ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব-part1-মিষ্ট্ৰিয়াচ নাইট 10


ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 

- হেমন্ত দাস


সু বিশাল কোঠাটোৰ সোমাজতে থকা বিশাল বিছনাখনৰ চুকত ভৰি দুখন দুহাতেৰে সাৱটি কুচি মুচি নমিতা বহি আছে ৷ভয়ত তাইৰ অণ্ঠ কণ্ঠ শুকাই গৈছে ৷ আতংকত চকু বিস্ফুৰিত হৈ পৰিছে ৷ ভয়তে গোটেই মানুহ গৰাকী থৰ থৰকৈ কঁপিছে ৷ তাইৰ বিস্ফুৰিত চকু বিছনাৰ সন্মুখতে থকা 'কিং চাইজ' ড্ৰেচিং আইনা খনৰ ওপৰত ৷ তাই চিঞৰিব খুজিছে কিন্তু চিঞৰিব পৰা নাই ৷ মাথো মুখৰ পৰা এটি অস্ফুট গেঙনীহে বাহিৰ হৈছে ৷

(ছয় মাহ আগত )
এটা সুবিশাল কোঠা ৷ কোঠাটো বিজুলী বাটিৰ সলনি ৰঙা ''ইৰোকী কেণ্ডেল'ৰ পোহৰে ছাঁ পোহৰৰ এক মায়াময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ " ইৰোকী'ৰ যৌন উন্মাদক সুৱাসে কোঠাটোৰ বতাহকো যেন ৰুমাণ্টিক কৰি তুলিছে ৷ মৃদু সুৰত 'মিউজিক প্লেয়াৰ' টোত ৰোমাণ্টিক গীত বাজি আছে ৷ অভিজাত কোঠাটোৰ কিং চাইজ বেড খন এহাল ডেকা গাভৰু যৌৱনৰ উন্মাদনাত ইজনে সিজনৰ মাজত হেৰাই যোৱাৰ চেষ্টা চলাইছে ৷ বিছনাখনৰ ঠিক বিপৰীত দিশে থকা কিং চাইজ 'মিৰ'ৰ খনত সিহঁতৰ প্ৰতিবিম্ব দুটিয়ে সিহঁতক অনুসৰণ কৰিছে ৷ সিহঁতৰ দেহৰ পৰা নিগৰিত ঘামে যেন সন্মুখৰ আইনাখন তিয়াই পেলাইছে ৷ প্ৰেমত উদ্দাউল হৃদয় দুখনে তেতিয়া কল্পনাও কৰিব পৰা নাছিল যে সিহঁতৰ প্ৰতিবিম্ব আইনা খনত প্ৰতিফলিত হোৱাটোৱে সিহঁতৰ জীৱনৰ বাবে ইমান মাৰাত্মক ঘটনা হৈ পৰিব ৷ শোৱনি কোঠাৰ আইনা সদায় পৰ্দাৰে ঢাকি ৰাখিব লাগে নহ'লে অপশক্তিয়ে পায় বুলি অইন দহৰ দৰেই সিহঁতেও শুনিছিল যদিও উচ্চ শিক্ষিত হোৱা বাবে ইয়াক পুৰণি কলিয়া অন্ধবিশ্বাস বুলি সিহঁতে আওকান কৰিছিল ৷ যাৰ ফল সিহঁতে বাৰুকৈয়ে ভুগিব লগীয়া হৈছিল ৷

