ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব( 4 খণ্ড ) মিষ্ট্ৰিয়াচ নাইট 10

ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব( 4 খণ্ড )

also read ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব-তৃতীয় খণ্ড
ঘটনাটোৰ ঊনৈশ বছৰ পাৰ হ'ল ৷ ঘটনাবোৰৰ পাকচক্ৰত বিপুলৰ পৰিয়ালটোৱে মাটি সম্পত্তি সকলো বিক্ৰী কৰি নতুন চহৰ এখনত নিগাজীকৈ বহিল ৷ তেওঁলোকে ঘৰৰ পৰা আয়না সম্পুৰ্ণভাৱে আঁতৰাই পেলালে ৷ আনকি খিৰিকীবোৰতো আয়নাৰ ঠাইত কাঠহে লগোৱা হ'ল ৷ অৱশেষত যেনিবা পৰিয়ালটোৰ ভাগ্য সুপ্ৰষন্ন হ'ল ৷ পৰিয়ালটোৰ সকলো অপায় অমংগল আঁতৰি যোৱা ঊনৈশটা বছৰে সকলো স্বাভাৱিক ভাৱেই পাৰ হ'ল ৷ ঊনৈশটা বসন্তই জীপাল কৰা নিৰৱ এতিয়া সুঠাম ডেকা ৷ তাৰ তেজে ফুটু ফুটু কৰা দেহৰ বৰণ , ওখ দীঘল শৰীৰ আৰু আটিল মঙহাল দেহবল্লবে যিকোনো ষোড়ষীৰ কল্পনাৰ নায়ক হেনকৈ গঢ়ি তুলিছে তাক ৷ যাৰ সানিধ্যত যিকোনো গাভৰুৰ মন চঞ্চল হৈ উঠিব পাৰে ৷ আনহাতে কোনো অচিন ৰোগত ভুগি অকালতে বৃদ্ধ হৈ পৰিছে বৰঠাকুৰ দম্পত্তি ৷ জীয়াই থাকিবলৈ প্ৰতি দুই মাহৰ মুৰে মুৰে নতুন তেজৰ প্ৰয়োজন হয় সিহঁতক ৷

হিমাশ্ৰী শইকীয়া স্নাতক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী ৷ সাহিত্যত অত্যন্ত আগ্ৰহী ছোৱালী জনীয়ে পঢ়াৰ সমান্তৰালভাৱে নিয়মীয়াকৈ গল্প উপন্যাস পঢ়ে ৷ অইন দহ জনী নৱ প্ৰজন্মৰ গাভৰুৰ নিচিনাকৈ হিমাশ্ৰীৰো ফেইচবুক একাউণ্ট আছে ৷ ফেইচবুকৰ নবীন লিখকসকলৰ নতুন চিন্তাধাৰাৰ লিখাবোৰ পঢ়ি ভাল পায় তাই ৷ ফেইচবুকৰ যিসকল লিখকৰ লিখনীয়ে তাইক অত্যাধীক প্ৰভাম্বিত কৰে তাৰ ভিতৰত নিৰৱ বৰঠাকুৰও এজন ৷ বৰ ভাল পায় তাই নিৰৱ বৰঠাকুৰৰ লিখাবোৰ পঢ়ি ৷ ধাৰাবাহিকভাৱে প্ৰকাশ কৰা ভৌতিক কাহিনীবোৰ পঢ়ি ৰোমাঞ্চিত হৈ উঠে তাই ৷ কি সাংঘাটিক লিখনী ! সম্পুৰ্ণ নতুন ধাৰাৰ লিখনী তেখেতৰ ৷ এই ধাৰাৰ লিখনী তাই কোনো লিখকৰে দেখা নাই ৷ সমসাময়িক কাৰো লিখনীৰ লগত নিমিলে তেওঁৰ লিখনৰ বিষয়বস্তু ৷ লিখাবোৰ পঢ়ি ভাব হয় নিৰৱ বৰঠাকুৰে যেন সকলোবোৰ স্বচক্ষে দেখি লিখিছে ৷ সকলোবোৰ যেন সঁচা ঘটনা ৷ এক অদ্ভুত মাদকতা, এক বৰ্ণাব নোৱাৰা শিহৰণ আছে লিখাবোৰত ৷ এক অদ্ভুত আকৰ্ষণ আছে লিখনীবোৰত ৷ হিমাশ্ৰীয়ে অনুভৱ কৰিছে সেই টান ৷ ফেইচবুকত ফ'ল' কৰি থৈছে তাই নিৰৱক ৷ তাই বাৰে বাৰে নিৰৱৰ প্ৰফাইল খুলি চায় ৷ যেন নিৰৱ বৰঠাকুৰে লিখাৰ লগে লগেই তাই পঢ়িব পাৰে ৷ তেখেতৰ লিখনীৰ প্ৰথম পঢ়ুৱৈ হ'ব খোজে হিমাশ্ৰী ৷

