ৰুম নম্বৰ এঘাৰ (গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই কোঠাটো) মিষ্ট্ৰিয়াচ নাইট-8


ৰুম নম্বৰ এঘাৰ

(গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই কোঠাটো)

- হেমন্ত দাস

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুই নং আৰ চি চি বিল্ডিংটো বনোৱা মাথো দুবছৰ হে হৈছে ৷ মাত্ৰ দুটা বছৰতে বিল্ডিংটোৱে সমস্ত অসমত নিজা পৰিচয় এটা দাঙি ধৰিছে ৷ পুৱাৰ বাতৰি কাকত , সন্ধিয়াৰ চাহ দোকানৰ আড্ডা সকলোতে আলোচ্য বিষয় ৰুম নম্বৰ এঘাৰ ৷ সকলোৰে মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰুম নম্বৰ এঘাৰত ভুত আছে ৷ ৰুম নম্বৰ এঘাৰত ভুতৰ উপস্হিতিৰ প্ৰসংগ বিশ্ববিদ্যালয় কৰ্তপক্ষই প্ৰথমতে গুৰুত্ব সহকাৰে লোৱা নাছিল যদিও যেতিয়া দুই নং আৰ চি চি ত ভুতৰ উৎপাতত তাৰ সকলো ছাত্ৰই হোষ্টেল এৰি ঘৰলৈ গুছি গ'ল আৰু দুই নম্বৰ আৰ চি চিৰ সমুখৰ বাটেৰে মানুহ আহ যাহ কৰিবলৈ এৰিলে লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত ছাত্ৰ সমাজক অইন ঠাইত থকাৰ ব্যৱস্হা কৰি দিবলৈ হেচাঁ প্ৰয়োগ কৰা হ'ল তেতিয়াই চৰকাৰে এই বিষয়ত হস্তক্ষেপ কৰিবলৈ বাধ্য হ'ল ৷
দুৰ্গা পুজাৰ বতৰ ৷ কৰ্মসুত্ৰে তেতিয়া মই কলিকতাত ৷ জীৱনত প্ৰথমবাৰ কলিকতাৰ দুৰ্গা পুজা চোৱাৰ আশাত অসমৰ পৰা মোৰ শ্ৰী মতীকো কলিকতালৈ মাতি পঠাইছো ৷ দুয়ো চৰকাৰী বাসভৱনটোৰ বাৰান্ডাত বহি চাহ খায় কথা পাতিছো ৷ এনেতে অফিচৰ চকীদাৰ জন চেণ্ডেল চোঁচোৰাই হাতত দুখন চিঠি লৈ হাজিৰ হ'ল ৷
এখন গুৱাহাটী বিশ্ববিদ্যালয় কতৃপক্ষ আৰু আনখন অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ব্যক্তিগত চিঠি ৷ দুয়োপক্ষৰ টানি অনুৰোধ যিকোনো প্ৰকাৰে দুৰ্গা পুজাৰ আগতেই ইনভেষ্টিগেচনত নামিব লাগে ৷ পত্ৰ পায় বিমোৰত পৰিলো যদিও শ্ৰী মতীয়ে বিশেষ আপত্তি নকৰাত তেওঁক কলিকতাতে এৰি গুৱাহাটীলৈ ৰাওনা হোৱাৰ সিদ্ধান্ত ল'লো ৷
