ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 6 মিষ্ট্ৰিয়াচ নাইট 10


ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব-6

Read ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব ( পঞ্চম খণ্ড ) 
কাৰ চিঠি এয়া ? কোনে পঠালে তাইৰ ঘৰৰ ঠিকনাত ? ' ডিপ ৱেব ' ৰ সেই ক'লা মুখা পিন্ধা মানুহজনে ! কিন্তু সি তাইৰ ঠিকনা জানিলেইবা কেনেকৈ ? - কেইদিনমানৰ পৰা এইবোৰ প্ৰশ্নই জুৰুলা কৰিছে হিমাশ্ৰীক ৷ শুৱা - খোৱা একোতেই শান্তি নোহোৱা হৈছে তাইৰ ৷ স্কুটীখন লৈ যেতিয়া ঘৰৰ পৰা বাহিৰ ওলায় অচিনাকী কোনোবাই যেন তাইৰ পিছা কৰে ৷ তাই 'ৰিয়াৰ ভিউ গ্লাছ' ত দেখা পায় তাইক পিছা কৰি থকা গাড়ী খন অথবা ক'লা হেলমেট পৰিহিত আৰোহীজন ৷ আজিকালি ঘৰৰ পৰা ওলাবলৈকো ভয় লগা হৈছে তাইৰ ৷ কি ঠিক কোন মুহুৰ্তত কি বিপদে বাট ভেটি ধৰে ! ভীষণ উদ্দিগ্নতাত পাৰ কৰিছে দিনবোৰ ৷ নিজৰ ছাঁ টোকো যেন বিশ্বাস কৰিব নোৱাৰা হৈছে হিমাশ্ৰীয়ে ৷ কি ভুল কৰিলে তাই ? কিয় তাইৰ জীৱনক নিৰাপত্তা নাইকীয়া হ'ল ? কি পাঁপ কৰিছিল তাই ! যাৰ বাবে এই যাতনা ভুগিব লগীয়া হৈছে ৷ নিৰৱ নামৰ সেই লিখকজনৰ লিখনি পঢ়াটোৱে জানো তাইৰ অপৰাধ ! অইন বহুতো ছোৱালীয়েটো তাৰ লিখনি পঢ়ে ৷ অধৈৰ্য হৈ ৰৈ থাকে তাৰ প্ৰতিটো গ'ল্প পঢ়িবলৈ ৷ মাত্ৰ তাইৰ ক্ষেত্ৰতে এনেকুৱা কিয় হ'ল …… !

নিৰবেতো অইন ছোৱালীকো তাৰ চিকাৰ বনাব পাৰে ৷ কিয় নোৱাৰিব ? নিশ্চিতভাৱে পাৰে ৷ কথাষাৰ মনত খেলোৱাৰ লগে লগে হিমাশ্ৰীৰ বুকুখন ধান বনাদি বানিব ধৰিলে ৷ তাই তৎক্ষণাত পুৰণি বাতৰি কাকত কিছুমান উলিয়াই খৰখেদাকৈ পাতবোৰ লুটিয়াই কিবা বিচাৰিব ধৰিলে ৷ তাৰ পিছত বহীত কিবা কিবি টুকি ল'লে ৷