ফেইচবুকত লগ ইন কৰিয়ে এটা নটিফিকেচন দেখিলে হিমাশ্ৰীয়ে ৷ " নিৰৱ বৰঠাকুৰ চেণ্ট ইউ এ ফ্ৰেণ্ড ৰিকুৱেষ্ট ৷ " একমুহুৰ্তৰ বাবে নিজ চকুকে যেন বিশ্বাস কৰিব পৰা নাই হিমাশ্ৰীয়ে ৷ যিজন ব্যক্তিৰ লিখনীয়ে তাইক বলীয়া কৰি ৰাখিছে যিজন পুৰুষৰ সানিধ্যৰ বাবে শ শ ছোৱালীক ফেইচবুকত অধীৰ হোৱা দেখিছে যাৰ প্ৰফাইল পিক ৰাতি ৰাতি ঘণ্টাৰ পিছত ঘম্টা জুৰি চায় থাকিও তাইৰ হিয়া নুজুৰায় সেই নিৰৱ বৰঠাকুৰে তাইলৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছে ৷ এক অজান উত্তেজনাৰ লহৰ তাইৰ শৰীৰৰ মাজেৰে পাৰ হৈ গ'ল ৷ একে উশাহতে এক্সেপ্ত কৰিলে তাই নিৰৱ বৰঠাকুৰ ৰ বন্ধুত্বৰ আৱেদন ৷

: " হাই ৷ হাউ আৰ ইউ ? " - লগে লগে সিপিনৰ পৰা মেচেজ আহিল ৷ হিমাশ্ৰীয়েও লগে লগে উত্তৰ পঠিয়ালে ৷ তাৰ পিছতেই আৰম্ভ হ'ল মেছেজৰ বৰষুণ ৷ যি বৰষুণত দুয়ো শেষ নিশালৈকে তিতি বুৰি থাকিল ৷

পিছদিনা নিৰৱৰ টাইমলাইনত হিমাশ্ৰীয়ে এটা কবিতা পংক্তি দেখিলে

"পুৱাৰ প্ৰথমচাটি বতাহ যেন এক বিৰহী কবিতা
প্ৰতিটো শব্দত অনুভৱ কৰিছো
বৰ্ণনাহীন এক যন্ত্ৰণা
অনুভৱ কৰিছো এই যন্ত্ৰণাত বিদ্ধ হৈ থকা
ভালপোৱা - মৰমৰ আদান প্ৰদানৰ
ঐশ্বৰ্যময় অনুভূতি
কিদৰে নেদেখাকৈ থাকিব পাৰিছো তোমাক …… ৷"