পিছদিনা শনিবাৰ হোৱা বাবে পেচিফিক পেৰানৰ্মেল চোছাইটিৰ সৈতে যোগাযোগ কৰিব পৰা নগ'ল ৷ ৰবিবাৰে পুৱাই চ'ছাইটিৰ প্ৰেচিডেণ্ট মি· ৰবিনচনক টেলিফোন কৰি সকলো জনাই ইনভেষ্টিগেচনৰ অনুমতি ল'লো ৷ সোমবাৰে পুৱা মোৰ পেৰানৰ্মেল ইনভেষ্টিগেচনৰ বাৰ জনীয়া টীম মেম্বাৰ সকল আমাৰ প্ৰয়োজনীয় সা- সৰঞ্জাম সহ আহি মোৰ কোৱাৰ্টাৰত উপস্হিত হ'ল (পেৰানৰ্মেল চোছাইটিৰ নিয়ম - নেভাৰ ইনভেষ্টিগেট এল'ন) অফিচৰ চকীদাৰ জনৰ হাততে সকলো জনায় মোৰ চি অ' চাৰলৈকো চিঠি এখন পঠাই আঠ বজাৰ ফ্লাইটেৰে আহি আমি গুৱাহাটীত উপস্হিত হ'লো ৷ বিশ্ববিদ্যালয় কতৃপক্ষই সকলো বন্দোবস্ত কৰি ৰাখিছিল ৷ আমি পোনে পোনে আহি বিশ্ববিদ্যালয় অতিথি শালাত বাঁহৰ পাতিলো ৷
সন্ধিয়া সময়ত আমি আৰ চি চি চৌহদত প্ৰবেশ কৰিলো (পেৰানৰ্মেল চ'ছাইটিৰ নিয়ম - ডু ৰিচাৰ্চ বিফ'ৰ ইউ প্ৰচিড) ৷ গেটৰ ভিতৰত প্ৰবেশ কৰিয়েই আমি থমকি ৰ'ব লগীয়া হ'ল ৷ ঠাইখনৰ উষ্ণতা বিশ্ববিদ্যালয়ৰ অইন ঠাইবোৰতকৈ বেছি যেন লাগিল ৷ টীম মেম্বাৰ মিথিলেচ আৰ চি চি চৌহদৰ পৰা ওলায় গৈ উষ্ণতা পৰীক্ষা কৰিলে ৷ তাৰ পিছত চৌহদৰ ভিতৰৰ উষ্ণতা পৰীক্ষা কৰিলে ৷ সম্পুৰ্ণ পাঁচ ডিগ্ৰীৰ পাৰ্থক্য ৷ মিথিলেচে দীঘল হৈ পৰি আৰ চি চি টোলৈ সেৱা জনালে ৷ ঘটনাটোত সকলোৱে বৰ ৰং পালে ৷ কেইমুহুৰ্তমানলৈ ঠাইখনত হাঁহিৰ জোৱাৰ উঠিল ৷ চকীদাৰ জনে গেটৰ মুখৰ পৰা আমালৈ গল দাঙি চালে ৷ ৰাতি আঠ বজাৰ আগতেই আমি চৌহদটো পৰীক্ষা কৰি খোটালিলৈ উভতিলো ৷
মংগলবাৰে ৰাতিপুৱাই আমি আৰ চি চি টোলৈ গৈ সাতজন লেবাৰৰ সহায়ত আটাইকেইটা কোঠাতে বিজুলী যোগান যাতে ব্যাহত নহয় তাৰ ব্যৱস্হা কৰিলো ৷ লগতে প্ৰতিটো কোঠাতে বিভিন্ন দিশৰ পৰা গ'জ মাস্টাৰ ই এম এফ, পৰ্টেবল মচন চে়ঞ্চৰ ( আন্ধাৰত গতিবিধি লক্ষ্য কৰিব পৰা এবিধ সজুলি), ই ভি পি ৰেকৰ্ডাৰ( ইলেক্টনিক ভইচ ৰেকৰ্ডাৰ), জিও ফ'ন ভাইব্ৰেচন ডিটেক্টৰ( ইলেকট্ৰমেগনেটিক সংকেত গ্ৰহণৰ বাবে) পেন স্টাইল ইনফ্ৰাৰেড থাৰ্মোমিটাৰ( ক'ল্ড স্পট ডিটেকচনৰ বাবে) আৰু সৰ্বশেষত লেজাৰ লাইট স্হাপন কৰিলো (এই পোহৰৰ মাজেৰে অশৰীৰী কোনো শক্তি গতি কৰিলে ছাঁ আকাৰত দৃষ্টিগোচৰ হয়) ৷
ৰাতি ন বজাত মি· ৰবিনচনে ভিডিঅ কলৰ জৰিয়তে ব্ৰিফিং এটা দিলে ৷ ৰাতি এঘাৰ বজাত আমি পুনৰ দুই নং আৰ চি চি চৌহদত প্ৰবেশ কৰিলো ৷
বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ কেইজন মান মেম্বাৰৰ সৈতে দুজন টীম মেম্বাৰক মেইন চুইচ্চ বৰ্ডৰ ওচৰত থৈ আমি ৰুম নম্বৰ এঘাৰৰ দিশে আগবাঢ়িলো ৷ আৰ চি চি চৌহদটো তেতিয়া এটা মৃদু সুগন্ধেৰে আমোলমোলায় আছিল ৷