এইবাৰ হিমাশ্ৰীয়ে ফেইচবুক লগইন কৰি নিৰৱৰ টাইমলাইনত সি লিখা গল্পবোৰ এফালৰ পৰা পঢ়ি যাব ধৰিলে ৷ তাৰ প্ৰায়বোৰ গ'ল্পই অগতানুগতিক ৷ ভৌতিক গ'ল্পবোৰ পঢ়িলে সঁচা সঁচা ভাব এটাই মনত ঝুমুৰি দিয়ে ৷ যেন সম্পুৰ্ণ সঁচা ঘটনা এটাহে সি বৰ্ণনা কৰিছে ৷ অ'ত দিনে নিৰৱৰ এই লিখনিবোৰকেই তাৰ কল্পনাৰ বীজ ভাবি হিমাশ্ৰী প্ৰায় বলিয়া হৈ পৰিছিল তাৰ বাবে ৷ কিন্তু এতিয়া তাই জানে , তাই বুজি পাইছে সঁচা সঁচা লগা সেই গল্পবোৰৰ আৰৰ কাহিনী ৷ এই গ'ল্পবোৰ প্ৰকৃততে নিৰৱ বৰঠাকুৰ নামৰ সেই পিশাচটোৰ কুকৰ্মৰ একো একোটা জীৱন্ত দলিল ৷ যোৱা এপষেকত চাৰিটা গ'ল্প লিখিছে নিৰৱে ৷ হিমাশ্ৰীয়ে প্ৰথমে গ'ল্প বোৰ পষ্ট কৰা দিনবোৰৰ লগত তাইৰ বহীৰ টোকাৰ তাৰিখবোৰ মিলালে ৷ তাৰ পিছত নিৰৱৰ গ'ল্পৰ নায়িকা আৰু তাই বাতৰি কাকতৰ পৰা তাই টুকি লোৱা নিৰুদ্দেশ ঘোষিত ছোৱালীবোৰৰ নামবোৰ মিলাই চালে ৷ নিৰুদ্দেশৰ দিন আৰু ছোৱালীবোৰৰ নাম সকলোবোৰ নিয়ৰৰ গ''ল্পৰ লগত হুবহু মিলিছে ৷ তাৰমানে কি এই এটা পষেকতে চাৰিজনী ছোৱালী নিৰৱৰ চিকাৰ হ'ল ? তাইৰ বুকু কঁপি গ'ল ৷ উত্তেজনাত তাইৰ ভৰি হাত কঁপিব ধৰিলে ৷ এই মুহুৰ্তত তাই কি কৰা উচিত সিদ্ধান্ত ল'ব নোৱাৰিলে ৷ একমুহুৰ্তত তাই ঠিৰাং কৰিলে পল্লবীকে ক'ব লাগিব কথাবোৰ ৷ পল্লবীক যদি তাই ঠিকমতে বুজাব পাৰে তেন্তে পুলিচকো বুজাব পাৰিব ৷ অ' তাই পুলিচক জনাবই লাগিব কথাবোৰ ৷ সম্পুৰ্ণ তথ্যসহকাৰে জনাব তাই ৷ পুলিচেই সেই পিশাচটোত গতি লগাব পাৰিব ৷ 
পল্লবীক কল লগাও বুলি ফেইচবুকৰ পৰা হিমাশ্ৰীয়ে 'লগ আউট ' কৰিব ওলাইছিলহে মাথোঁ এনেতে এটা নতুন নটিফিকেচন আহিল "নিৰৱ বৰঠাকুৰ প'ষ্টেড… ৷ " হিমাশ্ৰীৰ আৰু বুজিবলৈ বাকী নাথাকিল ৷ তৎক্ষণাত নিৰৱৰ প্ৰফাইল খুলিলে তাই ৷ এটা কবিতাৰ পংক্তি পোষ্ট কৰিছে নিৰৱে -

" কোনে ফিচকাৰি মাৰিলে 
মুঠি মুঠি শুণ্যৰ গালত
ফুটুকী হৈ পৰিল আকাশৰ দাপোন 
বুকুৰ একোণত বাঢ়ি আহে সুখ অঞ্জলী 
অকালতে মৰহি গ'ল এটি আলফুলীয়া সপোন 
লুইতৰ বালিচৰত আৱদ্ধ হৃদয় 
কাঁচৰ ফুৰফুৰীয়া চৌপাশত 
ৰঙা নীলা হালধীয়া বেলুন … ৷"

তাইৰ নিজ অভিজ্ঞতাৰ পৰা যি বুজিছে নিৰৱে কল্পনাৰ পৰা একো নিলিখে ৷ তাৰ লিখনিৰ প্ৰতিটো শব্দই একো একোটা ৰুঢ় বাস্তৱ ৷ প্ৰথম দৃষ্টিত কবিতাৰ পংক্তিটোৰ পৰা একো বুজিব নোৱাৰিলে হিমাশ্ৰীয়ে ৷ কিন্তু তাইৰ দৃঢ় বিশ্বাস নিৰৱে নিশ্চয় কবিতাৰ পংক্তিটোৰ মাজেৰে কিবা বুজাইছে ৷ পংক্তিকেইটা বাৰে বাৰে পঢ়িব ধৰিলে তাই ৷ আৰু এটা সময়ত পংক্তিটোৰ সকলো সাথঁৰ ভাঙি পেলালে তাই -