হিমাশ্ৰীয়ে ভালদৰে বুজিলে কাৰ বাবে এই পংক্তি ৷ কমেণ্ট কৰিব মন আছিল যদিও এক অজান লাজে আগুৰি ধৰা বাবে অৱশেষত 'লাইক' কৰি তাই প্ৰিয়জনৰ বুকুৰ আগ্ৰহক যেন সঁহাৰি জনালে ৷ কিছু সময় পিছতেই সিপিনৰ পৰা মেছেজ আহিল " তোমাৰ মোবাইল নম্বৰটো দিয়া ৷" নম্বৰটো দিবলৈ মন আছিল যদিও নিদিলে হিমাশ্ৰীয়ে ৷

পিছদিনা তাই বান্ধৱী পল্লৱীৰ লগত ছবিগৃহত হলিউডৰ নতুন হ'ৰৰ বোলছবি এখন চাবলৈ গ'ল ৷ তাতেই তাই সকলোবোৰ কথা পল্লৱীক কলে ৷ প্ৰথম অৱস্হাত পল্লৱী আচৰিত হৈছিল যদিও পিছত ইমান সহজতে মোবাইল নম্বৰ নিদিবলৈ উপদেশ দিলে ৷ ছবিগৃহত মানুহ তেনেই তাকৰীয়া ৷ টিকট দুটা লৈ দুয়ো আন্ধাৰতে খেপিয়াই খেপিয়াই ছবিগৃহৰ ভিতৰ সোমাল ৷ টৰ্চমেন জনে টিকট চায় এটা নিৰ্দ্দিষ্ট শাৰীৰ দুটা নিৰ্দ্দিষ্ট আসনলৈ দেখুৱাই দিলে ৷ দুয়ো শাৰীটোত সোমাব লওতেই কোনোবা এজনে আন্ধাৰতে তাইক খুণ্ডা মাৰি শাৰীটোৰ ভিতৰলৈ সোমায় গ'ল ৷ 'অসভ্য' বুলি তাই গৰজি উঠিল ৷ সিহঁতক চিটটো দেখুৱাই অইনফালে ঘুৰিব লোৱা টৰ্চমেন জনে কি হ'ল বুলি সুধিলে ৷ তাই মানুহজনক কথাতো কলে ৷ লগে লগে টৰ্চমেন জনে শাৰীটোলৈ পোহৰ মাৰি পঠিয়ালে ৷ শাৰীটো সম্পুৰ্ণ খালী ৷ টৰ্চমেন জনে একো নোকোৱাকৈ আঁতৰি গ'ল ৷ শাৰীটোত কাকো নেদেখি হিমাশ্ৰী আচৰিত হ'ল যদিও হ'ৰৰ মোভী চোৱা উত্তেজনাত কথাটো আওকান কৰিলে ৷

কিছু সময় পিছত হিমাশ্ৰীয়ে অনুভৱ কৰিলে তাইৰ কাষৰ চিটত যেন কোনোবা বহিছে ৷ আন্ধাৰতে আঁৰচকুৰে চাবলৈ যত্ন কৰিলে যদিও একো নেদেখিলে হিমাশ্ৰীয়ে ৷ কিন্তু তাই অনুভৱ কৰিছে কোনোবা এজনে যেন তাইৰ ওচৰৰ চিটটোত বহি আন্ধাৰতে তাইলৈ একেথৰে চাই আছে ৷ বেগৰ পৰা মোবাইলটো উলিওৱাৰ চলেৰে পোহৰ মাৰিলে কাষৰ চিটটোত ৷ সম্পুৰ্ণ খালী চিট ৷ তাই সন্মুখৰ পৰ্দা খনত চকু দিলে ৷ পৰ্দাত তেতিয়া নায়ক নায়িকাৰ উত্তপ্ত চুম্বনৰ দ়ৃশ্য চলিছে ৷

