ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব-(তৃতীয় খণ্ড)-মিষ্ট্ৰিয়াচ নাইট 10


ফুলশয্যাৰ নিশাৰ প্ৰতিবিম্ব( তৃতীয় খণ্ড )



'হেক্টাৰ ৱাল লেম্প' ৰ কোমল ৰঙীন পোহৰে কোঠাটোত মায়াময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ দামী সুগন্ধীৰ গোন্ধেৰে কোঠাটো আমোলমোলাইছে ৷ কিং চাইজ বেড খনৰ এটা মুৰত নিৰৱে নি:পালি দি শুই আছে ৷ আনটো মুৰত নমিতা আৰু বিপুল ৷ নমিতাৰ দেহৰ ভাজে ভাজে বগুৱা বাই বিপুলে সুখৰ সন্ধান কৰিছে ৷ নমিতাই নিজকে সম্পুৰ্ণৰুপে বিপুলৰ দুবাহুত সপি দিছে ৷ সিহঁতৰ উশাহবোৰ ক্ৰমাৎ ঘন হৈ আহিছে ৷ দুয়ো চকুত চকু থৈ তন্ময় হৈ দুয়োৰো চকুলৈ চাইছে ৷ নমিতাই বিপুলৰ চুলিত মৰমেৰে আঙুলি বুলাইছে ৷ বিপুলৰ ওঁঠযুৰি নমিতাৰ দুইওঠৰ ওচৰ চাপিছে … ৷ ঠুনুক কৈ হঠাৎ হোৱা এটা শব্দত দুয়ো চমকি উঠিল ৷