"কোনে ফিচকাৰি মাৰিলে 
মুঠি মুঠি শুণ্যৰ গালত 
ফুটুকী হৈ পৰিল আকাশৰ দাপোন ৷" - মানে এইমুহুৰ্তত পুনৰ কাৰোবাৰ তেজেৰে নিৰৱৰ কোঠাৰ সেই আয়নাবোৰ ৰাঙলী হৈ পৰিছে ৷ কিন্তু কাৰ ? ক'ত ? তাই আগলৈ পঢ়ি গ'ল -


" বুকুৰ একোণত বাঢ়ি আহে সুখ অঞ্জলী 
অকালতে মৰহি গ'ল এটি আলফুলীয়া সপোন 
লুইতৰ বালিচৰত আৱদ্ধ হৃদয় 
কাঁচৰ ফুৰফুৰীয়া চৌপাশত 
ৰঙা নীলা হালধীয়া বেলুন … ৷" - মানে অঞ্জলী নামৰ কোনো গাভৰু আকৌ তাৰ প্ৰেমত পৰি প্ৰতাৰিত হৈ কাঁচৰ মাজত আবদ্ধ হৈ পৰিল ৷ কিন্তু কোন এই অঞ্জলী ? ৰঙা নীলা হালধীয়া বেলুন বুলি নিৰৱে কি বুজাইছে ? অঞ্জলী নামৰ সেই ছোৱালীজনী এতিয়াও জীৱিত নে ? যদি হিমাশ্ৰীৰ ধাৰণা সঁচা হয় তেন্তে অঞ্জলী নিশ্চয় এতিয়াও জীয়াই আছে ৷ শীঘ্ৰেই তাইৰ পৰিচয় উলিয়াব পাৰিলে নিশ্চিত ভাৱে তাইক বচাব পৰা যাব ৷ হিমাশ্ৰীয়ে বলিয়াৰ দৰে নিৰৱৰ বন্ধু তালিকাত অঞ্জলী নামৰ ছোৱালী বিচাৰিব ধৰিলে ৷ তাৰ বন্ধুৰ তালিকাত বিশজনী মান অঞ্জলী ৷ অঞ্জলী ডেকা , অঞ্জলী বেজবৰুৱা , অঞ্জলী বৰুৱা , অঞ্জলী ডে … কিমান যে অঞ্জলী ৷ ইমানবোৰ অঞ্জলীৰ মাজত তাই বিচৰা অঞ্জলী জনীক কেনেকৈ বিচাৰি উলিয়াব তাই ? হিমাশ্ৰীৰ মগজু ৰ ক্ৰিয়া যেন বন্ধ হৈ পৰিছে ৷ তাই মাথো যন্ত্ৰৰ তীব্ৰতাৰে ইজনীৰ পিছত সিজনীৰ প্ৰ'ফাইল চাইছে ৷ অৱশেষত ফুটফুটীয়া স্কাৰ্ট পৰিহিত ষোল্ল সোতৰ বছৰীয়া এজনী অঞ্জলীৰ ওপৰত তাইৰ চকু স্হিৰ হ'ল ৷ নিৰৱৰ কবিতাৰ পংক্তিটোৰ " ৰঙা নীলা হালধীয়া বেলুন … " ৰ অৰ্থ বুজি পালে হিমাশ্ৰীয়ে ৷ অঞ্জলীৰ ডে নামৰ সেই ছোৱালীজনীৰ প্ৰফাইলত তাইৰ মোবাইল নম্বৰ দিয়া আছিল ৷ হিমাশ্ৰীয়ে ফোন লগালে ৷ কিছু সময় ৰিং কৰাৰ পিছত কলটো ৰিচিভ হ'ল ৷ লগে লগে সিমুৰৰ পৰা এটা কাতৰ মাত ভাহি আহিল " হেল্ল' … এই পিশাচটোৰ পৰা মোক বচাওক প্লীজ ৷ এই ৰাক্ষসটোৱে মাৰি পেলাব মোক ৷ মই ব্ৰহ্মপুত্ৰ…… ৷" ফোন কলটো আধাতে কাটি গ'ল যদিও হিমাশ্ৰীয়ে ভালকৈ বুজিলে ছোৱালীজনীয়ে কি ক'ব বিচাৰিছিল ৷ হিমাশ্ৰীয়ে পুনৰ কল লগালে ৷ ৰিং হৈ হৈ এইবাৰ ফ'নটো কাটি গ'ল ৷ তাই তৎক্ষণাত পল্লবীলৈ ফোন লগায় সকলো কথা বুজায় ক'লে ৷ পল্লবীক পুলিচক লগত লৈ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই বিশেষ ঠাইখনলৈ আহিব কৈ স্কুটীখন ষ্টাৰ্ট দি তাই নিজেও বিজুলীবেগে ৰাওনা হ'ল ৷