হঠাৎ চেঁচা বতাহ এজাকে হিমাশ্ৰীৰ শৰীৰ চুই গ'ল ৷ বোলছবি গৃহৰ শীত তাপ নিয়ন্ত্ৰক যন্ত্ৰৰ পৰা নিৰ্গত বতাহ ৷ হিমাশ্ৰীৰ চকু পৰ্দাত স্হিৰ ৷ নায়িকাক অদৃশ্য শক্তি এটাই সজোৰে চোঁচোৰাই নিছে ৷ নায়কে তাইক বচাবলৈ প্ৰাণ পণে দৌৰিছে ৷ হিমাশ্ৰীয়ে অনুভৱ কৰিলে চেঁচা বতাহজাক যেন তাইৰ কাপোৰ ভেদি শৰীৰৰ ভিতৰলৈ সোমায় গৈ তাইৰ গোপন অংগবোৰত ঘুৰি ফুৰিছে ৷ অচিনাকী সুবাস এটা তাইৰ নাকত লাগিল ৷ সেই সুবাসত মতলিয়া হৈ পৰিল তাইৰ গাভৰু দেহ ৷ বতাহজাক তাইৰ গোপন অংগবোৰত বগাই ফুৰিল ৷ তাই ভীষণ উত্তেজনা অনুভৱ কৰিলে ৷ বতাহজাকে যেন তাইক সম্পুৰ্ণভাৱে কাবু কৰি পেলালে ৷ হিতাহিত জ্ঞান হেৰাই পেলালে তাই ৷ নিৰৱ বৰঠাকুৰৰ ছবি চকুত ভাহি উঠিল হিমাশ্ৰীৰ ৷ তাই অনুভৱ কৰিলে নিৰৱ তাইৰ নিচেই কাষত বহি আছে ৷ মৰমেৰে আকোঁৱালি লৈছে সি তাইক ৷ মৰমৰ চুমাৰে উপচায় পেলাইছে তাইৰ দেহ ৷ তাৰ গৰম নিশ্বাস সম্পুৰ্ণৰুপে অনুভৱ কৰিছে তাই ৷ তাই অনুভৱ কৰিলে নিৰৱৰ কঠিন হাতখনে তাইৰ নাৰীসুলভ কোমল অংগবোৰত বগোৱা বাই কিবা যেন বিছাৰি ফুৰিছে ৷ দেহত মনৰ মানুহজনৰ প্ৰথম পৰশত আপোনহাৰা হৈ পৰিছে তাই ৷ পাহৰি পেলাইছে হিতাহিত জ্ঞান ৷ হঠাৎ বাজি উঠা বোলছবি সমাপ্তিৰ বেলত তাই বাস্তৱ জগতলৈ ঘুৰি আহিল ৷ জ্বলি উঠা লাইটৰ পোহৰত তাই খকমককৈ কাষৰ চিটটোলৈ চালে ৷ সম্পুৰ্ণ খালী চিট ৷ তেন্তে ইমান পৰে তাইৰ লগত …… ৷ তাই বাৰু টোপনি গৈছিল নেকি ? তাৰমানে ইমান পৰে তাই সপোনহে দেখিছিল ? কিন্তু তাইতো সমুখৰ পৰ্দাৰ প্ৰতিটো দৃশ্য স্পষ্ট ভাৱে দেখা পাইছিল ৷ তেন্তে …… ৷ খু - দুৱনিৰে ভৰা মন এটা লৈ তাই ঘৰলৈ উভতিল ৷ কাপোৰ খলাওতে তাই লক্ষ্য কৰিলে তাইৰ বুকুৰ নিৰ্দ্দিষ্ট অংশ দুটা ৰঙা পৰি উঠিছে ৷ হিমাশ্ৰীৰ বুকু জিকাৰ খায় উঠিল ৷ তাৰমানে কি ছবিগৃহৰ ঘটনাবোৰ সঁচা আছিল ?