নমিতা বৰঠাকুৰ পৰিয়ালৰ ন- কইনা ৷ নমিতাৰ স্বামী বিপুল চৰকাৰী চাকৰিয়াল ৷ বিপুল চাকৰি সুত্ৰে ঘৰৰ পৰা আতৰি থাকিব লগা হোৱা বাবে দুয়ো সিদ্ধান্ত লৈছিল যে অন্তত সি ঘৰৰ ওচৰলৈ বদলি হৈ নহালৈকে সিহঁতে 'ফেমিলী প্লেনীং' কৰিব ৷ কিন্তু সিহঁতৰ সম্পুৰ্ণ সাৱধনতাৰ পিছতো সম্পুৰ্ণ অনাকাংক্ষিত ভাৱে নমিতা অন্ত:সত্তা হৈছিল ৷ দিন বোৰ অতিবাহিত গৈছিল ৷ নমিতাৰ গৰ্ভৰ সন্তানৰ বয়স যেতিয়া পাচঁ মাহ হৈছিল ঠিক তেতিয়াৰে পৰা হঠাৎ ঘৰখনৰ পৰিবেশ অদ্ভুত ধৰণে সলনি হৈ পৰিছিল ৷ এক কথাত দুয়োৰো জীৱন দুৰ্বিসহ হৈ উঠিছিল ৷ নমিতাই স্পষ্টভাৱে অনুভৱ কৰিছিল যে গিৰীয়েকৰ অনুপস্হিতিত ঘৰটোৰ কোঠাবোৰত কোনোবা ঘুৰি ফুৰিছিল ৷

নমিতাৰ ভাষাৰে : "যোৱা কিছুদিন ধৰি মোৰ এনে লাগে যে অকলশৰীয়া ঘৰটোত প্ৰতি মুহুৰ্তত কোনোবাই মোক অনুসৰণ কৰিছে ৷ দুটি চকুৱে যেন সকলো মুহুৰ্ততে মোক চাই থাকে ৷ এনে লাগে যেন কোনোবাই মোৰ নিচেই কাষ চাপিবলৈ চেষ্টা কৰে ৷ পিছপিনৰ পৰা মোৰ চুলিত হাত ফুৰায় ৷ কাৰোবাৰ গৰম নিশ্বাস গলৰ কাষত প্ৰায়ে অনুভৱ হয় ৷ উচপ খায় পিছলৈ ঘুৰি চাও, কিন্তু কাকো দেখা নাপাও ৷ প্ৰায়ে নিশা খকমককৈ সাৰ পাওঁ ৷ কোনোবা অদৃশ্য হাত এখন যেন মোৰ দেহত বগাই ফুৰে ৷ মোৰ স্ফীত পেটতো চেপেটা হৈ পৰে ৷ সৰু কেচুৱা এটা যেন ঠুনুক ঠানাক খোজেৰে কোঠাটোৰ মজিয়াত ঘুৰি ফুৰে ৷ মই পেটটো খেপিয়াই চাও কিন্তু মোৰ পেটত মোৰ সন্তানটো নেদেখি মই চিঞৰি উঠো ৷ পিছমুহুৰ্ততে সকলো স্বাভাৱিক হৈ পৰে ৷ "
প্ৰথম অৱস্হাত বিপুলে এয়া নমিতাৰ গৰ্ভাৱস্হাৰ ভ্ৰম বুলি ভাবি আওকান কৰিছিল ৷ গিৰীয়েকৰ অৱহেলাই নমিতাক মানসিক ভাৱে অধিক দুৰ্বল কৰি পেলালে ৷ তাইৰ মানসিক দুৰ্বলতাৰ সুযোগ সেই অপশক্তিয়ে পুৰামাত্ৰাই লৈছিল ৷ তাইৰ বাবে ৰাতিবোৰ দুৰ্বিসহ হৈ উঠিছিল ৷ ভয় আৰু চিন্তাই নমিতাক ৰোগীয়া কৰি পেলালে ৷ দুসপ্তাহৰ পিছত বিপুল ঘৰলৈ উভতি নমিতাৰ জৰ্জৰিত শৰীৰটো দেখি স্তম্ভিত হ'ল ৷এয়া যেন তাৰ নমিতা নহয় ৷ চকু কোটৰত সোমোৱা ক্ষীণকাই কোনো অচিনাকী নাৰী ৷ বিপুলক দেখা মাত্ৰকে তাক সজোৰে সাৱটি নমিতাই " বিপুল মোক বচোৱা" বুলি হুকহুকাই কান্দি পেলালে ৷ সিদিনাই সি নমিতাক চিকিৎসকৰ ওচৰলৈ লৈ গ'ল ৷ চিকিৎসকে সকলো 'নৰ্মেল' বুলি ভিটামিনৰ ঔষধ দুটামান দি সিহঁতক বিদায় দিলে ৷ নমিতাৰ অসুখ বুলি বিপুলে অফিচৰ পৰা এসপ্তাহৰ ছুটিও ল'লে ৷ বিপুলৰ মৰম আবদাৰত এসপ্তাহ কেনেদৰে পাৰ হ'ল নমিতাই গমেই নাপালে ৷