চাৰিওপিনে আয়নাৰে আৱৰা কোঠা এটাৰ মজিয়াত অঞ্জলী পৰি আছে ৷ তাইৰ হাত, ভৰি, মুখ বন্ধা ৷ গাত বস্ত্ৰ বুলিবলৈ মাথোঁ অন্তৰ্বস্ত্ৰ দুটা ৷ তাইৰ পৰা কিছু আঁতৰত ডাঙৰ আয়না এখনৰ সমুখত ঠিয় হৈ নিৰৱে কিবা ভোৰভোৰাইছে ৷ কিছুসময় পিছত সি পেণ্টৰ জেপৰ পৰা ধাৰাল ছুৰী এখন উলিয়াই অঞ্জলীৰ ওচৰলৈ আহিল ৷ অঞ্জলীয়ে ভয়তে চটফটালে ৷ তাই পাৰ্যমানে চিঞৰিব খোজিলে যদিও তাইৰ মুখ বন্ধা থকা বাবে মাথো গেঙনী এটাহে ওলায় আহিল ৷ নিৰৱে তাইৰ গাৰ একমাত্ৰ বস্ত্ৰ দুটা কাটি আঁতৰাই পেলালে ৷ সম্পুৰ্ণ নিবস্ত্ৰ হৈ পৰিল অঞ্জলী ৷ লাজত তাই কোচ মোচ খালে ৷ আগন্তুক বিপদৰ কথা ভাবি নি:সহায় ছোৱালীজনীৰ দুচকুৰে ধাৰাষাৰে চকুপানী নিগৰিব ধৰিলে ৷ নিৰৱে তাইৰ উৰুৰ কাষৰ কোমল অংশত ছুৰীখনেৰে ৰেপি দিলে ৷ যন্ত্ৰণাত ধৰফৰাই উঠিল অঞ্জলী ৷ নিৰৱে তাইৰ যন্ত্ৰনালৈ ভ্ৰুক্ষেপ নকৰি সোঁহাতখনেৰে অ়ঞ্জলীৰ ক্ষতস্হানত ধৰি থাকিল ৷ লগে লগে হাত খন তেজেৰে ৰাঙলী হৈ পৰিল নিৰৱৰ ৷ সি পুনৰ আয়নাৰ ওচৰলৈ গৈ কিবা ভোৰভোৰালে ৷ তাৰ পিছত তেজ সংপৃক্ত হাতখন আয়নাৰ ওপৰত ৰাখিলে ৷ কিছু সময়ৰ নিস্তব্ধতা ৷ কুমাৰী গাভৰুৰ গোপন অংগৰ পৰা নিৰ্গত তেজৰ গোন্ধত হঠাৎ যেন আয়নাবোৰ জীৱন্ত হৈ পৰিল ৷ নিৰৱে হাত থোৱা আয়নাখনত তাৰ হাতৰ বিপৰীতে বহুবোৰ হাতৰ প্ৰতিবিম্ব দেখা দিলে ৷ নিৰৱৰ দুচকু তিৰবিৰাই উঠিল ৷ সি আয়নাখনলৈ আকুল ভাৱে চালে ৷ যেন তাৰ বুকুৰ কুটুম কাৰোবাকহে আয়নাত দেখিছে সি ৷ লাহে লাহে নিৰৱৰ প্ৰতিবিম্বটোৰ ছবি সলনি হৈ আহিল ৷ তাৰ তেজ ৰঙা শৰীৰটো ক্ৰমাৎ ক'লা পৰি আহি এটা সময়ত সম্পুৰ্ণ ছাঁ এটাৰ আকৃতি ল'লে ৷ মাথোঁ ৰঙা চকু দুটিহে ত ত কৈ জ্বলি থাকিল ৷ যেন জ্বলন্ত কয়লাৰ টুকুৰা দুটাহে ৷

