ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব ( পঞ্চম খণ্ড ) মিষ্ট্ৰিয়াচ নাইট 10

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব 

( পঞ্চম খণ্ড )

Read  ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব( 4 খণ্ড )
হিমাশ্ৰীয়ে গৈ পুলিচ থানাত সকলো জনালে ৷ বিশ্বাস অবিশ্বাসৰ দোমোজাৰ মাজত এজন পুলিচ বিষয়া আৰু দুজনমান চিপাহী হিমাশ্ৰীৰ সৈতে আহি ঘটনাস্হলী পালে ৷ কিন্তু সকলোকে আচৰিত কৰি ঠাইখন কেৱল মাত্ৰ ইঁকৰা বনেৰে ভৰি আছিল ৷ হিমাশ্ৰীয়ে কোৱাৰ নিচিনাকৈ তাত কোনো ঘৰ বা বা সন্দেহজনক একো নাছিল ৷ মিছাতে পুলিচৰ সময় নষ্ট কৰা বুলি হিমাশ্ৰীক ধমক দি পুলিচকেইজন যাবলৈ ওলাল ৷ হিমাশ্ৰীয়ে যেন নিজ চকুকে বিশ্বাস কৰিব নোৱাৰিলে ৷ সচাঁকৈয়ে ঠাইখনত ইঁকৰাৰ বাহিৰে একোকে নাছিল ৷ তাই বিষয়াজনক তাইৰ সৈতে কি হৈছিল বাৰে বাৰে কৈ ঠাইখন ভালকৈ পৰীক্ষা কৰিবলৈ অনুৰোধ জনালে ৷ কিন্তু বিষয়াজনে তাইক ভেকাহি মাৰি তাৰ পৰা গুছি গ'ল ৷ লাজ অপমান আৰু হতাশাত জৰ্জৰিত হিমাশ্ৰীয়ে ৰাস্তাৰ ওপৰতে বহি হুকহুকাই কান্দিব ধৰিলে ৷

ঘৰলৈ উভতি তাই বান্ধবী পল্লৱীক কথাবোৰ ক'লে ৷ … কিন্তু তাইক আচৰিত কৰি পল্লৱীয়ে ক'লে যে আজি সন্ধিয়া নিৰৱ ফেইচবুকত অনলাইন আছিল ৷ আনকি তেওঁ এটা নতুন গল্পও পোষ্ট কৰিছে ৷ যিটো গল্প ঠিক হিমাশ্ৰীয়ে কোৱা ধৰণৰ ৷ পল্লৱীয়ে গল্পটো পঢ়াৰ পিছত হিমাশ্ৰীৰ ভ্ৰমহোৱা বুলিয়ে কথাটো উৰুৱাই দিলে ৷ কিন্তু হিমাশ্ৰী ! তাই কেনেকৈ পাহৰি যায় মৃত্যৰ দুৱাৰদলিৰ পৰা উভতি অহা সেই অভিজ্ঞতা ? তাই তৎক্ষণাত ফেইচবুক খুলি নিৰৱৰ পোষ্ট বিচৰাত লাগিল ৷ মানুহজনৰ ফেইচবুক ৱালখন অইনৰ টেগেৰে ভৰ্তি ৷ কিছুসময় বিচৰাৰ পিছত তাই নিৰৱৰ ফেইচবুক ৱালত গল্পটো বিচাৰি পালে ৷ গোটেই গল্পটো তাই একে উশাহতে পঢ়ি শেষ কৰিলে ৷ হুবহু আজি সন্ধিয়াৰ ঘটনাটোকে লিখিছে সি ৷ তাই পোষ্টটো লিখাৰ সময় চালে ৷ ছয় বাজি সোতৰ মিনিট৷ হিমাশ্ৰীয়ে মনত পেলালে ৷ ঠিকেইটো মনত আছে তাইৰ সকলোবোৰ কথা ৷ সেই সময়ত নিৰৱে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গাড়ী চলায় আছিল ৷ তেন্তে ? সেইজন নিৰৱে কেনেদৰে গল্প পোষ্ট কৰিলে ! তাই সন্দেহ বশত গল্পটোত অনুৰাগীয়ে কৰা কমেণ্টবোৰ চাই গ'ল ৷ প্ৰায়বোৰ অনুৰাগীৰ কমেণ্টত সঁহাৰি জনাইছে নীৰৱে ৷ কিন্তু কিদৰে ? তাইৰ লগত থকা মুহুৰ্ততটো এবাৰো মোবাইল ফোন উলিওৱা নাছিল নিৰৱে ৷ তেন্তে ? সঁচাকৈ তাইৰ ভ্ৰম হ'ল নেকি ? নে কোনো মানসিক ৰোগত ভুগিছে তাই?