ফেইচবুকত লগ ইন কৰাৰ লগে লগে নটিফিকেচন আহিল "নিৰৱ হাজৰিকা টেগড ইউ ইন এ ফটো ৷" তাই ফটোখন চালে ৷ নিজ হাতে অঁকা সুন্দৰ ছবি এখন পোষ্ট কৰিছে নিৰৱে ৷ এগৰাকী সুন্দৰী গাভৰু পাৰ্কৰ বেঞ্চত বহি তন্ময় হৈ সমুখলৈ চায় আছে ৷ এযোৰ পাৰদৰ্শী হাতে তাইক সৰ্পিল আকাৰত মেৰিয়াই ধৰিছে ৷ হিমাশ্ৰী আচৰিত হ'ল ৷ কি বুজাব খুজিছে ছবিখনে ? আজি ছবিগৃহত তাইৰ লগতো এনেকুৱাই কিবা হৈছিল নেকি ?

সেই সময়তে তাইৰ ইনবক্সত এটা মেচেজ আহিল ৷ এটা কবিতাৰ পংক্তি …

" তোমাৰ বুকুৰ উপত্যাকাত পাল মেলি দিলো
মলয়াৰ পাখিত ধৰি নাবিক হ'লো
সপোনত পালো নে দৃঠকত হেৰুৱালো ……৷"

তাৰ পিছত আৰু এটা মেচেজ নিৰৱৰ ৷ কাইলৈ সন্ধিয়া লগ পাব বিচাৰে সি হিমাশ্ৰীক ৷ প্ৰথমতে হিমাশ্ৰীয়ে অমান্তি হৈছিল যদিও নিৰৱে জোৰকৈ ধৰাত এটা চৰ্তত সন্মতি দিলে ৷ তাই মাথো ত্ৰিশ মিনিটৰ বাবেহে লগ কৰিব তাক ৷ নিৰৱে সন্মতি দিলে ৷

সন্ধিয়া সাত বজাত মাৰ্কেটৰ ওচৰৰ পৰা নিৰৱে তাইক গাড়ীৰে পিক কৰিলে ৷ তাৰ পিছত গাড়ীখন ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে পশ্চিম দিশে আগবাঢ়িল ৷ দহ মিনিটৰ পিছত গাড়ীখন আউহতীয়া ঠাই এখনত থকা ঘৰ এটাৰ সমুখত ৰ'ল ৷

: ক'লৈ আনিলা নিৰৱ ?

: " মোৰ প্ৰিয় ঠাই ৷ ইয়াত আমাক কোনেও ডিস্টাৰ্ব কৰিব নোৱাৰে ৷ ব'লা মোৰ প্ৰিয়তমা সপোন কাৰেংলৈ ৷" - শেষৰ কথাখিনি সি এনেদৰে ক'লে যে হিমাশ্ৰীয়ে হাঁহি ৰখাব নোৱাৰিলে ৷