নিৰৱ খৰখেদাকৈ অঞ্জলীৰ ওচৰলৈ আহিল ৷ সি তাইৰ বান্ধোনবোৰ মোকলাই দিলে ৷

: পিশাচ ৷ তোৰ আচল চৰিত্ৰ জানিলে মই কেতিয়াও তোক লগ কৰিবলৈ নাহিলোহেঁতেন ৷ - অঞ্জলীয়ে গৰজি উঠিল ৷

: হা হা হা তহঁতৰ দৰে মুৰ্খ ছোৱালীবোৰে কেতিয়াও মোক নিচিনিবি ৷ মইতো সদায় মোৰ চৰিত্ৰ, মোৰ কৰ্ম সকলোবোৰ ফেইচবুকত লিখিয়ে আহিছো ৷ তহঁতেহে তাত ৰোমা়ঞ্চ , থ্ৰিল বিছাৰি পাইছ ৷ তই নিজে নিজে আহি মোৰ জালত ভৰি দিছ ৷ তোৰ নিচিনা বহুতেই মোৰ জালত পৰিছে ৷ বহুত পৰিব ৷ তহঁতক জীৱনত থ্ৰিল লাগে, আজি জীৱন সম্পুৰ্ণৰুপে উপভোগ কৰিব পাৰিবি ৷ - এটা অট্টহাস্য মাৰি নিৰৱে ক'লে ৷

আয়নাৰ ভিতৰৰ পৰা ছাঁ মুৰ্তিটোৱে সিহঁতলৈ চায় আছে ৷ তাৰ জ্বলন্ত কয়লাযেন দক দকীয়া চকুদুটা বেছি উজ্বল হৈ পৰিছে ৷ সি যেন অধৈৰ্য হৈ পৰিছে ৷ আয়নাখনত চকু পৰাত নিৰৱ কিছু সন্তস্ত্ৰ হ'ল ৷ সি কোঠাটোৰ পৰা লৰ মাৰিলে ৷ পিছে পিছে চিঞৰ মাৰি অঞ্জলীও পলায় যাব খুজিছিল ৷ দুৱাৰৰ ওচৰৰ পৰা নিৰৱে তাইক প্ৰচণ্ড গটা মাৰি কোঠাটোৰ মজিয়াত পেলায় দি দুৱাৰখন বাহিৰৰ পৰা বন্ধ কৰি দিলে ৷ ক্ষন্তেক পিছতে কোঠাটোৰ পৰা মৰণ কাতৰ চিঞৰ ভাহি আহিল ৷

ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্জন বাটটোৰে তীব্ৰ বেগে স্কুটী চলায় হিমাশ্ৰী আগবাঢ়িছে ৷ হঠাৎ সমুখৰ ফালৰ পৰা অহা হিমশীতল বতাহ এছাটিয়ে তাইক কোবাই গ'ল ৷ একেসময়তে সম্পুৰ্ণ চিনাকী গোন্ধ এটা তাইৰ নাকত লাগিল ৷ তাই ঘপহকৈ ব্ৰেক মাৰি স্কুটীখন ৰখালে ৷ নিৰৱ ! এয়া নিৰৱৰ দেহৰ গোন্ধ ৷ তাই ভালকৈ চিনি পায় এই গোন্ধ ৷ যদি এয়া নিৰৱৰ দেহৰ গোন্ধ তেন্তে অঞ্জলী ক'ত ? নিৰৱে তাইক ইতিমধ্যে হত্যা কৰিলে নেকি ? ভয়ত হিমাশ্ৰীৰ কলিজা কঁপি উঠিল ৷ তাই স্কুটীৰ গতি বঢ়াই দিলে ৷