হিমাশ্ৰীৰ ফেইচবুক ইনবক্সত এটা মেচেজ আহিল ৷ খুলি চালে ৷ প্ৰেৰকৰ কোনো নাম নাই ৷ কেৱল এটা লিংক আহিছে " দ্যা হিউমেন এক্সপেৰিমেণ্ট এণ্ড দ্যি ফেমাচ ৰাইটাৰ " ৷ এইটো আকৌ ধৰণৰ লিংক ! কোনে পঠালে ? কি এই হিউমেন এক্সপেৰিমেণ্ট ৷ কোন এই ফেমাচ ৰাইটাৰ ? নীৰৱ ! লিংকটো ক্লীক নকৰাকৈ নোৱাৰিলে হিমাশ্ৰীয়ে ৷ লগে লগে লিখা আহিল ' ৱেলকাম টু ডিপ ৱেব ' ৷ কিছুসময় পিছত 'দ্যা অনিয়ন ৰুট ' নামৰ এটা ৱেব পেজ খোল খালে ৷ য'ত প্ৰথমতেই লিংক এটা দিয়া আছিল ' দ্যা কিলাৰ ৰাইটাৰ ' ৷ হিমাশ্ৰীৰ মনৰ উৎসুকতা বাঢ়ি গ'ল ৷ কি এই কীলাৰ ৰাইটাৰ ? মনৰ উৎসুকতা দমাব নোৱাৰি তাই পুনৰ লিংকটো ক্লীক কৰিলে ৷ লগে লগে সামান্য কঁপনি এটা মাৰি তাইৰ কম্পিউটাৰৰ স্ক্ৰীনখন ক'লা হৈ পৰিল ৷ প্ৰায় পাঁচমিনিট সময় তাইৰ স্ক্ৰীনখন ক'লা হৈ থকাৰ অন্তত স্ক্ৰীনৰ সোঁপিনে এটা পপ আপ জিলিকি উঠিল ৷ লগে লগে এটা মেচেজ আহিল তাত ' হাই হিমাশ্ৰী ' ৷ তাই আচৰিত হ'ল ৷ তাইৰ নাম কেনেকৈ জানে এই অচিনাকী ব্যক্তিজনে ? তাই প্ৰতোত্তৰ দিলে " হু ইজ দিজ " ৷ পুনৰ তাইৰ কম্পিউটাৰৰ স্ক্ৰীনখন সম্পুৰ্ণ ক'লা হৈ পৰিল ৷ মাথো মাজে মাজে কম্পিউটাৰটো সামান্য জোঁকাৰনি মাৰি থাকিল ৷ হিমাশ্ৰীৰ চকু মনিটৰত স্হিৰ হ'ল ৷ ক'লা ৰংটো লাহে লাহে তাইৰ ভাল লাগি আহিব ধৰিলে ৷ তাই লক্ষ্য কৰিলে ক'লা স্ক্ৰীনখনৰ সিটোপাৰৰ পৰা যেন কোনোবাই তাইলৈ চায় আছে ৷ যেন বহু দিনৰ চিনাকী কোনোবা ৷ তাই মনিটৰ খনৰ নিচেই ওচৰলৈ গৈ জুমি চালে ৷ হঠাৎ স্ক্ৰীনখনত ক'লা মুখা পিন্ধা চেহেৰা এটা জিলিকি উঠিল ৷ ঘটনাৰ তাৎক্ষণিকতাত ইমান পৰে মনিটৰৰ নিচেই ওচৰৰ পৰা জুমি চাই থকা হিমাশ্ৰী চমক খায় উঠিল ৷ তাইৰ কম্পিউটাৰৰ ৱেব কেম নিজে নিজেই চলিব ধৰিলে ৷ সিপিনৰ পৰা মানুহজনে কলে, " ৱেলকাম টু ডাৰ্ক ৱাৰ্লড হিমাশ্ৰী ৷" মানুহ জনৰ মাতটো একেবাৰেই সামান্য ব্যক্তিৰ দৰে নহয় ৷ সি ভইচ মডিউলেটৰ ব্যৱহাৰ কৰা যেনহে তাইৰ অনুমান হ'ল হিমাশ্ৰীৰ ৷ মাথো কেইটামান মুহুৰ্ত ৷ এক চিনাকী সুগন্ধি আহি হিমাশ্ৰীৰ নাকত লাগিল ৷ তাই মনত পেলাব যত্ন কৰিলে ক'ত পাইছিল এই সুগন্ধি ! নিৰৱ ৷ সন্ধিয়া নিৰৱে ঘঁহিছিল এই সুগন্ধি ৷ কিন্তু … ? তাইৰ বুকু