হাঁহি হাঁহি দুয়ো ঘৰটোত প্ৰবেশ কৰিলে ৷ বাৰান্দাত ভৰি থোৱাৰ লগে লগে তাইৰ হাঁহি কৰবাত হেৰাল ৷ ঘাই দুৱাৰ খনৰ মুখতেই এখন ডাঙৰ পেইটিং ৷ এডাল মৰহা গছ ৷ পাতবোৰ শুকাই লেৰেলি গৈছে ৷ দুটা ডাল ঘাই গছজোপাৰ পৰা দুয়োপিনে ওলাই গৈছে ৷ দুয়োটা ডালতে দুখন মানুহৰ কটা ভৰি ওলমি আছে ৷ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি গছজোপাৰ গুৰিলৈকে বৈ আহিছে ৷ এয়া আকৌ কি ধৰণৰ চিত্ৰ ! হিমাশ্ৰীয়ে খেপ ঢুকি ঘৰটোৰ ভিতৰত প্ৰবেশ কৰিলে ৷ ভিতৰত প্ৰায়বোৰ ছবিয়ে অদ্ভুত ধৰণৰ ৷ আটাইবোৰ নিশাৰ প্ৰকৃতিৰ ছবি ৷ ক'ৰবাত যদি হিংস্ৰ জীৱৰ ক্ৰুৰতা কৰবাত মানুহৰ দ্বাৰা হত্যা ৷ এয়া কি ধৰণৰ মানসিকতা ? নিৰৱ কোনো মানসিক ৰোগী নেকি ? অচিনাকী ব্যক্তি এজনৰ লগত এনেদৰে আহি তাই ভুল কৰিলে নেকি ? নানানটা প্ৰশ্নই তাইক জুমুৰি দি ধৰিলে ৷ নিৰৱে তাইৰ হাতত ধৰি ঘৰটোৰ অইন এটা কোঠালৈ লৈ গ'ল ৷ সেইটো কোঠাত বেৰ বুলিবলৈ চাৰিওদিশে মাথো আয়না ৷ প্ৰতিখন আয়নাৰ মাজৰ অংশত একোটা ফাঁট ৷ কোঠাটোৰ সোমাজত এখন সৰু টুল পাৰি থোৱা আছে ৷ নিৰৱে সেইখনতে হিমাশ্ৰীক বহিব দিলে ৷ তাই বহাৰ লগে লগে চাৰিওঁদিশৰ আয়নাবোৰত তাইৰ বিভিন্ন আকাৰৰ প্ৰতিবিম্ব জিলিকি উঠিল ৷ কোনোবাখনত যদি সৰু কৰবাত প্ৰকাণ্ড ৷ কোনোবাখনত যদি অতি সুন্দৰ কোনোবা খনত কুন্ধচ কিমাকাৰ ৷ চাৰিওপিনৰ বিভিন্ন আকৃতিৰ প্ৰতিবিম্ববোৰ দেখি হিমাশ্ৰীৰ আচহুৱা লাগিল ৷ তাই 'বলা নিৰৱ , যাওঁগৈ ' বুলি ঠিয় হ'ব খোজোতেই নিৰৱে তাইক থাপ মাৰি ধৰি জোৰ কৈ বহুৱাই দিলে ৷ " তুমি মোৰ লিখনী খুউব ভাল পোৱা নহয় হিমা ৷ আজি তোমাক মোৰ হ'ৰৰ ষ্ট'ৰি বোৰৰ পৃষ্ঠভুমি দেখুৱাম ৷ মাথো তুমি শান্তিৰে বহি থকা ৷ তুমি চাগে লক্ষ্য কৰিছা এই কোঠাটোৰ সকলো আয়না ভঙা ৷ কিন্তু মানুহেটো ভঙা আয়নাত মুখ চাব নাপায় ৷ তেন্তে এই কোঠাৰ সকলো আয়না ভঙা কিয় ? বাৰু হিমা , ভঙা আয়নাত কিয় মুখ চাব নাপায় ? আয়ানাৰ প্ৰতিসাৰাংক অধিক হোৱা বাবে তাৰ মাজেৰে আত্মাই সহজে আহ যাহ কৰিব পাৰে ৷ আত্মাৰ পৃথিৱীৰ লগত যোগাযোগ আয়নাৰ মাধ্যমেৰে অত্যন্তই সহজ ৷ তাৰ ভিতৰতো প্ৰেতাত্মাৰ লগত যোগাযোগেই সৰহ ৷ আৰু যদি আয়নাখন ভঙা হয় বা আন্ধাৰত চোৱা যায় তেন্তে