হিমাশ্ৰী ঘটনাস্হলী পোৱাৰ আগতেই বহুত মানুহ গোট খাইছিল তাত ৷ ইকৰা বাৰী খনৰ এটা চুকত উচ্চপদস্হ পুলিচ বিষয়া দুজনৰ লগত পল্লবী ঠিয় হৈ আছিল ৷ হিমাশ্ৰী পোনে পোনে সিহঁতৰ ওচৰলৈ গ'ল ৷ তাই পল্লবীৰ চকুলৈ চালে , পল্লবীয়ে তাইক ইকৰাবাৰীখনৰ বিশেষ ঠাই এটুকুৰালৈ আঙুলিয়াই দেখুৱালে ৷ তেজেৰে লুটুৰী পুটুৰী হৈ অঞ্জলী পৰি আছে ৷ তাইৰ দুয়ো ভৰি মেলখাই আছে ৷ তাই জীৱনৰ শেষ বিন্দু থকালৈ ধৰ্ষিত হৈছিল বুলি মৃতদেহ দেখিলেই অনুমান কৰিব পাৰি ৷ হিমাশ্ৰী অলপ আগুৱাই যাব খোজোতেই পল্লবীয়ে তাইৰ হাতত থাপ মাৰি ধৰি বাধা দিলে ৷ হিমাশ্ৰীয়ে পুনৰ অঞ্জলীৰ নিথৰ দেহটোলৈ চালে ৷ দুজনমান স্হানীয় নিউজ চেনেলৰ সংবেদনহীন কেমেৰামেনে তাইৰ উলংগ দেহটোৰ বিভিন্ন দিশৰ পৰা জুম কৰি কৰি ভিডিঅ কৰাত ব্যস্ত ৷ তাইৰ নাঙঠ দেহটোৰে বেপাৰ কৰাৰ প্ৰতিযোগিতাত নামিছে সিহঁত ৷ অঞ্জলীৰ মৃতদেহৰ কাষত থিয় হৈ দুজনমান সাংবাদিকৰুপী নৰাধমে চিঞৰি চিঞৰি বাতৰি পৰিবেশন কৰি সিহঁতৰ প্ৰভুৰ চেনেলৰ টি আৰ পি বঢ়াইছে ৷ ভগবানে নকৰক কেতিয়াবা যদি সিহঁতৰ মাক ভনীয়েকৰ এই গতি হয় তেতিয়াও এই মানসিকতাই দেখুৱাব নে সিহঁতে ?

" আপোনালোক আমাৰ সৈতে অলপ থানালৈ বলকচোন ৷ " - যুৱ পুলিচ বিষয়া এজনৰ অনুৰোধত হিমাশ্ৰীৰ চিন্তাত যতি পৰিল ৷ পল্লবীক লগত লৈ বিষয়াজনৰ সৈতে থানালৈ ৰাওনা হ'ল তাই ৷