"চাৰ, জংগল ম্যে মংগল " ( কোনোবা ছোৱালীৰ স্পিৰিট)
মিথিলেচে মোক লােহকৈ ক'লে ৷ মই মোৰ দুপীয়ালো ৷
ৰাতি দুই বাজি গ'ল ৷ইপিনে ভুতৰ কোনো খবৰেই নাই ৷ আমি হামিয়াই হিকটিয়াই ৰৈ আছো ৷ কাৰো মুখত মাত নাই ৷ কোনো লৰচৰ নাই ৷ যেন সকলোবোৰ শিলৰ মুৰ্ত্তিত পৰিণত হৈছে ৷ দুইবাজি সাতাইশ মিনিটমানত হঠাৎ গেটৰ পিনে হৈ চৈ লাগিল ৷ আমাৰ তিনিজন টীম মেম্বাৰ দৌৰি বাহিৰলৈ ওলায় আহিব লওতেই কিহবাত খুণ্ডা খায় উফৰি পৰিল ৷ উঠি দেখে একোৱেইটো নাই খুণ্ডা খাব লগীয়া ৷ যাহওক আমি আহি গেটৰ মুখ পালো ৷ দেখিলো এজন ল'ৰা সম্পুৰ্ণ অচেতন অৱস্হাত গেটৰ ওচৰত পৰি আছে ৷ লগৰ বোৰে তাৰ চকুৱে মুখে পানী চটিয়াই তাক উঠাবলৈ চেষ্টা কৰিছে ৷

কি হৈছিল গেটৰ মুখত: :

টীম মেম্বাৰ লক্ষ্মীনাৰায়ণ আৰু মুকেশ চাহাই মেইন চুইচ্চ বোৰ্ডৰ ওচৰত বহি সৰু সৰুকৈ কথা পাতি আছিল ৷ ঠিক তেনেতে ল'ৰাজন এজন আটাহ পাৰি খোটালীটোৰ পিনৰ পৰা দৌৰি আহি গেটৰ মুখত আচাৰ খায় পৰিছিল ৷ তাৰ পিছে পিছে বাকীবোৰ ল'ৰা উধাতু খায় দৌৰি আহিছিল ৷ ল'ৰাজন আচাৰ খাই পৰাৰ কেইচেকেণ্ড মান পিছতেই এজাক গৰম বতাহ সিঁহতক কোবোৱাই আৰ চি চি টোৰ দিশে বৈ গৈছিল ৷ তাৰ অলপ পিছতেই আৰ চি চি টোৰ দিশৰ পৰা কাৰোবাৰ আৰ্তনাদ ভাহি আহিছিল ৷ টীম মেম্বাৰ কেইজন আৰ চি চি টোৰ পৰা দৌৰি ওলায় আহোতে কিহত লাগি ওফৰি পৰিছিল আমাৰ বুজিবলৈ বাকী নাথাকিল ৷

ল'ৰাজনৰ ভাষাত:

