পঞ্চমৰ প্ৰেতাত্মা মিষ্ট্ৰিয়াচ নাইট 9

পঞ্চমৰ প্ৰেতাত্মা 

pret atma assamese ghost story


-হেমন্ত দাস  

ভূতৰ কাহিনীটোৱে গোটেই হাজো অঞ্চলটোকে এইকেইদিন ত্ৰাসত ৰাখিছে। তিনিজনী ছোৱালী, ৰাতি বাৰ মান বজাৰ পাছৰে পৰা হেনো অঞ্চলটোৰ আওহতীয়া ঠাই বোৰত লগ পোৱা যায়। দেখাত একো ধৰিব নোৱাৰি কিন্তু যিয়েই সিহঁতক দেখা পাই, তেঁওৰ হেনো লগে লগে ৰহস্য জনক ভাৱে মৃত্যু হয়। সিহঁতক দেখিয়েই হেনো বহুতো গাড়ীও দুৰ্ঘটনাত পতিত হয় ৷ যোৱাটো সপ্তাহতে চ'ৰাবৰী দলংৰ পৰা দৰা কইনা কঢ়িওৱা গাড়ী এখন নৈত পৰি আটাইবোৰ যাত্ৰীয়ে ঢুকুৱা ঘটনাই অসমৰ আটাইবোৰ নিউজ চেনেলত সলকনি তুলিছিল ৷ চৰকাৰী বাষ্য মতে এয়া এক সাধাৰণ দুৰ্ঘটনা যদিও স্হানীয় বাসিন্দাসকল এশ শতাংশই নিশ্চিত যে এয়া সেই ছোৱালী তিনিজনীৰেই কাম ৷ নহবন কিয়! আচৰিত ভাৱে অঞ্চলটোত এই কেইদিনত কিছু অদ্ভূত মৃ্ত্যুৰ ঘটনা ঘটিছেও। কেইবাটাও মৃতদেহ পোৱা গৈছে, বিভিন্ন আওহতীয়া ঠাইত, সকলো হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ হোৱা মৃত্যু বা দুৰ্ঘটনা জনিত মৃত্যু । কোনো প্ৰত্যক্ষদৰ্শী নাই, .থাকিব ক’ৰ পৰা? মানুহবোৰৰ মতে সেই ডাইনী কেইজনীক দেখা পোৱা লগে লগে, দেখা জন মৰিয়েই থাকে, গতিকে দেখা সাক্ষী কোনে দিব? মুঠতে এইকেইদিন অঞ্চলটোত কেৱল ভূতৰে চৰ্চা, মানুহবোৰে সন্ধিয়া হোৱাৰ পাছত ঘৰৰ পৰা ওলোৱাই কমাই দিছে। গাওঁৰ মহিলা সকলে সমুহীয়া বাৱে নাম প্ৰসংগ কৰি সিহঁতৰ আত্মাৰ মুক্তিৰ প্ৰাৰ্থনা কৰিছে ৷
মানুহৰ ভাগ্য সকলো সময়তে ভালে নেযায়। আজি মই বহু চেষ্টা কৰিও এক বজাৰ আগতে আহি হাজো চ'ক সোমাব নোৱাৰিলো । ভাগ্য ভাল আছিল বাবেই নেকি বাচ ষ্টেণ্ডৰ ওচৰতে টেম্প' এখন পাই গ’লো ৷ মই থকা ঠাইৰ ফালেই তেওঁ যাবলে ওলাইছিলে, মোক পাই ভালেই পালে, এনেই ভুতৰ বতৰ। টেম্প' খনত উঠাৰ লগে লগে আৰম্ভ হ’ল ভূতৰ কাহিনী। ক'ত কেতিয়া কোন মৰা পৰিছিল বপুৰাৰ নখ দৰ্পনত ৷ ভুত প্ৰেত বুলি যে একোৱে নাই চুটীকৈ এটা ভাষণেই দি দিলো ৷ কিন্তু চালক জনক আস্বস্ত কৰিব নোৱাৰিলো যেন বোধ হ'ল ৷ ভুতৰ উপস্হিতিৰ প্ৰতি তাৰ দৃঢ় বিশ্বাস দেখি মোৰ মনত হে ভয় ভাব এটা সোমায় পৰিল ৷ দৰ্জা এখনত ভয়তে খামুছি ধৰিলো ৷ 
তেনেতে ঘটনাটো ঘটি গ’ল। বাচষ্টেণ্ডৰ পৰা আহি সেই মুকলি ঠাইখিনিৰ ওচৰ পাইছোহি, ৰাষ্টাটো একেবাৰে ভঙা, লাহে লাহে গৈ আছো, মাজতে ৰব লগাও হৈছে। কৰপৰা জানো তিনিজনী ছোৱালী আহি ৰাস্তাৰ মাজত থিয় হৈ গাড়ী ৰখাবলৈ ইংগিত দিব ধৰিলে ৷ হঠাতে এগৰাকী দৌৰা দৌৰিকৈ আহি চলি থকা অটখনতে উঠি দিলেহি। উঠাৰ পাছতহে মোক দেখা পালে। অপৰাধী ভাৱেৰে কৈ উঠিল,