বিপুলক এয়াৰপোৰ্টত ড্ৰপ কৰি নমিতা আৰু তাইৰ বান্ধৱী স্মীতাই আজি হোটেল ডায়েনেষ্টীত নিশাৰ আহাৰ খালে ৷ গাড়ীখন গেৰাজত সুমুৱাৰ পিছত তাই ড্ৰাইভাৰ জনক বিদায় দি হাতৰ ঘড়ীটোলৈ চালে ৷ নিশা এঘাৰ বাজিছে ৷ তাই খৰখেদাকৈ ঘৰটোত সোমাল ৷ আয়নাৰ সন্মুখত ঠিয় হৈ তাই মুৰটো আচুৰিব লওতেই হঠাৎ কোঠাৰ লাইটতো নুমাই থাকিল ৷ ৰুমটো ঘিট、মিটিয়া আন্ধাৰে আৱৰি পেলালে ৷ তাই ৰুমৰ লাইটটো ফিউজ গ'ল ভাবি আয়নাৰ সন্মুখতে কিছুপৰ ঠিয় হৈ চাৰ্জাৰ লাইটটো কোনখিনিত ৰাখিছিল মনত পেলাবলৈ যত্ন কৰিলে ৷ হঠাৎ তাই তাইৰ কান্ধৰ খালি ঠাই খিনিত কাৰোবাৰ গৰম নিশ্বাস অনুভৱ কৰিলে ৷ উচপ খায় উঠিল নমিতা ৷ বিদ্যুত বেগে তাই পিছলৈ ঘুৰি চালে যদিও একো নেদেখিলে ৷ আন্ধাৰৰ মাজেৰে সন্তপৰ্ণে আগবাঢ়ি নমিতাই বেডৰ ওচৰতে থকা ৰেক খনৰ পিনে হাত বঢ়ালে ৷ কিন্তু তাইৰ হাত খন বেৰত হে পৰিল ৷ বেৰত খেপিয়াই খেপিয়াই তাই ৰেক খনৰ পিনে আগবাঢ়োতেই তাইৰ হাতখন ক্ষন্তেকৰ বাবে এটা প্ৰচণ্ড চেঁচা অথচ কোমল বস্তুৰ ওপৰত পৰিল ৷ তাই যেন গেলি পচি যোৱা শ এটাহে খুচুৰি দিলে ৷ উৎকট দু্ৰ্গন্ধৰে ঘৰটো ভৰি পৰিল ৷ তাইৰ বাৰে বাৰে উকালি আহিব ধৰিলে ৷ কোনো মতেহে বমি নোহোৱাকৈ নিজকে সম্বৰণ কৰিলে ৷ তাৰ মাজতে কোনোমতে লাইট টো জ্বলাই তাই বাথৰুমলৈ দৌৰ দিলে ৷ 
হাত মুখ ধুই আহি কোঠাটোৰ নিৰ্দিষ্ট ঠাইখিনিত গোন্ধৰ উৎসৰ বিচাৰ কৰিলে যদিও একো চকুত নপৰিল ৷ খিৰিকী এখন খুলি দিলে তাই ৷ এই খিৰিকী খন খুলি দিলে নৈৰ পিনৰ পৰা সুন্দৰ বতাহ কোঠাটোত সোমায় ৷ কিন্তু ৰাস্তাৰে পাৰ হৈ যোৱা গাড়ীবোৰৰ লাইটৰ পোহৰো পোনে পোনে সিহঁতৰ কোঠাত পৰে বাবে তাই খিৰিকীখন বন্ধ কৰি থয় ৷ আজি কিন্তু তাই খিৰিকীখন মেলি থলে ৷ এজাক কোমল বতাহে খিৰিকীৰ পৰ্দাখনত কোবাই থাকিল ৷ ৰৈ ৰৈ পাৰ হৈ যোৱা গাড়ীবোৰৰ পোহৰটো আজি তাইৰ ভাল লাগিল ৷ যেন বিপুলে পয়চাৰি কৰি তাইক পহৰা দিছে ৷ পিন্ধি থকা কাপোৰ যোৰ সলায় নাইটিতো পিন্ধি লৈ তাই বিছনাত উঠিল ৷ উফণ্ডি উঠা পেটটোত হাত ফুৰায় বিপুলৰ লগত তাইৰ অন্তৰংগ মুহুৰ্তবোৰলৈ মনত পেলাই পুলকিত হৈ উঠিল ৷