চমকি উঠিল ৷ ভয়াৰ্তভাৱে চাৰিওঁপিনে চালে তাই ৷ তাইৰ বাহিৰে কোনোৱেইটো নাই কোঠাটোত ৷ তেন্তে নীৰৱৰ দেহৰ এই সুগন্ধি … ! তাই পপ আপটো বন্ধ কৰিব খোজিলে ৷ কিন্তু সফল নহ'ল ৷ এইবাৰ তাই পেজটো বন্ধ কৰিব খোজিলে ৷ কিন্তু এয়া কি ! তাই বাৰে বাৰে চেষ্টা কৰিও পেজটো চোন বন্ধ কৰিব পৰা নাই ৷ মাথো পেজটোত এটা বাক্য জিলিকি উঠিছে 'ইউ আৰ ট্ৰেপড ইন দ্যি ডাৰ্ক ৱৰ্লড , ন' গইং বেক প্লীজ ৷' ভয়ত তাইৰ অণ্ঠ কণ্ঠ শুকাই গ'ল ৷ তাই ঘামিব ধৰিলে ৷ তাইৰ হাত ভৰি কঁপিব ধৰিলে ৷ তাই বিভিন্ন ধৰণে পেজটো বন্ধ কৰিবলৈ যত্ন কৰি অপাৰগ হৈছে ৷ মাথো বাৰে বাৰে লিখা আহিছে 'ন গইং বেক প্লীজ ' ৷ এইবাৰ হিমাশ্ৰীয়ে কম্পিউটাৰৰ পাৱাৰ চুইচ্চত আঙুলি দিলে ৷ লগে লগে কোনোবাই তাইৰ হাতখন টানি আনিলে ৷ মনিটৰত লিখা আহিল 'ন এচকেপ প্লীজ '৷ তাই কম্পিউটাৰটো চুইচ্চ অফ কৰিবলৈ পুনৰ চেষ্টা কৰিলে ৷ কিন্তু এইবাৰ কোনো অদৃশ্য শক্তিয়ে তাইক জপতিয়াই ধৰিলে ৷ সুগন্ধিটো নিচেই কাষৰ পৰা তাইৰ নাকত লাগিল ৷ তাইৰ মুখৰ পৰা ওলায় আহিল 'নিৰৱ… ' ৷ হাতখন তাইৰ দেহত বগাব ধৰিলে ৷ তাই প্ৰাণপণে হাতখনৰ পৰা নিজকে বচাবলৈ যুঁজ দিলে ৷ কিন্তু হাতখন ইতিমধ্যে তাইৰ বস্ত্ৰ ভেদ কৰি ভিতৰলৈ সোমায় গৈছে ৷ গাৰ সৰ্ব শক্তিৰে যুঁজিও তাই হাতখনক বাধা দিব পৰা নাই ৷ হঠাৎ তাই কিবা এটা ভাবি নিজকে সম্পুৰ্ণভাৱে হাতখনৰ ওচৰত সমৰ্পণ কৰিলে ৷ এইবাৰ যেন হাতখন কিছু শান্ত হ'ল ৷ সি ধীৰ গতিৰে তাইৰ গাভৰু শৰীৰটো খেপিয়াই ফুৰিলে ৷ হিমাশ্ৰীয়ে স্পষ্টভাৱে অনুভৱ কৰিলে কোনো পুৰুষে তাইক কঠিন বাহুবন্ধনত লবলৈ চেষ্টা কৰিছে ৷ ৷ তাইৰ গাভৰু অংগৰ স্পৰ্শত উত্তেজিত হৈ পৰা তাৰ শৰীৰৰ ঘন ঘন উশাহ তাই গলৰ পিছপিনে অনুভৱ কৰিছে ৷ 
: ' নিৰৱ মোক দুবাহুত আঁকোৱালী লোৱা প্লীজ ' হিমাশ্ৰীয়ে ক'লে ৷ 
লগে লগে হাত খন ৰৈ গ'ল ৷ কিছুসময়ৰ নিৰৱতা ৷ কেইমুহুৰ্তমানৰ জড়তা ৷ হিমাশ্ৰীয়ে অনুমান কৰিলে কোনোবা এজন তাইৰ সমুখলৈ আহিব ধৰিছে ৷ হঠাৎ হাতখনে তাইক এৰি দিলে ৷ সেই সুযোগতে তাই সমুখৰ কম্পিউটাৰটোত প্ৰচণ্ড গোৰ সোধালে ৷ লগে লগে কম্পিউটাৰটো মজিয়াত বাগৰি ভাঙি বন্ধ হৈ থাকিল ৷ চকুৰ প্ৰচাৰতে সকলো স্বাভাৱিক হৈ উঠিল ৷