' কি ভাঙিল বাৰু?' - নমিতাই সুধিলে ৷

বিপুলে ইপিনে সিপিনে চালে যদিও ভাঙিব লগীয়া একো চকুত নপৰিল ৷ সি পুনৰ নমিতাক সাৱটি ধৰি তাইৰ ওঁঠত ওঁঠ গুজি দিলে ৷ নমিতাই তাক আৱেগেৰে আকোঁৱালি লব সোজোতেই কিবা এটা ভাবি বিপুল বিছনাৰ পৰা উঠি আহিল ৷ বেৰৰ কাষৰ ড্ৰেছিং আয়না খনৰ কাষলৈ গৈ জুমি চালে সি ৷ কানি মুনি পোহৰত আয়নাৰ ঠিক সোমাজতে এটা ক'লা দাঁগ তাৰ চকুত পৰিল ৷ দাঁগটোৰ চাৰিওপিনে পাচঁ ইঞ্চিমান ঠাই ফাটি গৈছে আয়নাখনত ৷ যেন তীব্ৰ বেগেৰে কিবা এটা আহি তাত খুণ্ডা মাৰিছে ৷ সি দাঁগটোলৈ ভালকৈ চালে ৷ প্ৰায় ইংৰাজী 'আৰ' আখৰটোৰ আকৃতিৰ ক'লা দাগটো তাৰ খুবেই চিনাকী যেন লাগিল ৷ ক'ত দেখিছিল বাৰু সি এইটো দাগটো ! ক'ত , ক'ত …? হঠাৎ কিবা এটা মনত পৰাত সি প্ৰায় দৌৰি যোৱাদি বিছনাখনৰ ওচৰলৈ গ'ল ৷ বিছনাত পেট পেলাই ভৰি হাত মেলি নি: পালি দি শুই থকা তাৰ পাঁচ মহীয়া সন্তান নিৰৱক লুটিয়াই দিলে বিপুলে ৷ লগে লগে সি উচপ খাই উঠিল ৷ এয়া কি ? নি :পালি দি শুই থকা কেঁচুৱাটোৰ চকু দুটা সম্পুৰ্ণ মেল খাই আছে ৷ কেচুৱাটোৱে ত ত কৈ বিপুলৰ ফালে চাইছে ৷ তাৰ গলৰ সোঁপিনে থকা ক'লা দাগটো উজ্জ্বল হৈ উঠা যেন লাগিল বিপুলৰ ৷ সি নিৰৱৰ গাত হেচুকি দিলে ৷ নাই কোনো সাৰ সুৰ নাই তাৰ ৷ গভীৰ টোপনীত লাল কাল সি ৷ নিৰৱৰ কণমানি মৰম লগা মুখখনলৈ এপলক চায় ৰ'ল বিপুলে ৷ নিৰৱৰ এধান মান চকুযুৰিয়েও তালৈকে চাইছে ত ত কৈ ৷ সি তাৰ চকু যুৰি বন্ধ কৰিবলৈ হাতখন আগবঢ়াই দিলে ৷ হাতখন চকুযুৰিৰ কাষ পাওতেই হঠাৎ যেন সাৰ পালে নিৰৱে ৷ সি হাত ভৰি মাৰি কলকলাব ধৰিলে ৷ নিজৰ অজানিতে বিপুলৰ বুকুখনত আবেগে হেচাঁ মাৰি ধৰিলে ৷ নিৰৱৰ কোমল গালত আলফুলে হাত ফুৰায় সি পুনৰ আয়না খনৰ ওচৰলৈ আহি ক'লা দাগটোত চকু ফুৰালে ৷ হয় , হয় হুবহু একেই দাগ ৷ ঠিক নিৰৱৰ গলৰ সোঁপিনে থকা দাগটোৱে যেন আয়নাখনত সোমাইছে ৷ এইবাৰ বকুলে আয়না খনত অইন এটা বস্তও দেখিলে ৷ আয়না খনৰ তলৰ পৰা ওপৰলৈ অসংখ্য সৰু সৰু হাতৰ চাপ ৷ কাৰ হাতৰ চাপ বাৰু এইবোৰ ! নিৰৱৰ ? পাচঁমহীয়া নিৰৱে কিদৰে ছয় ফুট উচ্চতাৰ আয়নাখনৰ একেবাৰে ওপৰলৈ ঢুকি পাব ? ই কোনোমতেই সম্ভৱ নহয় ৷ একেবাৰেই অসম্ভৱ ৷ তেন্তে কাৰ হাতৰ চাপ এইবোৰ ? এবাৰত দৌৰি যোৱাদি বিছনাৰ ওচৰলৈ গৈ সি নিৰৱক কোচত লৈ আহি আয়নাৰ সমুখত ঠিয় হ'ল ৷ আয়নাখন দেখাৰ লগে লগে নিৰৱে সজোৰে কলকলাই আয়নালৈ হাত আগবঢ়ালে ৷ যেন আয়নাখনৰ সিপাৰে তাৰ অতিকৈ চিনাকী কোনোবা ৰৈ আছে ৷ সি দুয়ো হাতেৰে আয়নাত থপৰিয়াব ধৰিলে ৷ যেন সি কাৰোবাক দেখিছে ভিতৰত ৷ বিপুলে কণমানি নিৰৱৰ হাতৰ চাপবোৰলৈ লক্ষ্য কৰিলে ৷ একেবাৰেই এধানিমান চাপ তাৰ হাতৰ ৷ আনহাতে আয়নাৰ চাপবোৰ তুলনামুলক ভাৱে ডাঙৰ ৷ তেন্তে কাৰ হাত এয়া ? সি আহিবৰচোন তিনিদিন হ'ল ৷ এইকেদিনত কাকো টো দেখা নাই সিঁহতৰ ঘৰলৈ অহা ৷ আনকি আজি আবেলি সি নিজেই ঘৰখনৰ সকলো আয়না পৰিস্কাৰ কৰিছে ৷ বকুলৰ বুকুখন কঁপি উঠিল ৷ নিৰৱৰ জন্মৰ দিনটোলৈ মনত পৰিল তাৰ ৷ সিদিনা ঘন কুঁৱলীৰ বাবে ফ্লাইট কেনচেল হৈ উভতি নাহিলে নমিতাক বচাব পাৰিলে হেঁতেন নে সি ?

