ চিন কণমানি কেঁচুৱাটো ৷ তাই সাৰ পোৱা দেখি বিপুলে আলফুলে তাইৰ কাষত বহি তাইৰ হাতত হাত থলে ৷ বহুসময় সি তাইৰ মুখলৈ একেথৰে চায় নমিতাৰৰ হাতৰ আঙুলি লিৰিকি বিদাৰি থাকিল ৷ তাৰ হিয়াৰ সমস্ত মৰম যেন দুচকুৰে নিগৰি আহিছে ৷ তাৰ মৰমৰ মানুহজনীক ঘুৰাই পোৱাৰ আনন্দত আত্মহাৰা হৈ পৰিছে সি ৷ নমিতাই তাক কিবা এটা সুধিব খুজিছিল কিন্তু তাৰ আগতেই সি নমিতাৰ ওঁঠত তাৰ ওংঠ গুজি তাইক নিৰ্বাক কৰি পেলাইছিল ৷ 
বহুদিন নমিতাই তাক সেই ৰাতিটোৰ কথা সুধিব বিচাৰিছিল ৷ তাই জানিব বিচাৰিছিল সেই নিশাৰ কথাবোৰ ৷ কিন্তু বিপুলে যেন জানি বুজি এৰাই চলিছিল কথাবোৰ ৷ আনকি সন্তানটো জন্ম পোৱাৰ পিছত সেই ঘৰটোলৈ উভতি নগৈ ভাড়া ঘৰ লৈছিল বিপুলে ৷ দুমাহৰ পিছত ঘৰটো বিক্ৰী কৰি সিহঁত চহৰলৈ গুছি আহিছিল ৷

কেইমাহমান সকলো ঠিকেই চলিছিল ৷ পুনৰ নিৰ্ভয় হৈ পৰিছিল বিপুল ৷ পুনৰ ব্যস্ত হৈ পৰিছিল চাকৰিৰ কামত সি ৷ চহৰৰ ঘৰটোত নমিতাৰ নিসংগতাৰ সংগী আছিল সিহঁতৰ একমাত্ৰ সন্তান নিৰৱ ৷ মাত্ৰ পাচঁ মাহ বয়সতে সি অইন শিশুতকৈ নিজকে পৃথক বুলি প্ৰমাণ কৰিছিল ৷ যি সময়ত তাৰ লগৰ শিশুৱে কান্দি কাতি মাকক ব্যতিব্যস্ত কৰি তোলে সেই মুহুৰ্তত নিৰৱে কোঠাৰ মজিয়াত বহি আয়নাত নিজকে চাই থাকে ৷ আয়না খনলৈ চাই হাঁহে - কলকলাই কিবা কবলৈ যত্ন কৰে ৷ যেন কোনোবাই তাক আয়না খনৰ ভিতৰৰ পৰা নিচুকাই থাকে …

(আগলৈ)..
....
...
ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব( তৃতীয় খণ্ড )

Post a Comment

0 Comments