ৰাতি এঘাৰ বজাৰ পৰা ভুতলৈ বাট চায় চায় ডেকা ল'ৰাবোৰ ভাগৰি পৰিছিল ৷ গতিকে গেটৰ কাষতে থকা চকীদাৰৰ সৰু খোটালীটোত সিহঁত শুবলৈ গ'ল ৷ ইপিনে চকীদাৰৰ কোঠাত বিজুলী বিচনীৰ কোনো ব্যৱস্হা নাই ৷ গতিকে বতাহ সোমাবলৈ ডেকাহঁতে খোটালীটোৰ খিৰিকীবোৰ মেলি থলে ৷ চিল মিলকৈ টোপনী আহিছিল যদিও হঠাৎ টোপনিৰ পৰা সাৰ পাই মই লক্ষ্য কৰিলো যে আৰ চি চি টোৰ পিনৰ খিৰিকী খনৰ বাহিৰত বকুল জোপাৰ তলতে ঠিয় হৈ কোনোবাই যেন আমালৈ চাই আছে ৷ মই উঠি গৈ চালো যদিও একো নেদেখিলো ৷ এইবাৰ মোৰ টোপনি নাহিল ৷ কিছু সময় চটফটাই থাকি মই জেপৰ পৰা মোবাইল ফোনটো উলিয়াই গেম খেলাত লাগিলো ৷ এনেতে এজাক চেঁচা বতাহৰ সৈতে সুন্দৰ ফুলৰ সুৱাস এটা আহি মোৰ নাকত লাগিল ৷ আৰ চি চি'টোৰ পিনৰ খিৰিকী খনত খুুটুক কৈ শব্দ এটা হোৱাত মই সেইপিনে চালো ৷ লগে লগে মোৰ বুকু কপি উঠিল ৷ এইমাত্ৰ যেন খোলা খিৰিকী খনৰ বাহিৰত ঠিয় হৈ কোনোবাই মোলৈ চাই আছিল ৷ মই ভয়ে ভয়ে উঠি গৈ খিৰিকী খন জপাই দিলো ৷ মই ভীষণ ভয় খাইছিলো ৷ লগৰ কেইজনক মাতিম বুলি ভাবিছিলো যদিও সিহঁতে মোক ভয়াতুৰ বুলি জোকোব বুলি নামাতিলো ৷ মই প্ৰেয়সীক ফোন লগাই কথা পতাত লাগিলো ৷ কথাৰ মাজতে মই দেখিলো মেকুৰী এজনী খিৰিকীৰ ফাকেৰে খোটালীটোলৈ সোমায় আহি কিবা বিচাৰি ঘুৰি ফুৰিল ৷ তাইলৈ মই গুৰুত্ব নিদিলো ৷ কিমান সময় বাগৰি গৈছিল নাজানো ৷ হঠাৎ মেকুৰী জনীৰ অদ্ভুত মাত শুনি মই তাইলৈ চায় দেখো তাই ভয়ত কুছি মুছি কোঠাটোৰ ভেণ্টেলেটৰ খনৰ পিনে চাই আছে ৷ তাইৰ দৃষ্টিক অনুসৰণ কৰি ময়ো ভেণ্টেলেটৰ খনলৈ চালো ৷এইবাৰ মই ভেণ্টেলেটৰৰ সিপাৰে ৰৈ কোনোবাই ত' ত' কৈ মোলৈ চাই থকা স্পষ্ট ভাৱে দেখিলে ৷ লগে লগে চিঞৰ মাৰি মই বাহিৰলৈ দৌৰি লগালো ৷ কিবা এটাই চোঁ চোঁৱাই পিছপিনৰ পৰা মোক খেদি অহা গম পায় প্ৰাণৰ মায়াত মই সহায়ৰ বাবে চিঞৰিলো ৷ কিন্তু কোনোবাই মোক সহায় কৰাৰ আগতেই বস্তুটোৱে মোক জপতিয়াই ধৰিলে ৷ তাৰ পিছত মোৰ একো মনত নাই ৷...............
#অাগলৈ
.............
(প্ৰিয় বন্ধুসকল কেইঘন্টামান পিছত ২য় পাৰ্টটো পঢ়িবলৈ পাব। ১ম পাৰ্টটো পঢ়ি কেনে লাগিল তলৰ কমেন্ট বস্কত লিখি জনাওকচোন। )

#তলৰ হোৱাটচএপ ফেচবুক বুটামত ক্লিক কৰি গল্পটো আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক 😊

ghost story assamese



[[মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, ঘটনা তথা গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]
 (বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)


⬇️⬇️Share button ⬇️⬇️

Post a Comment

14 Comments

  1. Hosae voi lagi gol . 2nd part tu ketia dibo .moro eta story ase .. Keneke send krim

    ReplyDelete
    Replies
    1. কেইঘন্টামানৰ পিছত পোষ্ট কৰা হব। লিখা পঠিয়াবলৈ ওপৰৰ ৰঙা বাৰৰ আপুনিও লিখক ৰ কাষত click here বুলি যে আছে।তাত ক্লিক কৰক।

      Delete
  2. Awesome story.... Waiting for next paet

    ReplyDelete
  3. NY story.... ND existing for next part

    ReplyDelete
  4. Nyc.likhoni.bht vl lgil pohi.agloi.ru vl post pam buli axa thakil.

    ReplyDelete
  5. Nyc.likhoni.bht vl lgil pohi.agloi.ru vl post pam buli axa thakil.

    ReplyDelete
  6. Bapre..bht voyanok xosai..2nd part tu ketia dbo..

    ReplyDelete
  7. Horrible hoi bhut....but vl lgil phi..

    ReplyDelete
  8. Bhut horrible hoi....but pohi vl lgil...

    ReplyDelete