নিশা হঠাৎ বুকুত কিহবাৰ স্পৰ্শত তাই সাৰ পালে ৷ ঠিক এক মুহুৰ্তৰ আগতে যেন তাইৰ স্তন যুগল কঠিন হাত এখনে মোহাৰি আছিল ৷ আন্ধাৰৰ মাজতে তাই সন্তৰ্পণে চাৰিওপিনে চালে ৷ কাকো নেদেখি স্বস্তিৰ নিস্বাস লৈছিলহে হঠাৎ তাইৰ চকু খিৰিকীৰ ওপৰত পৰিল ৷ তাই আন্ধাৰতে অনুমান কৰিলে খিৰিকীৰ ভেণ্টেলেটৰৰ আয়নাৰ সিপাৰৰ পৰা এযোৰ চকুৱে যেন তাইলৈ ত ত কৈ চায় আছে ৷ বিছনাত জাপ মাৰি বহিল নমিতা ৷ পিছমুহুৰ্তে ৰাস্তাৰে পাৰ হৈ যোৱা গাড়ীৰ পোহৰ খিৰিকীত পৰাত তাইৰ ভ্ৰম ভাগিল ৷ তাই পুনৰ শুৱলৈ বুলি বিছনাত পৰোতেই সন্মুখৰ আয়না খনত চকু পৰিল ৷ ঘিটমিটিয়া অন্ধকাৰতো তাই তাইৰ প্ৰতিবিন্ব আইনা খনত দেখা পালে ৷ আয়নাত নিজৰ চেহেৰাটো কিবা আচহুৱা যেন লাগিল তাইৰ ৷ তাইৰ এনে লাগিল , এয়া যেন তাই নহয় ৷ কোনো অচিনাকী চকু এযোৰেহে যেন তাইলৈ চাই আছে ৷ কাপোৰ এখনেৰে আয়না খন ঢাকি দিও বুলি বিছনাৰ পৰা উঠিব খোজোতেই তাইৰ কলিজাখন জিকাৰ খায় উঠিল ৷ ই কি ! তাইৰ লগতে তাইৰ প্ৰতিবিম্বটো লৰচৰ কৰা নাই কিয় ? ই ইমান স্হিৰ কেনেকৈ ! প্ৰতিবিম্বৰ চকুযুৰিয়েচোন লৰচৰ নকৰাকৈ স্হিৰ ভাৱে তাইলৈ চাইছে .......

( আগলৈ……)

ghost story assamese




[[মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, ঘটনা তথা গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]
(বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)
#তলৰ ফেচবুক হোৱাটচএপ বুটামত ক্লিক কৰি গল্পটো আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক 😊
ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব-(দ্বিতীয় খণ্ড)

Post a Comment

0 Comments