বিয়োগাত্মক শক্তিৰ বাবে ই অধিক উজু হৈ যায় ৷ তুমি কেতিয়াবা ভাবিছিলানে কিয় তোমাৰ পুৰ্বপুৰুষে ভঙা আয়না চোৱাত বা ৰাতি আয়না চোৱাত বাধা আৰুপ কৰি গৈছে ৷ কেতিয়াবা ভাবিছানে কিয় ৰুগীয়া ব্যক্তি থকা কোঠাৰ আয়না ঢাকি ৰাখিব কৈছে ? কাৰণ তেওঁলোক জ্ঞানী আছিল ৷ তেওঁলোকে জানিছিল বিশ্বব্ৰহ্মাণ্ডৰ সকলো শক্তিৰ ৰহস্য আৰু উৎস ৷ কিন্তু তোমালোক ? তোমালোক তথাকথিত জ্ঞানীবোৰে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে একোৱে নাজানা ৷ যদি জানিলা হেতেন বা জানিব চেষ্টা কৰিলা হেতেন তেন্তে আজি এনেদৰে মৃত্যক আকোৱালী ল'ব লগীয়া নহ'ল হেতেন ৷ " হিমাশ্ৰীয়ে আচৰিত হৈ নিৰৱলৈ চালে ৷ ভয়ত তাইৰ চকু বিস্ফোৰিত হৈ পৰিল ৷ তাই ভয়তে থৰথৰাই কঁপিব ধৰিলে ৷ নিৰৱে তাইলৈ চায় তাচ্ছিল্যৰ হাঁহি মাৰিলে ৷ তাৰ পিছত পুনৰ কৈ গ'ল ৷ " আজিৰ পিছত তুমি এই পৃথিৱীৰ বাবে অতীত হ'বা ৷ কোনেও ধৰিব নোৱাৰিব হিমাশ্ৰী নামৰ ছোৱালী জনী ক'ত হেৰাই থাকিল ৷ দুদিনমান তোমাৰ নিৰুদ্দেশকলৈ হৈ চৈ হ'ব ৷ তাৰ পাছত সকলোৱে তোমাক পাহৰি পেলাব ৷ চিন্তা নকৰিবা , মই চেষ্টা কৰিম যাতে ইয়াত মৃত্যুক আকোৱালী লোৱা বাকীবোৰ ছোৱালীতকৈ তোমাৰ কম কষ্টত মৃত্যু প্ৰাপ্তি ঘটে ৷ " তাৰপিছত জেপৰ পৰা সৰু ছুৰী এখন উলিয়াই নিৰৱে তাৰ গলৰ ক'লা দাগটোত ৰেপি দিলে ৷ গলৰ পৰা ধাৰাসাৰে তেজৰ সোঁত বৈ আহিব ধৰিলে ৷ সি এচোল তেজ হাতত লৈ আয়নাবোৰলৈ দলিয়াই দিলে ৷ লগে লগে যেন আয়নাবোৰ জীৱন্ত হৈ উঠিল ৷ প্ৰতিখন আয়নাৰে ফাটবোৰত ক'লা দাগ একোটা জিলিকী উঠিল ৷ গোটেই কোঠাটো কেচা তেজৰ উৎকট গোন্ধেৰে ভৰি পৰিল ৷ নিৰৱ আৰু এচোল তেজ হাতত লৈ হিমাশ্ৰীৰ ওচৰৰ পৰা আঁতৰি সন্মুখৰ আয়নাখনৰ ফালে আগুৱাই গ'ল ৷ হিমাশ্ৰীয়ে সেই চেগতে তৎক্ষণাত উঠি বাহিৰলৈ লৰ দিলে ৷ ঘটনাৰ আকস্মিকতাত নিৰৱে একো তৰকিবই নোৱাৰিলে ৷ নিৰৱে তাইক পিছে পিছে খেদি আহিল যদিও তাৰ আগতেই তাই দৌৰি ঘৰটোৰ চৌহদটো পাৰ হ'ল ৷ তাই যেতিয়া ৰাস্তাত উঠে তেতিয়া ঘৰটোৰ পৰা নিৰৱৰ তীব্ৰ চিঞৰ আৰু একেলগে বহুবোৰ আয়না ভঙাৰ শব্দ ভাহি আহিছিল

(আগলৈ … )
Read ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব( 5 খণ্ড )

Post a Comment

1 Comments