সিহঁত যেতিয়া আহি ঘৰ সোমায় স্হানীয় নিউজ চেনেল বোৰত অঞ্জলী ডে ধৰ্ষণ আৰু হত্যাক লৈ সৰব চৰ্চা চলিছে ৷ হিন্দুৱে মুছলমানক আৰু মুছলমানে হিন্দুক দোষাৰুপ কৰিছে ৷ অঞ্জলী ডে নামৰ ছোৱালীজনী বঙালী সম্প্ৰদায়ৰ হোৱাৰ অজুহাতত অথবা কোনো সম্প্ৰদায়ৰ তুষ্টিকৰণৰ স্বাৰ্থত আজি হিন্দুক নানানতা ভাগত ভাগ কৰা হৈছে ৷ জীৱনত প্ৰথম বাৰলৈ কিছুমান শব্দ শুনিছে অসমীয়া হিন্দু , বঙালী হিন্দু ,ভাৰতীয় হিন্দু , বাংলাদেশী হিন্দু ৷ হিন্দু ধৰ্মৰ লগত কেতিয়াৰ পৰা মানুহৰ ভৌগোলিক অৱস্হিতিতিৰ লগত সংপৃক্ত হ'ল ? যিদৰে মুছলমান সকল পৃথিৱীৰ সকলো ঠাইত মুছলমান ৷ খ্ৰীষ্টান সকল পৃথিৱীৰ সকলো ঠাইত মাথো খ্ৰীষ্টান ঠিক তেনেদৰে হিন্দু সকল পৃথিৱীৰ সকলো ঠাইত কেৱল হিন্দু হ'ব নোৱাৰে কিয় ? ইয়ো এক ষড়যন্ত্ৰ ৷ হিন্দু বিৰোধী ষড়যন্ত্ৰ ৷ সমাজ বিজ্ঞানত পঢ়িছে হিমাশ্ৰীয়ে এইবোৰৰ বিষয়ে ৷ভীষণ বিৰক্তিত হিমাশ্ৰীয় চেনেলটো সলনি কৰিলে ৷ মগজু বিক্ৰী কৰি খোৱা বেশ্যা ( হিমাশ্ৰীহঁতে নিউজ চেনেলৰ বুদ্ধিজিৱী কেইটাক সেই বিশেষণেৰেই বিভুষিত কৰে ৷ সিহঁতৰ মতে বেশ্যাই পেটৰ তাড়নাত শৰীৰ বিক্ৰী কৰে ৷ নিউজ চেনেলৰ এই তথাকথিত বুদ্ধিজীৱি কেইটাই পেটৰ তাড়নাত মগজু বিক্ৰী কৰে ৷ গতিকে সিহঁতৰ মতে এইলোক সকলো একো একোজন বেশ্যা ৷ সম্ভ্ৰান্ত বেশ্যা ৷ ) দুজনমানে ধৰ্ষণকাৰী , হত্যাকাৰী, উগ্ৰপন্হীৰ কোনো ধৰ্ম নাই বুলি টেঁটুফালি চিঞৰিছে ৷ এই সুবিধাবাদী লম্পট কেইজনক হিমাশ্ৰী হঁতে চকুৰ কোণেৰে দেখিব নোৱাৰে ৷ হিমাশ্ৰীৰো মন যায় কেতিয়াবা নিউজ ষ্টুডিঅ'ত তেওঁলোকৰ সৈতে মুখামুখিকৈ বহি তৰ্ক কৰিব ৷ তাইৰ ক'ব মন যায় চিঞৰি চিঞৰি ক'ব উগ্ৰপন্হী , ধৰ্ষণকাৰী, হত্যাকাৰীৰ কোনো ধৰ্ম নাই বুলি চিঞৰা এই মানুহকেইজনৰ দুমুখীয়া চৰিত্ৰ (আচল চৰিত্ৰ ) জানিব বিচাৰিছে যদি যিকোনো এজন মুছলমান উগ্ৰপন্হী বা ধৰ্ষণকাৰীৰ মৃতদেহ কবৰ নিদি জ্বলাই দিয়ক ৷ গম পায় যাব সিহঁতৰ ধৰ্ম আছে নে নাই ৷ একেতা সুত্ৰ হিন্দু , খ্ৰীষ্টানকে ধৰি সকলো ধৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব ৷ মই বিশ্বাস কৰো যে মানুহৰ মাজত জীৱন হেৰুৱাৰ ভয়তকৈ ধৰ্ম হেৰুৱাৰ ভয় বহু লাখ গুণ বেছি ৷ এজন হিন্দুৱে মৃত্যুৰ পিছত কবৰস্হ হ'ব নিবিচাৰাৰ দৰে এজন মুছলমান বা খ্ৰীষ্টিয়ান লোকেও কোনো পধ্যে চিতাত উঠিব নিবিচাৰিব ৷ গতিকে উপৰুক্ত অপৰাধ কাৰীক আইনী শাস্তি পোৱাৰ পিছত সকলো ধৰ্মই যদি বৰ্খাস্ত কৰে(জীৱিত অৱস্হাত) আৰু তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ শেষকৃত তেওঁৰ ধৰ্মৰ সম্পুৰ্ণ বিপৰীত ভাৱে কৰা হয় তেন্তে হয়তো ধৰ্ষণকাৰী আৰু উগ্ৰপন্হীৰ সংখ্যা কিছু কমিব ৷ কিন্তু তাইৰ কথা কোনে শুনিব ? তাই যে এজনী তেনেই সাধাৰণ মধ্যবিত্ত ঘৰৰ ছোৱালী ৷

Post a Comment

1 Comments