-" অহহ, বেয়া নেপাব দেই, ইমান দেৰি হ’ল, যাবলে একো নেপাই ৰৈ আছিলো। আপুনি বহি আছে বুলি ভবাই নাছিলো। আমি একেলগে যাব পাৰিম নেকি বাৰু? নহ’লে আমাৰ বৰ বিপদ হব। ভাড়া আমি সমানে ভগাই লম।"
মোৰ কব লগীয়া একো নাছিল, কিন্তু সমস্যা হ’ল সেই ভুতটো। ড্ৰাইভাৰ জনো অলপ সন্ত্ৰস্ত হৈ পৰিল। ছোৱালী তিনি গৰাকীলৈ চালো- 24 - 25 বছৰীয়া গাভৰু ।এন্ধাৰ যদিও দেখাত ধুনীয়া যেনেই লাগিল। আকৌ ভূতৰ চিন্তাটো মনলে আহিল- তিনিজনী ছোৱালী,তাতে নিজান ঠাই। কথাবোৰ সঁচা নহয়তো।?
ছোৱালীকেইজনী প্ৰয়োজনতকৈ বেছি শান্ত হৈ বহি আছিল, সেই কথাটো মোক একেবাৰে সহজ হবলৈ নিদিলে। একেবয়সৰ তিনিজনী ছোৱালী ইমান গহীন হৈ থাকিব পাৰে জানো ! মই যিমান পাৰো সিহঁতৰ পৰা আঁতৰি অট’ৰ দুৱাৰখনত চেপেটা লাগি বহি ৰ’লো আৰু মনটো প্ৰবোধ দিয়াবলে যত্ন কৰিলো ।
ছোৱালীকেইজনীক কোনোপধ্যেই অশৰীৰি বা তেনে ধৰণৰ কিবা কিবিৰ লগত মিলাব নোৱাৰি।সাধাৰণ অৱস্থাত হ'লে অলপ ৰোমাণ্টিক কল্পনাই হয়তো কৰি পেলালোহেঁতেন। কিন্তু সঁচা কথা কবলে গ'লে এই ভূতৰ কাহিনীটোৱে বৰ বেছিকৈ প্ৰভাৱ পেলাইছে মনত।নাই, এইকেইজনী ছোৱালী তেনেকুৱা একো হবই নোৱাৰে। তথাপিও মনত খুদুৱনি লাগি থাকিল, কেনেবাকে সিহঁতৰ ভৰিৰ পতা দুখন চাব পাৰিলে একেবাৰে নিসন্দেহ হব পাৰিলোহেঁতেন। চেষ্টা কৰি চালো,.. নাই মিছা, ঘিট、মিটিয়া আন্ধাৰত একো ধৰিব নোৱাৰি ৷ ই
আমাক ঠেকেচি ঠেকেচি টেম্প'খন চলি গৈ থাকিল, ওপৰত জোনৰ পোহৰ, কথকী ড্ৰাইভাৰ জন ্সম্বৱ ভাৱে নিৰব হৈ পৰিছে ৷ হয়তো মোৰ নিচিনাই তাৰ মনতো ভুতৰ ভয়ে ক্ৰিয়া কৰি তাক বোবা কৰি তুলিছে ৷ কেৱল ইঞ্জিনটো চলিছে নিৰৱতাৰ ভেঙুচালি কৰি । অলপ পাছতে আমি চ'ৰাবৰী দলংখন পাৰ হম, ওচৰ পাজৰৰ ৰাইজে সেইখিনি ঠাইত অশৰীৰি আত্মাই বিৰাজ কৰে বুলি বিশ্বাস কৰে। হঠাৎ চ'ৰাবৰী দলঙৰ জনশ্ৰুতি বিলাকৰ কথা মনত পৰি মোৰ কাণমূৰ গৰম হৈ আহিল। বুকুৰ ধপধপনি বাঢ়িবলৈ আৰম্ভ কৰিলে, জিভাখন শুকাই গ'ল। ছোৱালীকেইজনী যদি ভুত হয়, সেইখিনি ঠাইতেই ছাগে সিহঁতে নিজৰ ৰূপ দেখুৱাব। কি কৰা যায় এতিয়া? মগজটোৱে কাম নকৰা হৈ আহিল। ছোৱালীকেইজনী কিন্তু শান্ত হৈ বহি আছে, মোৰ মনৰ এই ধুমুহাৰ কোনো খবৰেই নাই।অহহ, কি সাংঘাটিক কথা এয়া! সিহঁতৰ ভয় লগা নাই কিয়? আচৰিত কথা। বৰ আচৰিক কথা ৷ চ'ৰাবৰী দলঙেদি পাৰ হওতে সকলোৰে বুকু কঁপে, কিন্তু ছোৱালীকেইজনী ইমান শান্ত কিয়? নিশ্চয় সিহঁতেই...হয় হয় সিহঁতেই…... নাই নাই আৰু নোৱাৰি...
- ‘ড্ৰাইভাৰ’... মই চিঞৰি উঠিলোঁ। ‘মোক ইয়াতে নমাই দিয়া – মই খোজকাঢ়ি যামগৈ। এইখন টেম্প'ত যাব নোৱাৰো মই।'
মোৰ চিঞৰত ড্ৰাইভাৰে হঠাতে টেম্প’খন ব্ৰেক মাৰি ৰাখি দিলে, আৰু আচৰিত হৈ মোৰ ফালে চালে।