সম্পুৰ্ণ তিনিসপ্তাহ সেই শক্তিৰ কবলত আছিল নমিতা ৷ ৰুগীয়া ঘৈণীয়েকক লৈ কিমান ডাক্তৰ বাগৰিছিল সি ৷ মাক আৰু তাইৰ গৰ্ভৰ সন্তানটোৰ চিন্তাত দিশহাৰা হৈ পৰিছিল সি ৷ চাৰিওপিনে অন্ধকাৰ দেখিছিল ৷ কোনেওটো ঠিক কৰিব পৰা নাছিল নমিতাক ৷ পৰা নাছিল তাইক প্ৰসৱ কৰাব ৷ পৃথিৱীৰ কোনো এনাস্হেচিয়াই অচেতন কৰিব পৰা নাছিল নমিতাক ৷ কি যে এক ভয়ংকৰ অপশক্তিৰ কবলত পৰিছিল নমিতা ! আৰু দিল্লীৰ সেই পেৰানৰ্মেল বিশেষজ্ঞ গৌৰৱ কাপোৰ ? অপশক্তিৰ বিৰুদ্ধে প্ৰাণপণে যুঁজি নমিতাক সম্পুৰ্ণ সুস্হ কৰা ব্যক্তিজনে নিজেই শেষত ৰহস্য জনক মৃত্যক আঁকোৱালি ল'ব লগীয়া হৈছিল ৷ মৃত্যৰ আগমুহুৰ্তত তেওঁৰো গলত ক'লা দাগ এটাই দেখা দিছিল ৷ তেওঁ বেয়া আত্মাৰ চকুত পৰা বুলি ঘৰৰ মানুহক বাৰে বাৰে কৈছিল গৌৰৱে ৷ গৌৰৱে জানিছিল যিকোনো মুহুৰ্ততে সেই আত্মাই আক্ৰামণ কৰি হত্যা কৰিব তেওঁক ৷ তেওঁ নিজৰ সম্পুৰ্ণ সম্পত্তিৰ হস্তান্তৰ পৰিয়ালৰ নামত কৰি পেলাইছিল মৃত্যুৰ আগতেই ৷ আবোল তাবোল বকিবলৈ লৈছিল গৌৰৱে ৷ পৰিয়ালে মানসিক বিকাৰগ্ৰস্ত হোৱা বুলি ভবা গৌৰৱৰ এদিন গাধোৱা ঘৰত দুৱাৰ বন্ধ অৱস্হাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল ৷ নমিতাক সুস্হ কৰিব আহি নিজেই মৃত্যুৰ চিকাৰ হৈছিল মানুহজন ৷

তেন্তে আয়নাৰ এই ক'লা দাগটো আৰু হাতৰ চাপবোৰ কোনো বেয়া আত্মাৰ নেকি ? আৰু নিৰৱৰ গলৰ সেই দাগটো …? সেই দাগটো যদি সঁচাকৈ …… ! আৰু ভাবিব নোৱাৰিলে বিপুলে ৷ নাই নাই সি তাৰ সন্তানক তাৰ পৰা আঁতৰি যাব নিদিয়ে কোনোপধ্যেই ৷ সি জীয়াই থকালৈকে কোনেই কাঢ়ি নিব নোৱাৰে নিৰৱক তাৰ পৰা ৷ নিৰৱ তাৰ আৰু নমিতাৰ মৰমৰ একমাত্ৰ চিন ৷ সি কোচৰ সন্তানটিক গাৰ সমস্ত শক্তিৰে আঁকোৱালি ধৰিলে ৷ তাৰ মঙহাল দুবাহৰ হেচাঁত কেঁচুৱাটো কেৰমেৰাই উঠিল ৷ বিপুলে অনুভৱ কৰিলে সি যেন হিমচেঁচা বীজলুৱা কিবা এটা অদ্ভুত বস্তুক আকোৱালি লৈছে ৷ তীব্ৰ গোন্ধ এটাত তাৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল ৷ বস্তুটোৱে যেন তাৰ বুকুত চেপি ধৰিছে ৷ উশাহ লোৱাত কষ্ট পাব ধৰিলে বিপুলে ৷ তাৰ চকুৱে ধুৱলি কুঁৱলি দেখিলে ৷ আৰু এক মুহুৰ্তত গাৰ সমস্ত শক্তিৰে আজুৰি বস্তুতো দলিয়াই দিলে ৷ তাৰ কোচৰ কেচুৱাটো আচাৰ খাই বিছনাখনত পৰিল ৷ ইমান পৰে মজিয়াত ঠিয় হৈ বিপুললৈ চায় থকা নমিতাই আতাহত গগন ফালি কেচুৱাটোৰ ওচৰলৈ ল'ৰ দিলে ৷

Post a Comment

0 Comments