হিমাশ্ৰীয়ে ভালকৈ বুজিলে যে এই বিষয়ে কাকো একো কৈ কোনো লাভ নাই ৷ এইবোৰ কথা কৈ ফুৰিলে মানুহে তাইক মানসিক ৰুগী হিচাপেহে স্বীকৃতি দিব ৷ তাই নীৰৱৰ ফেইচবুকৰ প্ৰ'ফাইল চালে ৷ সি ইতিমধ্যে " দ্যা ডাৰ্ক ৱাৰ্লড " নামেৰে এটা নতুন ষ্টৰী পোষ্ট কৰিছে ৷

এই ঘটনাৰ সোঁতৰ দিনৰ পিছত তাইৰ নামত তাইৰ ঘৰলৈ এখন চিঠি আহিল ৷ প্ৰেৰকৰ নাম ঠিকনা একো নাই তাত ৷ সাত পৃষ্ঠাৰ চিঠিখনত মাথো লিখা আছে " ৱেলকাম বেক প্লীজ " ৷ (আগলৈ …)

【 পাঠক সকললৈ অনুৰোধ কৌতুহ'ল বশত বা ধেমালীৰ চলেৰেই হওক 'ডিপ ৱেব ' ব্ৰাউজাৰ Tor কোনেও নোখোলে যেন ৷ ই সম্পুৰ্ণ বেআইনী আৰু আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে এশ শতাংশই বিপদজনক ৷ এবাৰ সোমোৱাৰ পিছত কোনোপধ্যেই ওলাব নোৱাৰিব ৷ কথাটো গুৰুত্ব সহকাৰে ল'ব ৷ surfing deep web is a serious crime】

(আগলৈ … )
( বিঃদ্ৰঃ - তলৰ 👇🏻 হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক)


Post a Comment

1 Comments