- কি হ'ল আকৌ আপোনাৰ?
মই জপিয়াই টেম্প'ৰ পৰা নামি গ’লো।
- মই খোজ কাঢ়ি যাম। এইয়া লোৱা তোমাৰ ভাড়া।
মই খপজপাই জেপৰ পৰা নোট দুখনমান উলিয়াই ড্ৰাইভাৰৰ হাতত গুজি দিলো। লৰালৰিতে মোৰ হাতৰ পৰা খুচুৰা পইচা কেইটামান মাটিত পৰি গ’ল, তাকে বুটলিবলৈ চাপৰি দিওতেই মই জোনৰ পোহৰত ছোৱালীজনীৰ ভৰি কেইটা দেখা পালো !
হঠাতে কি হ’ল জানো, মই যেন নিজৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গ’লো, কি কৰিছো মই নিজেই কব নোৱাৰা হ’লো। নৈখনৰ চেঁচা বতাহৰ লগত ভাঁহি অহা কোনো অদৃশ্য শক্তিয়ে যেন মোক কাবু কৰি পেলালে। ক'ৰ পৰা কি হ'ল গমেই নেপালো। ... ছোৱালীকেইজনী আৰু ড্ৰাইভাৰৰ বিষ্ফোৰিত দৃষ্টিৰ সমূখতে.... এখোজ এখোজ কৈ নদীখনলৈ নামি গ’লো।
উপসংহাৰঃ-

পিছদিনা চ'ৰাবৰী দলঙৰ কাষত আৰু চাৰিটা মৃতদেহ উদ্ধাৰ হ’ল, এটা এজন অট’ চালকৰ আৰু আন তিনিটা বিশ্ববিদ্যালয়ত পঢ়ি থকা ওচৰৰ গাঁৱৰে ছোৱালী তিনিজনীৰ। পুলিচে প্ৰেমজনিত হত্যাকাণ্ড বুলি সন্দেহ কৰিলেও ওচৰ পাজৰৰ ৰাইজৰ দৃঢ় বিশ্বাস, এইয়া সেই ডাইনকেইজনীৰে কাম।
ইমান দিনে চেষ্টা কৰিও মানুহবোৰক মই যে ছোৱালী নহয় এজন মতাহে বুজাব নোৱাৰি ভীষণ আক্ষেপত নৈ পাৰত ক্ষেপ দি ৰ'লো ৷ যিকোনো প্ৰকাৰে মানুহক বুজাবই লাগিব মই যে ' 'পঞ্চম'ত দাহ সংস্কাৰ কৰা এক প্ৰেতাত্মা ৷


ghost story assamese




[[মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, ঘটনা তথা গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]
(বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)
⬇️⬇️Share button ⬇️⬇️
#তলৰ হোৱাটচএপ ফেচবুক বুটামত ক্লিক কৰি গল্পটো আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক 😊

Post a Comment

0 Comments